ডিজিটেল ডেস্ক: অসম বিধানসভাত কৃষি মন্ত্রী অতুল বৰাই প্ৰকাশ কৰা তথ্য মতেই যোৱা ন বছৰত ৰাজ্যখনত মুঠ ৪৪,৯৮০ হেক্টৰ কৃষিভূমি হ্রাস পাইছে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে ২০১৫-১৬ বিত্তীয় বৰ্ষত ৰাজ্যখনত মুঠ কৃষিভূমিৰ পৰিমাণ আছিল ২৮,০১,৪৭২ হেক্টৰ। কিন্তু যোৱা বিত্তীয় বৰ্ষত অর্থাৎ ২০২৩-২৪ বর্ষত এই ভূমিৰ পৰিমাণ ২৭,৫৬,৪৯২ হেক্টৰলৈ হ্রাস পাইছে। অর্থাৎ যোৱা ন বছৰত ৰাজ্যখনত ৪৪,৯৮০ হেক্টৰ কৃষিভূমি হ্রাস পালে। স্বাভাৱিকতেই কৃষিপ্রধান ৰাজ্যৰূপে পৰিচিত অসমৰ দৰে ৰাজ্য এখনৰ বাবে এই বৃহৎ পৰিমাণৰ কৃষিভূমি হ্রাস পোৱাটো এক উদ্বেগজনক বিষয়। একে সময়তে কৃষিভূমি হ্রাস পোৱাৰ কাৰণসমূহ বিশেষভাবে লক্ষণীয়। মন্ত্ৰীগৰাকীয়ে সদনত জনোৱা মতে, ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণ, ঔদ্যোগিকীকৰণ, খহনীয়া, বানপানী আদিৰ বাবেই কৃষিভূমি হ্রাস পাইছে। ইয়াৰে ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণ আৰু ঔদ্যোগিকীকৰণৰ প্ৰসংগটোৱে ৰাজ্যখনত একধৰণৰ বিকাশৰ কথা সূচাইছে। অর্থাৎ অনাগত সময়তো ঔদ্যোগিকীকৰণৰ লগে লগে যে কৃষিভূমি আৰু হ্রাস পাব সেয়া প্রায় অৱধাৰিত। বিশেষকৈ এডভান্টেজ আছামে যদি আশানুৰূপ ফল দি ৰাজ্যৰ ঔদ্যোগিকীকৰণৰ গতি ত্বৰান্বিত কৰে তেনেহ'লে কৃষিভূমি যে আৰু হেৰাৰ সেয়া প্রায় খাটাং।
কৃষিভূমি হ্রাস পোৱা মানেই কৃষিৰ সামগ্রিক উৎপাদন হ্রাস পোৱাৰো সম্ভাৱনা প্রবল। কিন্তু কেৱল অসমৰ ক্ষেত্ৰতে নহয়, সমগ্ৰ বিশ্বতে ক্ষুধা আৰু দৰিদ্ৰতা দুয়োটাৰে বিৰুদ্ধে যুঁজ দিয়াত কৃষিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ইফালে জনসংখ্যা বৃদ্ধি পাই আহিছে দ্রুতগতিত। এনে পৰিপ্ৰেক্ষিতত কৃষিভূমি হ্ৰাসৰ কথাটোৰ পৰা নিস্তাৰ পোৱাৰ উপায় হৈছে কৃষিৰ উৎপাদন বৃদ্ধি। কৃষিভূমি হ্রাস পালেও কৃষিৰ উৎপাদন বৃদ্ধিৰে কেনেকৈ বর্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিব পাৰি সেইটোৱে এতিয়া এক প্রত্যাহ্বান। কিন্তু এই প্রত্যাহ্বান গ্রহণ কৰিবলৈ গৈ ভাৰতত বা অসমৰ দৰে ৰাজ্যত কৃষিত অত্যধিক কীটনাশক প্রয়োগ হৈছে যিটো স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক। ইফালে আমাৰ খাদ্যৰ লগত স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ প্রত্যক্ষ সম্পর্ক আছে। সেয়েহে সুস্বাস্থ্য বজাই ৰাখিবলৈ দৈনিক সঠিক পৰিমাণৰ পুষ্টিকৰ উপাদান থকা খাদ্য গ্রহণ কৰাটো প্রয়োজনীয়। সাধাৰণতে স্বাস্থ্যসন্মত আৰু সুষম খাদ্যৰ বাবে প্রতিদিনে ফল-মূল আৰু শাক-পাচলি খোৱাটো অতি দৰকাৰী। ভাৰতীয় চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ তথ্য অনুসৰিয়েই এজন প্রাপ্তবয়স্কই প্রতিদিনে কমেও ৪০০ গ্রাম শাক-পাচলি আৰু ১২০ গ্রাম ফল-মূল খালে ডায়েবেটিছ, মেদবহুলতা, ষ্ট্ৰ'ক, হৃদৰোগৰ দৰে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ মুখামুখি হোৱা শংকা যথেষ্ট হ্রাস পায়। কিন্তু কথা হ'ল এইবোৰ খাবলৈ পাব ক'ত? পালেও নিশ্চিত মনে, নিৰাপদে খোৱাৰ সম্ভাৱনা আছেনে? পাব পাৰিনে কীটনাশক নিদিয়া স্বাস্থ্যসন্মত শাক-পাচলি, ফল-মূল, কৃষিজাত সামগ্রী? কৃষিভূমি হ্রাস, জনসংখ্যা বৃদ্ধি, খাদ্য শস্যৰ চাহিদা বৃদ্ধি, কীটনাশক ব্যৱহাৰৰ এক ভয়ংকৰ চক্রত আমি সকলো সোমাই পৰা নাই জানো ?
এই সমস্যা এতিয়া কেৱল অসমৰ অকলশৰীয়া সমস্যা নহয়, সমগ্র বিশ্ব সোমাই পৰিছে এই সমস্যাত। ঔদ্যোগিক বিকাশ আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱ যিহেতু কৃষিখণ্ডৰ ওপৰত বাৰুকৈয়ে পৰিছে সেয়েহে এনেবোৰ সমস্যা সমাধানৰ বাবে বিশ্বজুৰি চিন্তা-চৰ্চা চলিছে। ইফালে কৃষিৰ মূলকেন্দ্ৰ প্রধানতঃ গ্রামাঞ্চল যদিও বিশ্বজুৰি চহৰত বাস কৰা লোকৰ সংখ্যাহে বৃদ্ধি হৈছে। অর্থাৎ মানুহ চহৰমুখী হৈছে। গাঁও এৰি নগৰত বাস কৰাৰ আগ্রহকো অস্বীকাৰ কৰিব নোৱাৰি।ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ প্ৰতিবেদন অনুসৰি ২০৫০ চনৰ ভিতৰত নগৰত বাস কৰা লোকৰ সংখ্যা বৰ্তমানৰ সংখ্যাতকৈ প্ৰায় দুগুণ হ'ব। ভাৰতৰ জনসংখ্যাৰো প্রায় ৪০ শতাংশই চহৰ অঞ্চলত বাস কৰিব। এনে পৰিপ্ৰেক্ষিতত বর্ধিত জনসংখ্যা আৰু তেওঁলোকৰ খাদ্য চাহিদাৰ বাবে কেৱল গ্রামাঞ্চলৰ কৃষিৰ ওপৰত নিৰ্ভৰ কৰিলেই নহ'ব। এই প্রেক্ষাপটত নগৰীয়া কৃষিৰ ধাৰণাটোৱে বিশেষ প্ৰাসংগিকতা লাভ কৰিছে। এই কৃষি পদ্ধতি প্রয়োগ কৰি বিভিন্ন উন্নত দেশে অতি কম কৃষিভূমি লৈয়ো খাদ্য শস্যৰ ক্ষেত্ৰত নিজৰ চাহিদা আশানুৰূপধৰণে পূৰণ কৰিছে। ছাদৰ বাগিচা, 'ভার্টিকেল ফার্মিং', হাইড্ৰ'পনিক্স আদি নগৰীয়া কৃষিৰ বিভিন্ন প্ৰকাৰ আৰু সেইবোৰে এতিয়া বিশ্বৰ বিভিন্ন প্রান্তত জনপ্রিয়তা লাভ কৰিছে। এইবোৰ পদ্ধতিৰ মূল বৈশিষ্ট্য হ'ল, কম ঠাইতে অধিক উৎপাদন। ভাৰতীয় কৃষি গবেষণা প্রতিষ্ঠানেও এই নগৰীয়া কৃষিক দ্রুত নগৰীকৰণৰ ত্ৰাণকৰ্তাৰূপে অভিহিত কৰিছে। চৰকাৰেও বিশেষকৈ অসম চৰকাৰে এই দিশবোৰ আৰু সম্ভাৱনীয়তাসমূহলৈ চকু দি কৃষিক্ষেত্রত নতুন চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন। প্রয়োজন আগ্রহীসকলক উদগনি দিয়া। নাগৰিকসকলেও কেৱল কৃষকে উৎপাদন কৰা কৃষিৰ ওপৰতে নিৰ্ভৰ নকৰি আধুনিক প্রযুক্তিৰে ঘৰৰ কম ঠাইতে নিজৰ প্ৰয়োজনীয় খাদ্য উৎপাদন কৰি ল'ব পাৰি নেকি তাৰ বাবে যত্নপৰ হোৱা প্ৰয়োজন। এই প্রয়োজন খাদ্যৰ বৰ্ধিত চাহিদাৰ সৈতে মোকাবিলা কৰাৰ বাবে যিদৰে প্ৰয়োজন সেইদৰে কীটনাশক বিহীন স্বাস্থ্য উপযোগী শাক-পাচলিৰ বাবেও প্ৰয়োজন।