বানমুক্ত গুৱাহাটী 

dainik janambhumi May 22, 2025

ডিজিটেল ডেস্কঃ বৰষুণৰ দিন আৰম্ভ হোৱাৰ লগে লগে পুনৰ এক যন্ত্রণাকাতৰ-দুর্বিষহ জীৱন এটা আৰম্ভ হৈ গ'ল গুৱাহাটী মহানগৰবাসীৰ। যোৱাকেইদিনত ঘনাই হোৱা বৰষুণত যোৰাবাট, চানমাৰিকে ধৰি গুৱাহাটীৰ বহু অঞ্চল কৃত্রিম বানৰ কবলত পৰিছে। আনহাতে, এইকেইদিন অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পানীত পৰি, মটৰচাইকেলত উঠি মহানগৰীৰ ৰাস্তাই ৰাস্তাই কৃত্রিম বান চাই ঘুৰি ফুৰিছে।

 পূর্বে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, মন্ত্রী অশোক সিংহলে এইদৰে ঘূৰিছিল আৰু গুৱাহাটীৰ কৃত্রিম বান সমস্যাৰ সমাধানৰ উপায় গুণা-গঁথা কৰিছিল। যোৱা বছৰ কৃত্রিম বানে লেখাৰিকৈ দুটা দিন সমগ্ৰ মহানগৰী অচল কৰি তুলিছিল। ৰুক্মিণীগাঁৱত ৰাজপথতে দিনৰ দিনটো তথা পুৱতি নিশালৈকে পথচাৰী আবদ্ধ হৈ পৰিছিল। আবদ্ধ ৰোগী, ছাত্র-ছাত্রী, মহিলা-শিশু, বৃদ্ধৰ চিৎকাৰেৰে পৰিৱেশটো গুৱাহাটীৰ ইতিহাসত নজিৰবিহীন হিচাপেই পৰিগণিত হৈছিল। 

এনে ঘটনাত ৰাজ্যজুৰি সৃষ্টি হোৱা ক্রিয়া-গ্ৰতিক্ৰিয়াৰ পাছত মুখ্যমন্ত্ৰীৰ তৎপৰতাত ৰুক্মিণীগাঁৱত এখন উৰণীয়া সেতু নির্মাণ আৰম্ভ হয়। অৱশ্যে ইয়াক কৃত্রিম বান সমস্যাৰ স্থায়ী সমাধান বুলিব নোৱাৰিলেও জনগণক তাৎক্ষণিক আৰু সাময়িকভাবে সকাহ দিব পৰা মুখ্যমন্ত্ৰীৰ উদ্ভাবিত এক উপায় হিচাপে গণ্য কৰিব পাৰি। মন্ত্রী জয়ন্ত মল্ল বৰুৱাই এতিয়াও উপায় চিন্তাৰ অৱকাশ পোৱা নাই। বৰং মঙলবাৰে সাংবাদিকৰ আগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৰে ইউ এছ টি এম আৰু মেঘালয়ত পাহাৰ খননৰ কথাকে উনুকিয়ায়। সি যি নহওক, কিছু বছৰৰ পৰা গুৱাহাটীৰ দৰে কৃত্রিম বানৰ সমস্যা ৰাজ্যৰ আটাইবোৰ নগৰ-চহৰতে হ'বলৈ লৈছে। 

কেইবাবছৰ ধৰি ডিব্ৰুগড়, ডিব্ৰুগ যোৰহাটো এনে সমস্যাত হাবু-ডুবু খাইছে। সেইদৰে নলবাৰী, ধুবুৰী, শিলচৰ, কৰিমগঞ্জ, তিনিচুকীয়া আদি নগৰসমূহতো প্রায়ে কৃত্রিম বানে নাগৰিকক জলা-কলা খুৱাই আহিছে। অৱশ্যে গুৱাহাটীৰ সমস্যা কিছু পুৰণি। এসময়ত গুৱাহাটীখন পাহাৰ, জলাশয়-পিটনি-বিল আৰু খেতিপথাৰেৰে ভৰি আছিল। লাহে লাহে মানুহে নিজৰ স্বাৰ্থত জলাশয়-পিটনি-বিলবোৰ পুতি ওখ ওখ বিল্ডিং, দোকান-পোহাৰ-মল আদি সাজিলে। 

