ডিজিটেল ডেস্কঃ ৰাজস্থানৰ এটা শেহতীয়া খবৰ। খবৰ অনুসৰি ৫৩,৭৪৯টা পিয়ন পৰ্যায়ৰ পদৰ বাবে আবেদন জমা হৈছে ২৪ লাখ ৭৬ হাজাৰ প্ৰাৰ্থীৰ। পদ আৰু প্ৰাৰ্থীৰ এই বৃহৎ পার্থক্যৰ উপৰি চকুত লগা দিশ আছিল অন্যত্র। পদটোৰ বাবে ন্যূনতম যোগ্যতা আছিল দশম শ্ৰেণীৰ উত্তীৰ্ণ, কিন্তু আবেদন কৰা প্ৰাৰ্থীৰ অনেকেই এম বি এ, পি এইচ ডি, অভিযান্ত্রিক ডিগ্রীধাৰী ইত্যাদি।
স্নাতকোত্তৰৰ পাছত প্রতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজা বহুতো আছিল প্রার্থীৰ তালিকাত। এইখন ছবি কেৱল ৰাজস্থানৰ নহয়। এইধৰণৰ তথ্য প্ৰায়ে প্রকাশ হৈ থাকে। কেতিয়াবা ৰাজস্থান, কেতিয়াবা পশ্চিম বংগ, কেতিয়াবা মধ্য প্রদেশ, কেতিয়াবা বিহাৰ, কেতিয়াবা হয়তো অসম। দৰাচলতে অসমকে ধৰি সমগ্ৰ ভাৰতৰ ছবি এয়া। অসমত অলপতে অনুষ্ঠিত হৈ যোৱা এ ডি আৰ ই পৰীক্ষাতো এনেধৰণৰ উচ্চ ডিগ্রীধাৰী অনেক প্রার্থী অৱতীৰ্ণ হোৱাৰ তথ্য প্রকাশ হৈছিল। প্রকৃততে সমগ্র দেশতে ইঞ্জিনীয়াৰিঙৰ ডিগ্রীধাৰীয়ে স্কুলত শিক্ষকতা কৰা, তৃতীয় বৰ্গৰ চাকৰি কৰা, স্নাতকোত্তৰ ডিগ্রীধাৰীয়ে পিয়নৰ চাকৰি কৰা আদিৰ দৰে ঘটনা অলেখ। যি বিষয়ত পঢ়া-শুনা কৰিছে, যি ওজনৰ ডিগ্ৰী অৰ্জন কৰিছে তাৰ সৈতে তাল-মিল নোহোৱা জীৱিকা গ্রহণ কৰিছে- এনে আশাহত যুবক-যুৱতীৰে ভৰিছে দেশ। এই পৰিস্থিতি কিমান ভয়ংকৰ ধৰণেৰে বৃদ্ধি পাইছে, সেই তথ্য প্রকাশ পাইছে শেহতীয়া এক সমীক্ষাত। সমীক্ষা অনুসৰি, দেশৰ মাত্র ৮.২৫ শতাংশ স্নাতকৰহে পেছা তেওঁলোকৰ ডিগ্ৰীৰ সৈতে সামঞ্জস্যপূর্ণ।
ওপৰৰ কথাখিনিৰ দুটা অর্থ। এক দেশৰ নিবনুৱা অনুপাতে জীৱিকাৰ সৃষ্টি হোৱা নাই আৰু আনহাতে দেশৰ শিক্ষানুষ্ঠানসমূহে জীৱিকাৰ বজাৰৰ চাহিদা অনুসৰি মানৱ সম্পদ সৃষ্টি কৰিব পৰা নাই। ডিগ্রী হয়তো আছে, কিন্তু যোগ্যতা নাই- এনে প্রার্থীৰ ভিৰ চাকৰিৰ বজাৰত এতিয়া সৰহ আৰু সেয়ে প্রত্যাখ্যাত হোৱাৰ সংখ্যাও সবহ। অপ্রিয় হ'লেও সত্য, নিজকে কোনোবা এটা কৰ্মৰ বাবে যোগ্য, পাৰ্গত কৰি তুলিব নোৱৰা, কিন্তু ডিগ্ৰীৰ ওজনেৰে গধুৰসকলেই সাধাৰণতে নিজৰ শিক্ষাগত অৰ্হতাতকৈ তলৰ পদবীৰ চাকৰিত আৱেদন কৰি সংখ্যা বৃদ্ধি কৰে নিবনুৱাৰ। সহজ, নিৰাপদ পথৰূপে বাছি ল'ব খোজে যিকোনো স্তৰৰ এটা চৰকাৰী চাকৰি।
এইখিনিতে অসমৰ আন এক ছবিলৈ মন কৰা ভাল। এইবাৰ (২০২৪)ৰ লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ মাত্ৰ দুজনেহে পাৰদৰ্শিতা দেখুৱাইছে। তাৰে এজনে পূর্বেই ইউ পি এছ চিত স্থান লাভ কৰি দায়িত্ব পালন কৰি আছেই। সেই অৰ্থত এইবাৰ আমাৰ পাৰদর্শী প্রার্থী মাত্র এজনহে। বিহাৰ, উত্তৰ প্ৰদেশ কথা বাদেই, তামিলনাডুৰ সংঘৰ্ষজৰ্জৰ কাশ্মীৰৰ পৰাও আনকি আমাতকৈ বহু বেছি উত্তীর্ণ হৈছে এই পৰীক্ষাত। এই ছবি দেখি ভাব হয় আমাৰ যুৱক-যুৱতীসকল এনেধৰণৰ সন্মানীয় সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে যোগ্য হৈ পৰা নাই কিয়? তেওঁলোকৰ কেৰোণ ক'ত? নে আমাৰ যুৱক-খুৱতীসকল এনেধৰণৰ প্ৰচুৰ প্রতিযোগিতামূলক পৰীক্ষাতকৈ তুলনামূলকভাৱে সহজ তৃতীয়-চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিতে নিজৰ সপোন আৰু প্ৰতিভা সীমবদ্ধ ৰাখিব খোজে নেকি?
