ডিজিটেল ডেস্কঃ তিতাবৰৰ এটা পৰিয়ালত অদৃশ্য শক্তিৰ উপদ্ৰৱ। নিশা হ'লেই তিতাবৰৰ কেচাইখাতীৰ এটা পৰিয়ালৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ !
ৰাতুল খাৰিয়া নামৰ লোকজনৰ ঘৰৰ টিনপাটৰ ওপৰত পৰে শিল, ইটা, তামোল ইত্যাদি। ঘৰৰ টিনপাটত বৰষুণৰ দৰে সৰি পৰে শিল, ইটা, তামোল।
কোনে মাৰিছে চাবলৈ বিচাৰি গ'লে কাকো দেখা নাপায় গৃহস্থই। গোটেই ৰাতি পহৰা দিলেও একো ধৰা নপৰে। মাথোঁ শিল, ইটা, তামোল আদিৰ বৰ্ষণ হৈ থাকে।
এতিয়া সকলোৰে সন্দেহ এয়া কোনো অদৃশ্য শক্তিৰ কাম ! এক কথাত ভূত !
উপায়হীন ৰাতুল খাৰিয়াৰ পৰিয়ালৰ একমাত্ৰ ভৰসা ভগৱান। ভগৱানৰ নাম লৈ ভূতৰ পৰা পৰিত্ৰাণ পাবলৈ কৰাইছে ভাগৱত পাঠ।
কিন্তু নাই, ভাগৱত পাঠ চলি থাকিলেও অদৃশ্য শক্তিয়ে কৰি গৈছে নিজৰ কাম। টিনপাটত দলিয়াইছে শিলগুটি, আতংকিত হৈ পৰিছে এতিয়া পৰিয়ালটো।