ডিজিটেল ডেস্ক: এইকেইদিন গুৱাহাটীৰ বজাৰত পাচলিৰ দাম কিছু হ্রাস পাইছে। অৱশ্যে ঠায়ে ঠায়ে সতেজ পাচলিৰ দাম ৩০/৪০ টকাৰ তললৈ নমাই নাই। তথাপি শ টকাৰ ওপৰত পাচলি খাই থকা মহানগৰবাসীয়ে কিছু সকাহ পোৱা বুলিয়েই ক'ব পাৰি। অৱশ্যে এতিয়া সমগ্ৰ ৰাজ্যতে ৰবিশস্যৰে বতৰ। পথাৰত মটৰ, আলু, মাটিমাহ, সৰিয়হ আদিৰে উভৈনদী। বহু কৃষকে ঘৰতে সৰিয়হ পিচি মিঠাতেল উলিয়াইছে। সেইদৰে বস্তাই বস্তাই মাটিমাহ, মটৰ মাহ মাৰি-ফালি বজাৰলৈ সাজু কৰিছে।
যোৱাকেইদিনত গোলাঘাট জিলাৰ বংকুৱাল, টিকিৰাই চাপৰি, শিয়াল চাপৰি, ৰহিতা চাপৰি আদি ব্ৰহ্মপুত্ৰৰ চাপৰি অঞ্চলসমূহতো দেখা গৈছে হাজাৰ হাজাৰ বিঘাৰ মাটিমাহৰ খেতি। চকুৰে মনিব নোৱৰালৈকে মাহ আৰু মাহ। ফচলো ভাল। সেইদৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে উজনি-ভটিয়নি যাত্ৰাত পথৰ দুয়োকাষেও ছেগা-চোৰোকাকৈ বিশাল পথাৰসমূহত সেউজীয়াৰ আৱেশে চকু ছাট মাৰি ধৰে। সাধাৰণতে কৃষিপ্রধান অসমত এনেধৰণৰ ছবি দুর্লভ নহয়। এনেধৰণৰ ছবিয়ে অসমীয়া মানুহৰ মনলৈও প্রশান্তি আৰু আশাৰ মলয়াজাক বোৱাই আনে। কিন্তু ইমানবোৰ সম্ভাৱনাৰ মাজতো, ইমানবোৰ সেউজীয়াৰ পাছতো ৰাজ্যবাসীয়ে বছৰজুৰাই নিজা উৎপাদিত কৃষিজাত সামগ্রী নোপোৱাটো বা নিজা উৎপাদিত সামগ্ৰীৰে আত্মনিৰ্ভৰশীল হ'ব নোৱৰাটোহে পৰিতাপৰ কথা। তথ্য মতে ৰাজ্যত মুঠ খেতি কৰা ভূমি-এলেকা হ'ল ৩৬,৯৪,০০০ হেক্টৰ। আনহাতে ২০১৫-১৬ চনৰ কৃষি সমীক্ষামতে অসমৰ মুঠ কৃষকৰ সংখ্যা ২৭৪১৭২২জন। ইয়াৰ ভিতৰত ৮৫ শতাংশতকৈও অধিক কৃষক ক্ষুদ্ৰ আৰু উপান্ত। তেওঁলোকৰ গড় কৃষিভূমিৰ পৰিমাণ আকৌ মাত্র ০.৩৬ হেক্টৰহে। সি যি নহওক মুঠ কৃষিভূমিৰ গোটেইখিনিত নহ'লেও অধিকাংশ ভূমিতে বছৰি কৃষকসকলে খেতি কৰে। বিশেষকৈ খৰালি ধান, ঘেঁহু, মাহ আৰু তেলজাতীয় শস্যৰ খেতি কৰে আৰু ইয়াৰ দ্বাৰা বৰ্তমান সময়ত ৰাজ্যিক মুঠ ঘৰুৱা উৎপাদনলৈ কৃষিখণ্ডই আগবঢ়ায় মাত্র ২০ শতাংশ (প্রায়) অৱদান।
