বাংলাদেশী

dainik janambhumi May 29, 2025

কেন্দ্ৰৰ নিৰ্দেশত যোৱা কেইদিনত হঠাৎ অসমত আৰম্ভ হৈছে বাংলাদেশী চিনাক্তকৰণ অভিযান। ইতিমধ্যে ৰাজ্যৰ জিলাই জিলাই জাকে জাকে বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। নথি-পত্ৰ পৰীক্ষাৰ পাছত গাড়ীয়ে গাড়ীয়ে তেনে লোকক লৈ যোৱা হৈছে ডিটেনশ্যন কেম্পলৈ। অৱশ্যে ইয়াৰে সৰহভাগ লোককে ন্যায়াধিকৰণে কেতিয়াবাই বিদেশী বুলি চিনাক্তকৰণ কৰিছিল। কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল অথবা তেওঁলোকৰ অধিকাংশই আত্মগোপন কৰি আছিল। এতিয়া অসম আৰক্ষীয়ে বিচাৰি বিচাৰি লুকাই থকা অৱস্থাৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পাছতে পুনৰ 'বাংলাদেশী সমস্যা'ৰ প্ৰসংগই ৰাজ্যত মূৰ দাঙি উঠিছে।

এই কথা ঠিক যে অসম বুলিয়েই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ পৰাই বাংলাদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ দাবী এতিয়াৰ নহয়। অসমৰ জাতীয়তাবাদী দল-সংগঠনে তাহানিৰে পৰা এই দাবীত পৰিস্থিতি উত্তপ্ত কৰি আহিছে। এই বিদেশী বহিষ্কৰণৰ পটভূমিতে ঐতিহাসিক ছবছৰীয়া অসম আন্দোলনো হৈ গৈছে। স্বাক্ষৰিত হৈছে অসম চুক্তি। ইয়াৰ ভিত্তিতে আকৌ হাজাৰ হাজাৰ কোটি টকা ব্যয়েৰে এন আৰ চি প্ৰস্তুতকৰণৰ কামো সম্পন্ন হৈছে। কিন্তু পৰিতাপৰ কথাটো হ'ল- আঠ শতাধিক শ্বহীদৰ আত্মত্যাগৰ বিনিময়তো যি কার্য আজিলৈকে সংঘটিত নহ'ল, সেই কার্য কেন্দ্ৰৰ এটা মাত্র নির্দেশতে এতিয়া আৰম্ভ হোৱাক লৈ ৰাজ্যত ক্রিয়া-প্রতিক্রিয়াও দেখা গৈছে। বহুতৰ প্ৰশ্ন- অসম চুক্তি সম্পন্ন হোৱাৰ ৪০ বছৰ হৈ গ'ল, অথচ অসমৰ পৰা বিদেশী চিনাক্তকৰণৰ আজিৰ দৰে পৰিৱেশ কিয় দেখা নগ'ল? প্রধানমন্ত্রী মোদীয়ে প্রথমবাৰ গুৱাহাটীত ভাষণ দি অবৈধ বিদেশী বহিষ্কাৰৰ বৃহৎ হুংকাৰ দি গৈছিল। কিন্তু তাৰ পাছত কিমানজন বিদেশীক বহিষ্কাৰ কৰা হ'ল? এনেবোৰ প্ৰশ্নৰ সঠিক উত্তৰ কাৰোৰে হাতত নাই। তথাপি এই কথা ক'ব পাৰি যে জোৰদাৰভাৱে নহ'লেও অসমত বিদেশী চিনাক্তকৰণ প্রক্রিয়া এটা বেচ কিছু বছৰৰে পৰাই চলি আহিছে। বিশেষকৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশত গঠন হোৱা বিদেশী ন্যায়াধিকৰণসমূহৰ দ্বাৰা সময়ে সময়ে অবৈধ বিদেশীক চিনাক্ত কৰা হৈ আছে। কিন্তু বহিষ্কৰণৰ কথাটোহে অন্ধকাৰত ৰৈ গৈছে। যোৱা বছৰ অসম বিধানসভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ক'ত কিমান বিদেশী চিনাক্ত কৰা হৈছে সেই তথ্য দাঙি ধৰিছিল। সেই অনুসৰি ১৯৭১ চনৰ পৰা ২০১৪ চনলৈকে বিদেশী ন্যায়াধিকৰণে ৪৭,৯২৮ গৰাকী ব্যক্তিক বিদেশী বুলি ঘোষণা কৰিছে। ইয়াৰ ভিতৰত বৰাকৰ কাছাৰ জিলাতে আটাইতকৈ বেছি বিদেশী আছে। যোৱা ৪৩ বছৰত কাছাৰত ন্যায়াধিকৰণে চালি-জাৰি চাই মুঠ ১০,১৫২গৰাকী লোকক বিদেশী ঘোষণা কৰে। এই বিদেশী লোকসমূহৰ ৮,১৩৯গৰাকী হিন্দু আৰু ২,০১৩গৰাকী মুছলমান। কাছাৰৰ পাছতে দ্বিতীয়ত আছে কামৰূপ মহানগৰ জিলা। জিলাখনত চিনাক্ত হোৱা মুঠ ৬,৭৮১ গৰাকী বিদেশীৰ ২,৮৮৪ গৰাকী হিন্দু, ৩,৮৯৭ গৰাকী মুছলমান। আনহাতে লখিমপুৰত ৩২৮৪, ডিব্ৰুগড়ত ৩৮৬৭, বৰপেটাত ৯৫৫, গোৱালপাৰাত ১৪৬২, হোজাইত ৩০৭১, যোৰহাটত ৪২৮৯, মৰিগাঁৱত ১৯৮৩, নগাঁৱত ৩০২৮, ধুবুৰীত ৩৬ গৰাকী বিদেশীক ন্যায়াধিকৰণৰ দ্বাৰা চিনাক্ত কৰা হৈছে। মুখ্যমন্ত্রী ড° শর্মাই ব্যক্ত কৰা অনুসৰি ২০২৩ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা মুঠ ৩,৩৭,১৮৬টা গোচৰ মীমাংসা কৰা হৈছে আৰু এতিয়াও ৯৬,১৪৯টা মীমাংসা হ'বলৈ বাকী আছে। এতিয়া কথা হ'ল মুখ্যমন্ত্রীয়ে দাঙি ধৰা তথা বিদেশী ন্যায়াধিকৰণে যোৱা ৪৩ বছৰত চিনাক্ত কৰা এই ৪৭,৯২৮গৰাকী বিদেশীৰ কিমানজনক বহিষ্কাৰ কৰা হ'ল? উত্তৰ কাৰোবাৰ হাতত থাকিলেও নাথাকিলেও ছেগা-চোৰোকাকৈ দুই-এদল বাংলাদেশী লোকক বাংলাদেশলৈ প্রত্যর্পণ কৰাৰ খবৰ মাজে-সময়ে প্রকাশ পাই আছে। কিন্তু এতিয়া সেয়াও বন্ধ হোৱাৰ উপক্রম।

