নিতৌ চুৰি-কাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ

dainik janambhumi September 01, 2025

ডিজিটেল ডেস্কঃ মঙলদৈত নিতৌ চুৰি কাৰ্য সংঘটিত কৰি সন্ত্ৰাস সৃষ্টি কৰা কুখ্যাত চোৰৰ দল গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ। কিছুদিন আগতে সংঘটিত হোৱা অধিবক্তাৰ ঘৰত সোণ চুৰিৰ লগত জড়িত তিনিজন চোৰক গ্ৰেপ্তাৰ কৰে মঙলদৈ আৰক্ষীয়ে।

অধিবক্তা দিব্যজ্যোতি চহৰীয়াৰ ঘৰত প্ৰায় এক কোটি টকা মূল্যৰ সোণ চুৰি কৰি নিছিল চোৰৰ দলটোৱে। উক্ত চুৰি-কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড আব্দুল গণি ওৰফে (গেদা)ই অধিবক্তাৰ ঘৰত সোমাই অকলেই বহু পৰিমাণৰ সোণ চুৰি কৰি আন দুজনক বিক্ৰী কৰে।

চুৰি সোণ ক্ৰয় কৰা জুৱেলাৰীকো গ্ৰেপ্তাৰ আৰক্ষীৰ। আব্দুল গণি ওৰফে (গেদা)  মঙলদৈ থানাৰ অন্তৰ্গত বান্দিয়াৰ বাসিন্দা।

আন দুজন ধুলা হিৰাপাৰাৰ নাচিৰ আলী আৰু লটাখাটৰ হাফিজুৰ ৰহমান।

চোৰকেইটাৰ পৰা প্ৰায় ১০০ গ্ৰাম সোণ, বহু পৰিমাণৰ ৰূপৰ অলংকাৰ, এটা সোণ জোখা মেচিন, তিনিটা মূল্যৱান ঘড়ী, ম'বাইল ফ'ন, বেংকৰ নথিসহ এখন বাইক আৰু বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে।

Share This