আৰু এটা ছুনামি

dainik janambhumi May 13, 2025

ডিজিটেল ডেস্ক : ২ আৰু ৭ মে'ত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা এই লেখা যুগুত কৰা পৰলৈকে সম্পূর্ণ হোৱা নাই, ফলাফল ওলায়েই আছে। কিন্তু সোমবাৰে সন্ধিয়ালৈকে যিখিনি ফলাফল আনুষ্ঠানিকভাৱে প্রকাশ হৈছে, তাতেই ওলাই পৰিছে ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি মিত্রজোঁটৰ বিশাল বিজয়ৰ ৰূপটো। এক অর্থত বিজেপি মিত্রজোঁটে নির্বাচনটোত ছুনামিৰ সৃষ্টি কৰিলে, যাৰ ঢৌত প্রতিপক্ষসমূহৰ উটি যোৱা অৱস্থাই প্রকট হৈ পৰিছে। দেওবাৰে আৰম্ভ হোৱা ভোটগণনাৰ সেইদিনা সন্ধিয়ালৈ ওলোৱা ফলাফল আৰু অগ্রগতিৰ ছবিখন দেখাৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় কর্মীসকলৰ আগত দিয়া ভাষণত কৈয়ে দিছিল যে পঞ্চায়ত নির্বাচনটোত এইবাৰ বিজেপিয়ে ইতিহাস সৃষ্টি কৰাৰ সম্ভাৱনা আছে। হয়ো, বিজেপিয়ে নিজৰ বিজয়ৰ ধাৰাটোত এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ'ল। এই লেখা যুগুত কৰা সময়লৈকে বিজেপি মিত্রজোঁটে লাভ কৰা জিলা পৰিষদৰ সংখ্যা হৈছে ২৩৭টা, অগপৰ ২৩টা, আঞ্চলিক পঞ্চায়ত বিজেপিয়ে দখল কৰিছে ১১৯৮খন, অগপই ১৩৬খন। 

ইয়াৰ বিপৰীতে কংগ্ৰেছ, ৰাইজৰ দল আৰু এ আই ইউ ডি ডি এফে পোৱা জিলা পৰিষদৰ সংখ্যা হ'ল ৩৪খন। এই তিনিটা বিৰোধী দলে আঞ্চলিক পঞ্চায়ত জিকিছে ২৩৭খন। এই পৰিসংখ্যায়েই উদঙাই দিয়ে শাসক আৰু বিৰোধীৰ শক্তি তথা সাফল্যৰ বিশাল ব্যৱধান। পঞ্চায়ত নির্বাচন হৈছে ৰাজ্যৰ গ্ৰাম্য জনতাৰ ধ্যান-ধাৰণাৰ প্ৰতিফলনৰ মঞ্চ। ইয়াত প্রকট হৈ উঠে গ্রাম্য জনতাৰ সন্তুষ্টি-অসন্তুষ্টিৰ ছবিখন। সেয়েহে নির্বাচনটোত বিজেপি মিত্রজোঁটে লাভ কৰা বিশাল বিজয়ে এটা কথাই স্পষ্ট কৰি দিলে যে বিৰোধী ৰাজনৈতিক নেতাসকলে দাবী কৰি অহাৰ দৰে ৰাজ্যত এতিয়াও প্রতিষ্ঠান-বিৰোধী মানসিকতা তেনেদৰে গা কৰি উঠা নাই। অৱশ্যে বিজয়-পৰাজয়ৰ ব্যৱধানবিলাক সম্পূর্ণকৈ প্রকাশ পালেহে এইক্ষেত্রত এটা স্পষ্ট ধাৰণা ল'ব পৰা যাব। কিন্তু ৰাজ্যৰ জনসাধাৰণে বিৰোধী দলসমূহক যে বিশ্বাসত লোৱা নাই সেই কথাটো নির্বাচনটোত আপাততঃ স্পষ্ট হৈ পৰিল। শাসকীয় মিত্রজোঁটে ইমান বিশাল ব্যৱধানত আকৌ এবাৰ বিজয় সাব্যস্ত কৰিবলৈ কিয় সক্ষম হ'ল তাৰ কাৰণ বিচাৰিবলৈ গ'লে এটা কথা স্পষ্ট হৈ পৰে যে চৰকাৰখনে হিতাধিকাৰীকেন্দ্ৰিক যি নীতিৰে চৰকাৰখন আগবঢ়াই নিছে সেই নীতিক গ্রাম্য জনতাই সমর্থন জনাইছে। চৰকাৰী আঁচনিবিলাকে যিবোৰ উপহাৰ জনসাধাৰণক দিছে স্বৰাজোত্তৰ সময়ত ইমান উপহাৰ কেতিয়াও ৰাজ্যবাসীয়ে পোৱাৰ নজিৰ নাই। 

