৪র্থ বৃহৎ অর্থনীতি

dainik janambhumi May 27, 2025

ডিজিটেল ডেস্ক : আমাৰ দেশৰ অৰ্থনীতিৰ তীব্ৰ গতিত বিকাশৰ ছবিখন দেশবাসীৰ সন্মুখত তুলি ধৰি দেওবাৰে নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বি ভি আৰ সুব্রমণিয়মে ঘোষণা কৰে যে ভাৰত জাপানক চেৰাই বিশ্বৰ চতুর্থ বৃহৎ অর্থনীতিৰ দেশত পৰিণত হৈছে। সুব্রমণিয়মে এই বুলিও কৈছে যে দেশে গ্রহণ কৰা পৰিকল্পনাসমূহ আশা কৰা ধৰণে আগবাঢ়িলে অহা আঢ়ৈৰ পৰা তিনি বছৰৰ ভিতৰত আমাৰ দেশে জার্মানিকো চেৰ পেলাই তৃতীয় বৃহৎ অর্থনীতিৰ দেশৰ আসনত বহিবলৈ সক্ষম হ'ব। সুব্রমণিয়মৰ এই ঘোষণাৰ আধাৰ হৈছে আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিৰ তথ্য। এই সংস্থাৰ 'ৱৰ্ল্ড ইক'নমিক আউটলুক' শীর্ষক প্রতিবেদনখনত কোৱা হৈছে যে চলিত বৰ্ষত ভাৰতৰ জি ডি পি ৪,১৮৭.০১৭ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে জাপানৰ অৰ্থনীতিৰ পৰিমাণ নিৰ্ণয় কৰা হৈছে ৪,১৮৬.৪৩১ বিলিয়ন ডলাৰ। আই এম এফৰ এই প্রতিবেদনতে উল্লেখ কৰা হৈছে যে বিকাশৰ বৰ্তমানৰ ধাৰাটো অব্যাহত থাকিলে ২০২৮ বর্ষত ভাৰতৰ জি ডি পি হ'বগৈ ৫,৫৮৪.৪৭৬ বিলিয়ন ডলাৰ।। ইয়াৰ বিপৰীতে জার্মানিৰ অর্থনীতি ৫,২৫১.৯২৮ বিলিয়ন ডলাৰ হ'ব বুলি ধাৰণা কৰা হৈছে। ইয়াৰ অৰ্থ হ'ব নৰেন্দ্ৰ মোদী চৰকাৰে কৈ থকা ৫ বিলিয়ন ডলাৰৰ অর্থনীতিক স্পর্শ কৰিবলৈ খুব বেছি আৰু ৩টা বছৰ বাকী। 

মোদী চৰকাৰে এই সপোনো দেশবাসীক দেখুৱাইছে যে ২০৪৭-ত ভাৰত বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিৰ দেশত পৰিণত হ'ব। এই সপোন বাস্তৱত পৰিণত হ'বলৈ হ'লে আমাৰ দেশে অহা ২০-২১ বছৰত চীন আৰু আমেৰিকাক পিছ পেলাব লাগিব। আজিৰ তাৰিখত চীনৰ অৰ্থনীতিৰ পৰিমাণ ১৯ ত্রিলিয়ন ডলাৰৰ আৰু আমেৰিকাৰ ৩০ ব্রিলিয়ন ডলাৰৰ। ইমান বিশাল অর্থনীতিৰে প্ৰথম আৰু দ্বিতীয় স্থানত থকা আমেৰিকা আৰু চীনক পিছ পেলোৱাৰ সপোনতো আপাত দৃষ্টিত ভিত্তিহীন বা অলীক বুলিয়েই ধাৰণা হয়, কিন্তু সু-নির্দিষ্ট আৰু সু-শৃংখলিত পৰিকল্পনা আৰু ত্রুটীহীন ৰূপায়ণ ব্যৱস্থা থাকিলে এই সপোন যে নির্দিষ্ট সময়ত সার্থক নহ'ব তাকো একে আষাৰে কোৱা টান। কিয়নো আমাৰ দেশ আজি যি স্তৰৰ অৰ্থনীতিত উপনীত হৈছে সেয়াও আজিৰ পৰা ২০ বছৰৰ আগতে কল্পনা কৰিব নোৱৰাই আছিল। ২০০৫ বর্ষত আমাৰ জি ডি পি আছিল ৮২০ বিলিয়ন ডলাৰৰ। সেই পৰিমাণে দুহেজাৰ বিলিয়ন ডলাৰ অতিক্ৰম কৰিবলৈ প্ৰয়োজন হৈছিল দহ বছৰৰ। আৰু আজিৰ তাৰিখত আমাৰ দেশৰ অৰ্থনীতিয়ে ৪ ত্রিলিয়নৰ সীমা অতিক্ৰম কৰিলে। ২০০৫ চনত ভাৰতৰ অৰ্থনীতি বিশ্বৰ তালিকাত আছিল দ্বাদশ স্থানত আৰু আজি দেশ উপনীত হৈছে বিশ্বৰ চতুৰ্থ স্থানত। এই সময়ছোৱাত ভাৰতীয় অর্থনীতিয়ে দঃ কোৰিয়া, ৰাছিয়া, স্পেইন, কানাডা, ইটালি, ফ্রান্স, ব্রাজিল, ব্রিটেইন, জাপান আদি চহকী দেশবোৰক পিছ পেলাবলৈ সক্ষম হৈছে। এইখিনিতে এটা অতি উল্লেখযোগ্য দিশ হ'ল ২০০৫ বর্ষত জাপান আছিল বিশ্বৰ দ্বিতীয় বৃহৎ অর্থনীতিৰ দেশ। তেতিয়াই দেশখনৰ অৰ্থনীতিৰ পৰিমাণ আছিল ৪,৮৩১ বিলিয়ন ডলাৰৰ। সেই বছৰ চীনৰ অর্থনীতি আছিল ২,৩২৬ বিলিয়ন ডলাৰৰ। 

