ডিজিটেল ডেস্ক: হেটত্রিক অর্জনেৰে ৰাজ্যত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব বিজেপি। নির্বাচনত বিজেপিয়ে অকলেই লাভ কৰিব ৬৯-৭৪খন আসন । বিধানসভাৰ নির্বাচনলৈ মাজত মাথোঁ আৰু দুটা মাহ বাকী থকাৰ সময়তে কালি এক প্রাক্ নির্বাচনী সমীক্ষাত এই কথা প্রকাশ পাইছে। দেশৰ আগশাৰীৰ পীপলছ প্লাছ ৰিচাৰ্ছ অর্গেনাইজেশ্যন নামৰ সংস্থাটোৱে চলোৱা সমীক্ষা অনুসৰি অসমত এন ডি এয়ে লাভ কৰিব কমেও ৯০খন আসন। ইয়াৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিব মাত্র ২৫-২৯খন আসন। আনহাতে, এ আই ইউ ডি এফ আৰু ইউ পি পি এলে ৰাজনৈতিক অস্তিত্ব বৰ্তাই ৰখাৰ বাবে সংগ্রাম কৰিব লাগিব।
উল্লেখযোগ্য যে গৱেষণা সংস্থাটোৱে যোৱা ১৫ নৱেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈকে প্রায় ৪৫ দিন ধৰি ৰাজ্যৰ ৩৫খন জিলাত চলোৱা সমীক্ষাৰ ভিত্তিত এই তথ্য প্রকাশ কৰিছে। সমীক্ষা অনুসৰি অসমত বিজেপিয়ে ৬৯-৭৪খন আসন, কংগ্রেছে ২৫-২৯খন, অগপই ৮-১১খন, বি পি এফে ৮-১০খন, ইউ পি পি এলে ০-২খন, এ আই ইউ ডি এফে ০-২খন, ৰাইজৰ দলে ১-২খন, জাতীয় পৰিষদে (এজেপি) ০-১খন, চি পি আই (এম) ০-১খন আৰু অন্যান্যই ০-১খন আসন লাভ কৰিব।
ইফালে ভোট শ্বেয়াৰিং অর্থাৎ কোন দলে কিমান ভোট লাভ কৰিব সেই সন্দৰ্ভত চলোৱা সমীক্ষাত প্রকাশ পাইছে যে বিজেপিয়ে ৩৯ শতাংশ, কংগ্রেছে ৩৭ শতাংশ, অগপই ৭ শতাংশ, বি পি এফে ৫.৫ শতাংশ, ইউ পি পি এলে ১.২ শতাংশ, এ আই ইউ ডি এফে ২.৫ শতাংশ, ৰাইজৰ দলে ০.৯ শতাংশ, জাতীয় পৰিষদ অর্থাৎ এজেপিয়ে ০.৭ শতাংশ, চি পি আই (এম)য়ে ০.৮ শতাংশ আৰু অন্যান্যই ৫ শতাংশ ভোট লাভ কৰিছে। কংগ্রেছে অধিক ভোট লাভ কৰাৰ কাৰণ হিচাপে বৰাক আৰু নামনি অসমত এ আই ইউ ডি এফৰ খহনীয়া বুলি উল্লেখ কৰিছে।
ইফালে ৰাজ্যৰ উন্নয়নৰ বাবে কোনটো দল উপযুক্ত বুলি সোধা প্রশ্নত ৰাজ্যৰ ৪৮ শতাংশ লোকেই বিজেপিক পচন্দ কৰাৰ বিপৰীতে ৩৮ শতাংশই কংগ্রেছক বিচাৰে। একেদৰে অসমত কোন দলৰ চৰকাৰ হোৱাটো ভাল বুলি সোধা এক প্রশ্নত ৫৫ শতাংশই বিজেপি দলৰ আৰু ৪০ শতাংশই কংগ্ৰেছ দলৰ চৰকাৰ হোৱাটো বিচাৰে। একেদৰে বিজেপিক একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সুযোগ দিয়াটো উচিত হ'বনে বুলি সোধা আন এক প্ৰশ্নৰ উত্তৰত ৫৫ শতাংশই বিজেপিক পুনৰ সুযোগ দিয়াৰ কথা ব্যক্ত কৰাৰ বিপৰীতে ৪৫ শতাংশই সুযোগ দিব নালাগে বুলি মত প্রকাশ কৰিছে। সমীক্ষাটোত মহিলাসকলৰ মাজত বিজেপিক অধিক জনপ্রিয় বুলিও প্রকাশ পাইছে। মন কৰিব লগীয়া কথা যে ৰাজ্যৰ সকলো প্রান্তলৈকে গৈ সমীক্ষা চলোৱা পীপলছ প্লাছ ৰিচাৰ্ছ অর্গেনাইজেশ্যন নামৰ এই সংস্থাটোৱে বিহাৰ নিৰ্বাচনক লৈ চলোৱা সমীক্ষা সত্য প্রমাণিত হৈছিল। এনে পৰিস্থিতিত নিৰ্বাচনৰ পূৰ্বে পীপলছ প্লাছৰ এই সমীক্ষা অসমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।