অৰ্থনৈতিক বৃদ্ধি
Dainik Janambhumi
December 05, 2024
আমাৰ দেশৰ জি ডি পি ক্ৰমাৎ বৃদ্ধি পোৱা বুলিয়েই চৰকাৰী পক্ষই ঢোল বজাই আছে৷ কোৱা হৈছে যে দেশৰ জি ডি পি পূৰ্বৰ তুলনাত দ্ৰুত বৃদ্ধি হৈছে আৰু দেশৰ অৰ্থনৈতিক উন্নয়ন হৈছে৷ এতিয়া বিশ্বৰ দ্ৰুত অৰ্থনৈতিক উন্নয়নশীল দেশৰ দৌৰত আগত আছে আমাৰ দেশ৷ কিন্তু এখন দেশৰ জি ডি পি বৃদ্ধি মানেই জনগণৰ অৰ্থনৈতিক মান বৃদ্ধি হয়নে? তেনেহ’লে আমাৰ দেশৰ সাধাৰণ জনগণৰ জীৱন ধাৰণ ইমান দুৰ্বিষহ হৈ পৰিছে কিয়?
অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত মধ্যবিত্তীয় আৰু সাধাৰণ জনগণে পৰিস্থিতিৰ সৈতে ফেৰ মাৰি জীৱন নিৰ্বাহৰ সংগ্ৰামত অৱতীৰ্ণ হৈ যুঁজি যুঁজি ভাগৰি পৰিবলগীয়া হৈছে কিয়? বোধকৰোঁ ইয়াৰ অৰ্থ এয়াই যে জি ডি পি বৃদ্ধিয়ে জনতাৰ অৰ্থনৈতিক উন্নয়নক নুসূচায়৷ জি ডি পি বাঢ়িলেও জনতাৰ আৰ্থিক উন্নতি নহ’বও পাৰে৷ অৱশ্যে, এটা কথা ঠিক– জি ডি পি বৃদ্ধি হোৱা মানে দেশ সম্পদশালী হোৱা৷ কিন্তু এখন দেশ সম্পদশালী হোৱা মানেই ইয়াৰ জনগণৰ অৱস্থা সুস্থিৰ নহ’বও পাৰে৷ সেয়ে, এখন উন্নত ৰাষ্ট্ৰ হ’বলৈ হ’লে জি ডি পিৰ সমানে জনমূৰি আয়ো বৃদ্ধি হ’ব লাগিব৷
অৰ্থাৎ জনমূৰি আয় বৃদ্ধিয়েহে জনতাৰ আৰ্থিক সুৰক্ষা নিশ্চিত কৰিব৷ আমাৰ দেশত জনমূৰি আয় আশানুৰূপ নোহোৱাৰ বাবেই জি ডি পি বৃদ্ধি হোৱাৰ পাছতো জনগণৰ অৱস্থা শোচনীয় হৈয়ে আছে নেকি? শাসনাধিষ্ঠিত চৰকাৰে ইখনৰ পাছত সিখন কল্যাণকামী আঁচনিৰে সৰ্বসাধাৰণক সকাহ দি অহাৰ পাছতো এনে প্ৰশ্ন স্বাভাৱিকতেই উঠিব৷ কিয়নো কৃষকক খেতি কৰিবলৈ ধন, দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকক জব কাৰ্ড, বিনামূলীয়া ৰেছন, শ্ৰমিক-মহিলাক সাহায্য, ঋণগ্ৰস্তক ঋণ-মাফ, চাকৰিয়ালক ৰাজসাহায্যযুক্ত ঋণ আদি অনেক জনমুখী আঁচনি চৰকাৰীভাৱে চলাই থকা হৈছে৷ এনেক্ষেত্ৰত এনে প্ৰশ্নক অবান্তৰ বুলিয়েই কোৱা হ’ব পাৰে৷ কিন্তু বাস্তৱ ক্ষেত্ৰত কথাবোৰ তেনেকুৱা হয় জানো?
