ডিজিটেল ডেস্ক : '২০২৬ৰ পূর্বে আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্রদান কৰক। অন্যথাই আদিবাসী অধ্যুষিত অঞ্চলত বিজেপি নেতা-পালি নেতাই প্ৰৱেশত বাধাৰ সন্মুখীন হ'ব লাগিব। আদিবাসীসকলক বিনামূলীয়া চাউল নালাগে, অৰুণোদয় নালাগে, লাগে এছ টি, কৰিব লাগে মজুৰি বৃদ্ধি। লাগে শুদ্ধ ৰূপত জাতিগত প্রমাণ- পত্ৰ, মাটিৰ পট্টা। এইখিনি যদিহে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে কৰিব নোৱাৰে তেন্তে প্রবল প্রতিবাদৰ সন্মুখীন হ'ব লাগিব।
লাগিলে তেজ দিম, লাগিলে জীৱন দিম, ইয়াত কম্প্র'মাইজ নহব।' এইদৰে স্পষ্ট কৰি দিয়ে সদৌ অসম আদিবাসী ছাত্র সন্থাই। দেওবাৰে মুখ্যমন্ত্ৰীৰ তিনিচুকীয়া জিলা ভ্ৰমণৰ সময়তে সংগঠনটোৱে হাতে হাতে ক'লা পতাকা লৈ বিভিন্ন শ্ল'গান দি মাকুম-মাৰ্ঘেৰিটা সংযোগী পথত উত্তাল প্রতিবাদ সাব্যস্ত কৰে। আছাৰ কৰ্মীসকলে বিভিন্ন শ্ল'গান দি উত্তপ্ত কৰি তোলে।
২০২৬ৰ পূৰ্বে যদিহে চৰকাৰে আদিবাসীসকলৰ এই দাবীসমূহ পূৰণ নকৰে তেন্তে সমগ্ৰ অসমতে প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব বুলি স্পষ্ট কৰি দিয়ে। 'শ্রমিক, প্রাক্তন শ্রমিক' বুলি ভাৰতৰ কোন ঠাইত জনগোষ্ঠী আছে সেয়া অসম চৰকাৰে স্পষ্ট কৰি দিয়ক বুলি উল্লেখ কৰি জাতিগত প্রমাণ-পত্ৰ শুদ্ধ ৰূপত অতি শীঘ্ৰে প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে। আদিবাসীসকলক চৰকাৰে প্ৰতাৰণা কৰা বিষয়টো সহ্য কৰা নহ'ব বুলিও স্পষ্ট কৰি দিয়ে।