বিভাগীয় তথ্য অনুসৰি ৰাজ্যত ১৯৯৯-২০০০ বর্ষত ২৬.৫২ লাখ হেক্টৰ ভূমিত ধান খেতি কৰা হৈছিল আৰু উৎপাদন হৈছিল ৩৯ লাখ মেট্রিকটন। আনহাতে উক্ত বর্ষতে ০.৮৫০ লাখ হেক্টৰ ভূমিত ঘেঁহু খেতি কৰি উৎপাদন লাভ হৈছিল ১.২০০ লাখ মেট্রিকটন। সেইদৰে ১৯৯৯-২০০০ বৰ্ষত ১.৫০ লাখ হেক্টৰ ভূমিত মাহ জাতীয় শস্যৰ খেতি কৰা হৈছিল আৰু উৎপাদন হৈছিল ১ লাখ মেট্রিকটন। আকৌ তেলজাতীয় শস্যৰ খেতি কৰা হৈছিল ৩.৮৪ লাখ হেক্টৰ ভূমিত। উৎপাদন হৈছিল ২.৪১ লাখ মেট্রিকটন। উল্লিখিত ধান, ঘেঁহু, মাহ আৰু তেলজাতীয় শস্যৰ উৎপাদন ১৯৯০-৯১ বর্ষত আছিল ক্রমে ৩২.৭০ (২৫.২৬ লাখ হেক্টৰ ভূমি), ১.০৪ (.৮৩০ লাখ হেক্টৰ ভূমি), ০.৫২ (১.২১ লাখ হেক্টৰ ভূমি) আৰু ১.৯০ (৩.৪০ লাখ হেক্টৰ ভূমি) লাখ মেট্রিকটন। চাবলৈ গ'লে ১৯৯০-৯১ বৰ্ষৰ তুলনাত ১৯৯৯-২০০০ বর্ষত কৃষি-উৎপাদন প্রায় দুগুণ। সেই হিচাপত কৃষক সমাজৰ অৱস্থা সুস্থিৰ হ'ব লাগিছিল। সেইদৰে অসমৰ ৰাইজেও ন্যূনতম দামত খাদ্য সামগ্রী লাভ কৰিব লাগিছিল। কিন্তু তাৰ পৰিৱৰ্তে ১৯৯০-৯১ বৰ্ষৰ তুলনাত ১৯৯৯-২০০০ বৰ্ষত অসমৰ ৰাইজে তিনি-চাৰিগুণ অধিক দামত কৃষিজাত সামগ্রী ক্ৰয় কৰিবলগীয়া হৈছে। গোলাঘাট জিলাৰ বংকুৱালৰ এগৰাকী অগ্রণী কৃষকে জানিবলৈ দিয়া মতে ব্ৰহ্মপুত্ৰৰ বিশাল চাপৰিত বছৰি তেওঁলোকে প্রায় পাঁচ হাজাৰ বিঘাৰ মাটি মাহৰ খেতি কৰে। কিন্তু ফচল উঠাই মাৰি, জাবি-চালি ঠিক কৰাৰ পাছত মহাজনে প্রতি কিল'ত ৩০ৰ পৰা ৫৫ টকা দামহে দিয়ে। তেওঁৰ মতে যোৱা বছৰ ৫৫টকা আৰু তাৰ আগৰ বছৰ ৩০ টকাকৈহে পাইছিল। ইয়াৰ পৰিৱৰ্তে আকৌ এতিয়া মহানগৰীৰ দৰে বজাৰত মাটিমাহ ১২০ৰ পৰা ১৪০ টকা দৰত ক্রয়-বিক্রয় চলি আছে। তেনেক্ষেত্রত প্রকৃত কৃষকসকলে উচিত দাম নোপোৱাৰ অভিযোগেই অধিক।