এই আঁচনিসমূহে ৰাইজক কিমানদূৰ সকাহ দিব পাৰিছে? চৰকাৰী অনুগ্ৰহ লাভ কৰাৰ পাছতো কোনো এজন দৰিদ্ৰ নাগৰিকে কঁকাল পোনাই থিয় হ’ব পাৰিছেনে? খোদ নিটি আয়োগৰ প্ৰতিবেদনতেই প্ৰকাশ পাইছে যে দেশৰ অধিকাংশ ৰাজ্য এতিয়াও দৰিদ্ৰৰ তালিকাতেই আছে৷ যোৱা বছৰ প্ৰকাশ পোৱা ‘ৰাষ্ট্ৰীয় বহুমুখী দৰিদ্ৰ সূচকাংক’ৰ প্ৰতিবেদন মতে দেশত সৰ্বাধিক দৰিদ্ৰ ৰাজ্যৰ সংখ্যাও বহুত৷ আনকি পঞ্জাবৰ দৰে ৰাজ্যতো দৰিদ্ৰৰ হাৰ মাত্ৰ ৪.৭৫ শতাংশ৷ লক্ষণীয় কথাটো হ’ল এই সৰ্বাধিক দৰিদ্ৰ ৰাজ্যৰ তালিকাত অসমৰ স্থান ষষ্ঠ৷ ইয়াৰ ৬৯.৩৭ শতাংশ নাগৰিকৰে নাই ভাল থকা ঘৰ, ৭.৪৪ শতাংশৰ ঘৰত নাই বিদ্যুৎ সংযোগ, ১৪.৯১ শতাংশৰ নাই বিশুদ্ধ খোৱাপানীৰ উৎস আৰু ৫৯.৩৩ শতাংশৰ ঘৰত নাই ৰন্ধন ইন্ধন৷ তদুপৰি, অসমৰ ওপৰত এতিয়াও ১৯.৩৫ শতাংশ দৰিদ্ৰৰ বোজা৷ এনে আৰ্থিক দুৰৱস্থাৰ বাবে, ঋণগ্ৰস্ততাৰ বাবে দেশত আত্মহননৰ ঘটনাও ক্ৰমাৎ বৃদ্ধি পাই আহিছে৷
খোদ প্ৰধানমন্ত্ৰী-গৃহ মন্ত্ৰীৰ গৃহ ৰাজ্য গুজৰাটতে আৰ্থিক দুৰৱস্থাৰ বাবে শিশুসহ ব্যৱসায়ীৰ পৰিয়ালে আত্মহত্যা কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে৷ সেইদৰে আমাৰ অসমতো দম্পতী, ব্যৱসায়ীৰ পৰিয়াল, নিবনুৱা আদিয়ে কৰ্মহীনতা আৰু আৰ্থিক দুৰৱস্থাৰ বাবে আত্মহনন কৰিবলগীয়া হৈছে৷ বছৰচেৰেক পূৰ্বে ৰঙিয়াতো ঋণগ্ৰস্ততাৰ বাবে এটা ব্যৱসায়ী পৰিয়ালে একেলগে আত্মহননৰ পথ বাছি লৈছিল৷ কিন্তু সৌভাগ্যক্ৰমে ঘৰখনৰ মুৰব্বীজনৰ প্ৰাণহানি হোৱা নাছিল৷ অনুৰূপ ঘটনা সংঘটিত হৈছিল গুৱাহাটীতো৷ মাজুলীৰ এগৰাকী টে’ট শিক্ষকে গুৱাহাটীৰ খানাপাৰাৰ এজোপা গছত আত্মহত্যা কৰিছিল৷ কাৰণটো আছিল সেই একেই– ঋণগ্ৰস্ততা৷ অপ্ৰিয় হ’লেও সত্য এয়াই যে দেশৰ সাধাৰণ জনগণৰ বাবে আৰ্থিক দুৰৱস্থা আজি ভাবিব নোৱৰা বোজাত পৰিণত হৈছে৷ অসমৰ পটভূমিত চালেও এই কথা প্ৰতীয়মান হয়৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দৈনিক দাম বৃদ্ধি, আকাশলংঘী পেট্ৰল-ডিজেল, টোল টেক্স বৃদ্ধি আদিয়ে কোঙা কৰি পেলাইছে জীৱন৷ ভয়াৱহ কথাটো হৈছে চাউলৰ দাম প্ৰায় প্ৰতিমাহে বৃদ্ধি পোৱাটো৷ শ্ৰমজীৱী মানুহে আন একো নহ’লেও নিমখ ভাত খোৱাটোও যেন এতিয়া বিলাসিতা হৈ পৰিল৷ এতিয়া কিল’ ৫০ টকাৰ তলত চাউল পাবলৈকে নাই৷ পূৰ্বে ২০ টকা দামৰ পৰিমল চাউলৰ দামো হঠাৎ বৃদ্ধি পাই ৩০-৩৫ টকা হৈছেগৈ৷ এনে কঠিন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে মধ্যবিত্তীয়-উচ্ছ মধ্যবিত্তীয় চামেও নিজৰ নিজৰ বাজেট সংকুচিত কৰিবলৈ লৈছে৷ তাৰ ফল ভুগিবলগীয়া হৈছে দিন হাজিৰা কৰা শ্ৰমজীৱী লোকসকলে৷ বহু শ্ৰমিক আজি কৰ্মহীন হৈছে৷ একাংশ সচেতন লোকৰ মতে এনেবোৰ দুৰৱস্থাৰ বাবেই চুৰি-ডকাইতি আদি বৃদ্ধি পাইছে৷ বৃদ্ধি পাইছে দিনতেই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিয়া, মঠ-মন্দিৰৰ সোণ-ৰূপৰ সামগ্ৰী লুট কৰা আদি কাৰ্যও৷
সেইদৰে ঘৰ-সংসাৰ, পৰিয়াল-পৰিজনৰ মায়া-মোহ এৰি একাংশ নিষিদ্ধ সংগঠনলৈ যোৱাৰ আঁৰতো এনে পৰিস্থিতি বুলিয়েই ক’ব খোজে৷ আনহাতে, চাকৰিৰ নামত যৎসামান্য উপাৰ্জনেৰে পৰিয়াল চলাই থকা লোকসকলো পোত গৈছে ধাৰৰ বোজাত৷ পৰিৱৰ্তিত পৰিস্থিতিত খাপ খাবলৈ বিচাৰি তেওঁলোকে সহজে ভৰি দিছে বিভিন্ন কোম্পানী-বেংকৰ প্ৰলোভনত৷ তাৰ পাছত সেই ধাৰ শুজিবলৈ সংগ্ৰামৰ উপৰি সংগ্ৰাম৷ বহুতে এনে পীড়ন সহিব নোৱাৰিয়েই বিকল্প পথ গ্ৰহণ কৰিছে৷ তথ্য মতে, আমাৰ দেশত প্ৰতি এক লাখ লোকৰ ভিতৰত ১৪জন লোকেই অৰ্থনৈতিক কাৰণত আত্মহনন কৰিছে৷ এই হাৰ আকৌ সমগ্ৰ বিশ্বজুৰিও উনুকিয়াই চাব পাৰি৷ সেই অনুসৰি বিশ্বত প্ৰতি এক লাখ লোকৰ ভিতৰত অৰ্থনৈতিক সংকটৰ বাবে আত্মহনন কৰা লোকৰ সংখ্যা হৈছে জ্ঝজন৷ নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ তথ্য মতে, ২০২০-২০২১ চনত দেশৰ ৩.১৭ লাখ লোকে অনাটন-ঋণগ্ৰস্ততাৰ বাবেই স্ব-মৃত্যুক আঁকোৱালি লৈছে৷ এতিয়া প্ৰশ্ন হ’ব ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি? এই ক্ষেত্ৰত নি(য়কৈ চৰকাৰেই গুৰি ধৰিব লাগিব৷ চৰকাৰে কোৰোণাৰে চপাই চামুচেৰে দিয়া নীতি এৰিব লাগিব৷ জধে-মধে কৰ আৰোপ কৰা, জৰিমনা বিহা আদি বন্ধ কৰিব লাগিব৷ জি এছ টি, টোল কৰ আদিৰ হেঁচাৰ মাজত জনগণে বহু সহ্য কৰি পৰিস্থিতিৰে মোকাবিলা কৰি আছে৷ এনেক্ষেত্ৰত জনগণৰ সহিষ্ণুতাৰ বিস্ফোৰণ ঘটাৰ পূৰ্বেই সকাহ দিয়াৰ ব্যৱস্থা কৰাটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰতেই পৰিব৷
Share This