কিয়নো এতিয়া অসম তথা ভাৰতত চিনাক্ত হোৱা বাংলাদেশীক ঘূৰাই ল'বলৈ অস্বীকাৰ কৰিছে বাংলাদেশে। এনে এক পৰিপ্ৰেক্ষিততে মঙলবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়, য'ত বি এছ এফৰ জোৱানে গুলীচালনা কৰিবলগীয়া হয়। বাংলাদেশে তেওঁলোকৰ অবৈধ নাগৰিকক ঘূৰাই ল'বলৈ অস্বীকাৰ কৰাৰ আঁৰত আছে অনেক কাৰণ। বাংলাদেশ ভূমি-অর্থনীতি, কর্মহীনতা আদি অলেখ সমস্যাৰে ভাৰাক্ৰান্ত, যাৰ বাবে বাংলাদেশত নাখাই মৰাতকৈ ভাৰতত কষ্ট কৰি খোৱাৰ মানসেৰে বহু লোক অসৎ উপায় অৱলম্বন কৰি হ'লেও প্রব্রজিত হৈছে। এইক্ষেত্ৰত পূৰ্বৰ চৰকাৰসমূহৰ ভূমিকাও আছিল বাংলাদেশীৰ বাবে উৎসাহজনক। চৰকাৰসমূহে ভোটবেংকৰ স্বাৰ্থতে বিষয়টোত তেনেই নৰম দৃষ্টি দিছিল। আনকি আগৰ চৰকাৰসমূহে বাংলাদেশী নাগৰিকক ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত হোৱাৰ পৰা চৰকাৰী সা-সুবিধালৈকে সকলোখিনিত সহায় কৰা বুলিও অভিযোগ আছে। এনেবোৰ কাৰণতেই চাগৈ বাংলাদেশী চিনাক্ত হোৱাৰ তথ্য মাজে-সময়ে প্রকাশ পালেও বিষয়টো চুপে-চাপেই ঢাকি ৰখা হৈছিল। তথ্য মতে, ১৯৭৮ চনৰ অসমৰ ভোটাৰ তালিকাত প্রায় ৪৫ হাজাৰ অবৈধ নাগৰিক অন্তর্ভুক্ত হোৱা বুলি প্রকাশ পাইছিল। সেইদৰে ২০০১ চনৰ লোকপিয়লতো ৩,০৮৪,৮২৬গৰাকী বাংলাদেশী ভাৰতত থকা বুলি প্রকাশ পাইছিল। ইয়াৰ ভিতৰত অসমতেই প্রায় দুই নিযুত বাংলাদেশী কৰ্মৰত হৈ থকাৰ কথা কোৱা হৈছিল। চেণ্টাৰ ফৰ অ'মেন এণ্ড চিলড্রেন ষ্টাডিজ নামৰ সংস্থাটোৰ এক প্রতিবেদন মতেও ১৯৯৮ চনতে ভাৰতত ২৭ হাজাৰ বাংলাদেশী মহিলাই কেৱল গণিকা বৃত্তিত জড়িত হৈ পৰিছিল। ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটৰ এগৰাকী কৰ্মকর্তা সমীৰ গুহৰয়ে প্রকাশ কৰিছিল যে ১৯৮১ চনৰ পৰা ১৯৯১ চনলৈ প্ৰতি বছৰে ভাৰতত ৯১০০০ অবৈধ বাংলাদেশী নাগৰিকে প্ৰৱেশ কৰিছিল। তেওঁৰ মতে বাংলাদেশৰ পৰা ভাৰতলৈ যাতায়াত কৰাটো বিশ্বৰ ভিতৰতে আটাইতকৈ কম খৰচী। আনকি ভিছা লৈ অহা বহু বাংলাদেশীয়ে ভিছাৰ ম্যাদ শেষ হোৱাৰ পাছতো উভতি যোৱা নাছিল। অর্থাৎ ভাৰত তথা অসমভূমিত সিহঁত বিলীন হৈ পৰিছিল। এতিয়া সমস্যাটো ইমানেই গম্ভীৰ হ'ল যে সততে ইয়াৰ সমাধান অসম্ভৱ হৈ পৰিল।

