স্মাৰ্ট চিটিৰ আনস্মাৰ্ট কাম

Dainik Janambhumi August 08, 2024

ডিজিটেল ডেস্কঃ সোমবাৰে এজাক বৰষুণতে গুৱাহাটী মহানগৰীত যি দুৰৱস্থাৰ সৃষ্টি হ’ল, সেই অৱস্থা এতিয়া যেন ৰাজ্যৰ আটাইবোৰ নগৰতেই সুলভ৷ কিছুদিন পূৰ্বে ডিব্ৰুগড়ত কৃত্ৰিম বানে জনজীৱন কেইবাদিনলৈ স্থবিৰ কৰি তুলিছিল৷ অনুৰূপ অৱস্থা হ’বলৈ লৈছে যোৰহাট নগৰতো৷ তদুপৰি নলবাৰী, ধুবুৰী, শিলচৰ, কৰিমগঞ্জ, তিনিচুকীয়া আদি নগৰসমূহতো প্ৰায়ে কৃত্ৰিম বানে নাগৰিকক জলা-কলা খুৱাই আহিছে৷

অৱশ্যে গুৱাহাটীৰ সমস্যা কিছু পুৰণি৷ এসময়ত গুৱাহাটীখন জলাশয়-পিটনি-বিল আৰু খেতিপথাৰেৰে ভৰি আছিল৷ লাহে লাহে মানুহে নিজৰ স্বাৰ্থত জলাশয়-পিটনি-বিলবোৰ পুতি পেলাবলৈ ল’লে৷ ওখ ওখ অট্টালিকা হ’ল, দোকান-পোহাৰ-মল আদি গঢ় লৈ উঠিল৷ অদূৰদৰ্শী-পৰিকল্পনাবিহীনভাৱে গুৱাহাটী পৌৰ নিগমেও জধে-মধে ঘৰ সজাৰ বাবে অনুমতি দি গ’ল৷ ৰাস্তা কিমান বহল হ’ব, নলাৰ বাবে কিমান বহলকৈ মাটি এৰি দিয়া হ’ব তাৰো কোনো জোখ-মাপ নোহোৱা হ’ল৷ গছ-বনবোৰ কাটি পেলোৱা হ’ল, পাহাৰবোৰ তহিলং হ’ল৷ ফলত গৰমতেই হওক, বৰষুণতেই হওক মহানগৰীৰ পৰিস্থিতি ক্ৰমাৎ অসহনীয় হৈ উঠিল৷ উদাহৰণ– যোৱা সোমবাৰ৷ সেইদিনা পানীৰ বাবেই স্তব্ধ হৈ পৰিল সমগ্ৰ মহানগৰী৷ জু-ৰ’ড, মালিগাঁও, গণেশগুৰি, ছয়মাইল, ৰুক্মিণীগাঁও, খানাপাৰা, বৰবাৰী, নাৰেংগী, চানমাৰি, বেলতলা সকলোতে ঘণ্টা ঘণ্টা আবদ্ধ হৈ পৰিল সাধাৰণ জনতা৷ ঠাইবিশেষে পুৱতি নিশালৈকে পানী শুকুৱালৈ অপেক্ষা কৰিলে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িয়াই অনা এম্বুলেঞ্চ, কৰ্মস্থলীৰ পৰা অহা পুৰুষ-মহিলাই৷

এখন স্মাৰ্ট মহানগৰীৰ এনে দুৰ্দশা যে নৰকতকৈও অধচ সেই কথা নেদেখাজনে কল্পনাই কৰিব নোৱাৰে৷ ক্ষোভ এইখিনিতেই৷ যাৰ বাবে ৰুক্মিণীগাঁৱত এছক’ৰ্ট লৈ পানী ফালি অহা অহা ভি ভি আই পিক গাড়ী ৰখাই জনতাই অপদস্থও কৰে৷ প্ৰশ্ন হয়– গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ সমাধান কোনোখন চৰকাৰে কিয় কৰিব পৰা নাই? সুপৰিকল্পনা-দূৰদৰ্শিতাৰ অভাৱ নে সদিচ্চা-ক্ষমতাৰ অভাৱ? গুৱাহাটী নিৱাসীয়েই হওক চৰকাৰ কিম্বা পৌৰ কতৃৰ্পক্ষই হওক, পূৰ্বে কৰা ভুলৰ শুধৰণি নায়েই নেকি? এই কথা ঠিক যে দীৰ্ঘদিনে দুৰ্ভোগ ভুগি অহা গুৱাহাটীৰ জনতাই চৰকাৰ-জনপ্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাই পেলালেও স্মাৰ্ট চিটি প্ৰকল্পৰদ্বাৰা ইয়াৰ সমাধানৰ কিঞ্চিৎ আশা পুহি ৰাখিছিল৷ কিয়নো কেন্দ্ৰৰ স্মাৰ্ট চিটি অভিযানৰ তালিকাত এখন অন্যতম মহানগৰ হিচাপে গুৱাহাটী যিদৰে অন্তৰ্ভুক্ত আছিল, সেইদৰে ইয়াৰ মুঠ ১৮৫টা প্ৰকল্পৰ ভিতৰত বিল-জলাশয়ৰ উন্নয়নো তালিকাভুক্ত আছিল৷ সেই অনুসৰি বৰছলা বিলৰ বাবে ২১৫ কোটি, ভৰলুৰ বাবে ৪৪৪ কোটি, মৰা ভৰলুৰ বাবে ৪৮৮ কোটি, দিপৰ বিলৰ বাবে ২৫০ কোটি টকা ধাৰ্য কৰা হৈছিল৷

