ৱায়ানাড়ে দিয়া বাৰ্তা

Dainik Janambhumi August 01, 2024

দৈনিক জনমভূমিঃ বিজ্ঞান-প্ৰযুক্তিৰে যিমানেই আগুৱাই নাযাওক কিয়, প্ৰকৃতিৰ ওচৰত যে মানুহ অতি দুখ লগাকৈ অসহায়, সেই কথাকেই যেন পুনৰবাৰ সোঁৱৰাই গ’ল কেৰালাৰ ৱায়ানাড়ৰ ঘটনাই৷ অতি অস্বাভাৱিক আৰু আকস্মিক ঘটনাটোৱে একপ্ৰকাৰৰ বিশ্বৰ মানৱকুললৈ সেই বাৰ্তা প্ৰেৰণ কৰিলে, যি বাৰ্তাক মানুহে সদায়ে আওকাণ কৰি আহিছে ৷

যোৱা মঙলবাৰৰ পুৱতি নিশাৰ পৰা ৱায়ানাড় জিলাত ধাৰাসাৰে বৰষুণ হৈছিল৷ এনে বৰষুণ পূৰ্বেও হয়৷ কিন্তু এইবাৰ যেন সম্পূৰ্ণ ব্যতিক্ৰম আছিল৷ বৰষুণৰ পানীৰ ধল আৰু অভূতপূৰ্ব ভূমিস্খলনে জিলাখনৰ মেপ্পাদীৰ কেইবাখনো গাঁও তচনচ কৰি পেলোৱাই নহয়, ইয়াৰ আৱাসীসকললৈ একপ্ৰকাৰৰ বিভীষিকা নমাই আনে৷ পৰিস্থিতি ইমানেই ভয়াৱহ আছিল যে জিলাখনত মৃত্যুৰ কিৰীলি বাজি উঠে আৰু শতাধিক লোক জীৱন্তে সমাধিষ্ঠ হয়৷ পাহাৰৰ পৰা বৈ অহা পানী, মাটি, গছ আদিয়ে মানুহৰ ঘৰ-দুৱাৰ সকলো মহতিয়াই নি এক আকস্মিক মহাপ্ৰলয়ৰ সূচনা কৰে৷

এনে আকস্মিক ঘটনাৰ বাবে কোনো সাজু নাছিল৷ যাৰ বাবে ৱায়ানাড়ত আৰু অধিক লোকৰ প্ৰাণ নাশৰ আশংকা আছে৷ সি যি নহওক, লক্ষণীয় কথাটো হ’ল– দেশত এইধৰণৰ দুৰ্যোগ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে নেকি? চলিত বছৰটোতে ভাৰতবৰ্ষত কেইবাটাও এনে দুৰ্যোগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰা দেখা গৈছে৷ বছৰটোতে জম্মু-কাশ্মীৰত কেইবাবাৰো এনে ঘটনা সংঘটিত হৈছে৷ সেইদৰে অসম, অৰুণাচল প্ৰদেশ, নতুন দিল্লী, বিহাৰ আদিতো জলপ্ৰলয়ে ধনে-জনে বিস্তৰ ক্ষতিসাধন কৰিছে৷ এয়াই হয়তো জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনৰ ফল৷ বৰষুণত অতিপাত বৰষুণ, ঠাণ্ডাত অতিপাত ঠাণ্ডা, গৰমত অত্যধিক গৰম আদিবোৰেই জলবায়ুৰ দ্ৰুত পৰিৱৰ্তনৰ সূচক৷ এই কথা ঠিক যে একবিংশ শতিকাৰ বিশ্বৰ আটাইতকৈ ভয়াৱহ প্ৰত্যাহ্বানটোৱেই হ’ল– জলবায়ুৰ দ্ৰুত পৰিৱৰ্তন৷ তদুপৰি গোলকীয় উষ্ণতা বৃদ্ধি বিশ্বৰ দেশসমূহৰ মূৰৰ কামোৰণিত পৰিণত হৈছে৷ সাধাৰণতে পৃথিৱীৰ জলবায়ুতন্ত্ৰৰ গড় উষ্ণতা অৰ্থাৎ পৃথিৱীৰ গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধিকেই গোলকীয় উষ্ণতা বোলা হয়৷ বিংশ শতাব্দীৰ আৰম্ভণিৰ পৰাই পৃথিৱীৰ বায়ু আৰু সাগৰপৃষ্ঠৰ উষ্ণতা গড় হিচাপত প্ৰায় ০.৮০ চেলছিয়াছকৈ [১.৪০ ফাৰেনহাইট] বৃদ্ধি পাইছে, যি সমগ্ৰ জীৱকুলৰ প্ৰতিয়েই ভাবুকি হৈ পৰিছে৷ তথ্য মতে, ১৯৮০ চনৰ পৰাই জলবায়ুৰ দ্ৰুত পৰিৱৰ্তনে পৃথিৱী নামৰ গ্ৰহটোক কোবাই গৈছে আৰু বছৰি লাখ লাখ লোকৰ মৃত্যু ঘটাইছে৷ এক অধ্যয়নত পোৱা তথ্য মতে, ২০০০ চনৰ পৰা ২০১৯ চনলৈ পৃথিৱীত প্ৰতি বছৰে প্ৰায় ৪,৮৯,০০০ লোকৰ মৃত্যু হৈছে কেৱল উৎকট  গৰমৰ বাবে৷ ২০০৩ চনত ইউৰোপত যি গৰমৰ ঢৌ বলিছিল, তাত ৭০,০০০তকৈ অধিক লোকৰ মৃত্যু হৈছিল৷

