চতুৰ্থ স্তম্ভৰ স্বাধীনতা

dainik janambhumi March 28, 2025

ডিজিটেল ডেস্ক : গণতন্ত্র যি চাৰিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত বুলি ধৰা হয় তাৰ তিনিটা স্তম্ভ হৈছে বিধানমণ্ডল, কার্যপালিকা আৰু ন্যায়পালিকা। চতুর্থটো স্তম্ভ ৰূপে গণ্য কৰা হয় সংবাদ মাধ্যমক। অৱশ্যে, সংবাদ মাধ্যমক চতুর্থ স্তম্ভ ৰূপে দিয়া স্বীকৃতি আনুষ্ঠানিক কিম্বা সাংবিধানিক নহয়, যেনেকৈ বাকীকেইটা স্তম্ভৰ আনুষ্ঠানিক তথা সাংবিধানিক স্বীকৃতি আছে। কিন্তু সংবাদ মাধ্যমক এইবাবেই চতুর্থ স্তম্ভ ৰূপে গণ্য কৰা হৈছে, কিয়নো এই স্তম্ভটো জনগণৰ মুখপাত্ৰ স্বৰূপ। দেশৰ গণতন্ত্র শক্তিশালী হ'বলৈ হ'লে চাৰিওটা স্তম্ভই শক্তিশালী হৈ থাকিব লাগিব। কিন্তু পৰিৱৰ্তিত সময়ত জটিলতা বৃদ্ধি পাই অহাৰ লগে লগে গণতন্ত্ৰৰ এই স্তম্ভকেইটাৰ প্ৰতিটোৰে নিজস্ব অৱস্থাক লৈ যেনেদৰে প্রশ্ন উত্থাপিত হৈছে, তেনেদৰে প্ৰতিটো স্তম্ভই পৰস্পৰক দিব লগা সমর্থনৰ ক্ষেত্ৰতো অনাকাংক্ষিত অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। পৰস্পৰৰ প্রতি সন্মান প্রদর্শনেৰে প্রতিটো স্তম্ভই গণতন্ত্রক শক্তিশালী কৰিব লাগে যদিও, গণতন্ত্রত এতিয়া কোনটো স্তম্ভৰ কর্তৃত্ব বেছি তাক লৈহে ঘোষিত-অঘোষিত সংঘাত সৃষ্টি হোৱা দেখা যায়। 