এই ধনৰাশিৰে গুৱাহাটী মহানগৰীৰ বিল-জলাশয়সমূহক পুনৰুজ্জীৱিত কৰাই নহয়, তাক আটকধুনীয়াকৈ সজাই তোলাৰ কথাও কোৱা হৈছিল৷ তদুপৰি মহানগৰীৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ বাবেও পৰিকল্পনা যুগুত কৰা হৈছিল৷ এনেয়েও যিহেতু গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ইয়াৰ বিল-জলাশয়সমূহৰ উন্নয়ন, অস্তিত্ব তথা সুৰক্ষাৰ প্ৰসংগও উত্থাপিত হৈ আহিছে৷ সেয়ে স্মাৰ্ট চিটি অভিযানে গুৰুতৰ সমস্যাটোৰ সমাধান কৰাৰ প্ৰত্যাশা স্বাভাৱিকভাৱেই কৰিছিল মহানগৰবাসীয়ে৷ কিন্তু পৰিতাপৰ কথাটো হ’ল– গুৱাহাটীত ২০১৬ চনৰ পৰা আৰম্ভ হোৱা স্মাৰ্ট চিটি অভিযানৰ কোনো এটা প্ৰকল্পই আজিও সম্পূৰ্ণ হোৱা দেখা নগ’ল৷

কিছুদিন পূৰ্বে ই টি ভিয়ে কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ (Ministry of Housing and urban Affairs) প্ৰতিবেদনৰ তথ্য উল্লেখ কৰি প্ৰকাশ কৰা এক বাতৰি মতে, যোৱা ৮ বছৰত গুৱাহাটী স্মাৰ্ট চিটিৰ মুঠ ১৮৫টা প্ৰকল্পৰ মাত্ৰ ৯টাহে সম্পূৰ্ণ হৈছে৷ ইয়াৰ পৰিৱৰ্তে দেশৰ ৩২খন স্মাৰ্ট চিটিয়ে এইক্ষেত্ৰত অসাধাৰণ প্ৰদৰ্শন কৰিছে, য’ত তেওঁলোকে কিছুমান ক্ষেত্ৰত পৰিকল্পনা তথা প্ৰকৃত লক্ষ্যতকৈ চাৰি গুণ অধিক প্ৰকল্প সম্পূৰ্ণ কৰিছে৷ উদাহৰণস্বৰূপে, অন্ধ্ৰ প্ৰদেশৰ কাকিনাড়া স্মাৰ্ট চিটি প্ৰকল্পই মুঠ ১০০টা প্ৰকল্প ধাৰ্য কৰিছিল যদিও সম্পূৰ্ণ কৰিছে ৭২টা প্ৰকল্প৷