গুৱাহাটী পৌৰ নিগমেও জধে-মধে ঘৰ সজাৰ বাবে অনুমতি দিলে। ৰাস্তা কিমান বহল হ'ব, নলাৰ বাবে কিমান মাটি এৰি দিব লাগিব তাৰো কোনো জোখ-মাপ নোহোৱা হ'ল। গছ-বনবোৰ কাটি পেলোৱা হ'ল, পাহাৰবোৰ তহিলং হ'ল। ফলত গৰমতেই হওক, বৰষুণতেই হওক মহানগৰীৰ পৰিস্থিতি ক্ৰমাৎ অসহনীয় হৈ উঠিল। প্রতিবাৰেই প্রশ্ন উঠে- কেতিয়ালৈ মুক্তি পাব গুৱাহাটীৰ ৰাইজে? পূৰ্বে কৰা ভুলৰ পৰিত্ৰাণ কেতিয়াও নোলাবই নেকি? এই প্রশ্নবোৰৰ সঠিক উত্তৰ নোলালেও, গুৱাহাটীৰ জনতা চৰকাৰ-জনপ্রতিনিধিৰ ওপৰত আস্থা হেৰুৱাই পেলালেও স্মার্ট চিটি প্ৰকল্পৰ দ্বাৰা ইয়াৰ সমাধানৰ কিঞ্চিৎ আশা পুহি ৰাখিছিল। কিয়নো কেন্দ্ৰৰ স্মার্ট চিটি অভিযানৰ এখন অন্যতম মহানগৰ হিচাপে গুৱাহাটীৰ মুঠ ১৮৫টা প্ৰকল্পৰ ভিতৰত ইয়াৰ বিলসমূহৰ উন্নয়নো অন্তর্ভুক্ত আছিল। সেই অনুসৰি বৰছলা বিলৰ বাবে ২১৫ কোটি, ভৰলুৰ বাবে ৪৪৪ কোটি, মৰা ভৰলুৰ বাবে ৪৮৮ কোটি, দিপৰ বিলৰ বাবে ২৫০ কোটি টকা ধাৰ্য কৰা হৈছিল। এনেয়েও যিহেতু গুৱাহাটীৰ কৃত্রিম বান সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ইয়াৰ বিলসমূহৰ উন্নয়ন, অস্তিত্ব ৰক্ষা তথা সুৰক্ষাৰ প্ৰসংগ উত্থাপিত হৈ আহিছে, সেয়ে স্মার্ট চিটি অভিযানে গুৰুতৰ সমস্যাটোৰ সমাধানৰ প্রত্যাশা স্বাভাবিকভাৱেই কৰিছিল মহানগৰবাসীয়ে। কিন্তু পৰিতাপৰ কথাটো হ'ল- গুৱাহাটীত ২০১৬ চনৰ পৰা আৰম্ভহোৱা স্মার্ট চিটি অভিযানৰ কোনো এটা প্রকল্পই আজিও সম্পূর্ণ হোৱা দেখা নগ'ল।

যোৱা বছৰ কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ (Ministry of Hous-ing and urban Affairs) এক প্রতিবেদনৰ তথ্য উল্লেখ কৰি ই টিভিয়ে প্রকাশ বৰা এক বাতৰি মতে, যোৱা ৮ বছৰত গুৱাহাটী স্মার্ট চিটিৰ মুঠ ১৮৫টা প্ৰকল্পৰ মাত্র ৯'টাহে সম্পূর্ণ হৈছে। অথচ দেশৰ ৩২খন স্মার্ট চিটিয়ে এইক্ষেত্ৰত অসাধাৰণ প্রদর্শন কাৰিছে, য'ত তেওঁলোকে প্রকৃত লক্ষ্যতকৈ চাৰি গুণ অধিক প্রকল্প সম্পূৰ্ণ কৰিছে। উদাহৰণস্বৰূপে অন্ধ্র প্রদেশৰ কাকিনাড়া স্মার্ট চিটি প্রকল্পই মুঠ ১০টা প্রকল্প ধার্য কৰিছিল যদিও সম্পূৰ্ণ কৰিছে ৭২টা প্রকল্প। সেইদৰে ছট্টিশগড়ৰ ৰায়পুৰ স্মার্ট চিটি প্রকল্পই ২৪০টা প্রকল্প (অনুমোদন আছিল ৯০টা), নতুন দিল্লী পৌৰ নিগমে ৯৭টা প্রকল্প (পাৰকাল্পত প্রকল্প আছিল ৪০টা) সম্পূণ কাৰছে। 

