শিক্ষকৰ অসন্তুষ্টি
Dainik Janambhumi
October 21, 2024
ডিজিটেল ডেস্কঃ আমাৰ ৰাজ্যৰ শিক্ষক সমাজ আজি অসন্তুষ্ট৷ চৰকাৰ তথা শিক্ষা বিভাগৰ সৈতে শিক্ষক সমাজৰ ক্ৰমবৰ্ধমান সংঘাতে ৰাজ্যৰ শিক্ষাখণ্ডত গুৰুতৰ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে৷ এই বিষয়ৰ আলোচনাৰ পূৰ্বে শিক্ষক সন্দৰ্ভত মালালা ইউছুফজাইৰ এটা মন্তব্য উল্লেখ কৰা উচিত হ’ব৷ তেওঁ কৈছে– ‘One book, one pen, one child and one teacher can change the world.’ শৈশৱ-কৈশোৰৰ শৈক্ষিক জীৱনত অতি কণ্টকাকীৰ্ণ পথেৰে খোজ আগবঢ়াব লগা হোৱা, শৈশৱৰ সেই পখিলা খেদা বয়সতে ধৰ্মান্ধ, অন্ধবিশ্বাসত অন্ধ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সন্মুখীন হোৱা আৰু তাৰ বিৰুদ্ধে সাহসেৰে যুঁজি বিশ্বক চমকিত কৰিবলৈ সক্ষম হোৱা মালালাৰ এই কথাখিনিৰ মূল্য কিমান বেছি সেয়া তেওঁৰ জীৱন পৰিক্ৰমা অধ্যয়ন কৰাসকলে উপলব্ধি কৰিব পাৰে৷ কিছুমান কিতাপৰ মহত্ত্ব, এটা কলমৰ শক্তি, একো একোটা শিশুৰ সামৰ্থ্যৰ সমান্তৰালকৈ একোগৰাকী শিক্ষকেও কেনেকৈ সমাজত অবিস্মৰণীয় প্ৰভাৱ পেলাব পাৰে তাৰ অভিজ্ঞতা জীৱনত সাফল্য অৰ্জন কৰা বা সমাজ পৰিৱৰ্তনৰ অধ্যায়বোৰলৈ লক্ষ্য কৰাসকলে বুজি পায়৷
জন ৰাস্কিনৰ– ‘Unto this last’ গ্ৰন্থখনে মহাত্মা গান্ধীৰ জীৱনৰ চিন্তা-কৰ্মৰ সোঁতেই সলনি কৰি দিছিল৷ তদুপৰি লিঅ’ টলষ্টয়ৰ ‘The Kingdoms of God Within You’, চাৰ্লছ ডিকেন্সৰ ‘A tale of two cities’, প্লেটোৰ ‘Defeuse and Death of Socrates’, ভগৱত গীতাৰ দৰে গ্ৰন্থবোৰেও প্ৰভাৱিত কৰিছিল গান্ধীজীক৷ এইবিলাক গ্ৰন্থৰ অধ্যয়নে জীৱন আৰু দেশ তথা সমাজ সম্পৰ্কে গান্ধীজীক দিয়া শিক্ষাৰ আধাৰতে তেওঁ ৬টা পাপৰ সূত্ৰ মানৱ সমাজলৈ আগবঢ়াই থৈ গৈছে৷ সেই ৬টা পাপ হৈছে– বোধহীন আনন্দ, মানৱতাহীন বিজ্ঞান, চৰিত্ৰহীন শিক্ষা, নীতিহীন ৰাজনীতি, নৈতিকতাহীন বাণিজ্য আৰু ত্যাগহীন উপাসনা৷ এনেকুৱা নীতি-আদৰ্শৰ এটা নিজস্ব বাদৰ সৃষ্টি কৰি সেই বাদ (Ism)ৰ প্ৰতি দেশবাসী তথা বিশ্বৰ বহু লোকক আকৃষ্ট কৰি, সত্যাগ্ৰহ আৰু অহিংসাৰ অভিনৱ এক মূলমন্ত্ৰেৰে এক স্বাধীনতা সংগ্ৰাম পৰিচালনা কৰি গান্ধীজীয়ে ভাৰতীয় সমাজৰ কেনে ৰূপান্তৰ ঘটাবলৈ সক্ষম হৈছিল, সেয়া ইতিহাসত লিপিবদ্ধ হৈ আছে৷ আনহাতে, এটা কলমে কেনেকৈ সমাজ সলনি কৰিব পাৰে তাৰ শ্ৰেষ্ঠ উদাহৰণ সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা৷
