ডিজিটেল ডেস্ক : 'অসমৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেৰে অনাগত ভৱিষ্যতত উঠি অহা নতুন প্ৰজন্মৰ প্ৰতিগৰাকী প্ৰতিনিধিয়েই অসমত সুৰক্ষিত হৈ থাকিব। প্রতিটো জাতি, ধর্ম, বৰ্ণৰ মানুহ সুৰক্ষিত হ'ব। অসমৰ সম্পদৰ ওপৰত থলগিৰীৰ প্ৰভুত্ব থাকিব। ইয়াৰ বাবেই অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা চৰকাৰে দিব লাগিব।' এই মন্তব্য সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈৰ। জনজাতিকৰণৰ দাবীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ (আটাছু) কেন্দ্রীয় সমিতিৰ আহ্বানত আৰু শিৱসাগৰ জিলা আটাছুৰ সৌজন্যত কালি সন্ধিয়া শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত সমৱেত হ'ল হাজাৰ হাজাৰ আটাছুৰ কৰ্মী। জনজাতিকৰণৰ দাবীত আটাছুৰ হাজাৰ হাজাৰ কৰ্মীয়ে তলাতল ঘৰৰ বাকৰিৰ পৰা জোঁৰ সমদল কৰি শিৱসাগৰ নগৰলৈকে প্রায় ছয় কিল'মিটাৰ দৈৰ্ঘ্যৰ পথত এক প্রতিবাদী ৰেলী বাহিৰ কৰে। জনজাতিকৰণ আমাক লাগিবই, জনজাতিকৰণ আমাৰ ন্যায্য অধিকাৰ, আটাছু জিন্দাবাদ আদি শ্ল'গানেৰে প্ৰতিবাদী মিছিলটোৱে তলাতল ঘৰৰ বাকৰিৰ পৰা এ টি ৰ'ড হৈ ৰংঘৰ, ৰংঘৰ চাৰিআলি, ড° ময়িদুল ইছলাম বড়া সেতু অতিক্রম কৰি শিৱসাগৰ নগৰত প্ৰৱেশ কৰে।
এই বিশাল জোঁৰ সমদলটোক নেতৃত্ব প্রদান কৰি সভাপতি বসন্ত গগৈয়ে সংবাদ মাধ্যমৰ আগত আৰু কয় যে ঐতিহাসিক তলাতল ঘৰ তথা জাতিৰ বৰঘৰৰ পৰা এখন জাতি ৰক্ষা সংগ্ৰামৰ আজি পাতনি মেলা হৈছে। এই সংগ্ৰামৰ জৰিয়তে আমি অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীলৈ সম বিকাশ আৰু সম উন্নয়নৰ বাৰ্তা দিব বিচাৰোঁ। অসমৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেৰে অনাগত ভৱিষ্যতত উঠি অহা নতুন প্ৰজন্মৰ প্ৰতি গৰাকী প্রতিনিধিয়ে যাতে অসমত সুৰক্ষিত হৈ থাকিব পাৰে, প্ৰতিটো জাতি-ধর্ম-বৰ্ণৰ মানুহ যাতে ইয়াত সুৰক্ষিত হৈ থাকিব পাৰে, অসমৰ সম্পদৰ ওপৰত যাতে থলগিৰীৰ প্ৰভুত্ব থাকিব পাৰে, ইয়াৰ বাবেই অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা চৰকাৰে দিব লাগিব বুলি সভাপতিগৰাকীয়ে কয়। ইয়াৰ লগতে তেওঁ কয় যে আমাৰ স্পষ্ট কথা- নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি দলে টাই আহোমসকলৰ লগতে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ যি প্রতিশ্রুতি প্রদান কৰিছিল, ইয়াক কাৰ্যতঃ কৰিব লাগিব। জনজাতিকৰণ টাই আহোমসকলৰ ন্যায্য দাবী। ইতিমধ্যে ৰাজ্য সভাত বিচাৰাধীন অৱস্থাত থকা অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক পৰ্যবেক্ষণ কৰাৰ দায়িত্ব আছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰ। সেয়ে চৰকাৰে আমাক আশ্বাস দিয়া মতেই আগন্তুক ২৫ নৱেম্বৰত অসম কেবিনেটত জনজাতিকৰণৰ বিষয়টোক মোহৰ লগাব লাগিব। আমি নিৰ্বাচনৰ পাছলৈ অলপো ৰৈ নাথাকোঁ বুলি তেওঁ কয়। তেওঁ আৰু কয় যে অসমৰ ছয় জনগোষ্ঠীক জনজাতি প্রদান কৰিলে আগৰে পৰা অসমত যি চৈধ্যটা স্বীকৃতিপ্রাপ্ত জনজাতি আছে, তেওঁলোকৰ অলপো ক্ষতি নহয়। অসম আৰু অসমীয়াক সুৰক্ষিত কৰিবলৈ হ'লে জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেৰেহে হ'ব। এতিয়া অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ভৱিষ্যৎ অসম চৰকাৰৰ হাতত আছে। সেয়ে চৰকাৰেও নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব।
চৰকাৰে যুগুত কৰা প্রতিবেদনক স্পষ্টকৈ উল্লেখ কৰাৰ প্ৰয়োজন যে অসমৰ এই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি প্রদান কৰিলে পূর্বে জনজাতিৰ মৰ্যাদা পোৱা জনগোষ্ঠীসমূহৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে। সমান্তৰালভাৱে প্রতিবেদনত স্থান পাব লাগিব যে অসমৰ ছয় জনগোষ্ঠীয়ে জনজাতিৰণ লাভ কৰাৰ সকলো স্থল আছে। এই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি অনতি পলমে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ব্যৱস্থা কৰক। অন্যথা অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ বাবে আমি এক নতুন ৰাজনৈতিক চিন্তাৰে কাম কৰিম বুলি সভাপতি বসন্ত গগৈয়ে উল্লেখ কৰে। প্ৰতিবাদত অংশগ্রহণ কৰি আটাছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি কুমুদ গগৈয়ে কয় যে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবীটোক চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে এই জোঁৰ সমদল কাৰ্যসূচী বাহিৰ কৰা হৈছে। যিহেতু সাম্প্রতিক অসমত বসবাস কৰা জাতি-জনগোষ্ঠীসমূহৰ অৱস্থা কি হৈছে, সেয়া সকলোৱে জানে। সেয়ে আমি জনগোষ্ঠীসমূহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছোঁ। কাৰণ জনজাতিকৰণৰ মাধ্যমেৰেহে অসম সুৰক্ষিত হ'ব। শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক পার্থ গগৈয়ে কয় যে আটাছুৰ তৰফৰ পৰা, ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা চৰকাৰক শেষবাৰৰ বাবে সকীয়নি প্ৰদান কৰা হৈছে। এই সকীয়নি হৈছে যে আগন্তুক ২৫ নৱেম্বৰত অসম চৰকাৰে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত যি প্রতিবেদন প্রস্তুত কৰি চৰকাৰে পাঠ কৰিব, ইয়াত যদি জনজাতিকৰণৰ বিষয়টোৱে অগ্রাধিকাৰ নাপায় তেন্তে পৰৱৰ্তী পৰ্যায়ত অসমৰ ছয় জনগোষ্ঠীৰ ৰাইজে অসমৰ আকাশ-বতাহ কঁপাই তুলিব। এই কথাটো চৰকাৰে মনত ৰখা উচিত। বিগত সময়ৰ দৰে প্ৰতিবাৰে যাতে নিৰ্বাচনৰ প্ৰাকক্ষণত চৰকাৰে একমাত্র ভোটৰ লালসাত ৰাজনীতি কৰিবলৈ গৈ জনজাতিকৰণৰ বিষয়টোক সামৰি নলয়, তাৰ বাবে চৰকাৰক অনুৰোধ জনোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। যদি চৰকাৰে ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্রদান নকৰে, তেতিয়াহ'লে অসমৰ ছয় জনগোষ্ঠীৰ প্রায় দুই কোটি ভোটাৰে নিৰ্বাচনত এক বিকল্প চিন্তা কৰি আন এক নির্ণায়ক ভূমিকা গ্রহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে।