এইবাৰ আগ্ৰাসী ৰূপত ইউক্ৰেইন
Dainik Janambhumi
August 12, 2024
ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধত ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আটাইতকৈ ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে৷ ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ ভিতৰত সোমাই আক্ৰমণ অব্যাহত ৰাখিছে৷
সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ইউক্ৰেইনৰ সৈন্য ৰাছিয়াৰ প্ৰায় ৩০ কিল’মিটাৰ ভিতৰত প্ৰৱেশ কৰিছে৷ উল্লেখযোগ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে আন দেশৰ সেনাই ৰাছিয়াক নিজৰ দেশৰ ভিতৰত এনেদৰে ধাৰাসাৰ আক্ৰমণ কৰে৷ বৰ্তমান ৰাছিয়াৰ কুস্কৰ্ত যুদ্ধ চলি আছে৷ এই যুদ্ধই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক জোকাৰি পেলাইছে৷ যুদ্ধৰ ভয়াৱহতা দেখি তেওঁ কুস্কৰ্ৰ ৭৬ হাজাৰ লোকক তাৰ পৰা পলায়ন কৰাৰ নিৰ্দেশ দিয়ে৷ ইয়াৰ পাছত এই লোকসকলে তাৰ পৰা পলায়ন আৰম্ভ কৰে৷ প্ৰায় পাঁচ দিন চলি থকা যুদ্ধৰ পাছত ৰাছিয়াৰ নাগৰিকসকল তাৰ পৰা পলায়ন কৰে৷
এই লোকসকলে বাছ, ট্ৰাক তথা ৰে’লত উঠি ঘৰ-বাৰী এৰি পলায়ন কৰিছে৷ ৰাছিয়াৰ কৰ্তৃপক্ষসমূহে এই লোকসকলৰ কাৰণে অস্থায়ী আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে৷ ইউক্ৰেইনী সেনাৰ ৰাছিয়াৰ ভালেমান গাঁও দখল কৰিছে৷ পশ্চিমীয়া সংবাদ মাধ্যমৰ মতে, ইউক্ৰেইনৰ শেহতীয়া আক্ৰমণত ৰাষ্ট্ৰপতি পুটিন উদ্বিগ্ন হৈ পৰিছে৷ ৰাছিয়াত হাজাৰ হাজাৰ ইউক্ৰেইনী সেনাই আক্ৰমণ কৰিছে৷ আক্ৰমণত কেইবা শ ৰাছিয়াৰ সৈনিক নিহত হোৱা বুলিও প্ৰকাশ পাইছে৷ ‘দ্য ছান’ত প্ৰকাশ পোৱা অনুসৰি এজন জেনেৰেলে এইবুলি অভিযোগ কৰিছে যে ইউক্ৰেইনে বৃহৎ পৰিসৰত আক্ৰমণ কৰিব পাৰে বুলি আগতীয়াকৈ সতৰ্ক কৰি দিয়া হৈছিল, কিন্তু ক্ৰেমলিনে ইয়াত গুৰুত্ব নিদিলে৷ যোৱা শুকুৰবাৰে ইউক্ৰেইনৰ সৈনিকৰ আক্ৰমণ বাধা দিয়াৰ বাবে নিয়োগ কৰা ৰাছিয়ান সৈন্যৰ এটা গোটক অতি নিৰ্মমভাৱে হত্যা কৰা হয়৷ ৰাছিয়াৰ সৈনিক ১৪খন ট্ৰাকত গৈ থকা অৱস্থাত হিমাৰ্ছ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰা হয়৷ ক্ষেপণাস্ত্ৰ আক্ৰমণত কেওখন ট্ৰাক ধবংস হোৱাৰ লগতে ইয়াত থকা সৈনিকসকলো নিহত হয়৷
ইউক্ৰেইনৰ সৈন্যৰ ভয়াৱহ আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰপতি পুটিনে অঞ্চলটোত জৰুৰী অৱস্থা ঘোষণা কৰিছে৷ কুস্কৰ্ দখল কৰাৰ পাছত এতিয়া ইউক্ৰেইনৰ সৈনিক ছুদ্ডা নগৰৰ দিশে আগবাঢ়িছে৷ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি ছুদজানস্কীলৈ বি এম-২১ গ্ৰেড মািŒI×পল ৰকেট লান্সাৰ, বৰটোপ আৰু টেংক প্ৰেৰণ কৰিছে৷ বি বি চিয়ে প্ৰকাশ কৰা অনুসৰি ইউক্ৰেইনৰ কেইবা হাজাৰ সৈনিক ২০খন সশস্ত্ৰ বাহন আৰু ১১টা টেংক বৰ্তমান ৰাছিয়াত আছে৷ ইউক্ৰেইনৰ সৈনিকে ভালেমান গাঁও দখল কৰিছে৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কীয়ে আজি প্ৰথমবাৰৰ বাবে ৰাছিয়াত আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰে৷ তেওঁ কয়, ‘আমাৰ সেনাই যুদ্ধখন ৰাছিয়ালৈ লৈ গৈছে৷ ইফালে ইউক্ৰেইনৰ সৈনিকৰ আক্ৰমণৰ পাছত কুস্কৰ্ মহানগীৰৰ পৰা মাত্ৰ ৬০ কিল’মিটাৰ নিলগত থকা এটা পাৰমাণৱিক প্ৰকল্পৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে৷ আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি এজেঞ্চিৰ মুৰব্বী ৰাফেল গ্ৰাচীয়ে দুয়োখন দেশকে সংযমী হ’বলৈ আহ্বান জনাইছে৷ ইউক্ৰেইনৰ সৈন্যই ৰাছিয়াৰ এখন এয়াৰ ফিল্ড লক্ষ্য কৰি লয়৷ এই এয়াৰফিল্ডখনত কৰা আক্ৰমণৰ পাছত ৰাছিয়াই প্ৰকাশ কৰে যে তেওঁলোকে ইউক্ৰেইনৰ ৭৫খনতকৈ অধিক ড্ৰন ভূপাতিত কৰে৷ ইফালে ইউক্ৰেইনৰ সৈনিতে প্ৰৱেশ কৰা ৰাছিয়াৰ অঞ্চলবোৰৰ মাজেৰে গেছ পাইপলাইন গৈছে৷ ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ দখলৰ পৰা এই অঞ্চলবোৰ মুক্ত কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে৷
ইফালে ৰাছিয়াই কালি নিশাতো ইউক্ৰেইনৰ কীভত ড্ৰন আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে৷ এই আক্ৰমণত এটা শিশুকে ধৰি দুজন লোক নিহত হৈছে৷ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কাৰ অনুসৰি তেওঁলোকে কুস্কৰ্, ভৰ’নিছ, বেলগোৰেড, ব্ৰায়ংস্ক আৰু ওৰ্য়াল অঞ্চললৈ প্ৰেৰণ কৰা ভালেমান ড্ৰন ধবংস কৰে
Share This