সেইদৰে ২০০৭ চনত প্ৰকাশ পোৱা আন এক প্ৰতিবেদন মতে, ১৭৫০ চনৰ পৰা কাৰ্বন-ডাই অক্সাইড আৰু মিথেনৰ ঘনত্ব ক্ৰমে ৩৬ শতাংশ আৰু ১৪৮ শতাংশ বৃদ্ধি পাইছে৷ এই বৃদ্ধি যোৱা ৮,০০,০০০ বছৰৰ যিকোনো সময়তকৈ বেছি বুলিও কোৱা হৈছে৷ পৃথিৱীৰ এই উষ্ণতা বৃদ্ধি তথা জলবায়ুৰ পৰিৱৰ্তনক লৈ সম্প্ৰতি সমগ্ৰ বিশ্বই উদ্বিগ্ন৷ ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই সন্দৰ্ভত ব্যাপক আলোচনা-বিলোচনাও হৈছে৷ ১৯৯২ চনত ব্ৰাজিলত বহা ধৰিত্ৰী সন্মিলন, ১৯৯৭ চনত কিয়’টো চুক্তি, ২০০৯ চনত কোপেনহেগেন আৰু ২০১০ চনত কানকুণ বৈঠক আদি তাৰেই উদাহৰণ৷ ধৰিত্ৰী সন্মিলনতে ৰাষ্ট্ৰসংঘৰ তত্ত্বাৱধানত UNFCCC শীৰ্ষক এখন চুক্তি কৰা হয়, যাৰ আধাৰত বায়ুমণ্ডলত সেউজগৃহৰ গেছৰ পৰিমাণ হ্ৰাস কৰাৰ পোষকতা কৰা হয়৷ তদুপৰি উক্ত আলোচনাসমূহেত বিশ্বৰ দেশসমূহে যোৱা শতিকাৰ তুলনাত ২ ডিগ্ৰী চেলছিয়াছতকৈ অধিক উত্তাপ যাতে বৃদ্ধি নহয়, তাৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণৰো সিদ্ধান্ত লোৱা হয়৷ ম্যানমাৰৰ নেইপিডাৱত যোৱা ৪ মাৰ্চত  অনুষ্ঠিত তৃতীয় বিমষ্টেক সন্মিলনত [BIMSTEC] বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কৈছিল– যদি গোলকীয় উষ্ণতা আৰু ৰ ডিগ্ৰীও বৃদ্ধি হয়, তেন্তে বাংলাদেশৰ এক-পঞ্চমাংশ ভূমি সাগৰত বুৰ যাব আৰু ৩০ নিযুততকৈ অধিক লোক অঘৰী হৈ পৰিব৷ হাছিনা বুলিয়েই নহয়, পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰা বিশ্বৰ ৰাষ্ট্ৰসমূহে নিজা নিজা উদ্যোগত বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰি আহিছে ঠিকেই, কিন্তু পৰিস্থিতি ৰোধতহে সাফল্য আৰ্জিব পৰা নাই৷ অৰ্থাৎ বিশ্বজুৰি বিষয়টো সন্দৰ্ভত সজাগতা সৃষ্টিতো সফল হ’ব পৰা নাই৷ ইয়াৰ প্ৰমাণ হৈছে যুদ্ধোন্মাদ দেশসমূহৰ কাম-কাজ৷ প্ৰশ্ন হয়– ক্ৰমাৎ গাঢ় হৈ অহা সমস্যাটোৰ প্ৰতিকাৰ কি হ’বগৈ? সাধাৰণভাৱে ক’বলৈ গ’লে গোটেই সমস্যাটোৰ গুৰিতে হ’ল মানুহ আৰু সমাধানৰ উপায়ো হ’ল মানুহ৷ মানুহে নিজৰ কাম-কাজৰদ্বাৰা নিজৰেই ভৱিষ্যৎ অন্ধকাৰ কৰি আহিছে৷ দ্ৰুত নগৰীকৰণ, ঔদ্যোগিকীকৰণ, উন্নীতকৰণ আদিৰ নামত মানুহে প্ৰকৃতিৰ ওপৰত নিৰন্তৰ চলাই গৈছে আক্ৰমণ৷

