দুৰ্ঘটনা
Dainik Janambhumi
December 26, 2024
দেওবাৰে নিশা গুৱাহাটী মহানগৰীৰ ছুপাৰমাৰ্কেটৰ ফ্লাই অ’ভাৰৰ ওপৰত ৰক্তাক্ত অৱস্থাত পৰি আছিল এহাল যুৱক-যুৱতীৰ দেহ৷ কোনো পথচাৰীয়ে দেখা পাই লগে লগে আৰক্ষীক জনাইছিল৷ যুৱকজনৰ ঠাইতে প্ৰাণবায়ু ওলাই গৈছিল৷ কিছুসময় ছটফটাই আছিল যুৱতীগৰাকী৷ আৰক্ষীয়ে আহি দুয়োজনকে উঠাই জি এম চি এইচলৈ প্ৰেৰণ কৰিছিল৷ কিন্তু চিকিৎসা মহাবিদ্যালয় হস্পিটেলখনত চিকিৎসা লাভৰ পূৰ্বেই যুৱতীগৰাকীৰো মৃত্যু হয়৷
পাছত আৰক্ষীৰ অনুসন্ধানত দুয়োৰে পৰিচয় ওলায়৷ যুৱকজন ৰেপিড’ চালক নলবাৰীৰ ৰি?ত ৰাজবংশী আৰু যুৱতীগৰাকী লামডিঙৰ প্ৰিয়া সোণাৰ৷ অধিবক্তা হোৱাৰ লক্ষ্যৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল প্ৰিয়াই৷ সেইদিনা তেওঁ ৰি?তৰ ৰেপিড’ৰে বাসগৃহলৈ গৈ থকা অৱস্থাতে কোনো সুৰাপায়ী লোকৰ দ্ৰুতবেগী বাহনে দুয়োকে মহতিয়াই লৈ যায়৷ দুৰ্ঘটনাটো সংঘটিত কৰিয়েই বাহনখনে পলায়ন কৰে৷ এই ঘটনাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰো সৃষ্টি হয়৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই লগে লগে নিশাৰ ভাগত সুৰাপায়ীৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে৷ গুৱাহাটীত পূৰ্বৰে পৰা নিশা সুৰাপায়ীৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিয়ম আছে৷
কিন্তু মাজে-সময়ে আৰক্ষীয়ে শিথিলতা অৱলম্বন কৰে৷ আৰু যিদিনাই আৰক্ষী শিথিল হয়, সেইদিনাই এটা নহয় এটা দুৰ্ঘটনা সংঘটিত হয়েই৷ নিশা কৰ্মক্ষেত্ৰৰ পৰা বা অন্য কামত আহ-যাহ কৰা পথাচাৰীৰ বাবে এনে দৃশ্য তেনেই সুলভ৷ কেনেকৈ গাৰ কাষেদিয়েই উৰি যোৱাৰ দৰে পাৰ হৈ যায় তীব্ৰ বেগী বাহনবোৰ! কেনেকৈ নিশা হ’লেই নাৰেংগী, খানাপাৰা, লখৰা আদি পথত আৰম্ভ হয় ট্ৰাক আৰু ডাম্পাৰৰ অতপালি! এনে এক পৰিৱেশতে কিছুদিন পূৰ্বে পুৱতি নিশা খানাপাৰাত হোটেল ভিভাণ্টাৰ সন্মুখৰ ফুটব্ৰীজত সংঘটিত ভয়ংকৰ স্ক’ৰপিঅ’ দুৰ্ঘটনাত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাইছিল দুই উদীয়মান যুৱক-যুৱতীয়ে৷ এই কথা ঠিক যে কেৱল গুৱাহাটী বুলিয়েই নহয়, শীতকাল নমাৰ লগে লগে সমগ্ৰ অসমতে পথ দুৰ্ঘটনা বৃদ্ধি পায়৷ যেন অভিশাপ হৈ পৰে সুৰা, অভিশাপ হৈ পৰে বাহনৰ গতি, অভিশাপ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথ৷ আচৰ্যজনক হ’লেও এই কথা সত্য যে উত্তৰ-পূবৰ ভিতৰতে সবাতোকৈ বিপদসংকুল মহানগৰ হৈছে গুৱাহাটী৷
মহানগৰীৰ ৰাজপথত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ৩০টা ‘ব্লেক স্পট’ আছে৷ ‘ব্লেক স্পট’ হৈছে দুৰ্ঘটনাপ্ৰৱণ স্থান, য’ত সঘনাই দুৰ্ঘটনা সংঘটিত হয়৷ কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্য নগালেণ্ডত ১৭টা, ছিকিমত ১০টা, ত্ৰিপুৰাত জ্ঝটা, মণিপুৰ আৰু অৰুণাচলত প্তটা, মেঘালয় আৰু মিজোৰামত মাত্ৰ এটাহে ‘ব্লেক স্পট’ আছে৷ আনহাতে, কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ পৰিবহণ মন্ত্ৰ্যালয়ে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথক সবাতোকৈ বিপজ্জনক আখ্যা দিছে৷ মন্ত্ৰ্যালয়ৰ তথ্য মতে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মুঠ ৯৫টা স্থানক দুৰ্ঘটনাপ্ৰৱণ অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে৷ সেইদৰে যোৱা পাঁচ বছৰত এই অঞ্চলকেইটাতে প্ৰায় ৪৫০টা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ৩৫০জনতকৈও অধিক লোকৰ মৃত্যু হৈছে৷ কেন্দ্ৰই হওক বা ৰাজ্যই হওক, দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে প্ৰতিবছৰে চৰকাৰীভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে৷
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকাৰিয়ে অলপতে সদৰী কৰা মতে, দেশৰ ‘ব্লেক স্পট’সমূহত দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ অৰ্থে চৰকাৰে ২০১৮-১৯১ পৰা ২০২২-২৩ চনৰ ভিতৰত ১৫,৭০২ কোটি টকা ব্যয় কৰিছে৷ অসম চৰকাৰ আৰু পৰিবহণ বিভাগেও নিজাববীয় কেতবোৰ ব্যৱস্থা লৈ আহিছে৷ এইবাৰো চৰকাৰে আগতীয়াকৈয়ে বিভিন্ন নীতি-নিয়ম ঘোষণা কৰিছে৷ মটৰচাইকেলত আৰোহী আৰু চালক উভয়ে হেলমেট পিন্ধাটো বাধ্যতামূলক কৰা হৈছে৷ হেলমেট নিপিন্ধা লোকক জৰিমনাও বিহা হৈছে৷ সেইদৰে মদ্যপান কৰি গাড়ী চলোৱাসকলৰ বিৰুদ্ধে তালাচী অভিযানো তীব্ৰ কৰা হৈছে৷ তাৰ পাছতো হ্ৰাস হোৱা নাই দুৰ্ঘটনা, ৰক্ষা পৰা নাই মানুহৰ জীৱন৷ তথ্য মতে, ২০২১ চনত অসমত সংঘটিত পথ দুৰ্ঘটনাৰ সংখ্যা জ্জ,৪১১টা৷ এই দুৰ্ঘটনাসমূহত মুঠ ৩,০৩৬জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়৷ ২০২১ বৰ্ষটোত দেশৰ ভিতৰতে সৰ্বাধিক দুৰ্ঘটনা সংঘটিত হয় তামিলনাডুত৷ তামিলনাডুত ৫৫ হাজাৰৰো অধিক দুৰ্ঘটনা সংঘটিত হয় আৰু কেইবাহাজাৰ লোকৰ মৃত্যু হয়৷