কিন্তু চীনে তেতিয়াৰ পৰা ধাৰাবাহিকভাৱে বিকাশৰ ধাৰা অব্যাহত ৰাখি আজি ১৯ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰে বিশ্বৰ দ্বিতীয় বৃহৎ চহকী ৰাষ্ট্ৰত পৰিণত হৈছে, কিন্তু জাপানৰ অৰ্থনীতিৰ তেতিয়াৰ তুলনাত আজি কমিলহে। গতিকে, ২০০৫ চনৰ ২.৩. ত্রিলিয়নৰ অৰ্থনীতিৰ চীন যদি আজি ১৯ ত্রিলিয়নৰ অর্থনীতি হ'ব পাৰে, ভাৰত ২০৪৭ত বৃহত্তম অর্থনীতি হ'ব নোৱাৰিব বুলি কথা নাই। বিশ্বৰ চতুৰ্থ অর্থনীতিলৈ ভাৰতৰ উত্তৰণৰ জখলাডালত বগোৱাৰ মূল শক্তিটো হৈছে আমাৰ দেশৰ ধনাঢ্য লোকৰ অংশটো। ১৪০ কোটি ভাৰতীয়ৰ এক শতাংশ অর্থাৎ ডেৰ কোটিমান মানুহৰ হাতত আছে দেশৰ ৪০ শতাংশ সম্পদ। আনহাতে, অর্থনৈতিক শক্তিৰ দিশৰ পৰা তলৰ ফালৰ ৫০ শতাংশ জনসাধাৰণৰ হাতত থকা সম্পদৰ অংশ হৈছে মাত্র ৬.৪ শতাংশ। দেশত ১০ নিযুত ডলাৰতকৈ অধিক সম্পদ থকা ব্যক্তিৰ সংখ্যা ২০২৪ চনত আছিল ৮০,৬৮৪ গৰাকী। ২০২৫ চনত এই সংখ্যা বৃদ্ধি পালে ৮৫,৬৯৮ গৰাকীলৈ। অর্থাৎ এটা বছৰতে দেশত অতি চহকী মানুহৰ সংখ্যা ৫ হেজাৰ বাঢ়িল। ২০২৮ চনত এই সংখ্যা ১৩,৭৫৩লৈ বৃদ্ধি পাৰ বুলি আশা কৰা হৈছে। এইসকলেই দেশৰ অর্থনৈতিক ভেটি ক্রমান্বয়ে শক্তিশালী কৰি গৈ থকা আচল ব্যক্তি। ভাৰতক বিশ্বৰ বৃহত্তম অর্থনীতিত পৰিণত কৰাৰ সপোনক বাস্তৱায়িত কৰাৰ ভাৰসা এওঁলোকেই। কাৰণ এওঁলোকেই বিনিয়োগৰ ক্ষেত্ৰখন ৰচনা কৰিব, এওঁলোকেই বিলাসৰ বজাৰখন বহলাই গৈ থাকিব। ভাৰতীয় বিলিয়নেয়াৰসকলৰ মুঠ সম্পদৰ পৰিমাণ হ'ল ৯৫০ বিলিয়ন ডলাৰৰ। এওঁলোকৰ স্থান বিশ্বত তৃতীয়। আমেৰিকা প্রথম (৫.৭ ত্রিলিয়ন ডলাৰ), চীন দ্বিতীয় (১.৩৪ ত্রিলিয়ন ডলাৰ)। সংবিধানত আমাৰ দেশখনক 'সমাজবাদী গণতান্ত্রিক গণৰাজ্য' বুলি কোৱা হ'লেও বা মিশ্র অর্থনীতিৰ দেশ বুলি পৰিচয় দিলেও আচলতে আমাৰ দেশৰ অৰ্থনীতিৰ নিয়ন্ত্রণ অতি ধনাঢ্যসকলৰ হাতত। ২০২৮ত ভাৰত ৫ ব্রিলিয়ন অর্থনীতিৰে বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হ'ব, ২০৪৭ত বৃহত্তম অর্থনীতি হ'ব তাৰ মানে হ'ল আমাৰ দেশত বিলিয়নেয়াৰৰ সংখ্যা বৃদ্ধি পাই গৈ থাকিব, হয়তো তেতিয়ালৈ ত্রিলিয়নেয়াৰো হ'ব বহুকেইজন ভাৰতীয়। আমি সকলো ভাৰতীয় গর্বিত হ'ম দেশৰ এই অর্থনৈতিক দ্রুত বিকাশত!

Share This