কেন্দ্ৰৰ মাহী আইৰ দৃষ্টি...
Dainik Janambhumi
July 27, 2024
ডিজিটেল ডেস্কঃ মাহী আইৰ ধাৰণাটো বর্তমান প্রজন্মৰ বহুতৰ বাবেই অচিনাকি। বহু বিবাহ প্রচলিত সমাজত পিতৃৰ একাধিক পত্নী থাকিলে এগৰাকী সন্তানে আনগৰাকীক মাহী আই বোলে। মাহী আই সেই সন্তানৰ গর্ভধাৰিনী মাতৃ নহয়। অৱশ্যে মাতৃ বেলেগ হ'লেও সন্তানসকল একে পিতৃৰ ঔৰসজাত হোৱা বাবে ভ্রাতৃত্বৰ সম্পর্ক থাকে। এই ক্ষেত্রত সমাজত প্রচলিত ধাৰণা অনুসৰি মাহী আইগৰাকীয়ে নিজ গর্ভজাত সন্তান আৰু সতিনীৰ সন্তানক সমদৃষ্টিৰে নাচায়। নিজ সন্তানৰ প্রতি অধিক মৰম থাকে, দুর্বলতা থাকে। সতিনীৰ সন্তানকো মৰম কৰিলেও তাৰ মাজত বৈষম্য থাকি যায়। বহু ক্ষেত্রত কেতিয়াবা তেনে সন্তানক ন্যায্য প্রাপ্যৰ পৰাও বঞ্চিত কৰিব খোজাৰ অভিযোগ উত্থাপন হয়।
তেনে ভাবনাৰ পৰাই উদ্ভব হৈছে মাহী আইসুলভ দৃষ্টি- এই কথাষাৰিৰ, যাৰ অন্তর্নিহিত অর্থ হৈছে বৈষম্যমূলক তথা পক্ষপাতমূলক মনোভংগী। আমাৰ ৰাজনৈতিক ক্ষেত্ৰখনত এই মাহীসুলভ দৃষ্টিভংগীৰ ধাৰণা অতীতৰে পৰাই বহুল প্রচলন হৈ আহিছে। ভাৰতবর্ষত কেন্দ্র ৰাজাৰ সম্পর্ক বিষয়ত বিভিন্ন প্রসংগত এই কথাষাৰি প্রয়োগ হয়। অসম আন্দোলন বা তাৰ বহু আগৰে পৰাই অসমৰ প্রতি কেন্দ্রীয় চৰকাৰৰ উদাসীন মনোভাব সম্পর্কত এই বাক্যষাৰ বহু ৰাজনৈতিক নেতা-সাংবাদিক বুদ্ধিজীৱী আৰু ছাত্রনেতাই ব্যৱহাৰ কৰি আহিছে।
প্রথমে এই বাক্যশাৰী ভাৰতবৰ্ষৰ দীর্ঘকালৰ শাসক দল কংগ্ৰেছ আৰু এই দলৰ কেন্দ্রীয় নেতৃত্বৰ অসমৰ প্রতি মনোভাব সন্দর্ভত কোৱা হৈছিল। এতিয়া কংগ্রেছ শাসক দল হৈ থকা নাই। যোৱা দহ বছৰত অসমত ডাবল ইঞ্জিনৰ বিজেপি চৰকাৰহে ক্ষমতাত আছে। সেইফালৰ পৰা চাবলৈ গ'লে মাহী
আইৰ দৃষ্টিৰ প্রাসংগিকতা হ্রাসহে পাব লাগিছিল। কিন্তু দূর্ভাগ্যবশতঃ যোৱা অসম আন্দোলনৰ পৰিণতিত হৈছিল 'অসম চুক্তি'। তাৰ পাছত ছাত্র সন্থা, অসম সময়ছোৱাত বৃদ্ধিহে পাইছে।
গণ পৰিষদ প্রমুখ্যে অসমৰ বিভিন্ন দল-সংগঠনে অসম চুক্তি ৰূপায়ণ সম্পর্কত কেন্দ্রীয় চৰকাৰৰ লগত বহুলানি আলোচনা কৰিলে। তাৰ পাছত আহিল আই এম ডি টি আইন বাতিলৰ প্ৰসংগ। এটা সময়ত সেয়াও হৈ উঠিল উচ্চতম ন্যায়ালয়ৰ জৰিয়তে। ইয়াৰ পাছত বিদেশী চিনাক্তকৰণ আৰু এন আৰ চি প্ৰসংগ। বহু বাদ-বিবাদ, তর্ক-বিতর্কৰ অন্তত এন আৰ চি পৰ্বৰো প্রায় সমাপ্তি ঘটিল। এইবাৰ আহিল কেব বা 'কা'ৰ প্রসংগ। প্রথমে আছিল নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, তাৰ পাছত সংসদত গৃহীত কৰাই কৰা হ'ল নাগৰিকত্ব সংশোধনী আইন। এই আইন দেখ দেখকৈ অসমৰ স্বার্থ আৰু অসম চুক্তিৰ দফাৰ পৰিপন্থী। কিন্তু প্রতিবাদ সত্ত্বেও মানি লোৱা হ'ল। এইবাৰ অসমৰ জাতীয় সংগঠনবোৰে কিন্তু মোদী চৰকাৰৰ বিৰুদ্ধে অসমৰ প্রতি মাহী আইসুলভ দৃষ্টিভংগী লোৱাৰ অভিযোগ নুতুলিলে। কা আইন প্রয়োগৰ আগে আগে অসমৰ মানুহক ফুচুলাব লগা হ'ল। কাৰণ অসম চুক্তিৰ ষষ্ঠ দফাত অসমীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ প্রতিশ্রুতি দিয়া হৈছিল। সেই বাবেই ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত লৰালৰিকৈ এখন ষষ্ঠ দফা ৰূপায়ণ সমিতি গঠন কৰি নির্দিষ্ট সময়ত চৰকাৰক প্রতিবেদন দাখিল কৰিবলৈ দিয়া হ'ল।