আজি দেশজুৰি অভিযান চলাই অবৈধ নাগৰিকক কৰায়ত্ত কৰিছে ঠিকেই, কিন্তু এই নাগৰিকসকলক বাংলাদেশে ঘূৰাই নল'লে কি কৰা হ'ব (?), সেই সম্পর্কে স্পষ্ট সিদ্ধান্ত এতিয়াও হোৱা নাই। যোৱাকেইদিনত অসমত চিনাক্ত হোৱা বাংলাদেশীয়ে ইতিমধ্যে আটাইকেইটা ডিটেনশ্যন কেম্প প্রায় ভর্তি হৈ পৰিছে। আগত দিনত কৰায়ত্ত কৰা অবৈধ নাগৰিকসমূহ যে ভালুকৰ সাঙী হৈ পৰিব, সেয়া ধুৰুপ। এইক্ষেত্ৰত একাংশ সচেতন লোকে নতুনকৈ আৰু অনুপ্ৰৱেশ ঘটিব নোৱৰাকৈ সীমান্ত কটকটীয়া কৰি ইতিমধ্যেই ভাৰতভূমিত থকাসকলক ভাৰতীয় নীতি-আদৰ্শৰ দীক্ষা দি স্বদেশী কৰি লোৱাই উচিত হ'ব নেকি বুলি দাঙি ধৰা বক্তব্যও প্রাসংগিক হৈ পৰিছে।

Share This