বৰ্ণিহাট 

dainik janambhumi March 13, 2025

ডিজিটেল ডেস্কঃ মঙলবাৰে প্ৰচাৰিত এটা বাতৰিয়ে পুনৰবাৰ সচেতন জনগণ মাত্রেই জোকাৰি গ'ল। বাতৰিটো যোগান ধৰিছে ছুইজাৰলেণ্ডৰ এটা প্রতিষ্ঠানে। ছুইজাৰলেণ্ডৰ সংস্থা IQAir-এ দাঙি ধৰা তথ্য মতে অসমৰ গাতে লাগি থকা মেঘালয়ৰ বৰ্ণিহাট অঞ্চলটো বিশ্বৰ আটাইতকৈ প্ৰদূষিত স্থান।

বাতৰিটো যদিও মঙলবাৰে প্ৰচাৰিত, কিন্তু খবৰটো মুঠেই নতুন নহয়। বছৰচেৰেক পূর্বেও এনে এটা বাতৰিয়ে প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসম তথা মেঘালয়ৰ অন্তৰ্ভাগৰ ছবিকে প্রকট কৰি তুলিছিল। অন্য এটা সমীক্ষাই দাঙি ধৰা বাতৰি মতে, এই বর্ণিহাট অঞ্চলটোৱেই আছিল ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰদূষিত অঞ্চল। আনহাতে, ২০২৩ চনত ছুইজাৰলেণ্ডৰ এই একেটা সংস্থাই বিশ্বৰ প্ৰদূষিত দেশসমূহৰ ভিতৰত ভাৰত শীৰ্ষত থকা বুলি প্ৰকাশ কৰিছিল। সেই বছৰত বিশ্বৰ মুঠ ১৩৪খন দেশক সামৰি লৈ প্ৰকাশ কৰা প্রতিবেদন 'World Air Quality Report 2023'ত প্রকাশ পাইছিল যে বিশ্বৰ প্ৰদূষিত শীর্ষ ৫০খন চহৰৰ ৪ ২খনেই ভাৰতৰ। অৱশ্যে, সেই সময়ত অসমৰ প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে বৰ্ণিহাটৰ তথ্য সত্য আৰু শুদ্ধ নহয় বুলি মত ব্যক্ত কৰিছিল। 

এইবোৰ শুদ্ধ-অশুদ্ধৰ যুক্তি-তর্ক চলি থাকিব। কিন্তু ইয়াৰ মাজতে প্রকাশিত প্রকৃত তথ্যটো হ'ব-ভাৰতীয় মানুহৰ অমনোযোগিতাৰ বাবেই অপাৰ সমল আৰু সম্ভাৱনা। থকাৰ পাছতো ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰতে এখন ভয়াৱহ দেশত পৰিণত হ'বলৈ গৈ আছে। কেৱল ভাৰতবৰ্ষ বুলিয়েই নহয়, সমগ্র বিশ্বজুবি 'প্রদূষণ' নামৰ অভিধাটো আজি অতি প্রত্যাহ্বান তথা মানৱকুলৰ প্ৰতি ভাবুকি হৈ থিয় দি ৰৈছে। লক্ষণীয় যে ২০০৭ চনতেই জলবায়ু পৰিৱৰ্তনৰ আন্তঃচৰকাৰী পেনেল (আই পি চি চি)ৰ এক প্রতিবেদনত বিশ্বৰ ২৫০০ বিজ্ঞানী, অর্থনীতিবিদ আৰু নীতি-নিৰ্ধাৰকে স্পষ্ট কৰিছিল যে ১৯৫০ চনৰ পৰা দ্রুতগতিত বৃদ্ধি পোৱা গোলকীয় উষ্ণতাৰ প্ৰধান কাৰণ হৈছে 'মানুহ'। মানুহে ইচ্ছা কৰিলে পৃথিৱীৰ উষ্ণতা বৃদ্ধিও কৰিব পাৰে, হ্রাসো কৰিব পাৰে। অর্থাৎ মানুহ নামৰ প্ৰাণীবিধৰ ইচ্ছা-অনিচ্ছাৰ ওপৰতেই নিৰ্ভৰ কৰিছে পৃথিৱীৰ আয়ুস বৃদ্ধিৰ সামগ্রিক বিষয়টো। 