একোটা সন্তান সমাজত কেনেকৈ বৈপ্লৱিক চিন্তাৰ প্ৰতিভূ হৈ পৰিব পাৰে, তাৰ প্ৰকৃষ্ঠ উদাহৰণ মালালা ইউছুফজাই৷ তেনেকৈ একোগৰাকী শিক্ষকো হ’ব পাৰে সমাজৰ পৰিৱৰ্তনৰ উপলক্ষ্য৷ বিশ্বত পৰিৱৰ্তনৰ চেতনাৰ প্ৰৱাহ ঘটোৱাৰ ক্ষেত্ৰত কেইগৰাকীমান ব্যক্তিক শ্ৰেষ্ঠ শিক্ষকৰূপে গণ্য কৰা হয়৷ তেওঁলোক হ’ল– ছাৰ আইজাক নিউটন, পাইথাগোৰাছ, মাৰিয়া মণ্টেশ্বৰী, ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ, এলবাৰ্ট আইনষ্টাইন, এৰিষ্টটল, জন আডামছ আৰু সাবিত্ৰীবাঈ ফুলে৷ এইসকল বিশ্ববৰেণ্য, সকলোৰে বাবে আদৰ্শ, কিন্তু শিশু এটিক অ, আ-ক, খ শিকোৱাৰ পৰা বিদ্যায়তনিক জীৱনৰ একোটা স্তৰলৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহত থকা শিক্ষকসকলৰো অৱদান যে কোনোগুণে কম নহয় সেই কথা জীৱনৰ পৰৱত¹ সময়ত বেছিভাগ শিক্ষিত মানুহেই উপলব্ধি কৰে আৰু কোনোবা কোনোবা শিক্ষকৰ আদৰ্শ আৰু প্ৰভাৱক ওৰেটো জীৱন স্মৰণ কৰে৷ এনেকুৱা পৰিপ্ৰেক্ষিতত চৰকাৰৰ কিছুমান কথা-কাণ্ডই শিক্ষক সমাজক অসন্তুষ্ট কৰিলে তথা শিক্ষক আৰু বিভাগীয় কতৃৰ্পক্ষৰ সংঘাতে সামাজিক সমস্যাৰ ৰূপ ল’লে সমাজ উদ্বিগ্ন হয়৷
আমাৰ ৰাজ্যত এতিয়া তেনে পৰিস্থিতিয়েই বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে৷ আমাৰ ৰাজ্যখনৰ শিক্ষক সমাজৰ মাজত কিছুমান বেয়া মানুহ থাকিব পাৰে, কাৰোবাৰ কাৰোবাৰ শিক্ষকৰ প্ৰয়োজনীয় নিষ্ঠা, দায়িত্ববোধ তথা আদৰ্শনীয় আচৰণ নাথাকিব পাৰে, সেইবুলি সমগ্ৰ শিক্ষক সমাজক হেয় প্ৰতিপন্ন কৰাৰ মানসিকতা ভাল কথা নহয়৷ বিশাল অংশৰ শিক্ষকে পৰম নিষ্ঠাৰে শিক্ষাদান কৰি আছে আৰু সেই নিষ্ঠাৰ ফলৰ বিভিন্ন সময়ত প্ৰকাশো ঘটিছে৷ এই নিষ্ঠাৱান শিক্ষকসকলক প্ৰয়োজনীয় সন্মান দিয়াই নহয়, তেওঁলোকৰ সমস্যাসমূহক চৰকাৰে গুৰুত্ব দিব লাগিব আৰু শিক্ষানুষ্ঠানবোৰৰ পৰিৱেশ যাতে শিক্ষাৰ অনুকূল হৈ থাকে, তাৰ বাবে শিক্ষক আৰু বিভাগীয় কতৃৰ্পক্ষই মিলি সহযোগিতাৰে চেষ্টা কৰিব লাগিব৷