বিশেষকৈ সাংবিধানিক স্তম্ভকেইটাৰ মাজত এই সংঘাতে মাজে মাজে উদ্বেগজনক ৰূপ পৰিগ্ৰহ কৰা পৰিলক্ষিত হয়। এনে পৰিস্থিতিত আৰু আজিৰ পৰিৱেশত চতুর্থ স্তম্ভ সদৃশ সংবাদ মাধ্যমৰ প্ৰতি বাকীকেইটা স্তম্ভই কেনে ধৰণৰ আচৰণ প্ৰদৰ্শন কৰিছে সেয়া চিন্তাৰ বিষয় হৈ পৰিছে। 'Freedom of Press' অর্থাৎ সংবাদ মাধ্যমৰ স্বাধীনতাক 'Freedom of Speech' অর্থাৎ বাক স্বাধীনতাৰ সমতুল্য বুলি গণ্য কৰা হয়। কিন্তু ক্ষমতা-কেন্দ্ৰিক ৰাজনীতিয়ে দেশৰ গণতন্ত্রক গ্রাস কৰাৰ পৰিপ্ৰেক্ষিতত সংবাদ মাধ্যমৰ স্বাধীনতাক ৰাজনৈতিক পক্ষ কিছুমানে গ্রাহ্য কৰিবলৈ নিবিচৰা হৈছে। সংবাদ মাধ্যম কেনেদৰে চলিব তাৰ নিয়ন্ত্রণ কাৰ্যপালিকাই কৰিব খোজাৰ শেহতীয়া প্ৰৱণতাই সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্রতি ভাবুকিতো নমাই আনিছেই, দেশৰ গণতান্ত্রিক ব্যৱস্থাটো দুৰ্বল হৈ পৰাৰ আশাংকাৰো সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এনেকুৱা ধৰণৰ সংঘাতৰ বহুত ঘটনা যোৱা কিছুদিনত ঘটিছে আৰু আমাৰ ৰাজ্যবাসীয়েও তাৰ কেতবোৰ ৰূপ প্রত্যক্ষ কৰিছে। শেহতীয়াকৈ 'ক্ৰছ কাৰেণ্ট' নামৰ প'ৰ্টেল সংবাদ মাধ্যম এটাৰ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক অসম কো-অপাৰেটিভ এপেক্স বেংকত সংবাদ সংগ্রহ কৰিবলৈ যোৱা অৱস্থাত হোৱা এক সংঘাতৰ পৰিপ্ৰেক্ষিতত গ্ৰেপ্তাৰ কৰা এক ঘটনাই ৰাজ্যত জোকাৰণিৰ সৃষ্টি কৰিছে। সাংবাদিক হ'লেই তেওঁ সকলোৰে ঊর্ধ্বত হ'ব তেনে নিশ্চয় হ'ব নোৱাৰে, কিন্তু এপেক্স বেংকৰ ঘটনাটো কোন পৰ্যায়ৰ আছিল, সংবাদৰ তথ্য বিচাৰি যোৱা বাবে তেওঁ বাধাৰ সন্মুখীন হৈছিল নেকি, গ্ৰেপ্তাৰ কৰি শাস্তি দিবলগীয়াকৈ সাংবাদিকজনে অপৰাধ কৰিছিল নেকি- সেই দিশবোৰৰ বিচাৰ কৰাৰ প্ৰয়োজন অনুভৱ নকৰাকৈ সাংবাদিকজনক গ্ৰেপ্তাৰকহে কিয় গুৰুত্ব দিয়া হ'ল সেইটোহে ৰহস্যজনক কথা। দিলোৱাৰ হুছেইন মজুমদাৰ এনে ব্যক্তি নহয় যে তেওঁ পলাই ক'ৰবালৈ গুচি যাব। যদি তেওঁ শাস্তিযোগ্য অপৰাধেই কৰিছিল, তেনেহ'লে তেওঁৰ অপৰাধ স্বচ্ছতাৰে নিৰূপণ কৰি পাছতো গ্ৰেপ্তাৰ কৰিব পৰা গ'লহেঁতেন। 

এতিয়া চৰকাৰৰ তৰফৰ পৰা প্ৰশ্ন কৰা হৈছে যে দিলোৱাৰ হুছেইন মজুমদাৰ সাংবাদিক নে অধিবক্তা নে ব্যৱসায়ী? তেনেহ'লে কাৰ্যপালিকাকো প্রশ্ন কৰিব পৰা যায় যে দিলোৱাৰ হুছেইন মজুমদাৰক কি বুলি গ্ৰেপ্তাৰ কৰা হৈছে? এয়া এটা ক্ষুদ্র উদাহৰণহে। এনেকুৱা ধৰণৰ ঘটনা কিছুমানেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সদৃশ সংবাদ মাধ্যমৰ প্ৰতি চৰকাৰৰ মনোভাবৰ আভাস তুলি ধৰে। গতিকে, এনেকুৱা পৰিস্থিতিত সংবাদ মাধ্যমক ৰক্ষা কৰিবলৈ হ'লে ইয়াৰ মূল অংশীদাৰ সাংবাদিকসকল অতি সতর্ক হ'ব লাগিব। মত প্ৰকাশৰ স্বাধীনতা আমাৰ সংবিধান-প্রদত্ত অধিকাৰ। এই সাংবিধানিক অধিকাৰৰ কথাকে বাৰম্বাৰ চৰকাৰ-প্ৰশাসনক সোঁৱৰাই থাকিবলগীয়া হোৱা কথাটোৱে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত বহু কথাৰ ইংগিত দিছে। ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা যে খর্ব হৈছে তাৰ আন এক উদাহৰণ সাংবাদিক মুকেশ চন্দ্ৰকাৰৰ হত্যাৰ ঘটনা।
শেহতীয়াভাৱে ৩৩ বছৰীয়া সাংবাদিকগৰাকীৰ হত্যাৰ ঘটনাই আকৌ এবাৰ দেশ আৰু বিশ্বক সোঁৱৰাই দিছে যে ভাৰতৰ সংবাদ মাধ্যম মুক্ত নহয়। মুকেশ চন্দ্ৰকাৰ ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল। তিনি দিন পাছত ছট্টিশগড়ৰ বীজাপুৰ জিলাৰ ঠিকাদাৰ সুৰেশ চন্দ্ৰকাৰৰ মালিকানাধীন এটা চেপ্টিক টেংকত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। ১২০ কোটি টকাৰ পথ নিৰ্মাণ প্রকল্পত হোৱা দুৰ্নীতিৰ অভিযোগৰ প্ৰতিবেদন সম্প্ৰচাৰিত হোৱাৰ পাছতেই সাংবাদিকগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। 

