গহপুৰত বিভাগে বিভাগে দুৰ্নীতিৰ ঘটনা

Kakali Deka August 11, 2023

গহপুৰত দুৰ্নীতি নিবাৰক শাখাই ইতিমধ্যে দুজনকৈ চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছতে চৰ্চালৈ আহিছে বিভিন্ন কাৰ্যালয়ত সংঘটিত হৈ অহা দুৰ্নীতিৰ পোহাৰৰ কথা৷ কিছু দিনৰ পূৰ্বে এজন আৰক্ষী   বিষয়া চি এম ভিজিলেঞ্চৰ জালত পৰাৰ পাছত পুনৰ গহপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ ঘোচখোৰ লাট মণ্ডল নৌছাদ আলীক দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে ঘোচ লোৱা অৱস্থাত গ্ৰেপ্তাৰ কৰে৷ এই গ্ৰেপ্তাৰৰ পাছতে গহপুৰত কেতবোৰ দুৰ্নীতিৰ বিষয়ে বিভিন্ন মহলত চৰ্চা লাভ কৰিছে৷ উল্লেখযোগ্য যে বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ কাম চলি থকা গহপুৰ মহকুমাৰ একাধিক চৰকাৰী কাৰ্যালয়ত সংঘটিত হৈ অহা দুৰ্নীতি-অনিয়মৰ ইটোৰ পাছত সিটো অভিযোগে এতিয়া সামাজিক মাধ্যমত বিশেষভাৱে গুৰুত্ব লাভ কৰিছে৷ নৌছাদ আলীৰ গ্ৰেপ্তাৰৰ ঘটনাটোৰ পাছত বিভিন্নজনে গহপুৰ মহকুমাৰ কাৰ্যালয়ে কাৰ্যালয়ে সংঘটিত হৈ অহা দুৰ্নীতি-অনিয়মৰ কাহিনী লিখি সামাজিক মাধ্যম ওপচাই পেলোৱা পৰিলক্ষিত হৈছে৷ সেই অনুসৰি মহকুমাটোৰ ছয়দুৱাৰ আৰু পূব ছয়দুৱাৰ উন্নয়ন খণ্ডত অমৃত সৰোবৰ আঁচনি, এম জি এনৰেগা আঁচনি, চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিকে ধৰি বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ এতিয়া ৰাইজৰ মুখে মুখে উচ্ছাৰিত হৈছে৷ পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনিত কাগজে-কলমে আঁচনি ৰূপায়ণ কৰা বুলি দেখুওৱা হৈছে যদিও কাৰ্যক্ষেত্ৰত কিন্তু কৰ্মস্থলীত কামৰ কোনো চিন-মোকাম নাই৷ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ঘাঁহিগাঁও দৈনিক বজাৰত তেনে এটা কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ পোৱা গৈছে৷ য’ত কাগজে-কলমেহে বৰ্তি আছে কাম৷ কিন্তু কৰ্মস্থলীত নাই কামৰ কোনো চিন-মোকাম৷ গহপুৰ মহকুমাত অমৃত সৰোবৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত যি ধৰণে দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈছে তাৰ ওপৰত যদি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তদন্ত কৰে, তেন্তে বহুতৰেই যে বিপদ ঘণ্টা বাজিব সেয়া নিশ্চিত৷ অমৃত সৰোবৰ আঁচনিৰ পুখুৰী খননৰ নামত আধাতকৈ বেছি টকা পকেটস্থ কৰিছে নিৰ্মাণকাৰী সংস্থাই৷ পুখুৰীসমূহৰ মাটিকালি আঁচনি অনুসৰি হৈছে নে নাই সেই বিষয়ে জোখ-মাপ কৰি পেলালেই জোলোঙাৰ মেকুৰী ওলাই পৰিব বুলি মন্তব্য কৰিছে সচেতন ৰাইজে৷ পুৰণি পকীঘৰ দেখুৱাই কেনেদৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিপৰীতে আবণ্টিত ধন একাংশ পঞ্চায়ত প্ৰতিনিধি, সচিব, জি আৰ এছ আৰু হিতাধিকাৰীয়ে আত্মসাৎ কৰি আহিছে, সেই সন্দৰ্ভতো এক উচ্ছ পৰ্যায়ৰ তদন্ত হোৱাৰ পোষকতা কৰিছে সচেতন ৰাইজে৷ ঠিকাদাৰী পদ্ধতিৰে আঁচনি ৰূপায়ণ হোৱা গহপুৰ মহকুমাৰ প্ৰতিটো কাৰ্যালয়ত এতিয়া কমিছনৰ অংক চলিছে৷ অভিযোগ অনুসৰি কাম আবণ্টন পোৱা ঠিকাদাৰৰ এখন ৱৰ্ক অৰ্ডাৰত চহী কৰাৰ বিনিময়ত এগৰাকী বিষয়াক দিব লাগে ১৫১ পৰা ২০ হাজাৰ টকাৰ মাননি৷ ইয়াৰ পিছত ৰানিং বিল মঞ্জুৰ কৰাৰ বিনিময়ত ৩ণক্মআৰু ফাইনেল বিল মঞ্জুৰ কৰাৰ বিনিময়ত এগৰাকী বিষয়াক দিব লাগে প্তণ কমিছন৷ তদুপৰি কাম তদাৰক কৰা অভিযন্তাকো দিব লাগে উপযুক্ত মাননি৷ নিৰ্ধাৰিত মাননি নিদিয়াৰ কাৰণে চহী কৰাৰ পিছতো ৱৰ্ক অৰ্ডাৰৰ কপি ঠিকাদাৰৰ হাতত নিদি ঘৰলৈ লৈ যোৱাও ধনলোভী বিষয়া আছে গহপুৰত৷ ইপিনে কামৰ অগ্ৰগতিৰ প্ৰতিবেদন আৰু কাম সমাপ্ত হোৱাৰ প্ৰতিবেদন [ফিজিকেল ৰিপ’ৰ্ট] দিয়াৰ নামতো দিয়া-লোৱাৰ অঘোষিত নিয়ম চলি আহিছে গহপুৰত৷ বান নিয়ন্ত্ৰণ, খহনীয়া আৰু মথাউৰি নিৰ্মাণৰ দায়িত্বত থকা গহপুৰ জলসম্পদ উপ-সংমণ্ডলৰ কাৰ্যালয়টো যেন সোণৰ কণী পৰা হাঁহ বিষয়া, অভিযন্তা আৰু ঠিকাদাৰৰ বাবে৷ কেৱল কমিছনৰ অংক কৰা অফিচ বুলি পৰিচিত এই কাৰ্যালয়টোৰ পৰা মুঠেই উপকৃত হোৱা নাই ভুক্তভোগী বানাক্ৰান্ত ৰাইজ৷ একেদৰে গহপুৰ পৌৰসভাৰ কাৰ্যালয়ৰ অধীনত ৰূপায়ণ হোৱা আঁচনিসমূহক লৈ গহপুৰ পৌৰসভাৰ ৰাইজ কিমান সন্তুষ্ট সেয়া নিজ গহপুৰ ৱাৰ্ডত ২৭,০৩,৬৭৮ টকাৰে নিৰ্মাণ হোৱা এটা পকী নলাত চকু ফুৰালেই সহজে অনুমান কৰিব পাৰি৷ পঞ্চদশ বিত্তীয় আয়োগৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ অধীনত ২০২১-২২ বিত্তীয় বৰ্ষত টাইড আঁচনিৰ জৰিয়তে নিৰ্মাণ হোৱা মাত্ৰ ২৬০ মিটাৰ দীঘল, ঙ্ম.৭৫ মিটাৰ বহল আৰু ঙ্ম.৮০ মিটাৰ উচ্ছতাৰ প্ৰায় ২৭ লাখ টকাৰ পকী নলাটোৱে গহপুৰ পৌৰসভাত আঁচনি ৰূপায়ণৰ নামত প্ৰকৃততে কি চলি আহিছে সেয়া দিনৰ পোহৰৰ দৰে ফটফটীয়া কৰি তুলিছে৷ এইটো মাত্ৰ এটা উদাহৰণহে৷ চৰকাৰী আঁচনিৰ সিংহভাগ ধন কেনেকৈ পকেটস্থ কৰিব পাৰি তাৰ কৌশল চাবলৈ হ’লে গহপুৰ পৌৰসভা এলেকাত ৰূপায়ণ হোৱা দুই-এটা আঁচনিত ওপৰে ওপৰে চকু ফুৰালেই সকলো পৰিষ্কাৰ হৈ পৰে৷ ইপিনে যোৱা জ্জ আগষ্টত দুৰ্নীতি নিবাৰক শাখাই লাটমণ্ডল নৌছাদ আলীক গ্ৰেপ্তাৰ কৰাৰ পিছত স্থানীয় সচেতন ৰাইজে মুকলিকৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ৰাইজ অধিক সজাগ আৰু সচেতন হ’লে দুৰ্নীতি নিবাৰকৰ হাতত গহপুৰ আৰু হেলেম ৰাজহ চক্ৰৰ আৰু কেইবাজনো ঘোচখোৰ লাটমণ্ডল গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত৷

Share This