নিৰ্বাচনৰ পিছত

dainik janambhumi May 14, 2025

পঞ্চায়ত নির্বাচনত বিজেপি মিত্রজোঁটে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পাছত ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত ইয়াৰ প্রভাৱ কেনেধৰণে পৰিব, তাক লৈ বিভিন্ন মহলত ইতিমধ্যে গুণা-গঁথা, জল্পনা-কল্পনা চলা পৰিলক্ষিত হৈছে। এই বিজয়ে শাসক মিত্রজোঁটক অহা দিনবোৰত কি ধৰণৰ পৰিৱেশৰ সন্মুখীন কৰাব, বিৰোধী দলবিলাক তথা ইয়াৰ নেতাসকলৰ ভৱিষ্যৎ কি হ'ব সেই কৌতূহল সৃষ্টি হোৱাৰ কাৰণ হৈছে কেইটামান মাহৰ পাছতে ৰাজ্যত বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ'ব। অন্য সময়ত হোৱা হ'লে পঞ্চায়ত নিৰ্বাচনৰ জয়-পৰাজয়ৰ কথাবোৰ কেইদিনমান পাছতে তল পৰিলেহেঁতেন, কাৰণ পঞ্চায়তৰ সৈতে জনসাধাৰণৰ সম্পৰ্কৰ পৰিসৰ সীমিত। কিন্তু সন্মুখত বিধানসভাৰ নির্বাচন থকা বাবে পঞ্চায়তৰ জয়-পৰাজয়ৰ হিচাপবোৰ প্ৰাসংগিক হৈ থাকিব।

এই দিশৰ পৰা চালে দেখা যায় যে শাসক-বিৰোধী উভয় পক্ষই এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ প্রভাৱৰ পৰা মুক্ত নহ'ব। অৱশ্যে শাসকীয় মিত্রজোঁটৰ বাবে এই প্রভাৱ অৱধাৰিতভাৱে ইতিবাচক হ'ব। পঞ্চায়ত নির্বাচনৰ ঐতিহাসিক বিজয়ৰ মাইলৰ খুঁটিটোৰ পৰা তেওঁলোকৰ ২০২৬ৰ নিৰ্বাচনৰ যাত্ৰা আৰম্ভ হ'ব। কিন্তু এই বিজয়ে তেওঁলোকৰ বাবে অনা সমস্যাটো হৈছে শ্রেণীত সদায় প্রথম হোৱা শিক্ষার্থীজনৰ লেখীয়া। এতিয়াও তেওঁলোকৰ ওপৰত হেঁচা থাকিব পঞ্চায়তৰ বিজয়ৰ চমক তেওঁলোকে ২০২৬-ত অব্যাহত ৰাখিব পাৰিব নে নোৱাৰে। বিজেপিৰ চৰকাৰক লৈ বাজ্যবাসীৰ আশা বাঢ়ি গৈ আছে। লাখ লাখ হিতাধিকাৰীক দি থকা ধন তথা বিনামূলীয়া সেৱা অব্যাহত ৰখাটো তেওঁলোকৰ বাবে বাধ্যতামূলক হৈ থাকিব। কাৰণ নীতি-আদর্শতকৈ এই ধন আৰু বিনামূলীয়া সেৱা-উপহাৰবিলাকৰ বাবে ৰাজ্যবাসীয়ে শাসকীয় মিত্রজোঁটক উবুৰি খাই পৰি ভোট দিছে। গতিকে এই ধাৰাটো ৰক্ষা কৰিব পৰাটোৱেই হ'ব বিজেপি মিত্রজোঁটৰ বাবে প্রধান প্রত্যাহ্বান। আনহাতে, বিৰোধী পক্ষৰ বাবে পঞ্চায়ত নির্বাচনটোৰ প্রভাৱ কি হ'ব, তাক অনুধাৱন কৰাত অসুবিধা নাই। প্রথম কথা হ'ল, কংগ্রেছকে ধৰি কোনোটো বিৰোধী ৰাজনৈতিক দলেই এতিয়া দাবী কৰাটো দূৰৈৰ কথা, ভাবিবই নোৱৰা হ'ল যে পৰৱৰ্তী বিধানসভাত সমতা দখল কৰিব পৰাকৈ ৰাজ্যবাসীৰ আস্থা তেওঁলোকৰ ওপৰত আছে!