ৰাষ্ট্ৰসংঘৰ আই পি চি চিৰ এই প্রতিবেদনত সেয়ে মানৱ সমাজৰ প্রতি আহ্বান জনোৱা হৈছিল যে মানুহে শীঘ্রেই কাম-কাজ, জীৱনশৈলী, চিন্তা-চেতনা তথা মানসিকতা সলনি কৰক, চলিত দশকৰ ভিতৰতে জলবায়ু সলনি কৰিবলৈ কয়লা আৰু তেলৰ দৰে জীৱাশ্ম ইন্ধনৰ পৰা হোৱা পৰিৱৰ্তন ৰোধ কৰক। এই আহ্বান বিশ্বৰ মানৱকুলে সেই তেতিয়াই মানি চলাহেঁতেন আজিৰ তাৰিখলৈকে হয়তো বহুখিনি সুফল পাব পৰা গ'লহেঁতেন। কিন্তু মানুহকুলে নিজৰ আকাংক্ষা-ইচ্ছাক দমন কৰাৰ মনোভাব পোষণ নকৰিলে।

 বৰং মানুহে নিজৰ মৃত্যুক নিজেই আৱাহন কৰি আহিছে। ২০১০ চনৰ এক তথ্য মতে, চীনত বায়ু প্ৰদূষণৰ বাবে প্ৰতিবছৰে ১২ লাখ লোকৰ অকাল মৃত্যু হৈছে। সেইদৰে আমেৰিকাত প্রাণহানি হৈছে ৫০ সহস্রাধিক লোকৰ। আমাৰ ভাৰতবৰ্ষতো বছৰি প্ৰায় ডেৰ লাখ লোকে প্রাণ হেৰুৱাইছে। ২০১৭ চনৰ অক্টোবৰ মাহত Lancet Commission on Pollution and Healthৰ এক অধ্যয়নত দেখা গৈছিল যে বিষাক্ত বায়ু, পানী, মাটিৰ ফলত বিশ্বই বছৰি ন লাখ লোকক হেৰুৱাবলগীয়া হৈছে। লক্ষণীয় কথাটো হৈছে এই হাৰ এইড্‌ছ, যক্ষ্মা আৰু মেলেৰিয়া মহামাৰীত হোৱা মৃত্যুতকৈ তিনি গুণ আৰু যুদ্ধ- অন্যান্য মানৱ হিংসাৰ ফলত হোৱা মৃত্যুতকৈ ১৫ গুণ বেছি। আনহাতে, পানী প্ৰদূষণৰ ফলতো বিশ্বত প্রতিদিনে প্রায় ১৪,০০০ লোকৰ মৃত্যু হৈ আহিছে। উন্নয়নশীল দেশসমূহত অপৰিশোধিত নলা-নর্দমাৰ দ্বাৰা যোগান ধৰা দুষিত খোৱাপানীয়েই মানৱ জীৱনৰ বাবে কাল হৈ পৰিছে। ভাৰতবৰ্ষতে ২০১৩ চনত দহ নিযুততকৈও অধিক লোক আক্রান্ত হৈছিল দুষিত পানীজনিত ৰোগত। ইয়াৰে ১৫৩৫জন লোকৰ মৃত্যু হৈছিল, য'ত অধিকাংশই আছিল শিশু। লক্ষণীয়- পৰিতাপৰ আৰু ভয়াৱহ কথাটো হৈছে- দেশত ভাসমান পদাৰ্থৰ দ্বাৰা বায়ুমণ্ডল ইমান বেয়াকৈ প্রদূষিত হৈছে যে ভাৰতীয় মানুহৰ গড় আয়ুস ৪ বছৰৰো অধিক কাল হ্রাস পাবলৈ লৈছে। তদুপৰি বিহাৰ, উত্তৰ প্রদেশ, হাৰিয়ানা, পঞ্জাব, দিল্লী আৰু ইয়াৰ চৌপাশৰ অঞ্চলত এই গড় আয়ুস আৰু অধিক অর্থাৎ ৬ বছৰতকৈও অধিক হ্রাস পোৰন কথা পৰীক্ষাত স্পষ্ট হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য মতে, আমাৰ দেশত অভ্যন্তরীণ প্রদূষণৰ বাবে বছৰি

