ডিজিটেল ডেস্কঃ ভূমি হ'ল প্রাকৃতিক সম্পদ। ভূমি মানে পৃথিৱীৰ পিঠি। এয়া মানুহে তৈয়াৰ কৰা বস্তু নহয়। জন্ম সূত্রে আৰু উত্তৰাধিকাৰী সূত্রে ভূমি লাভ কৰাটো হ'ল এটা সামাজিক পৰম্পৰা। প্রথমে ভূমি আছিল এটা প্রয়োজনীয়তা। এটা শিশু জন্ম হোৱাটোক আমি ভূমিষ্ঠ হোৱা বোলোঁ। সমাজ বিকাশৰ প্ৰক্ৰিয়া আগবঢ়াৰ লগে লগে আৰু মানুহৰ প্ৰয়োজনীয়তা বৃদ্ধি পোৱাৰ লগত সংগতি ৰাখি ভূমিৰ গুৰুত্বও বৃদ্ধি পালে।
প্রথমে প্রয়োজনীয় বুলি বিবেচিত ভূমি পাছত সম্পদত পৰিণত হ'ল। কোৱা হ'ল ভূ-সম্পদ। এই সম্পদ শেহতীয়াকৈ গৈ পণ্যত পৰিণত হ'ল। ভূমি উৎপাদনৰ আধাৰ। ভূমি কৰ্ষণ কৰি কৃষকে শস্য উৎপাদন কৰে। মাটি-ভূমি অবিহনে কৃষি উৎপাদন সম্ভৱ নহয়। খেতিয়কক কৃষি কাৰ্যৰ বাবে ভূমি লাগে। মাটি আৰু খেতিয়কৰ সম্বন্ধ আছে যুগ যুগৰ বুলি সুধাকণ্ঠই গীতো গাইছে। কিন্তু বাস্তৱ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক পৰিস্থিতিটো বেলেগ। মানৱ সমাজ সদায়ে বিভাজিত সমাজ। গোষ্ঠী-সম্প্ৰদায়ৰ বিভাজন আৰু অর্থনৈতিক শ্রেণীগত বিভাজন সমাজত সদায়েই থাকে। শক্তিশালীসকলৰ সমাজত খোপানি তুলনামূলকভারে দুর্বলসকলতকৈ বেছি। শক্তিশালী মহলেই কালক্ৰমত গৈ সমাজৰ চালিকা শক্তিৰ ৰূপ ল'লেগৈ। মাটিৰ ওপৰত কাৰ কেনেকৈ আৰু কিমান দখল আৰু কর্তৃত্ব
থাকিব তাৰ ব্যৱস্থা কৰিলে সমাজে। এই সমাজেই অধিক সংগঠিত ৰূপত 'ৰাষ্ট্ৰ' হৈ পৰিল। ৰাষ্ট্ৰই সাধাৰণ জনতাৰ প্ৰাকৃতিক অধিকাৰসমূহৰ পুনৰ বিন্যাস কৰি নিজৰ কর্তৃত্বলৈ নিয়ে। ইয়াৰ পাছতে ৰাষ্ট্ৰ আৰু নাগৰিকৰ সম্পদৰ অধিকাৰৰ প্রশ্নত সংঘাত আৰম্ভ হয়। সামন্ত যুগৰ পৰা বৰ্তমানৰ আধুনিক, উত্তৰ আধুনিক কাললৈ সম্পদৰ বিতৰণ আৰু সমতা ন্যায়-ভিত্তিক হোৱা নাছিল। ৰজা-মহাৰজাসকলে নিজকে সমাজৰ পৃথিৱীৰ অধিকাৰী বুলি দাবী কৰিছিল। মাটিৰ কর্তৃত্ব ৰাষ্ট্ৰৰ হাতলৈ যোৱাৰ পাছত সমাজত ক্রমে অভিজাত লোক, ৰাজ বিষয়া আদি শক্তিশালীসকলৰ আয়ত্তলৈ অধিক ভূমি আহিল আৰু নিম্ন স্তৰৰ কৃষক-শ্রমিক বা সাধাৰণ লোকৰ হাতলৈ কিছু ভূমি আহিল। আর্থিক- সামাজিকভারে দুৰ্বল শ্ৰেণীৰ হাতলৈ যোৱা মাটিৰ পৰিমাণ সামান্য। নানা কাৰণত সেই মাটি চহকীসকলক বিক্ৰীও কৰি দিব লগা হয়। কালক্ৰমত দেশত সৃষ্টি হ'ল ভূ-স্বামীসকলৰ। ৰজা আৰু ভূ-স্বামীৰ নিয়ন্ত্ৰণত মাটি। আহিল জমিদাৰী ব্যৱস্থা। মাটিৰ কর্তৃত্ব জমিদাৰসকলৰ হাতত ন্যস্ত