তেনেহ'লে ৩০ টকাৰ পৰা ১৪০ টকাৰ মাজৰ ধনখিনি ক'ত হৰণলুকী হয়? সহজ উত্তৰ মধ্যভোগীৰ দ্বাৰা। অৱশ্যে মাহজাতীয় শস্যৰ উৎপাদনত অসম এনেয়েও পিছপৰা। ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ মাত্র ২.৫ শতাংশহে অসমে উৎপাদন কৰে। তদুপৰি অসমৰ প্ৰায় ৩ কোটি ২০ লাখ জনগণক প্ৰতি বছৰে মাহ জাতীয় শস্যৰ প্ৰয়োজন হয় ৫৯৭.৮ টন। কিন্তু দুর্ভাগ্যৰ বিষয় যে ইয়াৰ ৫৩৬.৩ টন শস্যই বাহিৰৰ পৰা আমদানি হয়। অর্থাৎ মাত্র ৬১.৫ টন শস্যহে ঘৰুৱাভাৱে উৎপাদন হয়। এনেক্ষেত্রত এই সামান্য পৰিমাণৰ শস্য উৎপাদন কৰা কৃষকসকলো মধ্যভোগীৰ কবলত পৰি যেতিয়া লোকচানৰ সন্মুখীন হয়, তেতিয়া তেওঁলোক এনে খেতি কৰিবলৈ স্বাভাৱিকতে নিৰুৎসাহী হৈ পৰে। সি যি নহওক মধ্যভোগীৰ হাতোৰাত বন্দী হৈ অসমৰ কৃষক সমাজ সৰ্বস্বান্ত হোৱাৰ অভিযোগ এতিয়াৰ নহয়। খাৰুপেটীয়াত বিলাহীৰ কিল' ৫০ পইচা হওঁতেও মহানগৰীৰ বজাৰত ইয়াৰ দাম ৪০ টকাৰ কম নহয়। এনেক্ষেত্রত ছিণ্ডিকেটেই হওক, মধ্যভোগীয়েই হওক সমস্যাটোৰ সমাধানৰ দাবী দীৰ্ঘদিনীয়া। ৰাজ্যৰ কৃষক সংগঠনসমূহেও এনে দাবীকেই জনাই আহিছে।
কিন্তু চৰকাৰৰ সদিচ্ছা আৰু সু-ব্যৱস্থা অবিহনে কৃষক সমাজৰ ন্যায়ৰ সম্ভাৱনা তেনেই ক্ষীণ। মন কৰা দৰকাৰ যে কৃষকৰ সৈতে পথাৰ আৰু বজাৰৰ অংগাংগী সম্পর্ক আছে। এই তিনিওটাৰে ভাৰসাম্য অবিহনে কৃষি অর্থনীতিলৈ সুস্থিৰতা কেতিয়াও নাহে। প্রকৃতাৰ্থত কৃষকে পথাৰতেই নহয়, বজাৰতো সমাদৰ পাব লাগিব। শ্রম অনুসৰি মৰ্যাদা নোপোৱাৰ বাবেও হয়তো কৃষি কাৰ্যৰ প্ৰতি নতুন প্রজন্ম আকর্ষিত হোৱা নাই। কৃষকে শ্ৰমৰ প্ৰকৃত মূল্য পাবলৈ হ'লে মধ্যভোগী ব্যৱস্থাৰ নির্মূল হ'বই লাগিব। লগতে কৃষক সমাজৰ বাবে উপযুক্ত বজাৰৰ ব্যৱস্থা কৰিব লাগিব। শেহতীয়াকৈ অসম চৰকাৰে ধান আৰু সৰিয়হ পোনপটীয়াকৈ কৃষকৰ পৰা ক্ৰয় কৰি তেওঁলোকক সকাহ দিয়াই নহয়, একপ্ৰকাৰৰ মধ্যভোগীৰ হাতোৰাৰ পৰা কৃষক সমাজক উদ্ধাৰ কৰিছে। কিন্তু কেৱল ধান আৰু সৰিয়হেই সামগ্রিক কৃষি কাৰ্য নহয়। আন আন শস্যসমূহৰ ক্ষেত্ৰতো চৰকাৰ তথা বিভাগে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব লাগিব।