পৰৰ পিঠাৰে বিহু

dainik janambhumi April 12, 2025

ডিজিটেল ডেস্ক : দেশৰ অৰ্থনৈতিক অৱস্থা যে বৰ ভাল নহয়, সেইকথা এতিয়া আৰু গোপন কৰি ৰাখিব পৰা অৱস্থাত নাই। ৰঙালী বিহু অসমৰ সবাতোকৈ ডাঙৰ উৎসৱ। কৃষি উৎসৱ, জাতীয় উৎসৱ। উৎসৱ বুলিলেই নানা খা-খৰচৰ ধুম। এনে সময়ত যদি কৰ্মচাৰীয়ে সময়মতে দৰমহা নাপায়, ঠিকাদাৰকে ধৰি আন ক্ষেত্রসমূহত কৰ্মৰতসকলে যদি পাব লগা ধন আদায় নাপায় তেন্তে এইসকলৰ উছৱৰ আনন্দ ম্লান পৰিব। বহুতৰে কৰি থকা চাকৰিৰ ভৱিষ্যৎ অনিশ্চিত। ডিজিটেল ইণ্ডিয়া পাতি সকলো কাম আজিকালি কিছুমান 'এপ'ৰ মাৰফৎ কৰা হৈছে। এই 'এপ'বোৰৰ লগত জড়িত হৈ আছে একাংশ কোম্পানী। বিশেষকৈ এনে এপ আদি কৌশল প্রয়োগ কৰা হৈছে বিদ্যালয়ৰ শিক্ষকসকলৰ ওপৰত। উদ্দেশ্য অনুপস্থিতিৰ দিনা দৰমহা কৰ্তন। অর্থাৎ শিক্ষকসকলক চাপত ৰখা। কেৱল যে শিক্ষাক্ষেত্রতে এনে হৈছে সেই কথা নহয়। 

ৰাজ্য চৰকাৰৰ প্ৰশাসনৰ বিভিন্ন পৰ্যায়ত এতিয়া 'এপ'ৰ ৰাজত্ব চলিছে। বিহু আহিছে প্ৰকৃতিৰ বুকুলৈ। সমস্যাজৰ্জৰ মানুহৰ মন আলোড়িত কৰিব পৰা নাই। বিহু বুলিলেই বজাৰ। কিন্তু বজাৰতো পূৰ্বৰ আলোড়ন নাই। কাৰণ বজাৰত ব্যয় কৰিব পৰাকৈ বহুতৰে হাতত টকা নাই। গ্রাহকৰ ক্ৰয় ক্ষমতা নাথাকিলে অর্থনীতিলৈ ভাটা অহাটো স্বাভাৱিক। ইফালে নিত্যব্যৱহাৰ্য দ্ৰব্যৰ মূল্যবৃদ্ধি আছেই।অলপতে ইন্ধনৰ মূল্য আকৌ বৃদ্ধি কৰা হ'ল। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যও বাঢ়িল। পেট্রল-ডিজেলৰ দামো বাঢ়িল। বাঢ়িল ঔষধৰ মূল্যও। বিহুৰ বতৰত এনে মূল্যবৃদ্ধিয়ে দুঃচিন্তা বৃদ্ধি কৰে। যি সময়ত সমগ্র বিশ্বতে খাৰুৱা তেলৰ দাম যথেষ্ট পৰিমাণে হ্রাস পাইছে সেই সময়ত ভাৰতত তেলৰ দাম বৃদ্ধি দেশৰ অর্থনৈতিক মন্দাৱস্থাৰ লক্ষণ। কিন্তু চৰকাৰৰ নেতা-মন্ত্ৰীসকলে এই ক্ষেত্রত উদ্বিগ্নতা প্রকাশ কৰা নাই। ইফালে ৰাজ্যত পঞ্চায়ত নির্বাচন আহি আছে। সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি বিগত পঞ্চায়ত নিৰ্বাচনৰ পাব লগা ধনেই অধিকাংশ ছপাশাল আৰু নিৰ্বাচনৰ দায়িত্বত নিয়োজিত গাড়ীসমূহৰ গৰাকীয়ে আদায় পোৱা নাই। নির্বাচনী দায়িত্ব এইবাৰ গ্ৰহণ কৰিবলৈ অনিচ্ছুক হোৱা সত্ত্বেও চৰকাৰী হেঁচা আৰু ভাবুকিৰ বাবেই গ্রহণ কৰিব লগা হৈছে বহুতে। 