এতিয়া প্রায় শূন্যৰ পৰা ৰাজ্যৰ অধিকাংশ বিধানসভা সমষ্টিৰ যুঁজত অৱতীর্ণ হ'ব লাগিব। লোক সভাৰ নির্বাচনত কংগ্রেছে ৩খন আসনত জয়লাভ কৰিলেও যোৰহাট সমষ্টিত গৌৰৱ গগৈৰ বিজয়ে দলটোক এনেকুৱা এটা শক্তি দিছিল যে ইয়াৰ ভিত্তিত দলটোৱে ৰাজ্যৰ বিধানসভা দখলৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিল। সেই গৌৰৱ গগৈয়ে প্রতিনিধিত্ব কৰা যোৰহাট লোক সভা সমষ্টিৰ অন্তর্গত পঞ্চায়তবিলাকত কংগ্রেছ এক প্ৰকাৰ ধূলিসাৎ হোৱা বুলিয়েই ক'ব পাৰি। যোৰহাট জিলাত ১৬খন জিলা পৰিষদৰ আটাইকেইখনেই বিজেপি মিত্রজোঁটৰ হাতলৈ গ'ল। শিৱসাগৰ, চৰাইদেউ জিলাতো একেই অৱস্থা। আনহাতে, দেশৰ ভিতৰত সৰ্বাধিক ভোটৰ ব্যৱধানত লোক সভালৈ নির্বাচিত হোৱা ধুবুৰী সমষ্টিতো পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ সেই একাধিপত্য বাহাল নাথাকিল। তাত এ আই ইউ ডি এফৰ ভেটি পুনৰ টনকিয়াল হোৱাটো লক্ষণীয় ঘটনা। আনহাতে নিজৰ বিধানসভা সমষ্টি শিৱসাগৰত অখিল গগৈয়ে ৰাইজৰ দলৰ ভেটি ৰক্ষা কৰিব নোৱাৰিলে যদিও নামনি আৰু মধ্য অসমৰ ৩খন জিলা পৰিষদ আৰু ১৯খন আঞ্চলিক পঞ্চায়তত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ল। এতিয়া অখিল গগৈৰ বাবে শিৱসাগৰ বিধানসভা সমষ্টিটো পুনৰ দখল কৰাটো এটা সাংঘাতিক প্রত্যাহ্বান হৈ পৰিব। আনহাতে, কংগ্ৰেছৰ বাবে গুৰুতৰ সমস্যাটো হ'ল তেওঁলোকে কাক লৈ বিধানসভা নিৰ্বাচনৰ যুঁজখনত অৱতীৰ্ণ হ'ব? এ আই ইউ ডি এফ এতিয়া কংগ্ৰেছৰ শত্রু, আনহাতে ৰাইজৰ দলৰ সৈতে তেওঁলোকৰ সংঘাত তুংগত। যদি বিজেপিৰ বিৰুদ্ধে যুঁজ শক্তিশালী কৰাৰ বাবে বিৰোধী ঐক্যৰ প্ৰয়োজনীয়তা আহে, তেনেহ'লে ৰাইজৰ দল বা এ আই ইউ ডি এফ কোনটো দলক কংগ্ৰেছে গুৰুত্ব দিব- সেইটো এতিয়া ডাঙৰ প্ৰশ্ন। নিৰ্বাচনত কেইবাখনো আঞ্চলিক পঞ্চায়তত বিজয়ী হোৱা সূত্ৰে ৰাইজৰ দলে নামনিৰ বা মধ্য অসমৰ বিধানসভাৰ আসন বিচাৰিলে কংগ্ৰেছে মানি ল'বনে।

যদি মানি নলয় আৰু কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু ৰাইজৰ দলে বিধানসভাৰ নিৰ্বাচনত পৃথকে পৃথকে প্রতিদ্বন্দ্বিতাৰ সিদ্ধান্ত ল'ব লগা হয়, তেতিয়া মধ্য নামনিৰ যুঁজখন বিজেপি মিত্রজোঁটৰ বাবে একেবাৰে সহজ হৈ নপৰিবনে? পঞ্চায়ত নির্বাচনটোৱে এনেকুৱা বহু প্রশ্ন দলসমূহৰ লগতে ৰাজ্যবাসীৰ সন্মুখলৈ আনি দিছে। এই প্রশ্নবোৰৰ উত্তৰেই নিৰ্ণয় কৰিব বিজেপিৰ অশ্বমেধৰ ঘোঁৰাটো বিনা বাধাই আগবাঢ়ি যাব নে বাধা দিবলৈ কোনোবা লৱ-কুশৰ জন্ম হ'ব!

Share This