খিলঞ্জীয়া
Dainik Janambhumi
August 21, 2024
ডিজিটেল ডেস্কঃ ছশ বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱোজ্জ্বল শিৱসাগৰত সম্প্ৰতি খিলঞ্জীয়া লোকসকলৰ স্বাভিমানকেন্দ্ৰিক এক বিষয়ক লৈ যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সেয়া আপাততঃ শাম কাটিল ক্ষমা প্ৰাৰ্থনাৰ এক অধ্যায়ৰ জৰিয়তে৷ নগৰখনৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ কিশোৰীক বহিঃৰাজ্যৰ পৰা আহি নগৰখনত ব্যৱসায় কৰি থকা পৰিয়ালৰ কেইজনমান লোকে নিৰ্দয়ভাৱে প্ৰহাৰ কৰি চিকিৎসাধীন হ’বলগীয়া অৱস্থা কৰাৰ পৰিপ্ৰেক্ষিততে বহিৰাগত লোকসকলৰ বিৰুদ্ধে অঞ্চলটোত সৃষ্টি হৈছিল প্ৰবল গণক্ষোভৰ৷
পৰিস্থিতিয়ে এনে এটা অৱস্থা পালেগৈ যে স্থানীয় খিলঞ্জীয়া লোকসকলে বিশাল পৰিসৰত নগৰখনৰ ৰাজপথলৈ ওলাই আহি বহিৰাগত লোকসকলক অৰ্থনৈতিকভাৱে একাষৰীয়া কৰাৰো হুংকাৰ দিব লগা হ’ল৷ অৱশ্যে নগৰখনৰ বহিৰাগত সমাজে তামোল-পাণৰ শৰাই আগবঢ়াই খিলঞ্জীয়াৰ সন্মুখত আঁঠু লৈ ক্ষমা-প্ৰাৰ্থনা কৰাত বিষয়টোৰ ইমানতে ইতি পৰে৷ সি যি নহওক, শিৱসাগৰ নগৰত কেইবাটাও দশকৰ পাছত এনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱ হ’ল৷ ইয়াৰ আগতে নগৰখনত বহিৰাগতৰ বিৰুদ্ধে গণক্ষোভৰ উদ্গিৰণৰ ঘটনা ঘটিছিল ১৯৭৯ চনত ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম অৱস্থাত৷
সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ সেই আন্দোলনটো প্ৰথমতে আৰম্ভ হৈছিল বহিৰাগত বহিষ্কাৰৰ দাবীৰ আন্দোলন হিচাপে আৰু শিৱসাগৰ নগৰত বহিৰাগতক খেদোৱাৰ প্ৰবল জোকাৰণি এটাই পৰিস্থিতি উত্তাল কৰি তুলিছিল৷ পাছত যেনিবা সেই পৰিস্থিতিৰ শাম কাটিল আৰু অসম আন্দোলনৰ প্ৰথমৰ সেই ‘বহিৰাগত’ শব্দটো পাছলৈ বিদেশীলৈ ৰূপান্তৰ ঘটিল৷ পৰৱৰ্তী সময়ত অসম আন্দোলনৰ সুদীৰ্ঘ সময়ছোৱাতেই হওক বা ঊনৈশ শ নব্বৈ দশকৰ আলফাৰ উত্থানৰ সময়খিনিতে হওক, শিৱসাগৰত বহিঃৰাজ্যৰ লোকসকল ক্ষতিকাৰক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল৷ বৰঞ্চ এই চাৰি দশকৰো অধিক কাল সেই লোকসকলে শিৱসাগৰৰ সামাজিক সংগঠনবিলাকৰ সৈতে সৌহাৰ্দ্যমূলক সম্পৰ্ক ৰক্ষা কৰি ব্যৱসায়-বাণিজ্য চলাই আহিছে৷ সেই বহিৰাগত পৰিয়ালবোৰৰ সন্তানে বিহু নৃত্যৰ দল গঠন কৰি বিভিন্ন মঞ্চত অনুষ্ঠান পৰিৱেশন কৰাও বহুতে দেখিছে৷
সেইখন শিৱসাগৰত বহিৰাগত লোকৰ বিৰুদ্ধে সাম্প্ৰতিক উদ্গিৰণ তাৎপৰ্যপূৰ্ণ৷ ৰাজনৈতিক-সামাজিক পৰিৱেশৰ পৰিৱৰ্তনৰ কিবা প্ৰভাৱত এনে পৰিৱেশ সৃষ্টি হৈছে নেকি সেইটো ভাবি চাবলগীয়া কথা৷ কিশোৰী পাঞ্জা খেলুৱৈগৰাকীক প্ৰহাৰৰ ঘটনাটোক খিলঞ্জীয়া লোকৰ স্বাভিমানত আঘাত বুলি গণ্য কৰি হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই অহাটোৱে এইবুলি ভবাৰো অৱকাশ দিয়ে যে খিলঞ্জীয়াৰ অস্তিত্বকেন্দ্ৰিক কিছুমান ক্ষোভ সেই অঞ্চলটোৰ মানুহৰ মনত পূৰ্বৰে পৰা পুঞ্জীভূত হৈ আছে৷ ভাষা-সাংস্কৃতিক ঐতিহ্য ৰক্ষা, জনজাতিকৰণ, স্বাধিকাৰ প্ৰতিষ্ঠা আদি বিষয়ক লৈ সংগ্ৰামত জড়িত হৈ অহা ৩০টা সংগঠনে এইবাৰ ঐক্যবদ্ধ হৈ বহিৰাগতৰ বিৰুদ্ধে হুংকাৰ দিয়া অধ্যায়টোৱে ক্ষোভ-অসন্তুষ্টিৰ অন্তৰালৰ বিষয়বস্তুৰ গভীৰতাক প্ৰকট কৰি তোলে৷ ৰাজ্যখনত খিলঞ্জীয়াৰ প্ৰভুত্ব দ্ৰুতগতিত কমি আহিছে৷