মধ্যপ্ৰদেশত ৪৮ হাজাৰটা দুৰ্ঘটনা সংঘটিত হয়৷ সেইদৰে অসমত ২০২২ বৰ্ষৰ অক্টোবৰ মাহলৈকে দুৰ্ঘটনা সংঘটিত হয় ৫৬৭৭টা৷ এই দুৰ্ঘটনাসমূহত মৃত্যু হয় ২৪০৯জন লোকৰ আৰু ৪৫৮৯জন ঘুণীয়া হয়৷ ইয়াৰে আকৌ ৬ শতাংশ দুৰ্ঘটনাই সংঘটিত হৈছে গুৱাহাটী মহানগৰীত৷ অসমত পথ দুৰ্ঘটনাৰ প্ৰধান কাৰণ হিচাপে বিবেচিত হৈছে অত্যধিক গতিবেগ, মদ্যপান, পথৰ দুৰৱস্থা আৰু কুঁৱলীসদৃশ প্ৰাকৃতিক অৱস্থা৷ শীতকালত অসমত কুঁৱলীৰ মাত্ৰা অধিক হয়৷ বিশেষকৈ নৱেম্বৰৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰীৰ মাজভাগলৈ কঁুৱলীৰ বাবে ঠাইবিশেষে দুপৰীয়ালৈকে বাট বিচাৰি নোপোৱা অৱস্থা হয়৷ এই সময়ছোৱাত সেয়ে পথ দুৰ্ঘটনাৰ সংখ্যাও অধিক৷ সবাৰোপৰি ক’ব পাৰি– জনগণৰ সচেতনতাৰ অভাৱ৷ চৰকাৰে পাৰ্যমানে জনগণক সজাগ কৰাৰ প্ৰয়াস কৰিছে৷ সেইদৰে ভয়-ভাবুকিও দিছে, জৰিমনাও বিহিছে৷ তাৰ পাছতো জনগণ সজাগ-সচেতন হোৱা নাই৷ জনগণৰ ‘ডেমকেয়াৰ’ স্বভাৱৰ বাবেই পথ দুৰ্ঘটনাও হ্ৰাস পোৱা নাই৷ জনগণে ভালদৰেই জানে যে মদ্যপান কৰি বাহন চলোৱা উচিত নহয়৷ কিন্তু তাৰ পাছতো মদ্যপান কৰিয়েই সেই কাৰ্য কৰা হৈছে আৰু দৈনিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ সেইদৰে শীতৰ কঁুৱলীজনিত পৰিৱেশত অধিক গতিবেগ উচিত নহয় বুলি জানিও ভুলটো কৰা হৈছে৷ অৰ্থাৎ ৰাজপথত বাহনৰ গতিবেগ হ্ৰাস পোৱা নাই৷ অৱশ্যে কিছু ক্ষেত্ৰত চৰকাৰৰ আৰু কৰণীয় আছে৷ উদাহৰণস্বৰূপে চৰকাৰ তথা পৰিবহণ বিভাগে ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুদূত হিচাপে পৰিগণিত অবাবত ৰখাই থোৱা ট্ৰাকসমূহৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই৷
গুৱাহাটীত নিশা সুৰাপায়ীৰ বিৰুদ্ধে অভিযানৰ সমানে বাহনৰ গতিবেগৰ ওপৰতো কঠোৰ হোৱা উচিত৷ সেইদৰে বাৰ, ৰেস্তোৰাঁ, ৱাইন শ্বপ আদিৰ বিৰুদ্ধেও অভিযান তীব্ৰ হ’ব লাগিব৷ পৰাপক্ষত জ্জ্ব-জ্ঝ বজাৰ ভিতৰতেই এইবোৰ বন্ধ কৰাৰ ব্যৱস্থা ল’ব লাগিব৷ এতিয়া বনভোজৰ বতৰ৷ ৩১ ডিচেম্বৰ, পহিলা জানুৱাৰী আহি আছে৷ আহি আছে মাঘৰ বিহুও৷ উছৱ মানেই যাতে বৰবিহ নহয়, তাৰ বাবে সকলো সচেষ্ট হওক৷
Share This