নিযুত আৰু বহিঃ প্ৰদূষণৰ বাবে ৪.২ নিযুত মানুহৰ অকাল মৃত্যু হয়। এই প্ৰদূষণৰ অন্যতম কাৰণ হৈছে আৱৰ্জনা। আচৰিত যেন লাগিলেও বিশ্বত প্ৰতিবছৰে প্ৰায় ৪০ কোটি মেট্রিকটন বিপজ্জনক আৱৰ্জনাৰ উৎপন্ন হয়। কেৱল আমেৰিকাই প্রায় ২৫ কোটি মেট্রিকটন আৱৰ্জনা (যি বিশ্বৰ প্রায় ৩০%) উৎপাদন কৰে। চাবলৈ গ'লে আমেৰিকাৰ জনসংখ্যা বিশ্বৰ জনসংখ্যাৰ ৫% তকৈও কম। অথচ দেশখনত বিশ্বৰ প্রায় ২৫% কার্বন-ডাই অক্সাইড উৎপন্ন হয়। ভাৰতবৰ্ষতো বছৰি প্রায় ৬২ মিলিয়ন টন আৱৰ্জনা উৎপাদন হয়। এই আৱৰ্জনাৰ পৰিমাণ ২০৩০ চনলৈ ১৬৫ মিলিয়ন টন হ'বগৈ বুলি অনুমান কৰা হৈছে। দ্রুতগতিত নগৰাঞ্চল বৃদ্ধি, উদ্যোগীকৰণ, শক্তি উৎপাদন তথা তাৰ ব্যৱহাৰ বৃদ্ধি, অত্যধিক যান-বাহনৰ চলাচল, যন্ত্ৰৰ মাত্ৰাধিক ব্যৱহাৰ, ধূলি-বালি, বিজ্ঞানসন্মত নিষ্কাশন ব্যৱস্থাৰ অভাৱ আদি অনেক কাৰণৰ বাবেই আমাৰ দেশ ক্ৰমাৎ প্ৰদূষিত হৈ গৈ আছে। এই কথাবোৰে আগন্তুক সময়ত দেশৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তোলাৰে ইংগিত বহন কৰিছে। অসমৰ গুৱাহাটী মহানগৰীতো ধাৰাবাহিকভাৱে চলি আছে নির্মাণ কার্যসূচী। প্রতিদিনেই কটা হৈছে গছ, ধ্বংস কৰা হৈছে পাহাৰ, দাঁতি-কাষৰীয়া বনাঞ্চল। হয়তো এনেবোৰ কাৰণতেই বৰষুণৰ পৰিমাণো কমি গৈছে আৰু গুৱাহাটীৰ প্রদূষণ অত্যধিক বৃদ্ধি পাইছে। ২০১৯ চনৰ তথ্য মতে, গুৱাহাটীকে ধৰি অসমৰ বায়ুমণ্ডলত particulate matter (PM) 2.5 আৰু PM10 অতিমাত্রা বৃদ্ধি পাইছে। সেয়ে একিউট ৰেছপিৰেটৰী ইনফেকশানত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

Central Bureau of Health Intelligence-এ প্রকাশ কৰা National Health Profile, ২০১৮ত কোৱা মতে ২০১৬ চনত অসমত একিউট ৰেছপিৰেটৰী ইনফেক্‌শ্যনত ২০,৬৬৭জন লোক আক্রান্ত হৈছিল আৰু ইয়াৰে মৃত্যু হৈছিল ২০০জনৰ। আনহাতে, অৰুণাচল প্ৰদেশত ৩, মণিপুৰত ২৩, মিজোৰামত৩৬, নগালেণ্ডত ৯, ছিকিমত ৮, ত্ৰিপুৰাত ২১ আৰু মেঘালয়ত ৭জনৰ মৃত্যু হৈছিল। এতিয়া প্রশ্ন হয় মানৱ-সৃষ্ট এই সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় কি? আইচলেণ্ডক বিশ্বৰ প্ৰদূষণমুক্ত অঞ্চল হিচাপে গঢ়ি তোলাত দেশখনৰ চৰকাৰে উদ্যোগ পৰিচালনা, যান-বাহনৰ চলাচলৰ লগতে যন্ত্ৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ আইন প্রয়োগ কৰি আহিছে। সেইদৰে দেশখনে পেৰিছ চুক্তিৰ অধীনত ২০৩০ চনৰ ভিতৰত সেউজ গৃহ গেছৰ নিৰ্গমণ ৪০ শতাংশ হ্রাস কৰাৰ লক্ষ্য বান্ধি লৈছে। বিশেষকৈ চৰকাৰী এনে উদ্যোগলৈ দেশখনৰ জনগণেও সহায়ৰ হাত আগবঢ়াই আহিছে। আমাৰ দেশতো চৰকাৰ, জনসাধাৰণ, সংস্থা আদিৰ ঐকান্তিক প্রচেষ্টাৰেহে সমস্যাৰ সমাধানত অগ্ৰসৰ হ'ব পৰা যাব। কিন্তু দুর্ভাগ্যৰ কথা এয়ে যে এই পর্যন্ত চৰকাৰী তথা বিভাগীয় উদ্যোগ তেনেই নিশকটীয়া। আনহাতে, জনগণৰ চিন্তা-চেতনাও 'প্রদূষণমুক্ত' নহয়। এনে অৱস্থা বৰ্তি থাকিলে দেশৰ আৰু বহু চহৰ 'বর্ণিহাট' হ'বলৈ বেছি দিন নালাগিব।

Share This