এই দুয়ো ধৰণৰ প্ৰসংগৰ সামগ্রিক ছবিখন দেখি ভাব হয় আমাৰ শিক্ষা ব্যৱস্থাৰ যেন ক'ৰবাত দুর্বলতা আছে। আমাৰ যুৱক-যুৱতীসকলক যুগোপযোগী শিক্ষাৰে পাৰ্গত কৰিবলৈ আমাৰ শিক্ষা ব্যৱস্থা যেন ক'ৰবাত বিফল হৈছে। সমস্যা আছে আমাৰ মধ্যবিত্তীয় মানসিকতাক লৈও। দ্বাদশ শ্রেণী উত্তীর্ণ হ'লেই উচ্চ শিক্ষা ল'বই লাগিব বুলি এক বদ্ধমূল ধাৰণা আমাৰ অধিকাংশ অভিভাৱকৰ মন-মগজুত এতিয়াও সক্রিয়। দ্বাদশ শ্রেণীৰ পাছত বৃত্তিমুখী শিক্ষাক লৈ প্ৰচাৰ বহুত, চৰকাৰী আঁচনিও অলেখ- কিন্তু সেইবোৰ বৃত্তিত 'সামাজিক সম্মান' আজিও আৰোপ নোহোৱাত আর্জন থাকিলেও সেইবোৰ বৃত্তিৰ প্ৰতি সাধাৰণতেই আগ্রহী নহয় অভিভাৱক, শিক্ষার্থী কোনোৱেই। তথাকথিত 'ভদ্রলোকৰ শ্ৰেণী'ত অন্তর্ভুক্ত হোৱাৰ বাসনা ভাৰতীয় মধ্যবিত্তৰ মাজত ইমানেই গভীৰভাৱে শিপাই আছে যে ই ৰুদ্ধ কৰি পেলায় বৃত্তিমুখী শিক্ষাৰে কঢ়িয়াই আনিব পৰা জীৱন-জীৱিকাৰ অলেখ সম্ভাৱনাময় পথ। 'সকলোৰে বাবে উচ্চশিক্ষা প্রয়োজনীয় নহয়' আৰু 'তথাকথিত উচ্চ শিক্ষা নোহোৱাকৈও বৃত্তিমূলক শিক্ষাৰে মর্যাদাসম্পন্ন, সন্মানীয় জীৱন-যাপন কৰি পাৰি'- সেই দুটা কথা আমাৰ মন-মগজুত প্রোথিত কৰিব নোৱৰালৈকে এইধৰণৰ নিবনুৱা আৰু ছদ্মবেশী নিবনুৱাৰে বা আৰ্জিত ডিগ্ৰীৰ সৈতে সামঞ্জস্যহীন জীৱিকাত আশাহত প্রার্থীয়ে ভৰি থাকিব সমাজ।
একেদৰে ইউ পি এছ চিৰ দৰে উচ্চ পদবীধাৰী তথা তীব্র প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে আমাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আশানুৰূপ আগ্রহ নোহোৱাটো আৰু আগ্রহীসকলৰ মাজতো সফলতাৰ হাৰ কম হোৱাটো বিশেষ বিচাৰ্যৰ বিষয়। ভাব হয়, জ্ঞান-বিজ্ঞানৰ শেহতীয়া পৃথিৱীখনত, চাকৰি জীৱিকাৰ শেহতীয়া বজাৰখনৰ উপযোগীকে আমাৰ ছাত্ৰ-ছাত্ৰীসকল কিবা কাৰণত পাৰ্গত হৈ উঠা নাই। বৃত্তিমূলক শিক্ষা, দক্ষতা বিকাশ, 'ছফ্ট স্কীল' আদি কথাবোৰ এতিয়াও বহু পৰিমাণে প্রতিবেদন, আলোচনা-চক্রতে সীমাবদ্ধ হৈ আছে, শিক্ষাৰ ব্যাৱহাৰিক পৃথিৱীখনলৈ ই এতিয়াও বহুলভাৱে প্ৰসাৰিত হোৱা নাই।
হয়তো আমাৰ শিক্ষা ব্যবস্থা, হয়তো আমাৰ মানসিকতা, হয়তো দুয়োটাই ইয়াৰ বাবে জগৰীয়া। এই বিষয়ে গভীৰভাৱে বিবেচনা কৰি সঠিক পদক্ষেপ ল'ব নোৱাৰিলে যিদৰে নিবনুৱাৰ সংখ্যা বাঢ়িয়েই থাকিব, সেইদৰে অদূৰ ভবিষ্যতে অসমৰ মুখ্য সচিব বা ডি জি পিৰ চকীত বহিবলৈ অসমীয়া নাই বুলি দুখ কৰি থকাৰ বাহিৰে কৰিবলৈ একো নাথাকিব।