২৭ লাখ ৭৭ হাজাৰ মহিলাই 'অৰুণোদয়' আঁচনিৰ জৰিয়তে মাহে মাহে নগদ ধন লাভ কৰি আছে। ৩০ লাখ মহিলাৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হৈছে। ১৯ লাখ পৰিয়ালক দিয়া হৈছে 'প্রধানমন্ত্রী আৱাস যোজনা'ৰ ঘৰ, ৩ লাখ ছাত্রীক দিয়া হৈছে স্কুটি, ২৭ হাজাৰ ছাত্ৰ-ছাত্ৰীক দিয়া হৈছে আনন্দৰাম বৰুৱা বঁটা, ১ লাখ ছাত্রীক মাচুল ৰেহাই, এক লাখ যুৱকক 'উদ্যমিতা আঁচনি'ৰ ২ লাখকৈ টকা। ৰাজ্যৰ চাৰে তিনি কোটি জনসংখ্যাৰ ২.৫০ কোটিয়ে পায় ৰেছনৰ চাউলৰ লগতে অন্যান্য সামগ্রী, আয়ুষ্মানৰ সুবিধা আছেই। তদুপৰি 'লাখপতি বাইদেউ' সৃষ্টিৰ লক্ষ্যৰে আত্মসহায়ক গোট কেইবা লাখ মহিলাক প্রথম পৰ্যায়ৰ দহ হাজাৰ টকাকৈ আদায়, বিহু সমিতি, পূজা সমিতি, ৰাস সমিতিসমূহক দিয়া সাহায্যবোৰ আছেই। বৰ্তমানৰ ৰাজ্য চৰকাৰখনে সৰ্বকালৰ অভিলেখ ভংগ কৰি হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ আন্তঃগাঁথনিমূলক কাম কৰিছে আৰু ৰাজ্যৰ এক তৃতীয়াংশ লোকক হিতাধিকাৰী আঁচনিতে সুমুৱাই চৰকাৰী ধন, সা-সুবিধা প্রদান কৰিছে। এই দুয়োটা কাৰ্যৰ ব্যাপক সমালোচনা হৈছে যদিও জনসাধাৰণে যে ইয়াক বেয়া পোৱা নাই সেই কথা নির্বাচনষ ফলাফলতে ওলাই পৰিছে। ফলত চৰকাৰখনৰ এই নীতি তথা কাম-কাজেই শাসকীয় মিত্রজোঁটৰ ধাৰাবাহিক সাফল্যৰ সবল ভেটি হৈ পৰিছে। এতিয়া হয়তো জনসাধাৰণৰ সেই অংশটোৰ মাজত এনেকুৱা এক মনস্তত্ব গঢ় লৈ উঠিছে যে এই সা-সুবিধাবোৰ পাই থাকিবলৈকে বিজেপিক ভোট দিয়াৰ বিকল্প নাই। কেৱল বিজেপি মিত্ৰজোঁটৰ সাফল্যৰ একমাত্ৰ কাৰণ বুলি কৈ দিব নোৱাৰি। বিজেপি এনে এটা দল যি লোক সভাৰ নির্বাচনেই হওক বা পঞ্চায়ত, পৌৰসভাৰ নির্বাচনেই হওক একেই 'স্পিৰিটে'ৰে যুঁজে। দেশৰ ৰাজনৈতিক ইতিহাসত এনে দৃষ্টান্ত আন কোনো প্রধান দলৰ নাই। 

এইবাৰৰ পঞ্চায়ত নিৰ্বাচনতো ৬৬ লাখ বিজেপিৰ কৰ্মীয়ে সেই একেই 'স্পিৰিট'ত যুঁজত নামিছিল, মুখ্যমন্ত্ৰীৰ পৰা বুথ পৰ্যায়ৰ নেতালৈকে সকলোৰে আছিল একেই আগ্রাসী মানসিকতা। এনেকৈ মাউখে উঠা ৰণ-কৌশলৰ বাবে বহু নেতিবাচক দিশো ইতিবাচকলৈ ৰূপান্তৰ হৈ পৰে। ফলত অনিবার্য হৈ পৰে বিজয়। ইয়াৰ বিপৰীতে বিৰোধী দলবোৰৰ অৱস্থা দেখিলে সমর্থকসকলৰো পুতৌ জন্মে। ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নিজৰে অৱস্থা কেনেকুৱা সেয়া জনসাধাৰণে বুজিবলৈ বাকী নাই। বাকী কথা বাদেই, পঞ্চায়ত নির্বাচন চলি থকাৰ সময়তো দলৰ একাংশ বিধায়কে প্রদেশ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে দিল্লীত হাইকমাণ্ডক অভিযোগ দাখিল কৰিছিল। বিৰোধী ঐক্যৰ নামত যিখন নাটক চলি আছে সিও অতি হাস্যকৰ। এনেকৈ বিজেপি মিত্ৰজোঁটৰ ছুনামি প্ৰতিৰোধ কেনেকৈ সম্ভৱ?

Share This