ট্রাম্প-জেলেনস্কী প্রসংগ

dainik janambhumi March 04, 2025

ডিজিটেল ডেস্ক: হোৱাইট হাউছৰ অভেল কাৰ্যালয়ত যোৱা শুকুৰবাৰে এক নজিৰবিহীন কাণ্ড সংঘটিত হ'ল, যিটো প্রত্যক্ষ কৰি (সামাজিক মাধ্যমৰ সুবাদত) বিশ্ববাসী আক্ষৰিক অৰ্থতে আশ্চর্যান্বিত। ইউক্রেইনৰ দৰে যুদ্ধপীড়িত দেশ এখনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে খোদ হোৱাইট হাউছত বহি সর্বশক্তিমান মার্কিন ৰাষ্ট্ৰপতিগৰাকীৰ চকুত চকু থৈ উত্তপ্ত বাক-বিতণ্ডাত লিপ্ত হোৱাটো বিশ্ববাসীৰ বাবে অভাৱনীয় কথা। ট্রাম্প- জেলেনস্কীৰ সেই বাকযুদ্ধখনে বিশ্বৰ কূটনৈতিক দৃশ্যপট ওলট-পালট কৰি দিয়াই নহয়, ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ সৈতে আমেৰিকাৰ সম্পৰ্কৰ ক্ষেত্ৰতো কেতবোৰ প্ৰশ্নৰ সৃষ্টি কৰিছে। ট্রাম্প-জেলেনস্কীৰ বাদানুবাদৰে বিষয়টো সমাপ্ত হোৱা হ'লে কথা নাছিল, কিন্তু ই অতি কৌতূহলোদ্দীপক হৈ উঠে হোৱাইট হাউছৰ পৰা অসন্মানজনকভাৱে বিদায় দিয়াৰ পাছত লণ্ডনে জেলেনস্কীক জনোৱা সম্ভাষণৰ প্রাবল্য তথা ৰাছিয়া-ইউক্রেইনৰ যুদ্ধক লৈ লণ্ডনত অনুষ্ঠিত ইউৰোপীয় ৰাষ্ট্ৰনেতাসকলৰ জৰুৰী বৈঠকৰ পৰিপ্ৰেক্ষিতত। এই সংঘাতৰ মূল বিষয়বস্তু হৈছে ৰাছিয়া-ইউক্রেইনক এক যুদ্ধ-বিৰতিত উপনীত কৰোৱা। দ্বিতীয়বাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে দায়িত্ব গ্রহণৰ দিনাই ড'নাল্ড ট্রাম্পে ঘোষণা কৰিছিল যে তৃতীয় বিশ্বযুদ্ধৰ যি আশংকা ক্রমাৎ তীব্র হৈ গৈ আছে সেই পৰিৱেশ তেওঁ নোহোৱা কৰিব, অৰ্থাৎ তৃতীয় বিশ্ব যুদ্ধৰ পৰা তেওঁ বিশ্বক ৰক্ষা কৰিব। নিঃসন্দেহে এই ঘোষণা বিশ্ববাসীৰ বাবে অতি আদৰণীয়। সেই ঘোষণাৰ অংশ হিচাপেই ইতিমধ্যে হামাছ-ইজৰাইলৰ মাজত যুদ্ধ-বিৰতি হৈছে। পৰস্পৰে বন্দীসকলক মুকলি কৰি দিয়া প্রক্রিয়া অব্যাহত ৰাখিছে। ইয়াৰ পাছতে আহিল ৰাছিয়া-ইউক্রেইনৰ যুদ্ধখনৰ অন্ত পেলোৱাৰ প্ৰসংগ। ইজৰাইল-হামাছৰ যুদ্ধখন হৈছে ধর্মীয় আধিপত্যবাদ প্ৰতিষ্ঠাৰ প্ৰৱণতাৰ পৰিণতি, কিন্তু ৰাছিয়া-ইউক্রেইনৰ যুদ্ধখন হৈছিল ৰাজনৈতিক আধিপত্য প্রতিষ্ঠাক কেন্দ্ৰ কৰি হোৱা সংঘাতৰ বাবে। সেয়েহে, ৰাছিয়া-ইউক্রেইনৰ যুদ্ধখন গুণগতভাৱে পৃথক আৰু ইয়াৰ ঐতিহাসিক কাৰণবোৰ সুকীয়া। গতিকে, এই যুদ্ধখনক লৈ কিবা সিদ্ধান্ত ল'ব লগা হ'লে ই একপক্ষীয় হ'ব নোৱাৰে। সেয়েহে, ১৯ ফেব্ৰুৱাৰীত ছৌডি আৰবৰ ৰিয়াধত আমেৰিকা আৰু ৰাছিয়াৰ উচ্চ পদস্থ দলৰ মাজত যুদ্ধখনক লৈ যিখন বৈঠক হৈছিল তাক ইউক্রেইন আৰু ইউৰোপীয় ৰাষ্ট্ৰনেতাসকলে সহজে গ্রহণ কৰা নাছিল। তেওঁলোকৰ যুক্তি আছিল যে তেওঁলোকক বাদ দি কোনো আলোচনা আগবঢ়া উচিত নহয়। তাৰ পাছত আমেৰিকালৈ যোৱা জেলেনস্কীক যেতিয়া প্ৰায় ধমকৰ সুৰত যুদ্ধ-বিৰতিৰ চৰ্ত মানিবলৈ সৈমান কৰোৱাৰ উদ্দেশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধান দুগৰাকীয়ে কথা ক'বলৈ ধৰিলে, তেতিয়া ইউক্রেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নীৰৱে সেই নির্দেশ মানি ল'বলৈ অস্বীকাৰ কৰিলে। তেওঁলোকৰ মাজৰ উত্তপ্ত বাদানুবাদৰ 'ক্লিপ' সামাজিক মাধ্যমত বহুতেই প্রত্যক্ষ কৰিছে। ১৯৯১ চনত পৃৰ্বৰ ছোভিয়েট ৰাছিয়া ভংগ হোৱাৰ পাছত স্বাধীন হোৱা ইউক্ৰেইনক নিয়ন্ত্ৰণত ৰাখিবলৈ ৰাছিয়াই চেষ্টা কৰি আছে।

