গৰিষ্ঠসংখ্যক ছিনেটৰৰ সমৰ্থন, ভাৰতসহ ৫ দেশৰ বিৰুদ্ধে পুনৰ ১০০% শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

dainik janambhumi July 19, 2026

ডিজিটেল ডেস্ক : ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে ভাৰতকে ধৰি পাঁচখন দেশৰ বিৰুদ্ধে ১০০ শতাংশ টাৰিফৰ (ৰপ্তানি-আমদানি শুল্ক) প্রস্তাৱ কৰা এখন নতুন বিধেয়কলৈ আমেৰিকাৰ ৬০জন ছিনেটৰে (সংখ্যাগৰিষ্ঠ) সমর্থন জনাইছে। 

শুকুৰবাৰে প্রকাশ পোৱা বিধেয়কখনৰ প্রস্তাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সমৰ্থনো লাভ কৰিছে। ছিনেটত বিধেয়কখন সমর্থন কৰাসকলৰ মতে আগষ্টৰ আগতেই এই বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনা আছে। ছিনেটৰ সংখ্যাগৰিষ্ঠ ৰিপাব্লিকান পাৰ্টিৰ নেতা জন থুনে বিধেয়কখনৰ এজন প্রধান সমর্থকৰূপে স্বাক্ষৰ কৰিছে, যি বিধেয়কখন উচ্চ সদনত গৃহীত হোৱাত সহায় কৰিব। 

'ছেংছনিং ৰাছিয়া এক্ট অব্ ২০২৬' শীর্ষক এই বিধেয়কত ৰাছিয়াৰ তেল বা গেছ ক্ৰয় কৰা শীর্ষ ৫খন দেশৰ বিৰুদ্ধে ১০০ শতাংশলৈকে শুল্ক আৰোপ কৰিবলৈ ট্রাম্প চৰকাৰক কৰ্তৃত্ব দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। আমেৰিকাৰ ছিনেটৰসকলে এই সপ্তাহৰ আগভাগত স্পষ্ট কৰিছিল যে ৰাছিয়াৰ তেল ক্ৰয় কৰা বাবে ভাৰত, চীন, শ্লোভাকিয়া, হাংগেৰী আৰু আজাৰবাইজানৰ বিৰুদ্ধে এই শুল্ক আৰোপ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। ৰাছিয়াৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা উলংঘন কৰা শীর্ষ ৫খন দেশৰ বিৰুদ্ধে শুল্ক আৰোপ কৰাৰ প্রস্তাৱো বিধেয়কখনত আছে। সঠিক শুল্কৰ হাৰ নিৰ্ধাৰণ কৰিব ইউ এছ ট্রেড ৰিপ্রেজেন্টেটিভে (ইউ এছ টি আৰ)। 

মন কৰিবলগীয়া যে ৰাছিয়াৰ গেছ ক্ৰয় কৰি থকা আমেৰিকাৰ ইউৰোপীয় মিত্র দেশবোৰক এই বিধেয়কত যথেষ্ট ৰেহাই দিয়া হৈছে। যোৱা জুন মাহত ৰাছিয়াৰ পৰা ভাৰতে ক্ৰয় কৰা খাৰুৱা তেলৰ পৰিমাণ ৩৪ শতাংশলৈ বৃদ্ধি পাইছিল। জুনত ভাৰতে ৰাছিয়াৰ পৰা মুঠ ৪.৫ বিলিয়ন ইউৰ' মূল্যৰ খাৰুৱা তেল ক্ৰয় কৰিছিল। ইয়াৰ ফলত চীনৰ পাছতে ভাৰত হৈ পৰিল ৰাছিয়াৰ খাৰুৱা তেল ক্ৰয় কৰা দ্বিতীয় বৃহত্তম গ্রাহক।

Share This