ডিজিটেল ডেস্ক : মাগধী প্ৰাকৃতৰ পৰা বিকশিত হোৱা বুলি কোৱা অসমীয়া ভাষাই ব্রিটিছ শাসনৰ সময়ত অর্থাৎ ১৮৭২ চনতে চৰকাৰী ভাষা হিচাপে স্বীকৃতি পাইছিল। ১৮২৬ চনৰ পৰা অসম যিহেতু ব্ৰিটিছ শাসনৰ অধীনত আছিল, সেয়ে ব্রিটিছ প্রশাসনে ১৮৩৬ চনত অসমৰ চৰকাৰী ভাষা হিচাপে বাংলা ভাষাক স্বীকৃতি দিছিল। কিন্তু ইয়াৰ ৩৬ বছৰৰ পাছত ১৮৭২ চনত অসমীয়া ভাষাই গৰিমা, মাধুৰ্য আৰু সংহতি দেখুৱাই নিজা স্বীকৃতি আঁজুৰি আনিবলৈ সক্ষম হয়। ব্রিটিছ প্রশাসনে অসমীয়াক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ ৭৫ বছৰৰ পাছত ১৯৪৭ চনত অসম তথা ভাৰতবৰ্ষই ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভ কৰে। সেই তেতিয়াৰে পৰাই অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষাৰ মৰ্যাদা প্রদান আৰু চৰকাৰী কাম-কাজত ইয়াৰ ব্যৱহাৰৰ দাবী উত্থাপন হৈ আহিছিল। ১৯৫০ চনত অসম সাহিত্য সভাই অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ তথা স্বীকৃতিৰ দাবীৰে প্রস্তাৱ গ্ৰহণ কৰিছিল। ১৯৫৬ চনত ৰাজ্য পুনর্গঠন আইন সংসদত গৃহীত হোৱাৰ সময়তো বিশেষভাৱে গুৰুত্ব লাভ কৰিছিল ভাষাকেন্দ্রিক বিষয়টোৱে। আনকি ১৯৫৯ চনৰ ২২ এপ্ৰিলত অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে কাছাৰ আৰু পাহাৰীয়া জিলাকেইখন প্রস্তুত নোহোৱা পর্যন্ত তেওঁলোকক আঁতৰাই ৰাখি অসমৰ বাকী অঞ্চলসমূহত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি আৰু প্ৰয়োগৰ প্রস্তাৱ লৈছিল। সেই বছৰতে ৯ ছেপ্টেম্বৰৰ দিনটোত অসম সাহিত্য সভাই ৰাজ্যভাষা দিৱসো পালন কৰে।
১৯৬০ চনৰ বিধানসভাৰ বাজেট অধিৱেশনত বিভিন্ন ৰাজনৈতিক দলৰ বহুকেইজন বিধায়কে বিষয়টো উত্থাপন কৰে আৰু গৰিষ্ঠ সংখ্যকেই সমর্থন দিয়ে। অৱশ্যে, পাহাৰীয়া দলৰ নেতাসকলে আৰু জনজাতীয় সংগঠনবোৰে এই দাবীৰ বিৰোধ কৰে। বঙালীসকলেও বাংলা ভাষাক সহযোগী ৰাজ্যিক ভাষা হিচাপে স্বীকৃতিৰ দাবী জনায়। এনে পৰিপ্ৰেক্ষিততে অসমৰ ঠায়ে ঠায়ে অসমীয়া-বঙালীৰ মাজত গোষ্ঠী-সংঘৰ্ষৰ সূত্রপাত হয়। এই সংঘাতৰ জুই চাৰিওফালে বিয়পি পৰাৰ সময়তে বিমলা প্রসাদ চলিহা নেতৃত্বাধীন