তাত ৰুছ সমর্থিত আৰু ৰুছ-বিৰোধী শাসকৰ উত্থান-পতনো একাধিকাৰ ঘটিছে। ৰুছ-বিৰোধীসকলে 'নাটো'ৰ অন্তৰ্ভুক্ত হৈ ৰাছিয়াৰ আগ্রাসনৰ পৰা নিজক ৰক্ষা কৰিবলৈ কৰা চেষ্টাৰ পৰিণতিতে ৰাষ্ট্ৰ দুখনৰ সংঘাতপূর্ণ পৰ্যায়ৰ যুদ্ধলৈ ৰূপান্তৰিত হয় ২০২২ চনত। এই সংঘাত আৰু যুদ্ধৰ সময়ছোৱাত আমেৰিকাই ইউক্রেইনক যথেষ্ট সামৰিক সাহায্য দি সহায় কৰিছে ঠিকেই, একেদৰে জার্মানি, ছুইডেন, বুলগেৰিয়াকে ধৰি ইউৰোপীয় ইউনিয়নৰ ৪৩খন ৰাষ্ট্ৰয়ো দেশখনক কম সহায় কৰা নাই। ব্রিটেইনেও সহায় আগবঢ়াইছে প্ৰচুৰ। গতিকে, প্রত্যাশিতভাৱেই ৰাছিয়া-ইউক্রেইনৰ যুদ্ধখনৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সময়ত এই ৰাষ্ট্ৰসমূহৰো মতামত অপৰিহাৰ্য বুলি তেওঁলোকে বিবেচনা কৰে। তেনেস্থলত আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পে দ্বিতীয়বাৰ ক্ষমতাত বহিয়েই ৰাছিয়া আৰু ইউক্রেইনক নিজস্ব চৰ্ত তথা ক্ষমতাৰে যুদ্ধ-বিৰতিৰ চুক্তিৰ মাজলৈ অনাৰ প্ৰচেষ্টা চলোৱাত অৱধাৰিতভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ২০২৪ চনৰ ৫ জুলাইত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ আসনত বহা কেইৰ ষ্টাৰ্মাৰে আমেৰিকাৰ এনে একপক্ষীয় উদ্যোগৰ বিৰুদ্ধে একধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি আমেৰিকাত অপমানিত হোৱা জেলেনস্কীক লণ্ডনত বীৰোচিত আদৰণি জনোৱাই নহয় জার্মানি, ফান্স, ডেনমার্ক, ইটালি, নেদাৰলেণ্ড, নৰৱে, পোলেণ্ড, স্পেইন, তুর্কী, ফিনলেণ্ড, ছুইডেন, ৰোমানিয়াৰ ৰাষ্ট্ৰপ্ৰধানসকল আৰু ইউৰোপিয়ান ইউনিয়ন, ইউৰোপিয়ান কমিছনৰ অধ্যক্ষক লৈ যোৱা দেওবাৰে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে, য'ত নিজাববীয়াকৈ ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ অৱসানৰ উদ্যোগ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। 

