ডিজিটেল ডেস্কঃ একেটা বস্তু একে সময়তে ভাল আৰু বেয়া দুয়োটা হ'ব নোৱাৰে। হয় ভাল, নহয় বেয়া। অৱশ্যে, দৃষ্টিৰ পাৰ্থক্য, ধাৰণাৰ ধৰণ আদিক লৈ বস্তুটোৰ সম্পর্কে অভিমত বেলেগ বেলেগ হ'ব পাৰে। অসম আন্দোলনটো কোনোবাই ভাল বুলি কয়, কোনোবাই কয় জাতিধ্বংসী। ইন্দিৰা গান্ধীক কোনোবাই মহীয়সী বুলি কৈছিল, কোনোবাই কৈছিল স্বৈৰাচাৰী। জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, চৰ্দাৰ বল্লভভাই পেটেলৰ দৰে নেতাক লৈও মতদ্বৈধতা পৰিলক্ষিত হয়। মতদ্বৈধতা থাকিলেও সামগ্রিক স্বার্থত জড়িত বিষয় কিছুমানৰ ক্ষেত্ৰত সহমত প্রতিষ্ঠা অতি জৰুৰী।
কোনোবাই গণতন্ত্র বেয়া বুলি ভাবিব পাৰে, কিন্তু আমাৰ দেশখনৰ শাসন পদ্ধতি যিহেতুকে গণতান্ত্রিক, গতিকে এই বাস্তৱক মানি লৈ আমি গণতান্ত্রিক ব্যৱস্থাটোক আগবঢ়াই নিয়াত নিজৰ নিজৰ সাম্যক ব্যৱহাৰ কৰিব লাগিব। এই পাতনিৰ যোগেদি আমি সাম্প্ৰতিক সময়ত আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সৈতে সাঙোৰ খাই পৰা এটা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ। বিষয়টো হৈছে- 'শিক্ষাসেতু'। 'শিক্ষাসেতু' হৈছে এটা সম্পূর্ণ ডিজিটেল প্লেটফৰ্ম যাৰ জৰিয়তে বিদ্যালয়, ইয়াৰ শিক্ষক-কর্মচাৰী আৰু শিক্ষাৰ্থীৰ সৈতে সম্পর্কিত বিষয়বোৰৰ ৩৬০° তথ্য সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হৈছে। সমগ্র শিক্ষা, অসমে অন্যান্য বিভাগৰ সহযোগত এই 'এপ্লিকেশ্যন' প্ৰস্তুত কৰিছে। যোৱা সোমবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ 'শিক্ষাসেতু এপ'ক 'প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকর্ষ বঁটা' প্রদান কৰে। সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ডাঃ ওমপ্রকাশে এই বঁটা গ্ৰহণ কৰে।
যোৱা বছৰ মুম্বাইত অনুষ্ঠিত 'ই-গভর্নেন্স'ৰ ৰাষ্ট্ৰীয় সম্মিলনতো এই এপে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পৰা এটা কথাই প্রতিপন্ন হয় যে অসমৰ শিক্ষা বিভাগে বিদ্যালয়সমূহৰ সমুদায় তথ্য সংগ্ৰহৰ বাবে বলৱৎ কৰা এই ব্যৱস্থাটোৱে সাম্প্ৰতিক সময়ৰ এটা অতি উৎকৃষ্ট ব্যৱস্থা হিচাপে ৰাষ্ট্ৰীয় স্তৰত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। তেনেহ'লে ২০২৩ চনৰ ২৫ এপ্ৰিলৰ পৰা ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰত বলবৎ হোৱা 'শিক্ষাসেতু এপ'ৰ এই ব্যৱস্থাটোক ৰাজ্যৰ শিক্ষক সমাজৰ একাংশই গ্রহণ কৰিব খোজা নাই কিয়? এই 'শিক্ষাসেতু এপ' বলৱৎ হোৱাৰ দিনৰ পৰা এতিয়ালৈকে শিক্ষক সমাজ আৰু শিক্ষা বিভাগৰ সংঘাত চলি থকাৰ কাৰণ কি? শিক্ষক সমাজৰ মতে, 'শিক্ষাসেতু এপ'ৰ ব্যৱস্থাটো ভাল নে বেয়া? এই ডিজিটেল প্লেটফৰ্মখনৰ কাম-কাজ আৰম্ভ হোৱাৰ সময়ৰে পৰা ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰত কি পৰিৱেশ বিৰাজ কৰি আহিছে সেই বিষয়ে বিভিন্ন মাধ্যমত খবৰ প্রকাশ হৈ আহিছে। 