সংবিধান-বিতর্ক

dainik janambhumi July 02, 2025

ডিজিটেল ডেস্কঃ দেশৰ সংবিধানখনক লৈ সৃষ্টি হোৱা নতুন কেতবোৰ বিতৰ্কই সাধাৰণ মানুহক বিশেষ প্ৰভাৱিত নকৰিলেও ৰাজনৈতিক পক্ষবিলাকৰ মাজত ইয়াক কেন্দ্ৰ কৰি চলা যুঁজখন বেছ আকর্ষণীয় হৈ পৰিছে। আজিকালি দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নেতাসকলে বিভিন্ন ৰাজহুৱা অনুষ্ঠানত প্রায়ে হাতত সংবিধান লৈ ফুৰা দেখা যায়। দেশৰ বিজেপি নেতৃত্বাধীন চৰকাৰে আমাৰ সংবিধানখনক অপদস্থ কৰা বুলি অভিযোগ তুলি কংগ্ৰেছে যোৱা ২৫ এপ্ৰিলৰ পৰা দেশজুৰি 'সংবিধান বচাও' অভিযান ৪০ দিন ধৰি পালন কৰিছিল!

সিমানেই নহয়, দেশৰ ন্যায়িক ব্যৱস্থাটোও বিজেপি চৰকাৰে দুৰ্বল কৰিবলৈ ষড়যন্ত্ৰ কৰা বুলি কংগ্রেছে অভিযোগ কৰি আহিছে। ইফালে শাসকীয় বিজেপি দল তথা চৰকাৰে প্ৰতিবছৰে ২৫ জুনৰ দিনটো 'গণতন্ত্র হত্যা' দিৱস ৰূপে পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে এইবাবেই যে সংবিধানক ভৰিৰে মোহাৰি ১৯৭৫ চনৰ ২৫ জুনত দেশত জৰুৰী অৱস্থা বলৱৎ কৰিছিল ইন্দিৰা গান্ধী নেতৃত্বাধীন তদানীন্তন কংগ্ৰেছ চৰকাৰে। সেই কুখ্যাত জৰুৰী অৱস্থাৰ সময়ছোৱাত নাগৰিকক সংবিধানে দিয়া অধিকাৰ খৰ্ব কৰি গণতন্ত্র ৰক্ষাৰ সংগ্ৰাম কৰা লক্ষাধিক বিৰোধী দলৰ নেতা, সাংবাদিক, বুদ্ধিজীৱী, সমাজকর্মীক কাৰাৰুদ্ধ কৰা হৈছিল। বাক স্বাধীনতা নিষিদ্ধ কৰি সংবাদ মাধ্যমৰ ওপৰত জাপি দিয়া হৈছিল 'চেঞ্চৰশ্বিপ'। ৫০ বছৰৰ আগতে কংগ্ৰেছ চৰকাৰে সংবিধানক ভৰিৰে মোহাৰি গণতন্ত্র হত্যা কৰাৰ সময়ছোৱাক ৰোমন্থন কৰি এতিয়া গণতন্ত্র হত্যা দিৱস পাতিবলৈ বিজেপিয়ে সিদ্ধান্ত লোৱা আৰু এতিয়া চৰকাৰে সংবিধানক অপদস্থ কৰাৰ অভিযোগ তুলি কংগ্রেছে 'সংবিধান বচাও অভিযান' চলোৱা এনে পৰস্পৰ বিৰোধী কাণ্ডবিলাকে দেশৰ গণতান্ত্রিক শাসন ব্যৱস্থাটোক উপকৃত কৰিব নে সংবিধানখনো ৰাজনৈতিক সংঘাত সৃষ্টিৰ আহিলাতহে পৰিণত হ'ব সেই প্রশ্নৰ উত্তৰ সাধাৰণ মানুহৰ হাতত নাই। বিতর্ক ইমানতে সীমাবদ্ধ হৈ থকা নাই। বিজেপি দল আৰু চৰকাৰে যোৱা ২৫ জুনত প্ৰথমবাৰ 'গণতন্ত্র হত্যা' দিৱস উদযাপন কৰোঁতে শাসকীয় নেতাসকলৰ মুখত এটা বিষয় গুৰুত্বসহকাৰে উচ্চাৰণ হোৱা শুনা গ'ল, সেয়া হৈছে সংবিধানৰ 'ধৰ্মনিৰপেক্ষ' আৰু 'সমাজবাদী' শব্দ দুটা আঁতৰোৱাৰ সময় হেনো সমাগত।

