চাবুৱাত কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱালৰ কনভয় দুর্ঘটনাগ্রস্ত

dainik janambhumi January 05, 2026

ডিজিটেল ডেস্ক: চাবুৱাৰ হাতীআলি বাইপাছত কালি বিয়লিৰ ভাগত প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ কনভয় দুর্ঘটনাগ্রস্ত হয়। কনভয়ত অহা চাৰিজন আৰক্ষীৰ লগতে মুঠ ৬জন লোক গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি পোৱা গৈছে। দুর্ঘটনাত আঘাতপ্রাপ্ত লোকসকলক লগে লগে ডিব্ৰুগড় এ এম চিলৈ প্রেৰণ কৰে। 

উল্লেখ্য যে হাতীআলি বাইপাছৰ কাষত ৰখাই থোৱা এখন গাড়ীত এছক'ৰ্ট গাড়ী এখনে প্রচণ্ড জোৰে খুন্দা মাৰে। ফলত এই দুর্ঘটনাটো সংঘটিত হয়। প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্ৰী সোণোৱালে চাবুৱাৰ নিজ জন্ম গাঁও বিন্ধাকটাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ডিব্ৰুগড়ৰ পৰা আহিছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্য সভাৰ সাংসদ ৰামেশ্বৰ তেলীও লগত আছিল। হাতীআলি বাইপাছত দুর্ঘটনা সংঘটিত হোৱাৰ বাবে অনুষ্ঠানৰ কাৰ্যসূচী বহু পলমকৈ অনুষ্ঠিত হয়। দুর্ঘটনাত আহত লোককেইজন বর্তমান সংকটমুক্ত হোৱাৰ লগতে কনভয়ত অহা আৰক্ষীৰ গাড়ী এখন বিধ্বস্ত হয়।

Share This