অসম চৰকাৰে ১৯৬০ চনৰ ১০ অক্টোবৰত বিধানসভাত অসম চৰকাৰী ভাষা বিধেয়ক, ১৯৬০ দাখিল কৰে। সেই বছৰৰে ২৪ অক্টোবৰত এই বিধেয়কখন গৃহীত হৈ আইনত পৰিণত হয়। অসমৰ জনগণে লাভ কৰে 'অসম চৰকাৰী ভাষা আইন, ১৯৬০' (The Assam Official Language Act, 1960)। আইনখনত প্রস্তাৱনাকে ধৰি মুঠ ৮টা দফা সন্নিৱিষ্ট হয় আৰু ৩য় দফাযোগে অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হয়। অৱশ্যে, আইনখনৰ এই পৰ্যন্ত চাৰিবাৰ সংশোধনীও হয়। ১৯৬৪, ১৯৮৫, ২০২০ আৰু ২০২৪ চনত হোৱা এই সংশোধনীৰ প্ৰধান কাৰণ আছিল- জনগোষ্ঠীয় সংঘাত মৰিষণ। শেহতীয়া সংশোধনীত বড়ো অধ্যুষিত অঞ্চলত বড়ো ভাষাক, বঙালী অধ্যুষিত অঞ্চলত বাংলা ভাষাক, আনকি মণিপুৰী ভাষাকো সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতিৰ ব্যৱস্থা লোৱা হয়। কিন্তু প্রশ্ন হয়- ইমানখিনি ব্যৱস্থাৰ পাছতো অসমৰ চৰকাৰী কাম-কাজত আজিলৈকে অসমীয়া ভাষাৰ ব্যৱহাৰ পূৰ্ণাংগ ৰূপত হৈ নুঠিল কিয়? ব্রিটিছে দি যোৱা ইংৰাজী ভাষাটো আঁতৰাই অসমীয়া ব্যৱহাৰৰ পৰিকাঠামোৱেই ব্ৰিটিছৰ স্বীকৃতিৰ ১০০ বছৰ আৰু স্বাধীনতাৰ ৭৭ বছৰৰ পাছতো গঢ় লৈ নুঠাৰ কাৰণ কি? ইয়াৰ প্ৰকৃত উত্তৰ বিচাৰি খান্দিবলৈ গ'লে হয়তো কেঁচুৱেই নহয়, সাপো ওলাব। কিন্তু এই সকলোবোৰৰ ঊর্ধ্বত গৈও ক'ব পাৰি- প্রশাসনিক সংস্কাৰ সাধনৰ অভাৱতে এনে কাৰ্য হৈ উঠা নাই। ভাৰতীয় সংবিধানৰ ৩৪৬ আৰু ৩৪৭ অনুচ্ছেদত চৰকাৰী কাম-কাজত অসমীয়া ভাষা ব্যৱহাৰৰ ব্যৱস্থা উল্লেখ কৰা হৈছে।
কেৱল সেয়াই নহয়, নিজা পচন্দৰ ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত স্বায়ত্তশাসিত অঞ্চল আৰু জিলাসমূহলৈও বিশেষ সুৰক্ষাৰ নিৰ্দেশনা সন্নিৱিষ্ট কৰা হৈছে। সেইদৰে অসম চৰকাৰী ভাষা আইন, ১৯৬০তো চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰাৰ নিৰ্দেশনা দিয়া হৈছে। এতিয়া মাত্র প্রয়োজন প্রশাসনিক সদিচ্ছা আৰু সংস্কাৰৰ। দুর্ভাগ্যৰ কথাটো হ'ল- আজিলৈকে সেইখিনিয়ে হৈ উঠা নাই। বৰ্তমানৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেইমাহমান পূর্বে অসম কেবিনেটৰ সিদ্ধান্তৰ কথা ব্যক্ত কৰি