সেইদৰে ছট্টিশগড়ৰ ৰায়পুৰ স্মাৰ্ট চিটি প্ৰকল্পই ২৪০টা প্ৰকল্প [অনুমোদন আছিল ৯০টা], নতুন দিল্লী পৌৰ নিগমে ৯৭টা প্ৰকল্প [পৰিকল্পিত প্ৰকল্প আছিল ৪০টা] সম্পূৰ্ণ কৰিছে৷ আনহাতে চুৰাট, জম্মু, শ্ৰীনগৰ, বেলাগাভি, দাভানাগেৰে, তুমাকুৰু আৰু ইন্দোৰৰ দৰে অন্যান্য চহৰসমূহেও স্মাৰ্ট চিটি মিছনৰ অধীনত অতিৰিক্ত প্ৰকল্প সম্পূৰ্ণ কৰিছে৷ বাকী ৬৮খন স্মাৰ্ট চিটিয়ে এতিয়াও লক্ষ্য পূৰণ কৰিবলৈ বহু দূৰ আছে৷ প্ৰতিবেদনখনৰ মতে, স্মাৰ্ট চিটিৰ অভিযানৰ কাৰ্যকাল কেইবাবাৰো বঢ়াই দিয়া হৈছে যদিও নিৰ্ধাৰিত সময়ত বুলিয়েই নহয়, আজি পৰ্যন্ত কাম সম্পূৰ্ণ কৰাত গুৱাহাটীকে ধৰি একাংশই চূড়ান্ত ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে৷ গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ নামত ২০১৬ চনৰ পৰা ২০২২ চনৰ জুলাই মাহলৈ মুঠ ৩৬৪.২১ কোটি টকা ব্যয় কৰা হৈছে৷ ইয়াৰে কেন্দ্ৰৰ অংশ ১৯৬ কোটি আৰু ৰাজ্য চৰকাৰৰ অংশ হ’ল ১৬৮.২১ কোটি টকা৷ ইয়াৰ পৰা সহজেই অনুমান কৰিব পাৰি যে যদি ৩৬৪.২১ কোটি টকাৰ কাম কৰিবলৈ ৬ বছৰ লাগে, তেনেহ’লে সমগ্ৰ প্ৰকল্পৰ বাবে ধাৰ্য কৰা প্ৰায় ২,২৯৬ কোটি টকাৰ কাম কৰিবলৈ কিমান সময় লাগিব৷

যদি সেয়াই হয়, স্মাৰ্ট চিটি প্ৰকল্পৰদ্বাৰা গুৱাহাটীৰ বান সমস্যাৰ সমাধানৰ প্ৰত্যাশা কৰি থকা জনতাই ফল পাবলৈ আৰু বহু বছৰ ধৈৰ্য ধৰিব লাগিব৷ আন কথাত স্মাৰ্ট চিটি প্ৰকল্পৰ ‘আনস্মাৰ্ট’ কামে আগন্তুক কেইবাযুগলৈ জনতাক হয়তো জীয়াতু ভোগায়েই থাকিব৷ তেনেহ’লে কি হ’ব জনতাৰ? চৰকাৰৰ প্ৰতিয়েই বা আহ্বান কি হ’ব? স্মাৰ্ট চিটি প্ৰকল্পক আওকাণ কৰি আমি চৰকাৰক আহ্বান জনাব পাৰোঁ– অচিৰেই আই আই টি, গুৱাহাটীৰ বিশেষজ্ঞৰদ্বাৰা নগৰ-মহানগৰৰ কৃত্ৰিম বান সমস্যাৰ সমাধানৰ উদ্যোগ লওক৷ গুৱাহাটীত নলা-নৰ্দমাসমূহৰ কিদৰে উন্নয়ন সাধি ভৰলুৰদ্বাৰা নগৰৰ ভিতৰৰ পানী বাহিৰলৈ উলিয়াই পঠিয়াব পাৰি তাৰ এক ফলপ্ৰসূ নক্সা তৈয়াৰ কৰক৷ এইক্ষেত্ৰত কলকাতা মহানগৰীৰ আৰ্হিও ল’ব পাৰে৷ প্ৰতিটো পথৰ তলত বৃহৎ ‘আৰ চি চিৰ ড্ৰেইন’ সাজি তাৰ সৈতে আন সৰু সৰু নলাবোৰ সংলগ্ন কৰি শ্লুইচ গে’টেৰে পানী ব্ৰহ্মপুত্ৰত পেলোৱাৰ ব্যৱস্থা কৰিব পাৰে৷ পানীৰ আৱৰ্জনাবোৰ ধৰি ৰাখিবৰ বাবে অৱশ্যে চাকনিও সংযোগ কৰিব লাগিব৷

তদুপৰি চৰকাৰৰ ‘টপ ক্লাছ’ৰ অভিযন্তাসকলকো ইয়াৰ উপায় উদ্ভাৱনত লগাব পাৰে৷ এতিয়া আহিল ধনৰ কথা৷ চৰকাৰে নিৰ্বাচনকেন্দ্ৰিক আঁচনিৰ নামত হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি আছে৷ ইয়াৰ পৰিৱৰ্তে সমস্যাৰ স্থায়ী সমাধানত ব্যয় কৰক৷ অসমৰ জনগণে নিশ্চয়কৈ সহযোগ কৰিব৷ মনত ৰখা ভাল–চৰকাৰ আজি আছে কাইলৈ নাথাকিব৷ কিন্তু নগৰ-মহানগৰ সদায়েই থাকিব৷

Share This