ন্যায্যভাৱে পাব লগা ধনৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বহুজনে। ইয়াৰ বিপৰীতে আন বহুক্ষেত্রত বিশেষকৈ বিনোদনমূলক, অনুৎপাদনশীল ক্ষেত্ৰত চৰকাৰে প্ৰচুৰ ব্যয় কৰিছে। যোৱা প্ৰায় দুবছৰ ধৰি তেনে ব্যয় নানা অজুহাতত বৃদ্ধি কৰি যোৱা হৈছে। বিহুৰ বিশ্ব অভিলেখৰ নামত ব্যয় হৈছে। বিহুৰ বিশ্ব অভিলেখৰ আয়োজনৰ নামত হোৱা দুৰ্নীতিৰ খবৰ তথ্যসহকাৰে সংবাদপত্রত প্রকাশিত হৈছে। ৰভাঘৰ, আসন, খাদ্য-অন্যান্য সৰঞ্জামৰ নামত যোগান ঠিকাৰ যি পৰিমাণৰ ধনৰ দুর্নীতি হোৱাৰ অভিযোগ উঠিছে সেয়া দেশৰ ৰাজহৰ ধন। আঁচনি ৰূপায়ণ বা ঘোষণাৰ নামত ধনৰ অপব্যয়- টেন্ট হাউছ, সাজসজ্জাৰ ঠিকাদাৰক আদায় দিয়া হৈছে। ৰাসতো দিয়া হৈছে, দুর্গা পূজাতো প্রতি পূজা সমিতি, বিহুত প্রতিখন উদযাপন সমিতিক চৰকাৰে নিবিচৰাকৈয়ে উপযাচি ধন দিছে। কিন্তু ঠিকাদাৰৰ দীর্ঘদিনে অনাদায় হৈ থকা ধন আৰু আন বহু প্রয়োজনীয় ক্ষেত্ৰত চৰকাৰে ব্যয় কৰিব খোজা নাই। প্রাপ্য যিসকলৰ অনদায় হৈ আছে তেওঁলোকে প্রতিবাদো কৰিব পৰা নাই। জানোচা চৰকাৰৰ ৰোষত পৰিব লগা হয়। এনে এক বাতাৱৰণত বিহুৰ আনন্দৰ লগত বিষাদৰ ধূসৰতাও মিহলি হৈ থাকে। ৰাজ্য চৰকাৰে ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট সভাত একাংশ ব্যাৱসায়িক প্রতিষ্ঠানত ৰাতি দুটা বজা পর্যন্ত দোকান খোলা ৰখাৰ আহ্বান কৰা হৈছে। কিন্তু ক্রয় ক্ষমতা য'ত নিম্নগামী, তেনে দেশত দিনৰ নিৰ্দিষ্ট সময়তে গ্রাহক বিচাৰি পোৱাটো কঠিন হৈছে, ৰাতি বাৰ-এক বজাত কোন আহিব সেই কথাও চিন্তনীয় হৈ উঠিছে। বিহুৰ ৰমক-জমক-চমক আঁৰত বহু কথাই লুকাই পৰিব। নগৰ-চহৰত নানা ব্যয়বহুল অনুষ্ঠান হ'ব। টিভি চেনেলত 'লাইভ' প্রদর্শন হ'ব। ঢোল-পেঁপাৰ শব্দত বহুতৰ হা-হুমুনিয়াহ নুশুনা হ'ব। 

একালত এষাৰ আপ্তবাক্য অসমীয়া সমাজত বৰকৈ চলিছিল- 'পৰৰ পিঠাৰে বিহু'। অর্থাৎ নিজৰ কোনো উৎপাদন নাই, কোনো শ্রম নাই, আয় নাই। পিঠা ভাজিবলৈ চাউল গুৰ-তিল একো নাই। তথাপি বিহু পাতিব লাগিব। খুজি অনা চাউল, দৈ, গুৰ আদিৰেই বিহু হৈ যাব। তেনেকৈ পতা বিহুকে পৰৰ পিঠাৰে পতা বিহু বোলা হৈছিল। এতিয়া আগৰ সেই কৃষিজীৱী সমাজখন নাই। বহুতৰে খেতি মাটি নাই, বান-খহনীয়াত জাহ গ'ল। তাহানিৰ ৰোৱনী-দাৱনী-শিপিনী আজি হিতাধিকাৰী। হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিলৈ চায়, এই কথা ক'ব পাৰি যে চৰকাৰী অনুগ্ৰহ অবিহনে চলিব পৰা পৰিয়ালৰ সংখ্যা দিনে দিনে হ্রাস পাইছে। অর্থাৎ এতিয়া অসমীয়া সমাজত নিজৰ পিঠাৰে বিহু পতা লোকতকৈ চৰকাৰী পিঠাৰে বিহু পতা লোকৰ সংখ্যা বৃদ্ধি পাইছে। ডিজিটেল ইণ্ডিয়াই বিনোদনৰ নতুন নতুন বিষয় তৈয়াৰ কৰিছে, ৰংচঙীয়া জগতৰ দুৱাৰ মুকলি কৰিছে। আমি কেৱল সেইবোৰত মগ্ন হৈ থাকিলেই হ'ল। মাটি-ভেটি, জাতি-খেতি সকলো লাহে লাহে আমাৰ আয়ত্তৰ বাহিৰ হৈ গৈ আছে। আমি কেৱল সামান্য পৰিমাণৰ চৰকাৰী আঁচনিৰ টকা বেংক একাউণ্টত সোমাল নে নাই তাৰ খা-খবৰ কৰি সময় পাৰ কৰিছোঁ। নিজস্ব কোনো উদ্যোগ নাই। একাংশ সংগঠন আৰু ব্যক্তিয়েই বিহু পাৰ হৈ যোৱাৰ পাছতো হাতত চান্দাৰ বহী লৈ ঘূৰে। এনে আৰু বহু দিশ আছে— যিবোৰে প্ৰমাণ কৰে যে আমি এটা পৰৰ পিঠাৰে বিহু পতা জাতি হ'বলৈ গৈ আছো।

Share This