জাতীয় অৰ্থনীতিৰ নিয়ন্ত্ৰণ খিলঞ্জীয়াৰ হাতত নাই৷ খিলঞ্জীয়াৰ সংস্থাপনৰ পথবিলাকো বন্ধ হৈ আহিবলৈ ধৰিছে৷ যি জাতীয়তাবাদক লৈ কিছুদিন আগলৈকে গৌৰৱ কৰাৰ থল আছিল, তাৰো এতিয়া প্ৰায় মূল্যহীন অৱস্থা৷ ফলত যিকোনো মুহূৰ্ততে অস্তিত্বহীন হৈ পৰিব পৰা এটা আশংকাই খিলঞ্জীয়া মানুহবোৰক গভীৰ অন্তদ্বৰ্ন্দ্বত ভোগাইছে৷
তেনে অৱস্থাত শিৱসাগৰৰ দৰে ঠাই এখনত খিলঞ্জীয়া কন্যা এগৰাকীক বহিৰাগত লোকে দলবদ্ধভাৱে প্ৰহাৰ কৰিবলৈ সাহস কৰাটোক খিলঞ্জীয়া মানুহবোৰে সহজভাৱে গ্ৰহণ নকৰাটোৱেই স্বাভাৱিক৷ কাইলৈ কন্যাগৰাকীক প্ৰহাৰ কৰাসকলৰ কি শাস্তি হয়, বাহিৰৰ পৰা আহি ব্যৱসায় চলাই থকা লোকসকলৰ ক্ষমা-প্ৰাৰ্থনাৰ প্ৰভাৱ কেনেদৰে পৰে সেইবোৰ পাছৰ কথা কিন্তু খিলঞ্জীয়া লোকসকলে যি স্বাভিমানৰ বাবে আজি ৰাজপথলৈ ওলাই আহিছে সেই স্বাভিমান স্থায়ীভাৱে ৰক্ষা কৰিবলৈ হ’লে এতিয়াৰ খন্তেকীয়া আন্দোলনটো অথবা ক্ষমা-প্ৰাৰ্থনাৰ অধ্যায়টোৱেই যথেষ্ট নহয়৷ আন্দোলনৰ ফলত খিলঞ্জীয়া ঐক্য বা শক্তিৰ ৰূপটোৰ প্ৰকাশ ঘটিল ঠিকেই, কিন্তু স্বাভিমান ৰক্ষাৰ বিষয়টো বিদ্বেষলৈ ৰূপান্তৰ হ’লে হিতে বিপৰীত হোৱাৰহে আশংকা থাকিব৷
খিলঞ্জীয়াৰ স্বাভিমান-অস্তিত্বৰ প্ৰশ্নটো কেৱল শিৱসাগৰৰ নহয়, সমগ্ৰ ৰাজ্যৰে জ্বলন্ত প্ৰশ্ন৷ কিছুমান ঠাইত খিলঞ্জীয়াৰ মূৰ তুলি থিয় হোৱাৰ পৰিৱেশ নোহোৱা হৈ গৈছে৷ শিৱসাগৰৰ দৰে ঠাইত সাম্প্ৰতিক পৰিস্থিতি অভাৱনীয় আছিল কিন্তু আজি সিয়েই বাস্তৱ হৈ পৰাত সকলো শংকিত হৈছে৷ গতিকে যি ত্ৰিশটা সংগঠনে এইবাৰ শিৱসাগৰত গণ উত্থানৰ নেতৃত্ব ল’লে তেওঁলোকে আত্মসন্মান ৰক্ষাৰ বিষয়টোক স্থায়ী কৰিবলৈ কিছুমান স্থায়ী আৰু দীৰ্ঘম্যাদী ব্যৱস্থাৰ কথা ভাবিব লাগিব আৰু বিস্তৃত পৰিকল্পনা লাগিব৷ ইয়াৰ বিভিন্ন দিশ থাকিব পাৰে, কিন্তু মুখ্য কথাটো হ’ল খিলঞ্জীয়াই অৱশিষ্ট অৰ্থনীতিৰ কতৃৰ্ত্ব নিজৰ হাতত ৰক্ষাৰ দৃঢ় সিদ্ধান্ত ল’ব লাগিব৷ চান্দা সংস্কৃতি পৰিহাৰ কৰি নিজৰ ভৰিত থিয় হৈ আগবাঢ়িবলৈ পণ ল’ব লাগিব৷
এটা কথা লক্ষ্য ৰখা উচিত যে ঐতিহাসিক শিৱসাগৰৰ বহু মূল্যৱান ভূ-সম্পদ বহিৰাগত লোকৰ হাতত তুলি দিছে বিশিষ্ট খিলঞ্জীয়া পৰিয়ালেই৷ খিলঞ্জীয়াই নিজৰ ভূমি নিজৰ হাতত ৰাখিব লাগিব আৰু সমন্বিত উদ্যোগেৰে সেই ভূমিক খিলঞ্জীয়াৰ জাতীয় অৰ্থনীতি টনকিয়াল কৰা সম্পদৰ ভেটিলৈ ৰূপান্তৰ কৰিব পাৰিব লাগিব৷ বহিৰাগতৰ দান-বৰঙনিৰে বিহু পতাৰ প্ৰৱণতাও পৰিহাৰ কৰিব লাগিব৷ মনত ৰখা উচিত যে পদে পদে বহিৰাগতৰ মুখাপেক্ষী হৈ থাকিলে বহিৰাগতই ডিঙিলৈ জঁপিয়াবলৈ সাহস কৰিবই৷
Share This