ন্যায়াধীশ শর্মা কমিটায়ে অত্যন্ত তৎপৰতাৰে প্রতিবেদন প্রস্তুত কৰি চৰকাৰৰ সংশ্লিষ্ট পক্ষক দাখিল কৰিলে। আজিলৈকে সেই প্রতিবেদন তেনে অবস্থায়তে পৰি আছে। এতিয়া অসমৰ জাতীয় সংগঠনবোৰে বিপ্লৱ শর্মা কমিটীৰ ষষ্ঠ দফা ৰূপায়ণ সম্পর্কীয় প্রতিবেদনৰ নাম ল'বলৈ এৰিলে। অসমৰ ৰাইজৰ প্রতি এনে অবমাননা-প্রতাৰণাৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰৰ অসমৰ প্রতি থকা মাহী আইসুলভ মনোভাবৰ প্ৰসংগ উল্লেখ নহ'ল। এতিয়া অসমৰ অস্তিত্ব ৰক্ষাৰ কথা তথাকথিত জাতীয় সংগঠনসমূহে এৰাই চলে। অসম আন্দোলনৰ পটভূমিতে পৰিচয় আৰু প্রতিষ্ঠা পোৱা একাংশ নেতাই বিভিন্ন সময়ত বিভিন্ন দলত যোগদান কৰি এতিয়াও
অসমৰ ৰাজনীতি একপ্ৰকাৰ নিয়ন্ত্রণ কৰি আছে। অসমৰ প্রধান সমস্যাসমূহৰ ভিতৰত এটা অতি গুরুত্বপূর্ণ সমস্যা হ'ল অসমৰ
বান আৰু খহনীয়া সমস্যা।
অসম চুক্তিত এনে বহু সমস্যা আৰু বিষয় অন্তর্ভুক্ত হৈছিল, যিবোৰ অসম আন্দোলনৰ মূল দাবীৰ তালিকাত অন্তর্ভুক্ত হোৱা নাছিল। কিন্তু বান খহনীয়া সমস্যাৰ কোনো উল্লেখেই অসম চুক্তিত নাই। অথচ অসমৰ আর্থ-সামাজিক জীবন, অর্থনৈতিক উন্নয়নৰ লগত এই সমস্যা ওতপ্রোতভাৱে জড়িত। অৰুণাচল প্রদেশত এটাৰ পাছত এটাকৈ নদীবান্ধবোৰ সম্পূর্ণ হোৱাত অসমৰ বান-খহনীয়া সমস্যাত এটা নতুন মাত্রা যোগ হৈছে। ক্ষয়-ক্ষতিৰ মাত্ৰা বাঢ়িছে। ইয়াৰ বিপৰীতে বান-খহনীয়া সমস্যাৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা আশাপ্রদ নহয়। প্রয়োজনীয় পুঁজি নাই, মথাউৰি নিৰ্মাণৰ ক্ষেত্রত সময়োচিত তৎপৰতা নাই। প্রতিমাহে হাজাৰ কোটি টকাৰ ঋণ ল'ব নোৱাৰিলে অচল হৈ পৰিব খোজা বর্তমানৰ চৰকাৰেও কেন্দ্রক সম্মত কবি অসমৰ বাবে একো আদায় কৰিব পৰা নাই। অথচ কোৱা হৈছিল কেন্দ্র আৰু ৰাজ্যত একে দলৰ চৰকাৰ হ'লে উন্নয়ন ত্বৰান্বিত হ'ব। শেহতীয়াকৈ বান-খহনীয়াৰ কবলত পৰা অসমৰ হাহাকাৰ দেখিও কেন্দ্রৰ হর্তাকর্তাসকলে বিশেষ প্রতিক্রিয়া প্রকাশ নকৰিলে, গুৰুত্বও নিদিলে।
শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰৰ বাজেটত দেখা গ'ল বানপীড়িত বিহাৰৰ সমস্যা সমাধানৰ বাবে এটা বৃহৎ পৰিমাণৰ পুঁজি বাজেটত আবণ্টন কৰা হৈছে। অথচ তুলনামূলকভাবে বিহাৰতকৈও বহু বেয়াকৈ ক্ষতিগ্রস্ত হোৱা অসমৰ ক্ষেত্রত বাজেটত একো নাই। প্রধানমন্ত্রী-গৃহ মন্ত্রীৰ আশ্বাসতে সকলো সন্তুষ্ট অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোগোবাল। বিহাৰে কেন্দ্রৰ পৰা অনুগ্রহ বিচৰা নাই, বিচাৰিছে অবিকাৰ। ডাবল ইঞ্জিন চৰকাৰৰ অসমৰ নেতৃত্ব বর্তমান গাদীবক্ষাত ব্যস্ত। কেন্দ্রীয় নেতৃত্বৰ সমুখত স্পষ্ট আৰু দৃঢ়ভাৱে অসমৰ সমস্যা আৰু অসমে ন্যায্যভাবে পাব লগাখিনিৰ কথা ক'ব পৰাকৈ সাহসী নহয়। মাহী আইৰ পৰা আইৰ সমান মৰম-স্নেহ আদায় কৰিব নোৱাৰি বুলি অসমৰ নেতা-মন্ত্রীসকলে হয়তো মাহী আইক তোষামোদ কৰিহে আছে। কেৱল ৰাইজক আস্বস্ত কৰাৰ স্বাৰ্থত।
Share This