পাহাৰক পাহাৰ হৈ থাকিবলৈ দিয়া নাই, নদীক নদী হৈ, অৰণ্যক অৰণ্য হৈ থাকিবলৈ দিয়া নাই৷ যোৱা সময়ছোৱাত মানুহৰ কাৰ্যকলাপৰ ফলতে বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে৷ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে কাৰ্বন-ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আদিৰ পৰিমাণ৷ বৃদ্ধি পোৱা কাৰ্বন-ডাই অক্সাইডৰ তিনি-চতুৰ্থাংশ কেৱল জীৱাশ্ম ইন্ধন দহনৰ ফলতেই উৎপন্ন হৈছে, বাকী অংশ উৎপন্ন হৈছে বনাঞ্চল ধ্বংসৰ দৰে কাৰ্যৰ ফলত৷ ২০১১ চনত চিমেণ্ট উৎপাদন আৰু গেছ প্ৰজ্বলনকে ধৰি জীৱাশ্ম ইন্ধন দহনৰ ফলত হোৱা আনুমানিক কাৰ্বন-ডাই অক্সাইডৰ নিৰ্গমন আছিল ৩৪.৮ বিলিয়ন টন, যিটো ১৯৯০ চনতকৈ ৫৪ শতাংশ বেছি৷ এই ঘটনাবোৰে জলবায়ুৰ পৰিৱৰ্তনত পূৰাদমেই অহিৰণা যোগাইছে৷ অৰিহণা যোগাইছে গোলকীয় উষ্ণতা বৃদ্ধিত৷ বিশ্ব-দেশৰ পটভূমি এৰি আমি অসমলৈকে চাব পাৰোঁ৷ গুৱাহাটী, শিলচৰ, কাৰ্বি আংলং, ডিমা হাছাও আদিত আজিও ভূমিস্খলন হৈয়ে আছে, মানুহ মৰিয়েই আছে৷ গছ-বন, পাহাৰ আদিৰ অবাধ ধ্বংস হৈয়ে আছে৷ যাৰ ফলত অসমত পূৰ্বতকৈ কেইবাগুণো বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে৷

সেইদৰে হঠাৎ বৃদ্ধি পোৱা বানৰ প্ৰকোপে এইবাৰ ৰাজ্যত ঠায়ে ঠায়ে মথাউৰি ভাঙিছে, জনধন-পশুধন উটুৱাই নিছে৷ বানৰ সমানে আকৌ বৃদ্ধি পাইছে গৰমৰ মাত্ৰাও৷ যোৱা তিনি-চাৰি দিনত প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহত ৰাজ্যত প্ৰায় ৬-৮জন লোকৰ মৃত্যু হৈছে৷ যোৱা মে’ মাহত গুৱাহাটীত হোৱা ৪০.১ ডিগ্ৰী উষ্ণতাই ১৯৬০ চনৰ অভিলেখ ভংগ কৰিছিল৷ এনেক্ষেত্ৰত মানুহে এতিয়া  নিজেই নিজৰ সুৰক্ষাৰ কথা চিন্তা কৰাৰ প্ৰয়োজনীয়তা আহিছে৷ এটা সুৰক্ষিত ভৱিষ্যতৰ বাবে মানুহে অন্ততঃ উন্নয়নৰ নামত, নৱজাগৰণৰ নামত চলাই অহা নিজৰ জীৱনশৈলী, কাম-কাজ আদি সলনি কৰিবই লাগিব৷

Share This