৮ মে'ৰ পৰা তিনিদিনীয়াকৈ ফাট বিহু

dainik janambhumi April 28, 2026

ডিজিটেল ডেস্ক: ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰৰ ম'হ ঘুলি চাপৰিত বিগত বৰ্ষৰ দৰে এইবাৰো ২৪, ২৫ আৰু ২৬ বহাগ (৮, ৯ আৰু ১০ মে')ত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ফাট বিহু। আহোমসকলৰ ৰাজত্ব কালৰে পৰা স্বকীয় বৈশিষ্ট্য, পৰম্পৰা ৰক্ষা কৰি উদযাপন হৈ অহা ঐতিহ্যমণ্ডিত ফাট বিহুৰ ব্যাপক প্রস্তুতি চলাইছে উদযাপন সমিতিয়ে। 

চাৰিকড়িয়া নৈৰ পাৰৰ ম'হঘুলি চাপৰি বাকৰিত শাৰী শাৰীকৈ থকা গছ-গছনিসমূহত চুণ-তেল সানি ন-কইনাৰ ৰূপ দিছে। কাৰ্যসূচী অনুসৰি, ৮ মে' তাৰিখে পুৱাই পতাকা উত্তোলন কৰিব ফাট বিহু উদযাপন সমিতি সভাপতি বসন্ত শইকীয়াই, স্মৃতি তর্পণ কৰিব ফাট বিহু উদযাপন সমিতি সভাপতি হেমন্ত গগৈয়ে। ইয়াৰ পাছতে বিহু দলসমূহক আদৰণী জনাই মঞ্চ মুকলি কৰিব ঢকুৱাখনা বিশিষ্ট সমাজকর্মী কুশল গগৈয়ে। 

দুপৰীয়া ১২ বজাত টকা বিহু প্রতিযোগিতা উদ্বোধন কৰিব তেজপুৰৰ জ্যেষ্ঠ কৃতী বিহুতী অপৰূপা বৰুৱাই আৰু এক বজাত চেমনীয়া হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰিব ঢকুৱাখনা জ্যেষ্ঠ বিহুৱা জিতেন দত্তই। ৯ মে'ৰ পুৱা কপৌফুল আৰু গছপুলি ৰোপণ কৰিব অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক তুলসী প্রসাদ শইকীয়াই, ১০ বজাত গামোচা প্রতিযোগিতা উদ্বোধন কৰিব মাছখোৱা আদর্শ শিপিনী মৌচুমী শইকীয়া মহন্তই, ১১ বজাত বিহু দলসমূহক আদৰণী জনাব, ১১-৩০ বজাত প্ৰাণৰ শিল্পী সংগীত সম্রাট জুবিন গাৰ্গ আৰু ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূর্তি উন্মোচন কৰিব ফাট বিহু সভাপতিয়ে। দুপৰীয়া ১২ বজাত পূর্ণবয়স্কৰ হুঁচৰি প্ৰতিযোগিতা (সকলো জাতি-জনজাতি বাবে), এক বজাত ফাট বিহুৰ বছেৰেকীয়া 'বিহুৱান' উন্মোচন কৰিব বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে। 

১০ মে' পুৱা বিভিন্ন জাতি-জনজাতিৰ বৃষ্টিসমূহৰ লগতে বিভিন্ন বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্রীসকলে বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিব। সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব অসমৰ জনপ্রিয় কণ্ঠশিল্পী আৰু মোহময়ী অভিনেত্রী দীপলিনা ডেকাই। দুপৰীয়া ১২ বজাত অনুষ্ঠিত হ'ব লগা মুকলি বিহু উদ্বোধন কৰিব ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নিৰঞ্জন গগৈয়ে আৰু অন্তিম দিনা মুকলি সভাৰে অন্তিম কাৰ্যসূচী শেষ হ'ব। 

মুকলি সভা উদ্বোধন কৰিব অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী, মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাব্বি ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ লোকসংস্কৃতি সাধক পুষ্প গগৈ, বিশিষ্ট অতিতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰ শিক্ষা মন্ত্ৰী ৰণোজ পেণ্ড, লখিমপুৰ লোক সভা সমষ্টি সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনা বিধায়ক নৱ কুমাৰ দলে, সৰু পথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিব গুৱাহাটীৰ গিৰিজানন্দ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কন্দর্প দাস, অসম বিধানসভা সচিব দুলাল পেগু, সদৌ অসম ছাত্র সন্থা সভাপতি উৎপল শৰ্মা, লখিমপুৰ জিলা আয়ুক্ত আদিত্য বিক্রম যাদব, ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভাৰী, ঢকুৱাখনা সমজিলা আযুক্ত প্রভাত পেণ্ড, লখিমপুৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণেন্দ্র ডেকা, জ্যেষ্ঠ সাংবাদিক নৃপেন দাস, বিশিষ্ট সমাজকর্মী দীপাংকৰ হাজৰিকা আৰু ঢকুৱাখনা মহাবিদ্যালয় অধ্যক্ষ প্রদীপ চন্দ্ৰ বৰা।

Share This