ট্রাম্পে যি যুদ্ধ-বিৰতিৰ উদ্যোগ লৈছে সেয়া ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক তোষামোদ কৰি ৰচনা কৰা বুলি আমেৰিকাৰ ভিতৰে-বাহিৰে অভিযোগ উঠিছে। কিন্তু ব্রিটিছ প্রধানমন্ত্ৰীৰ উদ্যোগত ইউৰোপীয় নেতাসকলৰ অভিমত হ'ল- দুয়োপক্ষৰ মাজত এনে এখন চুক্তি হ'ব লাগিব, যিখনৰ পৰা ৰাছিয়া সহজে ওলাই যাব নোৱাৰে। অর্থাৎ পুটিনক নিয়ন্ত্রণত ৰাখিব পৰা এখন যুদ্ধ-বিৰতিৰ চুক্তিহে বিচাৰে ইউৰোপীয় এই নেতাসকলে। তেওঁলোকে অৱশ্যে কৈছে যে আমেৰিকাক লগত ৰাখি এই প্রচেষ্টা চলোৱা হ'ব। এই ঘটনা-প্ৰৱাহে এটা কথা স্পষ্ট কৰিছে যে ট্রাম্পে যি কর্তৃত্বসুলভ দৃষ্টিভংগীৰে বিশ্বৰ জ্বলন্ত সমস্যাবোৰৰ মোকাবিলা কৰিব বিচাৰিছে, অর্থনৈতিক বিষয়তো 'আমেৰিকা প্রথম' নীতিৰে অন্য দেশবোৰক পদানত কৰি ৰাখিব বিচাৰিছে সেই নীতিক বিশ্বৰ অন্য দেশবোৰে সহজে গ্ৰহণ কৰিব খোজা নাই। ট্রাম্পৰ ভূমিকাই ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ ভৱিষ্যৎ যেনেকৈ অনিশ্চিত কৰি পেলালে, তেনেকৈ অন্য বিষয়বিলাকতো অনিশ্চয়তা নমোৱাৰ আশংকা প্রবল। বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আমেৰিকা ওলাই আহিছে, আই এম এফ, ৱৰ্ল্ড বেংকৰ পৰা ওলাই অহাৰো ভাবুকি দিছে। এইবিলাকেও বিশ্বজুৰি অসন্তুষ্টিৰ বাতাৱৰণ এটা সৃষ্টি নকৰাকৈ নাথাকিব। তদুপৰি, দক্ষিণ চীন সাগৰত আধিপত্য প্রতিষ্ঠা, টাইৱানৰ সাৰ্বভৌমত্ব আদি বিষয়ক লৈ চীন-আমেৰিকাৰ সংঘাতে যি উদ্বেগৰ পৰিৱেশ বৰ্তাই ৰাখিছে তাৰ সমাধানৰ উদ্যোগ ট্রাম্পে কেনেকৈ লয়, সেয়াও লক্ষণীয় হ'ব। মুঠতে ট্রাম্প-জেলেনস্কীৰ অধ্যায়টোৱে ৰণনৈতিক আৰু কূটনৈতিক সম্পৰ্কবিলাকৰ ক্ষেত্ৰত অনাগত দিনত নতুন কিছুমান দৃশ্যপটৰ অৱতাৰণা কৰাৰ দুৱাৰ খুলি দিলে।

Share This