ডিজিটেল ডেস্কঃ গৰু আৰু গো-পালকৰ ৰাজসাহায্যৰ বিতৰ্ক চলি থকাৰ মাজতে আজি চৰকাৰে গো-পালক আৰু দুগ্ধ সমবায় সমিতিসমূহক ধ্বংস কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গো-পালক সন্থাই।
গো-পালন গিৰ গাইৰ নামত বহুত কৰি মন্ত্ৰী পত্নীয়ে লাখ লাখ টকা ৰাজসাহায্য লাভ কৰাৰ বিপৰীতে ৰাজ্যৰ প্রকৃত গো-পালকে চৰকাৰী সাহায্য অবিহনে বছৰ বছৰধৰি গো-পালন কৰি আহিছে। আনকি মুখ্যমন্ত্রীয়ে এই গো-পালকসকলৰ বাবে সাহায্য ঘোষণা কৰাৰ পাছতো আজিলৈ সেই সাহায্য লাভ নকৰাৰ বাবে এতিয়া গো-পালকে বৃত্তি এৰি তামোল-পাণৰ দোকান দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে।
গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি আজি এই ঘোষণা কৰে দ্যা আছাম ষ্টেট কো-অপাৰেটিভ মিল্ক ফেডাৰেশ্যন লিমিটেডে। ফেডাৰেশ্যনৰ নেতৃবৰ্গৰ হৈ ফেডাৰেশ্যনৰ তদর্থ সমিতিৰ সভাপতি বিৰিঞ্চি কাশ্যপে কয় যে, দুগ্ধ উদ্যোগটোক সমবায় ভিত্তিক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত চৰকাৰে বাধাৰ সৃষ্টি কৰিছে। থলুৱা গো-পালকসকল এতিয়া নানা সমস্যাৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, নেশ্যনেল ডেইৰী ডেভেলপমেন্ট ব'র্ড (এন ডি ডিবি)ক অসমলৈ গিৰ গাই আনিবলৈ প্রত্যক্ষভাৱে নিবিদাৰ জৰিয়তে দায়িত্ব দিয়া হৈছিল। তেওঁলোকে বহু বুঢ়া গৰু গৰুখুঁটিলৈ আনিছিল বুলি অভিযোগ কৰি এন ডি ডি বিক অক্ষম অনুষ্ঠান আখ্যা দিয়ে।
আনহাতে এই অনুষ্ঠান আৰু বেষ্ট আছাম মিল্ক ইউনিয়ন লিমিটেড (ৱামূল) ৰ মাজত চৰকাৰে কিয় ত্রিপাক্ষিক চুক্তি কৰিলে বুলি প্রশ্ন কৰি শীঘ্ৰে এই চুক্তি বাতিল কৰাৰ দাবী কৰে। ভাল গৰু দিব নোৱৰা অনুষ্ঠানে অসমৰ গো-পালকৰ ভৱিষ্যৎ কেনেকৈ সুৰক্ষিত কৰিব বুলিও তেওঁ প্রশ্ন কৰে।
আনহাতে ৱামূল যদি সমবায় সমিতি হয় তেনেহ'লে এখন বার্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা উচিত বুলিও কয়। এই অনুষ্ঠানটোৰ জন্মৰপৰা আজিলৈ কোনো সাধাৰণ সভা নাই বুলি উল্লেখ কৰি চৰকাৰে ১২ খন জিলা কো-অপাৰেটিভ মিল্ক এছ'চিয়েশানক ২০২০ চনৰ পৰা পঞ্জীয়ন কৰিবলৈ দিয়া নাই বুলি অভিযোগ কৰে। বিগত ৫ বছৰে অসম চৰকাৰে দুগ্ধ সমবায় সমিতিকেইখনৰ চাৰিটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে বুলিও সমালোচনা কৰে। থলুৱা যুৱকক ১৮ বছৰ ধৰি কিয় কেন্দ্ৰৰ এটাও প্রকল্প কৰিবলৈ দিয়া নাই বুলিও প্রশ্ন কৰে সন্থাই।
আনহাতে চৰকাৰে কৰা ত্ৰিপাক্ষিক চুক্তিখন বাতিল কৰাৰ দাবী কৰি ফেডাৰেশ্যনে এই চুক্তিৰে অসমত লুটিবলৈ অহা বুলি অভিযোগ কৰে। বামূল আৰু এন ডি ডি বিক ছিণ্ডিকেট চক্র আখ্যা দি অসমীয়া গো-পালকক বঞ্চিত কৰা বুলি অভিযোগ কৰে। ৰাজ্যৰ প্ৰকৃত গো-পালক এতিয়া হতাশাজনক পৰিস্থিতিত থকা বুলি উল্লেখ কৰি কনকা, সীতা জখলা আদিৰ ভূমিকা প্রায় নিষ্ক্রিয় হৈ পৰা বুলি কয়। সকলো ফালৰপৰা বঞ্চিত গো-পালকসকলে এতিয়া গো-পালন এবি পাণ-তামোলৰ দোকান দিব বুলিও ক্ষোভ উজাৰে।