ডিজিটেল ডেস্ক : কেৱল ক্ষমতা লাভ বা লাভ কৰা ক্ষমতাক যিকোনো প্ৰকাৰে ধৰি ৰখাই গণতন্ত্র নহয়। গণতন্ত্রত প্রকৃতাৰ্থত গণ বা ৰাইজৰ ওপৰত নিৰ্ভৰশীলতা থাকিব। ৰাইজে নিজৰ বিচাৰ- বিবেচনা অনুসৰি প্ৰতিনিধি নিৰ্বাচন কৰিব। সেইমতে দেশৰ চৰকাৰ গঠন হ'ব। কিন্তু যোৱা কিছু বছৰৰ পৰা দেখা গৈছে যে ক্ষমতাকেন্দ্রিক নির্বাচনী ৰাজনীতিত গণ বা ৰাইজৰ ভূমিকা সীমিত হৈ পৰিছে। ৰাইজে কেৱল ভোট দিব, সেয়া একমাত্র কথা নহয়, কাৰপক্ষত ভোট দিব সেই কথাও ক্ষমতাত থকা দলে নিৰ্ধাৰণ কৰি দিবলৈ আৰম্ভ কৰিছে। এতিয়া উন্নয়ন গৌণ হৈ পৰিছে। উন্নয়নৰ নামত কৰা আঁচনি ৰাজনীতিহে মুখ্য হৈ পৰিছে। চৰকাৰৰ সকলো ক্ষমতা, সকলো পুঁজি কেৱল ক্ষমতা ধৰি ৰখাৰ জনতোষণ বা জনমোহিনী আঁচনিৰ নামত ব্যয় হৈছে। নির্বাচনলৈ বহুদিন, মাহ বাকী থাকোঁতেই আজিকালি ৰাজনৈতিক দলে, বিশেষকৈ ক্ষমতাত থকা দলে বৃহৎ ধন ব্যয়ৰে, জাকজমকতাৰে সভা অনুষ্ঠিত কৰি 'নির্বাচনী ৰণডংকা' বজোৱাৰ এটা অনাকাংক্ষিত নজিৰ সৃষ্টি কৰিছে। এয়া দেশখনৰ উন্নতি বা প্ৰগতিৰ বাবে কৰা নহয়, বৰঞ্চ দলৰ ক্ষমতা দখলৰ নিৰ্বাচনী স্বাৰ্থত কৰা হয়। তাত কৌশলেৰে ৰাইজক চামিল কৰি দলে নিজৰ শক্তিত কৃতিত্ব জাহিৰ কৰে। সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ দৰে এটা নির্বাচন ইয়াৰ পূৰ্বে অসমত কেতিয়াও অনুষ্ঠিত হোৱা নাছিল।
চৰকাৰী শক্তিৰ অপপ্রয়োগ কৰি বিৰোধী দলৰ প্ৰাৰ্থীৰ ওপৰত চাপ সৃষ্টিৰ অভিযোগ অসমৰ সকলো স্থানৰ পৰা আহিছে। সেই মর্মে কাকতত বাতৰিও ওলাইছে। তদুপৰি অঞ্চল বিশেষত শাৰীৰিক শক্তিৰ প্ৰয়োগ আৰু ধন বিতৰণ হোৱাৰ অভিযোগ অজস্র। আৰক্ষীয়ে এনে ক্ষেত্রত নিষ্ক্রিয় ভূমিকা লোৱাৰ অভিযোগ আহিছে। শাসক দলে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে। শাসকীয় দলক ভোট নিদিলে হিতাধিকাৰী আঁচনি তালিকাৰ পৰা নাম কাটি দিয়াৰ ভাবুকি দিয়া হৈছে। এইবোৰ কেৱল কিছুমান অভিযোগেই নহয়, মাত্র কিছুদিনৰ আগতে সমাপ্ত হোৱা অসমৰ পঞ্চায়ত নিৰ্বাচনৰ বাস্তৱতা। তদুপৰি ফলাফল ঘোষণা আৰু ভোট গণনাৰ অনিয়মৰো অভিযোগ আছে। বহু ক্ষেত্ৰত পুনৰ গণনা কৰি শাসকীয় পক্ষৰ প্রার্থীক বিজয়ী ঘোষণা কৰাৰ বহু অভিযোগ সংবাদ পত্রত প্রকাশিত হৈছে। তাৰ পাছত আকৌ বিৰোধী দলৰ কোনো বিজয়ী প্রার্থীক বলপূর্বক শাসকীয় দলত যোগদান কৰোৱাৰ প্ৰসংগ আছে। এনে নির্বাচনক মুক্ত আৰু নিৰপেক্ষ তথা নিকা নির্বাচন বুলিব পাৰিনে? নিৰ্বাচনৰ নামত সংঘটিত এনে অশুভ কাম-কাজবোৰ ভৱিষ্যতলৈ এটা নেতিবাচক দৃষ্টান্ত হে নৰ'বনে? ইয়াত (কোনোবা এটা দল হয়তো বিজয়ী হৈছে, কিন্তু সংবিধানৰ আইনৰ শাসন ব্যৱস্থা আৰু দেশৰ গণতান্ত্রিক সংস্কৃতি-নীতি-
নিয়মৰ গভীৰ ধৰণৰ উলংঘা হৈছে। ক্ষমতা লাভৰ বাবে কোনো দল ইমান লালায়িত কিয় হৈ পৰে? কি বিশেষ স্বার্থসিদ্ধিৰ বাবে তেওঁলোকে ইমান উত্ৰাৱল? ইয়াৰ ফলত যে আমাৰ উঠি অহা প্রজন্ম আৰু সমাজ জীৱনত এটা নেতিবাচক প্রভাব পৰিব পাৰে, যাৰ ফলত দেশৰ ভবিষ্যৎ বিপদাপন্ন হ'ব পাৰে, সেই বিষয়ে আমাৰ ক্ষমতাশালী ৰাজনৈতিক দলবোৰ কিয় ইমান নিস্পৃহ?