কিন্তু সেই বুজাবুজি, সহযোগিতা দূৰৈৰ কথা, যোৱা কিছুদিনত ‘শিক্ষাসেতু’ এপ আৰু পাঠ্যক্ৰমবহিৰ্ভূত কামৰ হেঁচাৰে শিক্ষকসকলক অতিষ্ঠ কৰি দিয়া বিভাগীয় নিৰ্দেশনা কিছুমানক লৈ শিক্ষক সমাজে শিক্ষা বিভাগৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলগীয়া এক পৰিস্থিতিৰহে সৃষ্টি হৈছে৷ দুই লক্ষাধিক শিক্ষকে বিভাগীয় বিষয়া আৰু সমন্বয়কৰ সৈতে থকা ‘হোৱাটছএপ’ৰ যোগাযোগৰ পৰা নিজৰ নিজৰ নাম প্ৰত্যাহাৰ কৰি প্ৰত্যক্ষ অসহযোগ ঘোষণা কৰিছে৷
এইবিলাক বিষয়ৰ ক্ষেত্ৰত চৰকাৰ তথা শিক্ষা বিভাগৰ যুক্তি কি সেইটো পিছৰ কথা, কিন্তু শিক্ষকসকলে যিহেতুকে আনুষ্ঠানিক অসহযোগিতা ঘোষণা কৰিছে, তাৰ পৰা বুজিব লাগিব যে শিক্ষকসকলৰে সমন্বয় ৰক্ষা কৰি শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থীসকলৰ বিকাশৰ পদক্ষেপ লোৱাত চৰকাৰ তথা বিভাগ ব্যৰ্থ হৈছে৷ নতুন যি শিক্ষা নীতিয়েই নলওক বা যিকোনো অত্যাধুনিক আঁচনিয়েই প্ৰৱৰ্তন কৰিবলৈ চেষ্টা নকৰক কিয়– এটা কথা চৰকাৰে বুজা উচিত যে শিক্ষক একোগৰাকীৰ মূল দায়িত্ব শ্ৰেণীকোঠাৰ ভিতৰত৷ ইউৰোপৰ দেশবোৰৰ তথা উন্নত দেশৰ শ্ৰেণীকোঠাবিলাকৰ বিষয়ে শিক্ষা বিভাগৰ উচ্ছপদস্থ বিষয়াসকলে নজনা নহয়৷ তাত শ্ৰেণীকোঠা একোটাৰ সম্পূৰ্ণ দায়িত্ব শিক্ষকক দিয়া হয় আৰু তাৰ বাবে শিক্ষকগৰাকীক উপযুক্তভাৱে প্ৰশিক্ষণো দিয়া হয়৷
প্ৰশ্ন হ’ব– চৰকাৰে আমাৰ বিদ্যালয়বিলাক বা শ্ৰেণীকোঠাবিলাক আধুনিক শিক্ষাৰ উপযোগীকৈ গঢ়ি তুলিব পাৰিছেনে? শিক্ষকক দিব পাৰিছেনে উপযুক্ত সা-সুবিধা৷ বহু বিদ্যালয়ত পৰ্যাপ্ত শিক্ষকেই নাই, তৎসত্ত্বেও নিষ্ঠাৰে শিক্ষাৰ্থীসকলক শিক্ষাদান কৰাত বেছিভাগ শিক্ষকেই চেষ্টাত ত্ৰুটী কৰা নাই৷ সেই শিক্ষকসকলক চৰকাৰ-শিক্ষা বিভাগে অতিষ্ঠ-অসন্তুষ্ট হ’বলগীয়া এটা পৰিৱেশলৈ ঠেলি দিয়াটো উদ্বেগৰ কথা৷ চৰকাৰে আন্তৰিকতাৰে শিক্ষকৰ অসন্তুষ্টিৰ কাৰণ বুজিবলৈ চেষ্টা কৰা উচিত৷
Share This