অলিয়ে-গলিয়ে চিলনী চোৰৰ সন্ত্ৰাস

Kakali Deka September 07, 2023


ডিজিটেল ডেস্ক: পথেৰে অহা-যোৱা কৰোঁতে সাৱধান। মহানগৰীৰ চুকে-কোণে এতিয়া পিয়াপি দি ফুৰিছে দুৰ্ধৰ্ষ ইৰাণী গোটৰ সদস্যই। গুৱাহাটীত দ্রুতগতিত বৃদ্ধি পাইছে চিলনী চোৰৰ সংখ্যা। চিলনী চোৰৰ টার্গেট হৈছে মহিলাৰ ডিঙিৰ সোণৰ চেইন।

চেইন কাঢ়ি নিয়াতো বাদেই, চিলনী চোৰৰ টনা-আঁজোৰাত আপুনি আঘাতপ্রাপ্তও হ'ব পাৰে ৷ বিশেষকৈ মাত্র ২৪ ঘণ্টাৰ ভিতৰতে মহানগৰৰ কেইবা ঠাইতো সংঘটিত হৈছে চেইন কাঢ়ি নিয়াৰ ঘটনা। বুধবাৰে বেলতলাৰ কৃষ্ণ নগৰত চিলনী চোৰে এগৰাকী মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে চেইন। ইফালে মঙলবাৰেও বিয়লি বেলতলাৰ সেউজ নগৰতো এগৰাকী মহিলাৰ পৰা কাঢ়ি নিয়ে সোণৰ চেইন। 
ঠিক তেনেদৰে হাতীগাঁৱৰ দেৱদাৰু কাৰ্বি পথতো মঙলবাৰে বিয়লি বাইকত অহা চিলনী চোৰে এগৰাকী মহিলাৰ পৰা থপিয়াই নিলে চেইন। মহিলাগৰাকী বজাৰৰ পৰা ঘৰলৈ আহি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।  চোৰৰ টনা— আঁজোৰাত মহিলাগৰাকী আঘাতপ্রাপ্তও হয়। উল্লেখযোগ্য বিগত কিছুদিন ধৰি মহানগৰত চিলনী চোৰৰ উপদ্ৰৱ বৃদ্ধি পাবলৈ ধৰিছে। দুচকীয়া বাহনত অহা চিলনী চোৰৰ দলে পথেৰে যোৱা মহিলাৰ অলংকাৰ কাঢ়ি নি   একপ্ৰকাৰ সন্ত্ৰাস চলাই আহিছে। আৰক্ষীয়ে ইতিমধ্যে বহুকেইটা চিলনী চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে চিলনী চোৰৰ বিৰুদ্ধে এনকাউণ্টাৰ কৰিছে যদিও চিলনী চোৰৰ উপদ্ৰৱ হ্ৰাস পোৱা নাই

Share This