হ'ল। সাধাৰণ কৃষক হৈ পৰিল জমিদাৰৰ অনুগ্রহ নিৰ্ভৰ ৰায়ত। চুবুৰীয়া বংগৰ ভূ-ব্যৱস্থাৰ কথাই চোৱা যাওক। জমিদাৰৰ হাতত মাটি। বার্ষিক নির্দিষ্ট কৰ-কাটলৰ চৰ্তত। যদি কেতিয়াবা কোনো প্রাকৃতিক কাৰণতো কৃষি উৎপাদন হ্রাস পায় জমিদাৰে কৰ-কাটলত ৰেহাই নিদিয়ে। বান-খহনীয়াত মাটি হেৰুৱাই একাংশ খেতিয়কে এঠাইৰ পৰা আন ঠাইলৈ যাব লগা হয়। অভিজাত শাসকে দৰিদ্ৰ শ্রমিক-কৃষকৰ এনে সমস্যাক বিশেষ গুৰুত্ব নিদিয়ে। কোনো ভূ-খণ্ডত এক শতিকা-অর্ধ শতিকা বাস কৰাৰ পাছতো সেই মাটিত নানা আইনী অজুহাতত কৃষকক পট্টন নিদিয়াকৈ থাকে। দীর্ঘকাল তেনে অৱস্থাত থকা কৃষক শ্রমিক বা দৰিদ্ৰ লোকক এটা সময়ত শাসক গোষ্ঠীয়ে 'বেদখলকাৰী' আখ্যা দিয়ে। তাৰ পাছত বেদখল উচ্ছেদ অভিযান। ৰাষ্ট্ৰৰ দায়িত্ব হ'ল ভূমিহীনক ভূমি প্রদান কৰা। কিন্তু ভূমি প্রদান কৰিবলৈ অসম চৰকাৰে 'বেদখল' কিন্তু উচ্ছেদ কৰিব পাৰে। এই বেদখল উচ্ছেদ অভিযানসমূহ সদায়েই ৰাজনৈতিক উদ্দেশ্য প্রণোদিত হয়। ইয়াত সৎ অভিপ্রায় থকা যেন নালাগে।
এসময়ত কাজিৰঙাত 'বাংলাদেশী'ৰ বেদখল প্ৰসংগৰ চৰ্চা হৈছিল। উচ্ছেদ হ'ল হাজাৰ হাজাৰ মানুহ। তেওঁলোকৰ হাতৰ কাগজ-পত্ৰ পৰীক্ষা কৰি দেখা গ'ল বেদখলকাৰী 'বাংলাদেশী' নহয়। বৰঞ্চ নগাঁৱকে ধৰি আন দুই জিলাৰ চৰ অঞ্চলৰ মানুহ যিসকলে বান-খহনীয়াত মাটি হেৰুৱাই আহি সেই অঞ্চলত বহিছিল। তাৰে এটা অংশক আকৌ চৰকাৰেই তাত সংস্থাপন দিয়াৰ কাকত-পত্রও ওলাল। এতিয়া সেই অঞ্চলত শক্তিশালী ৰাজনৈতিক নেতা, মন্ত্রী আদিয়ে বিলাসী ৰিজ'ৰ্ট, হোটেল আৰু আন ব্যাবসায়িক প্রতিষ্ঠান খুলিছে। ঠিক তেনেদৰে ছিপাঝাৰৰ গৰুখুঁটিত ব্যাপক চৰকাৰী দমন-নিপীড়নেৰে তথাকথিত 'বেদখল' উচ্ছেদ কৰা হ'ল। তাত 'খিলঞ্জীয়াৰ' কৃষিপাম হ'ল। গো-পালন কেন্দ্র হ'ল। এতিয়া দেখা গ'ল সেইসকলৰ কৃষি বা গো-পালনত মতি নাছিল। সেই অজুহাতত বিপুল পৰিমাণৰ চৰকাৰী ধন আত্মসাৎ কৰাৰ ফন্দিহে আছিল। আনহাতে, তথ্য-পাতিয়ে এই কথা প্রতিপন্ন কৰিলে যে উচ্ছেদিতসকলৰ ভিতৰত কোনো 'বাংলাদেশী' নাছিল কাজিৰঙাতো, গৰুখুঁটিতো। উচ্ছেদৰ প্ৰয়োজন য'ত জৰুৰী তাত হ'ব লাগে। কিন্তু সেয়া ৰাজনৈতিক উদ্দেশ্য প্রণোদিত, হঠকাৰী কাৰ্য হ'ব নালাগে। একে সময়তে নগৰ-চহৰৰ প্ৰতাপী, অভিজাত বেদখলকাৰীসকলকো ধৰিব লাগে। ধন-ক্ষমতাৰ জোৰত শশ বিঘা মাটি আইনগতভাৱে ল'লেও সেয়াও কিন্তু সন্দেহযুক্ত বেদখলেই হ'ব।