পহলগামৰ গণহত্যাৰ পাছত ভাৰতে 'অপাৰেশ্যন সেন্দূৰ'ৰ জৰিয়তে সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তান আৰু লস্কৰ-এ-টয়বা, জঈছ-এ-মহম্মদৰ দৰে কুখ্যাত সন্ত্রাসবাদী সংগঠনক এশিকনি দিয়াৰ যি অভিযান চলালে তাৰ সাফল্যৰ বাৰ্তাবোৰে প্রত্যাশিতভাৱেই প্ৰতিগৰাকী ভাৰতীয়ক আনন্দ দিছে। পাকিস্তান আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধখনত দল-মত নির্বিশেষে সকলো ভাৰতীয়ই চৰকাৰৰ কাষত থিয় দি দেশাত্মবোধ আৰু গণতন্ত্ৰৰ প্রকৃত ৰূপটো প্রকট কৰি তুলিছিল। তেনে পৰিৱেশত চৰকাৰেও সেই সমমর্মিতাৰ প্ৰতি সম্মান প্রদর্শন কৰা উচিত। হৈ যোৱা যুদ্ধখনৰ পাছত বিৰোধী পক্ষই পহলগাম- কাণ্ড আৰু যুদ্ধখনৰ বিষয়ে আলোচনা কৰিবলৈ সংসদৰ বিশেষ অধিৱেশন এখন অনুষ্ঠিত কৰাটো বিচাৰিছিল, 'অপাৰেশ্যন সেন্দূৰ'ৰ বিষয়ে বিশ্বক জনাবলৈ প্ৰেৰণ কৰা সাংসদৰ দলকেইটাক সকলো দলৰ সৈতে আলোচনা কৰি গঠন কৰাটো বিচাৰিছিল। কিন্তু এইবিলাক বিষয়ত বিৰোধী দলসমূহে চৰকাৰৰ পৰা প্ৰয়োজনীয় সঁহাৰি আৰু সন্মান লাভ কৰা পৰিলক্ষিত নহ'ল। সেয়েহে, বহুতৰ মনত প্রশ্ন উঠা দেখা গৈছে যে যুদ্ধখনক লৈ চৰকাৰে ৰাজনৈতিক লাভালাভৰ অংক কৰিছে নেকি? ১৯৭১-ৰ ভাৰত-পাক যুদ্ধখন য’ত চমকপ্রদ বিজয় ইন্দিৰা গান্ধী বা কংগ্ৰেছৰ বিজয় বুলি কেতিয়াও চৰ্চা হোৱা নাই। ভাৰতীয় সেনাৰ বীৰত্বকহে দেশে তেতিয়াও প্ৰশংসা কৰিছিল, সন্মান জনাইছিল, এতিয়াও কৰে। কার্গিলৰ যুদ্ধৰ বিজয়ো অটল বিহাৰী বাজপেয়ীৰ বা বিজেপিৰ বিজয় বুলি চর্চা হোৱা নাই, চর্চা হৈছে দেশৰ বিজয়, সেনাৰ বীৰত্বৰ বিজয় ৰূপে। সেই যুদ্ধবোৰে কোনো নেতাক স্থায়ী ৰাজনৈতিক লাভ আহৰণৰ সুযোগো দিয়া নাই। গতিকে, 'অপাৰেশ্যন (সেন্দূৰ’'ৰ পৰৱৰ্তী সময়ত চৰকাৰে সেই পটভূমিবিলাকৰ পৰ্যালোচনা কৰা উচিত। যুদ্ধ আৰু ৰাজনীতি যাতে একাকাৰ নহয় তাৰ প্ৰতি চৰকাৰ নিজেই সতর্ক হোৱা উচিত। যিহেতুকে এইখন গণতান্ত্রিক দেশ, ইয়াত সকলো কথাৰ মূল্যায়ন জনসাধাৰণে কৰি থাকে।