এই 'ধর্মনিৰপেক্ষ' আৰু 'সমাজবাদী' শব্দ দুটা সংবিধানত অন্তর্ভুক্ত হোৱা ইতিহাস পঢ়ুৱৈ সমাজে নিশ্চয় জানে। জৰুৰী অৱস্থাৰ সময়ত ১৯৭৬ চনত সংবিধানৰ ৪২ সংখ্যক সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত এই 'ধৰ্মনিৰপেক্ষ' আৰু 'সমাজবাদী' শব্দ দুটা সংযোজন কৰা হৈছিল। তাৰ আগলৈকে সংবিধানৰ প্ৰস্তাৱনাই ভাৰতক এখন 'সার্বভৌম গণতান্ত্রিক গণৰাজ্য' ৰূপেহে চিহ্নিত কৰিছিল। কিন্তু হিন্দু বসতি প্রধান ভাৰতৰ পিঠিত সনাতনী ধাৰাৰ সাংস্কৃতিক জাতীয়তাবাদত বিশ্বাসী বিজেপিয়ে 'ধর্মনিৰপেক্ষ' ৰূপে এটা লেবেল লগাই দিয়াটো নিবিচাৰে। তেনেদৰে 'সমাজবাদী' শব্দটোৱে বাওঁপন্থী আদৰ্শক প্রতিনিধিত্ব কৰে বাবেই সোঁপন্থী বিজেপিয়ে এই শব্দটোৰো প্ৰস্তাৱনাত অন্তর্ভুক্তিৰ বিৰোধিতা কৰে। বিজেপিৰ মতে, ১৯৭৬ চনৰ ৪২সংখ্যক সংবিধান সংশোধনী আছিল ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত। ১৯৭৩ চনৰ বিখ্যাত 'কেশৱানন্দ ভাৰতী গোচৰ'ৰ ৰায়ত উচ্চতম ন্যায়ালয়ত ইতিহাসৰ সৰ্ববৃহৎ তেৰজনীয়া সাংবিধানিক পাঠে ৭:৬ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত ৰায় দি থৈছিল যে প্রয়োজন সাপেক্ষে সংবিধান সংশোধনী সমর্থনযোগ্য যদিও প্রস্তাৱনাকে ধৰি সংবিধানৰ মৌলিক আৰু জৰুৰী বিষয়সমূহৰ সালসলনি ঘটাব পৰা নাযায়।

ইয়াক 'Basic Structure doctrine' বা 'মৌলিক গাঁথনি মতবাদ' ৰূপে জনা যায়। তাৰ পাছতো ১৯৭৬ চনত ইন্দিৰা গান্ধীয়ে সংবিধানৰ প্ৰস্তাৱনাৰ সলনি ঘটাই 'ধর্মনিৰপেক্ষ' আৰু 'সমাজবাদী' শব্দ দুটাৰ সংযোজন ঘটোৱাটোক বিজেপিয়ে সংবিধানক উলংঘা কৰা বুলিয়েই বিশ্বাস কবে। এই শব্দ দুটাৰ প্ৰত্যাহাৰ বিজেপি চৰকাৰে বিচাৰিছে আৰু হয়তো সংসদত সংখ্যাৰ জোৰ অটুট থাকিলে সেয়া এদিন কৰিবও, কিন্তু এচাম নিৰপেক্ষ মানুহৰ প্ৰশ্ন হ'ল 'ধৰ্মনিৰপেক্ষ' আৰু 'সমাজবাদী' শব্দ দুটা সংবিধানৰ প্রস্তাৱনাত থাকিলেনো দেশৰ কি ক্ষতি হ'ব? পূর্বতে এই শব্দ দুটা প্ৰস্তাৱনাত নথকা অৱস্থাতো সংবিধানৰ মূল চেতনাটো কিন্তু ধর্মনিৰপেক্ষই আছিল। সংবিধানৰ ২৫ নং অনুচ্ছেদত দেশৰ সকলো নাগৰিককে 'Right to Freedom of religion' অর্থাৎ ইচ্ছা অনুসৰি ধর্মীয় বিশ্বাস অৱলম্বন কৰা, উপাসনা কৰা আৰু প্ৰচাৰ কৰাৰ অনুমতি প্রদান কৰিছে। অৱশ্যে, এনে ধর্মীয় আচৰণ কৰোঁতে যাতে ৰাজহুৱা শৃংখলা ভংগ নহয়, নৈতিকতা, স্বাস্থ্যকে ধৰি সংবিধানৰ অন্য দিশবিলাকৰ ক্ষতি নহয় তাক নিশ্চিত কৰিবলৈ কোৱা হৈছে। এই দফাটোৱেই সংবিধান প্রণেতাসকলৰ ধৰ্মনিৰপেক্ষ দৃষ্টিভংগীৰ পৰিচয় পাবলৈ যথেষ্ট।

