বটদ্ৰৱা প্ৰকল্প হ'ব অসমীয়াৰ ভৱিষ্যদৰ্শনৰ ৰূপৰেখা

dainik janambhumi December 31, 2025

ডিজিটেল ডেস্ক: বটদ্ৰৱা প্ৰকল্প হ'ব অসমীয়াৰ ভৱিষ্যদৰ্শনৰ ৰূপৰেখা। এই অভিমত ৰাজ্যিক বিজেপিৰ। কালি দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কল্যাণ গগৈয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয়, 'অসম তথা অসমীয়াৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে নিৰলসভাৱে কাম কৰি আহিছে। 

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ মাৰ্গ দৰ্শনত নতুন অসমৰ খনিকৰ ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক এখন সমৃদ্ধিশালী প্রদেশ হিচাপে গঢ় দিবলৈ সক্ষম হৈছে।' শেহতীয়া বছৰটোত এডভাণ্টেজ অসম ২.০ সফল আয়োজন, নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প, ব্রহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গে'টৱে অব্ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল, ১০ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে ১২ লাখ মেট্রিকটন উৎপাদনক্ষম নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট, বিশ্বৰ ভিতৰতে লেখত ল'বলগীয়া নৱনির্মিত গোপীনাথ বৰদলৈ বিমান বন্দৰৰ দ্বিতীয় টার্মিনেলৰ দৰে মূল্যৱান সম্পদ অসমে লাভ কৰিছে। 

বছৰটোৰ অন্তিম ক্ষণত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বৰদোৱাৰ বটদ্ৰৱা সাংস্কৃতিক প্রকল্প, গুৱাহাটীত ৫০০০ আসনযুক্ত 'জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ', আৰক্ষী আয়ুক্ত কার্যালয় ৰাজ্যবাসীৰ কাৰণে উচৰ্গা কৰে। গগৈয়ে কয় যে আমাৰ গুৰুজনাই অসমীয়া জাতিক সকলো অৱদানেৰে সৰ্বাংগ সুন্দৰভাৱে প্ৰতিষ্ঠা কৰি থৈ গৈছে। গুৰুজনাৰ আদৰ্শ ৰাজ্যক প্ৰতিফলিত কৰি নিৰ্মাণ কৰা বটদ্ৰৱা প্ৰকল্প অসমীয়া জাতিৰ সাংস্কৃতিক ঐতিহ্য আৰু স্বাভিমানৰ প্ৰতীক হিচাপে বিবেচিত হৈ ৰ'ব। প্রকৃতাৰ্থত বটদ্ৰৱা প্ৰকল্প হ'ব অসমীয়াৰ ভৱিষ্যদৰ্শনৰ ৰূপৰেখা। আটাইতকৈ ডাঙৰ কথা হ'ল যে বেদখলমুক্ত কৰি ১৬২ বিঘা ভূমিত বটদ্ৰৱা থানৰ সংলগ্ন কৰি আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। ইয়ে আগন্তুক দিনত অসমক লাভান্বিত কৰিব। 


জাতি-মাটি-ভেটি সুৰক্ষাৰ স্বাৰ্থত বিজেপি চৰকাৰৰ দায়বদ্ধতাক প্রতিফলিত কৰিছে। আনহাতে, অসমত মুকলি কৰা 'জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ' দেশৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ প্রেক্ষাগৃহ। অত্যাধুনিক সুবিধাৰে সমৃদ্ধ, ৫০০০ আসনযুক্ত এই প্রেক্ষাগৃহই অসমৰ সাংস্কৃতিক ক্ষেত্ৰক আৰু এঢাপ আগুৱাই নিলে। মহান অসমীয়া আৰু সংস্কৃতিৰ অগ্ৰণী পূজাৰীক্ৰমে জ্যোতি প্রসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ নামত প্রেক্ষাগৃহটি নামাংকিত কৰি পুৰোধা ব্যক্তি দুজনক যুগ-যুগান্তৰলৈ অমৰ কৰি তুলিলে। কেন্দ্রীয় গৃহমন্ত্রী হিচাপে দায়িত্ব লোৱাৰ পিছত অমিত শ্বাহে অসমৰ আইন-শৃংখলা বৰ্তাই ৰখাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্রহণ কৰিছে। তাৰেই অংশ হিচাপে সকলো আধুনিক সা-সুবিধাৰে সমৃদ্ধ এক আটকধুনীয়া গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত কাৰ্যালয় মুকলি কৰিছে। মন কৰিবলগীয়া যে বিগত পাঁচ বছৰত অসমৰ অপৰাধী দোষী সাব্যস্তৰ হাৰ ৩ শতাংশৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ পৰা এটা কথা স্পষ্ট যে অসম আৰক্ষী পূৰ্বৰ তুলনাত মুখ্যমন্ত্ৰী তথা ৰাজ্যখনৰ গৃহমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অধিক কার্যক্ষম হৈছে। যাৰ ফলত ৰাজ্যৰ আইন-শৃংখলা ব্যৱস্থা পূর্বতকৈ আৰু কটকটীয়া হোৱাৰ লগতে অপৰাধীৰ সংখ্যা প্ৰতি লাখত ৩৮৫ ৰ পৰা ১২৭ লৈ হ্রাস পাইছে। 

বছৰটোৰ অন্তিম ক্ষণত ৰাইজৰ বাবে উৎসর্গিত এই প্রকল্পসমূহে ৰাজ্যবাসীক উৎফুল্লিত কৰি তুলিছে আৰু তাৰ বাবে ৰাজ্যিক বিজেপিয়ে অসম চৰকাৰলৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে। মুখপাত্ৰগৰাকীয়ে লগতে কয় যে কংগ্রেছে দীর্ঘদিন ৰাজ্যত শাসন কার্য চলাই কেৱল লুণ্ঠন কৰিলে, অসমৰ ভূমি বাংলাদেশীৰ চৰণীয়া পথাৰত পৰিণত কৰিলে। কিন্তু বিজেপি চৰকাৰে দৃঢ়তাৰে তাৰ সংস্কাৰৰ বাবে ব্যৱস্থা গ্রহণ কৰিলে। কংগ্ৰেছৰ আমোলত অসমৰ বিভিন্ন স্থানত থকা সত্রসমূহৰ ভূমি বেদখল কৰা অচিনাকি লোকসকলৰ পৰা মুক্ত কৰা আৰু লগতে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সংলগ্ন কৰি ২২২ কোটি ব্যয় সাপেক্ষে সাংস্কৃতিক প্রকল্প নিৰ্মাণ কৰা ইয়াৰ এটা নিদর্শন। কংগ্রেছে দশক দশকজুৰি ৰাজ্যৰ সমস্যাৰাজি জীয়াই ৰাখিছিল কিন্তু তাৰ বিপৰীতে বিজেপিয়ে দৃঢ়তা আৰু সততাৰে তাৰ ফলপ্রসূ সমাধানৰ বাবে পদক্ষেপ হাতত লৈছে বুলিও কয় গগৈয়ে।

Share This