ডিজিটেল ডেস্কঃ বিগত কেইবা বছৰত দ্রুতগতিত বৃদ্ধি পাবলৈ লৈছে চিকিৎসক হ'ব খোজা ছাত্র-ছাত্ৰীৰ সংখ্যা। এনে প্রেক্ষাপটতে আকৌ আহিছে 'নীট'ৰ (নেশ্যনেল ইলিজিবিলিটি কাম এন্ট্রেন্স টেষ্ট) সময়। অহা ৪ মে'ত অনুষ্ঠিত হ'ব স্নাতক স্তৰত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিব খোজা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সৰ্বভাৰতীয় বাছনী পৰীক্ষা। ইয়াৰ পাছৰ মাহতেই অনুষ্ঠিত হ'ব নীট পি জি পৰীক্ষাও।
এই সন্ধিক্ষণতে কিন্তু আহিছে এক মাৰাত্মক তথ্যও। তথ্য মতে, স্নাতক আৰু স্নাতকোত্তৰ মিলাই মুঠ ১১৯গৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষার্থীয়ে বিগত ৫ বছৰত আত্মহত্যা কৰিছে আৰু মাজ বাটতে পঢ়া সামৰি ওলাই আহিছে ১,১৬৬গৰাকীয়ে। এখন আৰ টি আইৰ উত্তৰত এই তথ্য জনাইছে নেশ্যনেল মেডিকেল কমিছনে (এন এম চি)। বিবেক পাণ্ডে নামৰ স্বাস্থ্য সজাগতা কর্মী এজনে কৰা উল্লিখিত আৰ টি আইৰ উত্তৰত এন এম চিয়ে জনাইছে ২০১৮ চনৰ পৰা ২০২৩ চনৰ ভিতৰত সমগ্র দেশতে চিকিৎসা বিজ্ঞানৰ ১১৯গৰাকী শিক্ষার্থীয়ে আত্মহত্যা কৰিছে আৰু ইয়াৰ ভিতৰত ৬৪গৰাকী স্নাতক পৰ্যায়ৰ (এম বি বি এছ) আৰু ৫৫গৰাকী স্নাতকোত্তৰ পৰ্যায়ৰ (এম ডি অথবা এম এছ) শিক্ষার্থী। আনহাতে, আত্মহত্যাৰ তুলনাত পাঠ্যক্ৰম আধাতে এৰি যোৱা শিক্ষাৰ্থীৰ সংখ্যা প্রায় ১০ গুণ বেছি। এই সংখ্যা ১,১৬৬গৰাকী। এই আধা বাটতে পাঠ্যক্ৰম এৰাসকলৰ মাজত ১৬০গৰাকী স্নাতক পৰ্যায়ৰ আৰু ১,০০৬গৰাকী স্নাতকোত্তৰ পৰ্যায়ৰ। এই স্নাতকোত্তৰ পৰ্যায়ত পাঠ্যক্ৰম এৰাসকলৰ মাজত আকৌ জেনেৰেল ছাৰ্জাৰীত পাঠ্যক্ৰম এৰাৰ সংখ্যা বাকীবোৰ পাঠ্যক্ৰমতকৈ সৰহ (১১৪গৰাকী)।
এই কথা ঠিক যে সেৱাৰ মনোভাবেৰে উৎসর্গিত হৈ একাংশ শিক্ষার্থীয়ে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি চিকিৎসক হ'ব খোজে। আশা কৰে দেশ, জাতি আৰু নিজৰ মানুহখিনিক উপকাৰ হোৱাকৈ আৰু জীৱনত কিবা এটা কৰাৰ আত্মসন্তুষ্টিৰে তেওঁলোকে জীৱনটো অতিবাহিত কৰিব। এই চিন্তাৰ বিপৰীতে কিন্তু অপ্রিয় সত্যটো হ'ল আজিকালি অধিকাংশই এটা লোভনীয় তথা সচ্ছল জীৱনৰ সন্ধানতহে এই পাঠ্যক্ৰমৰ প্ৰতি আকৰ্ষিত হয়। যি কাৰণতেই অধ্যয়ন নকৰক কিয়, পাঠ্যক্ৰমৰ বোজা ব'ব নোৱাৰি বা চিকিৎসকৰ জটিল প্রত্যাহ্বানেৰে ভৰা জীৱনশৈলীৰ সৈতে মিলিব নোৱাৰি যে বহু শিক্ষার্থীয়ে এই পাঠ্যক্রম ত্যাগ কৰে বা আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাছি লয়, সেয়া ইতিমধ্যে চৰ্চাৰ বিষয় হৈছে। বিবেক পাণ্ডেৰ আৰ টি আয়ে এই কথা আৰু মুকলিকৈ প্ৰকাশ কৰি ভয়ংকৰ দিশটো উদঙাইহে দিছে।
আৰ টি আইৰ তথ্যসমূহ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি বিবেক পাণ্ডেয়ে লিখিছে, 'নীট পৰীক্ষাৰ প্ৰাকক্ষণত মোৰ আৰ টি আইৰ উত্তৰত এন এম চিয়ে যি কথা জনাইছে, আহক আমি সকলোৱে এই কঠিন সত্যৰ মুখামুখি হওঁ। এয়া এক বিৰাট সংকট। ভাবী চিকিৎসকৰ মানসিক চাপৰ বিষয়টো আমি আৰু কিমান দিন অৱজ্ঞা কৰি থাকিম।' প্রসংগতে উল্লেখযোগ্য যে পশ্চিমবংগত তৰুণী চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ ঘটনাৰ পাছত এই কথা পোহৰলৈ আহিছিল যে চিকিৎসকগৰাকীয়ে ৩৬ ঘণ্টা ডিউটি কৰি বিশ্রাম ল'বলৈ গৈছিল। ইয়াৰ পাছতেই চিকিৎসা বিজ্ঞানৰ অনেক স্নাতকোত্তৰ শিক্ষার্থীয়ে জনায় পশ্চিম বংগৰ এই দুৰ্ভগীয়া যুৱতী চিকিৎসকগৰাকীকেই নহয়, সমগ্ৰ দেশৰ প্ৰায় সকলো মেডিকেল কলেজৰ স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষার্থীয়ে এইধৰণৰ অমানুষিক শ্ৰম কৰি নিজৰ কৰ্তব্য পালন কৰিব লাগে। আনকি সাপ্তাহিক ছুটীটোও অনেক সময়ত পোৱা টান। আনহাতে, এম বি বি এছত নামভৰ্তি কৰি পাঠ্যক্ৰমৰ বিশাল বোজাৰ মুখামুখি হৈ হতভম্ব হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও তাকৰ নহয়। এইবোৰ কথাৰেই সন্মিলিত ফল হয়গৈ পাঠ্যক্ৰম মাজতে ত্যাগ কৰা নহ'লে চৰম সিদ্ধান্ত লৈ জীবনেই ত্যাগ কৰা।
কিন্তু এই প্ৰৱণতা কি কেৱল চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ মাজত? ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো এই প্ৰৱণতা দেখা গৈছে ভয়ানকভাবে। দেশৰ অনেক ক'চিং চেণ্টাৰৰ হোষ্টেলৰ কোঠাৰ চিলিং ফেন-গ্রীলেৰে আৱৰি ৰাখিব লগা পৰিস্থিতি হৈছে, যাতে ফেনখন বতাহ লোৱাৰ বাহিৰে আন কামত ব্যৱহাৰ কৰিব নোৱাৰি। কম ভয়ংকৰ পৰিস্থিতিনে এয়া! ইঞ্জিনীয়াৰিঙৰ ক'চিঙৰ বাবে বিশেষ জনপ্রিয় ক'টাত ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাৰ বাতৰি প্ৰায়ে ওলায়েই থাকে। বাতৰি নোহোৱাকৈয়ে থাকি যায় পাঠ্যক্ৰমৰ চাপ, প্রতিযোগিতাৰ দৌৰত তিষ্ঠিব নোৱাৰি আধাতে কোটা এৰা বহু মেধাৱী ছাত্ৰ-ছাত্ৰীৰ কাহিনী।
কথাবোৰ কিন্তু ইমানতেই শেষ নহয়। আছে ডাক্তৰ, ইঞ্জিনীয়াৰৰ দৰে তথাকথিত 'গ্লেমাৰাছ' জীৱিকাৰ প্ৰতি অভিভাৱকৰ অহেতুক প্রীতি আৰু ইয়াৰ পৰা নিজৰ সন্তানক সেই পাঠ্যক্ৰমত পঢ়ুৱাবলৈ উদ্ভৱ হোৱা বিৰাট আকাংক্ষাৰ প্ৰসংগও। বহু সময়ত দেখা যায় সেই পাঠ্যক্ৰমৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ নিজা আগ্রহ নথকা সত্ত্বেও কেৱল অভিভাৱকৰ সপোন পূৰাবলৈকে এনে পাঠ্যক্ৰমৰ বাবে নিজকে প্রস্তুত কৰে। স্বাভাৱিকতেই বৃদ্ধি হয় মানসিক চাপ। আকৌ মেধাৰ জোখাৰে সেই বৃত্তিৰ উপযোগী নোহোৱা সন্তানকো বহু অভিভাৱকে কৌশলেৰে সেই বৃত্তিৰ সপোন তেওঁলোকৰ মগজুত ৰোপণ কৰে, যাৰ পৰিণতিত বহু সময়ত বাছনী পৰীক্ষাত উত্তীর্ণ হয়তো হয়, কিন্তু তেন্তে শিক্ষার্থীয়ে পাঠ্যক্রম সম্পূর্ণ কৰিব নোৱাৰি আধাতে এৰিব লগা হয় সপোনৰ বাট।
সেয়ে জীৱন-জীৱিকা নিৰ্বাচনৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ আগ্রহ-দক্ষতা আৰু মেধাৰ সঠিক ধাৰণা থকাটো জৰুৰী। সেইদৰে অভিভাৱকেও নিজৰ আগ্রহ আৰু সপোন সন্তানৰ জীৱনত ঢালি দিয়া উচিত নহয়। সন্তান কি বিষয়ত পাৰ্গত, তেওঁৰ আগ্ৰহ আৰু যোগ্যতা কি, সেয়া অনুভৱ কৰি তেওঁক সেই ধৰণেৰে বাট বুলিবলৈ পথ নির্দেশনা দিব পৰাটোহে প্রকৃত অভিভাৱকৰ পৰিচয়।