যিহেতুকে আমাৰ দেশখন বৈচিত্র্যপূর্ণ, বৈচিত্ৰ্যই ইয়াৰ সৌন্দৰ্য, ইয়াত মতৰ বৈচিত্র্য থকাটো অস্বাভাৱিক নহয়। স্বাধীনতা সংগ্রামতো মতৰ বিভেদ আছিল, নেতাসকলৰ আদৰ্শৰো প্রভেদ আছিল। স্বাধীনতা প্রাপ্তিৰ সময়ত সেই সংঘাতবোৰ কিমান গভীৰ হৈ পৰিছিল, সেই ইতিহাসো অধ্যয়ন কৰাসকলে জানে। সেই চিন্তাৰ বৈচিত্র্যৰ মাজৰ পৰা উদ্ভৱ হৈছিল আমাৰ সংবিধানখন। সেইখন সংবিধানক গণতন্ত্ৰৰ আত্মা বুলি মানি লৈ স্বৰাজোত্তৰ সাতটা দশকত দেশৰ শাসন পৰিচালিত হৈ আহিছে। দেশৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি আৰ গৱয়ে দুদিনমানৰ আগতে এটা অনুষ্ঠানত কৈছে- সংসদ নহয়, আমাৰ দেশৰ গণতন্ত্রত সংবিধানহে সর্বশ্রেষ্ঠ। সংবিধানৰ অধীনত বিধানপালিকা, ন্যায়পালিকা আৰু কাৰ্যপালিকাই গণতন্ত্রৰ তিনিটা দিশৰ কাম পৰিচালনা কৰি আছে। সেই সংবিধানৰ কিছুমান বিষয়ক লৈ সময়সাপেক্ষে সালসলনিৰ প্রয়োজনীয়তাক উচ্চতম ন্যায়ালয়েও অস্বীকাৰ কৰা নাই। গতিকে, কেতিয়াবা কিছুমান বিষয়ৰ সলনিৰ প্রস্তাৱ আহিব পাৰে। কিন্তু ইয়াৰ মৌলিক গাঁথনিটোত যাতে পৰিৱৰ্তনৰ চিন্তাবোৰে আঘাত নকৰে সেইটোৰ প্ৰতি প্ৰতিটো ৰাজনৈতিক দল, নেতা, নাগৰিক সতর্ক হোৱা উচিত। বর্তমান দেশৰ সংখ্যাগৰিষ্ঠ অংশটো হৈছে যুৱ প্রজন্ম। তেওঁলোকেই দেশখনৰ ভৱিষ্যৎ নির্ণয় কৰিব। গতিকে, এই যুৱ প্ৰজন্মই সংবিধানখনক কেনেদৰে মূল্যায়ন কৰে, তাৰ প্ৰতিহে বৰ্তমানৰ ৰাজনৈতিক ক্ষেত্ৰখনত জড়িতসকলে গুৰুত্ব দিয়া প্রয়োজন। সেয়েহে, সংবিধানক কেন্দ্ৰ কৰি শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছে যি বিতৰ্কৰ সূচনা কৰিছে সেয়া ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত নহৈ দেশৰ চেতনাৰ অনুকূল যাতে হয় তাৰ প্ৰতি দল দুটাৰ নেতৃত্ব সচেষ্ট হোৱা উচিত।

Share This