'শিক্ষাসেতু এপ'ৰ সৈতে শিক্ষক সমাজৰ গৰিষ্ঠ অংশ এটাই অসহযোগ কৰি আহিছে। অৱশ্যে, এই অসহযোগৰ যুক্তিবিলাকো উলাই কৰিব পৰা নহয়। গোটেই ব্যৱস্থাটো 'ম'বাইল নেটৱৰ্ক'ৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবে আৰু ৰাজ্যৰ সকলো স্থানতে পর্যাপ্তভাৱে 'ম'বাইল নেটৱৰ্ক' উপলব্ধ নোহোৱা বাবে দায়িত্বশীল শিক্ষকসকলে নিজৰ তথা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিৰ তথ্য দিয়া, বিদ্যালয়ৰ অন্যান্য তথ্য 'আপলোড' কৰাত অসুবিধাৰ সম্মুখীন হোৱাৰ কথা শিক্ষক সংগঠনবিলাকে ৰাজহুৱাকৈ ব্যক্ত কৰাৰ লগতে চৰকাৰকো অৱগত কৰিছে। শিক্ষক সংগঠনবিলাকে জনোৱা আপত্তিৰ ভিত্তিতে 'শিক্ষাসেতু' এপত থকা অসুবিধাসমূহ দূৰীকৰণৰ বাবে চৰকাৰে এখন কমিটীও গঠন কৰি দিছে। এই কমিটীখন দিয়া প্রতিবেদন এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই।
অথচ শিক্ষাসেতু এপৰ যোগেদি উপস্থিতিৰ তথ্য নিদিয়া বাবে ইতিমধ্যে ভালেসংখ্যক শিক্ষকৰ দৰমহা কৰ্তন কৰা হৈছে। এই দিশৰ পৰা চালে 'শিক্ষাসেতু এপ'টো শিক্ষকসকলৰ ওপৰত জাপি দিয়া এটা অতিৰিক্ত বোজা যেনহে ধাৰণা হয়। কিন্তু এটা কথা ঠিক যে এটা বস্তু একে সময়তে ভাল-বেয়া দুয়োটা হ'ব নোৱাৰে। ৰাষ্ট্ৰীয় স্তৰত পুৰস্কৃত হোৱা মানে ইয়াৰ ভাল দিশ থাকিব লাগিব। যদি ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰৰ উপকাৰৰ বাবে এই এপ্লিকেশ্যন উৎকৃষ্ট বুলি চিহ্নিত হৈছেই শিক্ষকসকলে ইয়াক আন্তৰিকতাৰে আদৰি লোৱা উচিত। অন্যহাতে, চৰকাৰ বা সমগ্ৰ শিক্ষা অভিযান মিছনৰ কর্তৃপক্ষই এপ্লিকেশ্যনটোৰ কাৰ্যকাৰিতা বৃদ্ধিৰ স্বাৰ্থতে শিক্ষকসকলৰ অভিযোগবিলাক গুৰুত্বসহকাৰে গ্ৰহণ কৰি ইয়াক নিষ্পত্তি কৰা উচিত।
দৰমহা কৰ্তন কৰি ভয়-ভাবুকিৰে শিক্ষকসকলক 'এপ'টো ব্যৱহাৰৰ বাবে সৈমান কৰিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে চৰকাৰে শিক্ষকসকলক আস্থাত লৈ বিষয়টোৰ প্রয়োগ ত্বৰান্বিত কৰা উচিত। আনহাতে, শিক্ষকসকলেও ৰাষ্ট্ৰীয় স্তৰত পুৰস্কৃত হোৱা ব্যৱস্থা এটাৰ প্ৰয়োগত কেনেদৰে আন্তৰিকতাৰে সহযোগ কৰিব পাৰে তাৰ এটা পটভূমি নিৰ্মাণ কৰাত গুৰুত্ব প্ৰদান কৰা উচিত।