ডিজিটেল ডেস্ক : বেছ উলহ-মালহেৰে ৰাজ্যত উদ্যাপন হৈছে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু। এইকেইদিন অসমীয়া ৰাইজৰ উলাহে নধৰা হিয়া। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্রহ্মপুত্রলৈ সকলোতে অসমীয়া ৰাইজৰ বিহু নাম গাই, ঢোল-পেঁপা বজাই, নাচি-বাগি সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষাৰ চেষ্টা। গাঁও অঞ্চলত চোতালে চোতালে আৰু নগৰাঞ্চলত মঞ্চই মঞ্চই হ'লেও বিহুৰ শিপা ধৰি ৰখাৰ প্ৰচেষ্টা। আনকি অসমৰ পৰা কর্মসূত্রে বাহিৰত থকা প্রবাসী অসমীয়াইও ঠায়ে ঠায়ে পালন কৰিলে ৰঙালী বিহু। চেন্নাই, বেংগালুৰু, মুম্বাইত থকা অসমীয়া পৰিয়ালসমূহে বিহুত ঘৰলৈ আহিব নোৱাৰি একগোট হৈ বিহু নাচি আনন্দ-উলাহ কৰাৰ ভিডিঅ'ই ছ'চিয়েল মিডিয়া ভৰি পৰিছে। এয়াই হৈছে অসমীয়া বিহুৰ প্ৰসাৰিত ৰূপ, অসমীয়া মানুহৰ সিৰাই সিৰাই-তেজে তেজে বৈ থকা চেতনাস্রোত। অৱশ্যে ইয়াৰ মাজতো এই প্রশ্ন স্বাভাৱিকতেই উঠে যে অসমীয়া বিহুৰ পূৰ্বৰ ৰূপ অক্ষত আছেনে? অসমীয়া বিহুৱে পূৰ্বৰ গৰিমা হেৰুৱাইছে নেকি? অর্থাৎ বিহু এতিয়াও জাতীয় উৎসৱ হৈয়ে আছেনে? এই কথা ঠিক যে বহু ঘাত-প্রতিঘাত, সংগ্রামক নেওচি তথা অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ চিত্ত জয় কৰি অসমীয়া বিহুৱে আজিৰ অৱস্থা পাইছেহি।
এসময়ত 'অশ্লীল' আখ্যা দি বিহুক কেনেকৈ নিষিদ্ধ কৰাৰ ষড়যন্ত্র চলিছিল সেয়া জনাই ভালদৰেই জানে। সেইদৰে জনাই এই কথাও জানে যে বিহুৱে সুউচ্চ প্রতিবন্ধকতা, অভিযোগ-বিতর্ক অতিক্রমী বিজয়ৰ নিচান উৰুৱালে; এক দীঘলীয়া বিৱৰ্তনৰ মাজেৰে শিপাই পৰিল অসমীয়াৰ বুকুৱে বুকুৱে, এক জাতীয় আৱেগ হৈ-জাতীয় চেতনা হৈ। স্বাভিমানী অসমীয়াই জানিছিল কেনেকৈ প্রতিবাদ কৰি ব্ৰিটিছ প্রশাসনৰ মন জয় কৰিব পাৰি। বিহু যে অশ্লীল নহয়, বৰং ই যে অসমীয়া জনজীৱনৰ কলাত্মক উপস্থাপন- সেই কথাও প্ৰমাণ কৰি দেখুৱাব পাৰিছিল। বলিনাৰায়ণ বৰা, পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, গণশিল্পী হেমাংগ বিশ্বাস, ড° ভূপেন হাজৰিকা, মঘাই ওজা আদিৰ দৰে ব্যক্তিয়ে বিহুক অসমীয়া জাতীয় জীৱনৰ অংগ-সাহ হিচাপে প্রতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। বুৰঞ্জীবিদ উইলিয়াম ৰবিনছন, গৱেষক ডিম্বেশ্বৰ গগৈ আদিৰ দৰে ব্যক্তিয়েও বিহুক বৃহত্তৰ অসমীয়া জাতিৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ বুলি ব্যক্ত কৰিছিল। গণশিল্পী হেমাংগ বিশ্বাসে কৈছিল- 'যি নাই বিহুগীতত, সি নাই অসমত। যি নাই অসমত, সি নাই বিহুগীতত। অসম আৰু অসমীয়া জনমানসৰ নির্ভুল দাপোণ এই বিহু। অসমৰ পাহাৰ-পৰ্বত, চৰাই-চিৰিকটি, নৈ-বিল, পথাৰ-সমাৰ, ফুল-ফল, গোন্ধ-বৰণ আৰু সিবিলাকৰ মাজত কৰ্মৰত নাৰী-পুৰুষৰ এনে পেনোৰামা ভাৰতৰ লোকসংগীতত বিৰল। বিহুৰ সাহিত্যিক আৰু সাংগীতিক ভেটিৰ ওপৰতেই থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ উপৰিসৌধ।' অৱশ্যে পৌৰাণিক কালৰ পৰা অসমত ইমানবোৰ পূজা, উৎসৱ আদি প্রচলন হৈ অহাৰ পাছত 'বিহু' কেনেকৈ অসমৰ জাতীয় উৎসৱ হ'ব পাৰে বুলিও আন এক বিতৰ্কৰ ধুমুহাই তচনচ কৰি গৈছিল। বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাৰ দৰে লোকে বিহুৰ পৰিৱৰ্তে 'দুর্গা-পূজা'হে অসমৰ জাতীয় উৎসৱ হ'ব লাগে বুলি মত প্রকাশ কৰিছিল।
বৰবৰুৱাই কৈছিল- 'বুঢ়াৰজা স্বৰ্গদেৱৰ দিনত ১৫৩৫ শকৰে পৰা অসমত দুর্গা পূজাৰ প্রচলন হ'লেও আজি ইমান দিনে সেই পূজাই অসমীয়া জাতিৰ জাতীয় উৎসৱৰ শাৰীত কিয় সোমাব পৰা নাই, তাক ভাবিহে আমি আচৰিত মানিছোঁ।' হেমাংগ বিশ্বাসৰ দৰে লোকে ইয়াৰ প্ৰত্যুত্তৰ দি কৈছে- 'ধর্ম প্রভাৱমুক্ত ইহ জাগতিকা আৰু শ্রমশীল জীৱনৰ সাম্প্রদায়িক। বসন্ত উৎসৱ পৰিণত হৈছে হোলী বা চৈতন্য উৎসৱ ইত্যাদিলৈ। শাৰদীয় উৎসৱ পৰিণত দুর্গোৎসৱ আদিলৈ। কাৰবালাৰ কাহিনীমূলক মহৰম হ'ল মুছলমান সম্প্ৰদায়ৰ। কিন্তু বিহুৱে তাৰ মাজতো ইয়াৰ ধৰ্মনিৰপেক্ষ প্রকৃতি অক্ষুণ্ণ ৰাখিছে। এয়া বিহুৰ গৌৰৱ, অসমীয়া জনগণৰ গৌৰৱ।' সি যি নহওক, কৃষিজীবী জনতাৰ কৰ্ষণ তথা অসমীয়া জাতিৰ দৃষ্টিকোণেৰে জাতীয় উৎসৱত পৰিণত হ'ল বিহু। বিশেষকৈ বিহুক নিষিদ্ধৰ বিৰুদ্ধে চলোৱা সংগ্রামখনে উজনি-নামনি সকলোতে বিহুৰ প্রভাৱ সমানে পেলালে আৰু জাতি-ধর্ম নির্বিশেষে সকলোৱে আঁকোৱালি ল'লে। সেয়া জনগোষ্ঠী হিচাপে বড়োসকলৰ 'বৈচাণ্ড'ও হ'ব পাৰে, অথবা ডিমাচাসকলৰ 'বুচু'ও হ'ব পাৰে; কোচসকলৰ 'বিসুৱা', ত্ৰিপুৰীসকলৰ 'বিজু', তিৱাসকলৰ 'পিচু' অথবা উজনি অসমৰ চুতীয়া, দেউৰী, মৰাণ, সোণোৱালসকলৰ 'বিচু'ও হ'ব পাৰে। সকলোৰে মূলতে এক-'বিহু'। কোৱা হয়, হাবি ভাঙি খেতিপথাৰ মোকলাওঁতেই বিহুৰ জন্ম। এক কথাত ই চহা জীৱনৰ লোকাচাৰ, গছতলৰ-মুকলি পথাৰৰ-নৈৰ পাৰৰ কৃষ্টি; অসমীয়া জনগণৰ চেতনা-আৱেগ প্রকাশিত স্বতঃস্ফূৰ্ত সংস্কৃতি। কিন্তু দুর্ভাগ্যৰ কথা এয়ে যে অতীতৰ সেই কঠিন সময়ত ত্যাগ-সংগ্ৰামৰ দ্বাৰা প্ৰতিষ্ঠা লভা বিহু যেন ক্রমশঃ কৃষিজীবী জনতাৰ হাতৰ পৰা ওলাই গৈছে। মধ্যবিত্তীয় সমাজখনৰ আৱেগক হাথিয়াৰ হিচাপে লৈ বহুজাতিক প্রতিষ্ঠানে বিহুটোকে কুক্ষিগত কৰিবলৈ লৈছে।
নগৰ-মহানগৰত একাংশ শিপাহীন লোকে আকৌ ইয়াকে জাতীয় কৃষ্টিৰ কচৰৎ বুলি নির্বিবাদে মানিও লৈছে। হওঁতে বিহুৰ নামত ঢৌ-উন্মাদনা, ৰং-ৰহইচ বাঢ়িছে। ভালেমান দিনৰ পৰা আখৰা হৈছে। মঞ্চ বিহুৱে গাঁৱে গাঁৱে শিপাইছে। অধ্যাপক পদ্মেশ্বৰ গগৈৰ দৰে ব্যক্তিয়েও কৈছে- 'এতিয়া বিহু পাতিবলৈ লোৱা মানুহখিনিৰ মাজত এজনো খেতিয়ক নোলাব, এজনো খাটি খোৱা মানুহ নোলাব, এতিয়া বিহু পতাসকলে কেৱল আনুষ্ঠানিকতাহে কৰে।' এনে ক্ষেত্ৰত 'এয়া জানো প্রকৃত বিহু?' বুলি উঠা প্রশ্ন মুঠেই অমূলক নহ'ব। কিয়নো হালৰ গৰুহাল, খেতিৰ পথাৰখন, নৈখন, বিলখন, জালখন, গাঁওখন, পিঠা-পনাবোৰ নোহোৱাকৈ পতা বিহুটো জাতীয় উৎসৱৰ বৈশিষ্ট্যহীন হৈ পৰিছে। এইবাৰো গাঁৱে গাঁৱে উপাচাৰৰ অভাৱ। গৰুবিহুত গা ধুৱাবলৈ গৰুহাল নোহোৱা হৈছে। নোহোৱা হৈছে দীঘলতি, মাখিয়তী, তৰাগছ আদিবোৰ। নলবাৰীত গৰুৰ পৰিৱৰ্তে পোহনীয়া হাতীকে গা ধুৱাই পৰম্পৰা মানিছে। এয়াই হয়তো অসমীয়া জাতিৰ সন্মুখত দেখা দিয়া ডাঙৰ সংকট। তথাপি আশাব্যঞ্জক খবৰ এয়াই যে এইবাৰ অসমৰ গাঁৱে গাঁৱে যুৱচামে বিহুৰ প্ৰকৃত বৈশিষ্ট্য অব্যাহত ৰাখিবলৈ যথেষ্ট কষ্ট কৰিছে। লখিমপুৰ, গোলাঘাটকে ধৰি বহু ঠাইৰ কেতবোৰ গাঁৱত যুৱচামে আওৰাইছে পৌৰাণিক গীত-মাত, মানিছে লোকাচাৰ, গোটাই লৈছে বিলুপ্ত হ'বলৈ ধৰা সা-সামগ্রী। গোলাঘাটৰ মহুৰামুখৰ নামটেমেৰা গাঁৱত আকৌ অতি বয়সস্থ ব্যক্তিসকলক গোটাই 'ককা-আইতাৰ দিন' পালনেৰে তেওঁলোকক পুৰণি দিনৰ স্মৃতি ৰোমন্থনৰ সুযোগ দি নিজেও তাক আওৰাই ডেকা সমাজে ব্যতিক্রমী নিদর্শন দেখুৱাইছে। সেইদৰে ৰাজ্যৰ চুকে-কোণে থকা জনজাতীয় সমাজসমূহেও পৰম্পৰাগত নীতি-নিয়মেৰে নাচি-বাগি অসমীয়া নৱবৰ্ষ উদ্যাপন কৰিছে। এইবোৰেই অসমীয়া বিহুবলীয়া জাতিৰ উচাহ; পৰিৱৰ্তনৰ ধামখুমীয়াৰ মাজতো স্বকীয় মহিমাৰে উজলি থকাৰ সাহ।