অসম বিধানসভাৰ আজি এদিনীয়া বিশেষ অধিৱেশন 

dainik janambhumi June 09, 2025

ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ কাইলৈ বিশেষ অধিবেশন অনুষ্ঠিত হ'ব। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ অধিৱেশনত সুধাকণ্ঠক স্মৰণ কৰা হ'ব।

আনহাতে, অধিৱেশনতে ডিব্ৰুগড় বিমান বন্দৰৰ নতুন নামকৰণক লৈয়ো প্ৰস্তাৱ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। লক্ষণীয় যে অসম চৰকাৰে ডিব্ৰুগড় বিমান বন্দৰটোক সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামেৰে নতুনকৈ নামকৰণ কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। অধিৱেশনত জলজীবন মিছনৰ ওপৰতো বিস্তৃত আলোচনা কৰা হ'ব। আনহাতে, এই অধিৱেশনত কোনো প্রশ্নোত্তৰৰ শিতান নাথাকিব বুলি জানিব পৰা গৈছে। 

অৱশ্যে শূন্যকাল থাকিব। আনহাতে, কাইলৈ হ'বলগীয়া বিধানসভাৰ অধিৱেশনতে অসম চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীৰ সন্দৰ্ভত গঠন কৰা মন্ত্ৰী গোটৰ প্রতিবেদন দাখিল কৰাৰ বাবে অনুৰোধ জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। পত্ৰখনত তেওঁ অসমৰ ছটা জনগোষ্ঠী- টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীক অনুসূচিত জনজাতিৰ স্বীকৃতি প্ৰদানৰ দাবীৰ ক্ষেত্ৰত গঠন কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদনখন বিধানসভাৰ মজিয়াত দাখিল কৰাৰ বাবে অনুৰোধ জনায়। বিগত ৪ মার্চত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ত শিক্ষা আৰু জনজাতি উন্নয়ন মন্ত্রী ডাঃ ৰণোজ পেগুৱে তেওঁৰ অধ্যক্ষতাত প্ৰস্তুত কৰা মন্ত্ৰী গোটৰ প্রতিবেদন মাৰ্চ মাহৰ শেষলৈ ৰাজহুৱা কৰা হ'ব বুলি ঘোষণা কৰিছিল। এই ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্রদান কৰিব লাগে বুলি ২০১৫ চনলৈকে বহুকেইবাৰ চৰকাৰী প্ৰস্তাৱ কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে বুলিও উল্লেখ কৰি তেওঁ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি যথোপযুক্ত পদক্ষেপেৰে কাইলৈ হ'বলগীয়া বিধানসভাৰ অধিৱেশনত উক্ত প্রতিবেদনখন উপস্থাপন কৰাৰ পোষকতা কৰে

Share This