প্রাতবেদনখনৰ মতে, 'স্মাচ চিটিৰ অভিযানৰ কাৰ্যকাল কেইবাবাৰো বঢ়াই দিয়া হৈছে যদিও নির্ধাৰিত সময়ত বুলিয়েই নহয়, আজি পর্যন্ত কাম সম্পূৰ্ণ কৰাত গুৱাহাটীকে ধৰি একাংশই চূড়ান্ত ব্যর্থতা প্রদর্শন কৰি আহিছে। তথ্য মতে, ২০১৬ চনৰ পৰা ২০২২ চনৰ জুলাই মাহলৈ গুৱাহাটী স্মার্ট চিটি প্রকল্পৰ নামত মুঠ ৩৬৪.২১ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰে কেন্দ্ৰৰ অংশ ১৯৬ কোটি আৰু ৰাজ্য চৰকাৰৰ অংশ হ'ল ১৬৮.২১ কোটি টকা। যদি ৩৬৪.২১ কোটি টকাৰ কাম কৰিবলৈ ৬ বছৰ লাগে, তেনেহ'লে সমগ্ৰ প্ৰকল্পৰ বাবে ধাৰ্য কৰা প্ৰায় ২,২৯৬ কোটি টকাৰ কাম কৰিবলৈ কিমান সময় লাগিব, সেয়া সহজেই অনুমেয়। যদি সেয়াই হয়, তেনেহ'লে স্মার্ট চিটি প্ৰকল্পৰ দ্বাৰা গুৱাহাটীৰ বান সমস্যাৰ সমাধানৰ প্ৰত্যাশা কৰি থকা জনতাই আৰু বহু বছৰ যে ধৈর্য ধৰিব লাগিব, সেই কথা অৱধাৰিত। তেনেহ'লে কি হ'বগৈ বানমুক্ত গুৱাহাটীৰ সপোন? বুধবাৰে মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত পুনৰবাৰ অসহায়তা প্রকাশ কৰিলেও আমি ভাবোঁ সম্ভৱ হ'লে চৰকাৰে স্মার্ট চিটি প্রকল্পৰ আওতাৰ বাহিৰতো কেতবোৰ কাম কৰি চাব পাৰে। অলপতে গুৱাহাটীৰে এগৰাকী বিশিষ্ট অভিযন্তাই পৰামৰ্শ দাঙি ধৰিছিল যে মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা বৰষুণৰ পানী জমা কৰিবৰ বাবে অসম-মেঘালয় সীমান্তত এটা বৃহৎ পুখুৰী নিৰ্মাণ কৰিব লাগে। এই পুখুৰীত জমা হোৱা পানী পাহাৰৰ কাষেৰে নলা নিৰ্মাণ কৰি দিপৰ বিলত আৰু দিপৰ বিলৰ অতিৰিক্ত পানীখিনি খানাজান নদীৰে ব্রহ্মপুত্রত পেলাব লাগে। আন এটা পুখুৰীৰ প্ৰয়োজন হ'ব জু-ৰ'ডত। প্রয়োজনত দূৰদৰ্শন কেন্দ্ৰটো স্থানান্তৰিত কৰিও ঠাই উলিয়াব পাৰি। সেইদৰে চানমাৰিৰ পাহাৰৰ পৰা নামি অহা পানী জমা কৰিবলৈ পাহাৰৰ কিছু ওখ ঠাইতে সৰুকৈ হ'লেও পুখুৰী নিৰ্মাণ কৰিব লাগে। তাৰ পানী নির্দিষ্ট পাইপেৰে গুৱাহাটীৰ ৰে'ল আলিৰ কাষেৰে যোৱা নলাত পেলাব লাগে। বোন্দাজান সংযোগী এই নলাটো আকৌ বৰষুণৰ পানী বহন কৰিব পৰাকৈ নিৰ্মাণ কৰিব লাগিব। আনহাতে, ভৰলু নদীৰ গার্ড ৱালৰ ওপৰেৰে পাইপ স্থাপন কৰিব লাগে, যাতে অতিৰিক্ত বৰষুণৰ পানী ভৰলুমুখত শুইচ গেট বন্ধ থাকিলেও ব্রহ্মপুত্রত পেলাব পৰা যায়। এনেয়েও অসমৰ বান সমস্যাৰ সমাধানৰ ক্ষেত্রত গৃহ মন্ত্রী অমিত শ্বাহে বৃহৎ পুখুৰী খন্দাৰ পোষকতা কৰি আহিছে। এনে পৰিপ্ৰেক্ষিতত বানমুক্ত গুৱাহাটীৰ স্বাৰ্থতে অভিযন্তা জে এন খাটনিয়াৰৰ এই পৰামৰ্শৰ কথা চৰকাৰে এবাৰ বিবেচনা কৰি চাব পাৰে।

Share This