ঘোষণা কৰিছিল যে যোৱা পহিলা বহাগৰ পৰা অসমৰ সকলো চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ অসমীয়া ভাষাত পৰিচালিত হ'ব। ঘোষণাটো শুনা সকলো অসম আৰু অসমীয়া মাত্রেই আনন্দিত হৈছিল। কিন্তু অসমীয়া ৰাইজে যোৱা তিনি মাহত কেইখন চৰকাৰী জাননী অসমীয়া ভাষাত জাৰি কৰা হ'ল ভালকৈয়ে দেখিলে। আন নালাগে, শিক্ষা বিভাগ আৰু বিশ্ববিদ্যালয়কেইখনৰ জাননীসমূহেই ইংৰাজী ভাষাত ওলমি থাকিল। অপ্রিয় সত্যটো হ'ল- অসমৰ বহু চৰকাৰী বিভাগত অসমীয়া ভাষা ব্যৱহাৰৰ প্ৰাথমিক ব্যৱস্থাসমূহেই হৈ উঠা নাই। কম্পিউটাৰত অসমীয়া লিখিব পৰাৰ ব্যৱস্থা তথা সা-সঁজুলি নাই, অসমীয়া টাইপিং কৰিব পৰা ব্যক্তিক নিয়োগ কৰা হোৱা নাই, কার্যালয়সমূহত অসমীয়া বাতৰিকাকত নাই, অসমীয়া কেলেণ্ডাৰ এখনো পাবলৈ নাই। সেইদৰে বিভাগসমূহত ইংৰাজীৰ প্ৰশাসনীয় শব্দসমূহৰ অসমীয়া প্রতিশব্দৰ সংকলন ব্যৱস্থাও সুলভ নহয়। চৰকাৰী ভাষা বিজ্ঞান বিভাগৰ পৰা প্ৰশাসনীয় শব্দৰ এখন পুস্তিকা প্ৰস্তুত কৰা হৈছে যদিও সকলো চৰকাৰী কাৰ্যালয়ত সেয়া এতিয়াও উপলব্ধ হোৱা নাই। এনেক্ষেত্ৰত চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰত বিভাগীয়ভাৱে তথা চৰকাৰীভাৱে কিমান সদিচ্ছা দেখুওৱা হৈছে, সেয়া সহজেই অনুমেয়। যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে নতুন দিল্লীৰ এখন সভাত কয় যে এটা দিন আহিব ভাৰতৰ সকলো লোকেই ভাৰতীয় ভাষা ব্যৱহাৰ কৰিব আৰু ভাৰতীয় লোকে ইংৰাজী ভাষা ক'বলৈ লাজ পোৱা হ'ব। তেওঁ আনকি এইদৰেও কয়- 'বিদেশী ভাষাৰ দ্বাৰা ভাৰতৰ আত্মাক বুজিব নোৱাৰি। যিসকলে ভাৰতীয় ভাষা ক'বলৈ ইতস্ততঃ কৰে, তেওঁলোক সম্পূর্ণ ভাৰতীয় নহয়।' আজিৰ চৰকাৰী ব্যৱস্থাৱলীৰ মাজত অমিত শ্বাহৰ এই বক্তব্য কেতিয়ালৈ কাৰ্যকৰীভাৱে সত্য হ'ব সেয়া অনুমানৰ বাহিৰত। আন কথাত যেতিয়ালৈ ভাৰতৰ সকলো ৰাজ্যত প্ৰশাসনীয়ভাৱে সকলো ভাৰতীয় ভাষাৰ ব্যৱহাৰ পূৰ্ণাংগ ৰূপত সম্ভৱ হৈ নুঠিব তেতিয়ালৈ ই কেৱল মৌখিক বক্তব্য হৈয়ে ৰ'ব। অৰ্থাৎ, চৰকাৰী কাম-কাজত ইংৰাজীৰ ব্যৱহাৰ হৈ থকালৈকে আমাৰ ছাত্ৰ-ছাত্ৰীও ইংৰাজীৰ প্ৰতি ধাৱমান হৈয়ে থাকিব।