একেদৰেই ২০১৭ চনত বাংগালোৰত নিজ বাসগৃহৰ বাহিৰত গুলীয়াই হত্যা কৰা হৈছিল বিশিষ্ট সাংবাদিক গৌৰী লংকেশক। অসমতো কমলা শইকীয়া, কুণ্ডৰমল আগৰৱালা, দীপক স্বর্গীয়াৰী, মাণিক দেউৰী, পৰাগ কুমাৰ দাস, প্ৰহ্লাদ গোৱালা, মুছলিমউদ্দিন আহমেদ, জগজিৎ শইকীয়া, অনিল শইকীয়া আদিকে ধৰি বিভিন্ন সময়ত বহুকেইগৰাকী সাংবাদিকক হত্যা কৰা হৈছে। অতি পৰিতাপৰ কথা এইটোৱেই যে আজি পর্যন্ত ইয়াৰে এজন হত্যাকাৰীও চিনাক্ত নহ'ল, শাস্তি হোৱাটো দূৰৰে কথা। সাংবাদিক হত্যা সন্দৰ্ভত ইউনেস্ক'ৰ প্ৰতিবেদনত ইয়াতকৈ বহু ভয়াৱহ আৰু উদ্বেগজনক তথ্য প্রকাশ পাইছে। ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদনত বিশ্বত হত্যাৰ বলি হোৱা সাংবাদিকসকলৰ অধিকাংশই ন্যায়ৰ পৰা বঞ্চিত হোৱা বুলি উল্লেখ কৰা হৈছে। ২০২০ আৰু ২০২১ চনত ভাৰতত কুৰিৰো অধিক সাংবাদিক হত্যাৰ বলি হৈছে। ইয়াৰে সৰ্বাধিক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। ৰাজ্যখনত ২০২০ চনত সাতজন সাংবাদিকক দুর্বৃত্তই হত্যা কৰিছে। ২০২১ চনত চাৰিজন সাংবাদিকক হত্যা কৰা হৈছে। ইউনেস্ক'ৰ প্ৰতিবেদন অনুসৰি ২০২২-২৩ চনত বিশ্বজুৰি মুঠ ১৬২জন সাংবাদিক নিহত হৈছে। বাক্ স্বাধীনতা ৰক্ষাৰ স্বাৰ্থ, গণতন্ত্ৰৰ চতুর্থ স্তম্ভক সুৰক্ষিত কৰাৰ স্বাৰ্থত সাংবাদিক নিগ্রহ, হত্যাৰ দৰে ঘটনা ৰোধৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো অতি জৰুৰী হৈ পৰিছে।

Share This