শিৱসাগৰত চাঞ্চল্যকৰ চুৰি-কাণ্ড

Kakali Deka June 24, 2025

ডিজিটেল ডেস্কঃ শিৱসাগৰত সোমবাৰে সংঘটিত হয় চাঞ্চল্যকৰ চুৰি-কাণ্ড। চোৰে লুটি নিলে লক্ষাধিক টকাৰ লগতে সোণ-ৰূপৰ আ-অলংকাৰ।

অসমীয়া মহিলা মঞ্চৰ সাধাৰণ সম্পাদিকা পাপৰি যতীন ফুকনৰ শিৱসাগৰ নগৰৰ সমীপৰ সিংহদুৱাৰস্থিত বাসগৃহত সংঘটিত হ'ল এই চুৰি-কাণ্ড।

পাপৰি যতীন ফুকন আৰু তেওঁৰ স্বামী যতীন ফুকন কালি সন্ধিয়া ঘৰত তলা লগাই গৈছিল গুৱাহাটীত অধ্যয়নৰত জীয়াৰীৰ ওচৰলৈ। কিন্তু জখলাবন্ধা গৈ পাওঁতে ম'বাইলত CCTV ভিজুৱেল পৰীক্ষা কৰোঁতেই ফুকন দম্পতীয়ে গম পালে ঘৰত সংঘটিত চুৰি-কাণ্ডৰ বিষয়ে।

নিশা ১২-৩৬ৰ পৰা ১-৩০ বজাৰ ভিতৰত দুজনীয়া চোৰৰ দলে ঘৰত প্ৰৱেশ কৰি চলাইছিল লুটপাত।


পাপৰি যতীন ফুকনৰ স্বামী পেছাত এটা ব্যক্তিগত তৈল প্ৰতিষ্ঠানৰ জ্যেষ্ঠ অভিযন্তা।

Share This