ডিজিটেল ডেস্ক: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই দিয়া প্রতিশ্রুতি অনুসৰি আগন্তুক ইংৰাজী নৱবৰ্ষত মুকলি হোৱাৰ পথত ধূনাগুৰিৰ সোৱণশিৰি আৰু মাজুলীৰ লুইতৰ বুকুত নিৰ্মাণ হৈ থকা বহু প্রত্যাশিত দলংখন। নাওবৈচা সমষ্টিৰ অতি ভিতৰুৱা তথা পিছপৰা ধূনাগুৰি আৰু মাজুলী অঞ্চলত এখন বৃহৎ পকী দলং নির্মাণ হ'ব সেয়া সকলোৰে বাবে আছিল অলীক সপোন। সেই সপোনক বাস্তৱ ৰূপ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
২০২২ চনত মুখ্যমন্ত্ৰীগৰাকীয়ে ধূনাগুৰিৰ সোৱণশিৰিত আৰু মাজুলীৰ লুইতত এখন পকী দলং নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল। সেই অনুসৰি ধূনাগুৰি-মাজুলী সংযোগী বহু প্রত্যাশিত দলঙৰ কাম সম্প্ৰতি চলিছে পূর্ণগতিত। এই দলংখন সম্পূৰ্ণ হোৱাৰ লগে লগে লখিমপুৰ-মাজুলীৰ হাজাৰ হাজাৰ ৰাইজৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱত পৰিণত হ'ব।
উল্লেখযোগ্য যে ধূনাগুৰিৰ সোৱণশিৰি আৰু মাজুলীৰ লুইতৰ বুকুত নিৰ্মাণ কৰা ৮.২৫ কিল'মিটাৰ দৈৰ্ঘ্যৰ এই দলঙৰ ৮২টা খুঁটাৰ ভিতৰত ৭২টা খুঁটা ইতিমধ্যে সম্পূর্ণ হৈছে। প্রাপ্ত তথ্য মতে, প্রায় ৬৯৪.৭৭ কোটি ব্যয়ৰে দ্বৈত পথৰ এই বৃহৎ দলংখন নিৰ্মাণ কৰি আছে হাৰিয়ানাৰ এছ এছ পি কনষ্ট্রাকশ্যন প্রাইভেট লিমিটেড নামৰ ঠিকাদাৰী প্রতিষ্ঠানে। ইতিমধ্যে মাজুলীৰ লুইতৰ অংশৰ দলঙৰ কাম প্রায় সম্পূৰ্ণ হোৱাৰ পথত। ২০২২ চনৰ ১০ ডিচেম্বৰত নিৰ্মাণৰ শুভাৰম্ভ কৰা এই দলংখন ২০২৬ চনৰ শেষৰ ফালে নিৰ্মাণ সম্পূৰ্ণ কৰি ৰাইজৰ বাবে মুকলি কৰাৰ লক্ষ্যৰে দিনে-ৰাতিয়ে কামত ব্যস্ত হৈ পৰিছে ঠিকাদাৰী প্ৰতিষ্ঠানটো।
কেন্দ্ৰীয় চৰকাৰৰ অর্থসাহায্যৰে অসম মালাৰ অধীনত নিৰ্মাণ কৰা দলংখনৰ লগতে পথৰ দৈৰ্ঘ্য হৈছে ১৯.৪৬২ কিল'মিটাৰ। ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ পৰিকল্পনা বিষয়া আশ্রফুল মাঝি, ডেপুটি প্রজেক্ট মেনেজাৰ সুনীল কুমাৰ ৰাণাই জানিবলৈ দিয়া মতে, ২০২৫ চনৰ ডিচেম্বৰত সম্পূৰ্ণ হ'বলগীয়া দলংখন বিগত বৰ্ষৰ বান সমস্যাৰ বাবে সময়ত সম্পূৰ্ণ হোৱাত বাধা আহি পৰিছিল যদিও আগন্তুক নতুন বৰ্ষই লখিমপুৰ -মাজুলীবাসীক আশাৰ বতৰা দিব। উক্ত অঞ্চলত দলংখনৰ নিৰ্মাণ সম্পূর্ণ হ'লে মাজুলী আৰু লখিমপুৰৰ পথ যোগাযোগৰ ক্ষেত্রত এক নতুন দিগন্তৰ সূচনা হ'ব। দলংখনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা ভূমিকাক লখিমপুৰ তথা মাজুলীৰ ৰাইজে কৃতজ্ঞতা জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছে।