সোণ

dainik janambhumi June 09, 2025

ডিজিটেল ডেস্কঃ বিয়াৰ বাবে সোণৰ খাৰু নালাগে নালাগে বুলি যিমানেই গান গোৱা নহওক কিয়, ভাৰতীয় বিয়াত সোণৰ বিশেষ ভূমিকা আছে।

 যিকোনো অর্থনৈতিক স্তৰৰ পৰিয়ালেই আশা কৰে কন্যাক সোণৰ অলংকাৰ এপদেৰে উলিয়াই দিবলৈ বা ঘৰৰ বোৱাৰীগৰাকীক সোণৰ অলংকাৰেৰে আদৰি আনিবলৈ। পৰিয়ালৰ অৰ্থনৈতিক ক্ষমতা অনুসৰি অলংকাৰৰ সংখ্যা আৰু ওজন হয়তো সুকীয়া হ'ব পাৰে। কিন্তু হেঁপাহ আৰু আগ্রহ একেই। এইটোও ঠিক যে সোণ যিহেতু এক মূল্যৱান ধাতু, সেয়ে সোণৰ অলংকাৰেৰে বোৱাৰীগৰাকীক আদৰি আনিলে বা কন্যাক বিয়া দিলে তেওঁক অর্থনৈতিকভাবেও সবল কৰি তোলা হয়। অৱশ্যে বিয়া-বাৰুৰ ক্ষেত্ৰত প্ৰধানকৈ ব্যৱহাৰ হ'লেও অন্যান্য বিভিন্ন সামাজিক অনুষ্ঠান-লোকাচাৰৰ সৈতেও সোণৰ ব্যৱহাৰ প্ৰচুৰ। প্ৰধানতঃ অলংকাৰৰূপেই ইয়াৰ ব্যৱহাৰ তুংগত। 

আজিকালি মহিলাৰ লগে লগে পুৰুষেও সোণৰ অলংকাৰ ফেশ্বনৰূপে পিন্ধিবলৈ (লোৱা চকুত পৰে। সেইদৰে ধৰ্মীয় বিশ্বাসতো সোণ দানৰ বিশেষ ভূমিকা আছে। এই সোণ দানৰ বাবেই ভাৰতবৰ্ষৰ কেইবাটাও প্রাচীন মন্দিৰ যে কেইবা শ কোটি টকা মূল্যৰ সোণেৰে চহকী, সেই বাতৰি মাজে-সময়ে সংবাদ মাধ্যমত প্রকাশ হৈয়েই থাকে। মুঠ কথাত সোণ অবিহনে ভাৰতীয় সমাজ জীৱন অসম্পূর্ণ। সমগ্র পৃথিৱীৰ (প্রেক্ষাপটত যদি চোৱা হয়, তেনেহ'লে পৃথিৱীৰ সমস্ত সোণৰ ৫০ শতাংশই ব্যৱহাৰ হয় অলংকাৰৰূপে, ৪০ শতাংশ হয় বিনিয়োগ ৰূপত আৰু ১০ শতাংশ ঔদ্যোগিক কাম-কাজত।

ইফালে ২০২৩ চনৰ প্ৰাপ্ত তথ্য মতে, সোণ উৎপাদনৰ ক্ষেত্ৰত চীন আছে প্রথমত, ৰাছিয়া আৰু অস্ট্রেলিয়া আছে ক্রমে দ্বিতীয় আৰু তৃতীয় স্থানত। পৃথিৱীত সোণো আছে বোলে ২০১২৯৬ টন (২০২০ চনৰ তথ্য)। পৃথিৱীৰ এই সমস্ত সোণ যদি একলগ কৰি এটা চতুর্ভুজ গঢ়া হায়, তেনেহ'লে তাৰ প্ৰতিটো ফালৰ জোখ হ'ব ২১.৭ মিটাৰ (৭১ ফুট)। তুলনামূলকভাবে দুষ্প্রাপ্য এই ধাতুবিধ বজাৰ দৰত অতিকে মূল্যবান। এটা সময়ত সোণৰ মূল্যক যিকোনো অর্থনৈতিক বিনিময়ৰ আধাৰৰূপে লোৱা হৈছিল।

এই সোণ শেহতীয়াকৈ চৰ্চাত। কাৰণ ইয়াৰ দাম। এনেও সোণ মূল্যবান, কিন্তু শেহতীয়াকৈ সোণৰ দামে চুইছেগৈ প্রায় লাখৰ ঘৰ। ১০ গ্রাম ২৪ কেৰেট সোণৰ মূল্য এতিয়া প্রায় এক লাখ টকা। বিগত বছৰৰ মাৰ্চ মাহৰ পৰা বাঢ়িছে প্রায় ৬০ শতাংশ। বিশেষজ্ঞসকলে সম্ভাৱনা দেখিছে অনাগত সময়ত সোণৰ দাম আৰু বঢ়াৰ। প্রশ্ন হয়- সোণৰ দাম ইমান কিয় বাঢ়িছে? সোণৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে একো নকৰে কিয়? এইবোৰ অলেখ প্রশ্ন। উত্তৰো দীঘলীয়া। কিন্তু মূল কথা হ'ল বিশ্ব অর্থনীতিৰ জটিল টনা-আঁজোৰাৰ মাজতে সোমাই আছে সোণৰ দামৰ প্ৰসংগটোও।

 দৰাচলতে অর্থনৈতিক অনিশ্চয়তা যিমানে বাঢ়ে, বিশ্বৰ বিনিয়োগকাৰীসকলে নিশ্চয়তা বিচাৰি সোণৰ কাষ চাপে। এইটোৱেই নিয়ম। বিগত কিছু সময় ধৰি বিশ্ব অর্থনীতি অনিশ্চয়তাৰ মাজেৰে আগবাঢ়িছে। মার্কিন মুলুকত মুদ্রাস্ফীতি, নিবনুৱা বৃদ্ধিৰ পৰা আৰম্ভ কৰি ৰাছিয়া-ইউক্রেইন যুদ্ধকে ধৰি একাধিক যুদ্ধ তথা ভূ-ৰাজনৈতিক 'টেনশ্যনে' বিশ্বজুৰি শ্বেয়াৰ বজাৰত প্ৰভাৱ পেলায়। এনে অনিশ্চয়তাই সোণৰ দাম বৃদ্ধিত উদগনি দিয়ে। আনকি বিশ্ব অর্থনীতিৰ এই সামগ্রিক অস্থিৰতা দেখি বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংকে বিগত এক বছৰত ১০৩৭ টন সোণ কিনিছে বুলি বল্টু গ'ল্ড কাউন্সিলৰ এক প্রতিবেদনত প্রকাশ। আচলতে অনিশ্চিত পৰিস্থিতিত 'নিৰাপদ' বিবেচনা কৰি আন্তর্জাতিক ক্ষেত্ৰখনত সকলোৱে সোণকেই আঁকোৱালি লৈছে। আৰু ইয়াৰ স্বাভাৱিক পৰিণতিত বাঢ়িছে সোণৰ দাম।


কিন্তু আচৰিত কথাটো হ'ল সোণৰ এই ভয়ংকৰ গতিৰ দাম বৃদ্ধিৰ পাছতো সোণৰ আমদানি কিন্তু ভাৰতত কমা নাই। বৰঞ্চ যোৱা মাৰ্চ মাহৰ তথ্য মতে, দেশলৈ সোণৰ আমদানি তিনিগুণৰ বেছি বাঢ়িছেহে। এইইটোৱে প্ৰমাণ কৰে যে দাম বাঢ়িলেও এই দেশত সোণৰ বজাৰ মন্দা হোৱা নাই। আচলাতে বৃহৎ জনসংখ্যা আৰু সেইদৰেই এইখন দেশত আছে প্ৰায় আঠাইছ কোটি ধনী আৰু উচ্চ মধ্যবিত্তৰ এখন বৃহৎ বজাৰ। তাত দাম বাঢ়িলেও সোণৰ  চাহিদাত বৰ প্ৰভাৱ নপৰে।

 অৱশ্যে স্বর্ণ ব্যৱসায়ৰ লগত জড়িত বিশেষজ্ঞসকলৰ মতে, সোণৰ সামগ্রিক বজাৰখনত এটা লক্ষণীয় পৰিৱৰ্তন আহিছে। সেয়া হ'ল পুৰণি সোণৰ অলংকাৰেৰে নতুন গহনা গঢ়াবলৈ অহা লোকৰ সংখ্যা বাঢ়িছে। বুজাত অসুবিধা নহয় এইসকল লোকৰ অধিকাংশই হ'ল (সোণৰ বৰ্ধিত দামত সোণ কিনিবলৈ অপাৰগ, কিন্তু নতুন গহনা গঢ়াবলৈ আগ্রহী লোক। অর্থাৎ সোণৰ গহনাৰ প্ৰতি আগ্রহ কমা নাই। এই সকলো দেখি-শুনি স্বর্ণ ব্যৱসায়ৰ বিশেষজ্ঞসকলে মতপোষণ কৰিছে যে অনাগত সময়ত সোণৰ গহনাৰ ৰপ্তানি বাঢ়িবহে, নকমে। সেয়ে হয়তো এই দাম বৃদ্ধিৰ দিনতো দেশলৈ সোণৰ আমদানি বাঢ়িছে। সোণৰ অলংকাৰৰ ৰপ্তানি সংস্থাবোৰক সকাহ দিবলৈ ইতিমধ্যেই শুল্ক আৰু কৰত ৰেহাই দিছে চৰকাৰে। চৰকাৰে নিজেও কিনিছে সোণ।

এই সকলো কথাৰ সাৰমৰ্ম হ'ল সোণৰ দাম বাঢ়িছে ঠিকেই। কিন্তু বিশ্ব বজাৰত সোণৰ অলংকাৰৰ চাহিদাত এই কথাৰ বিশেষ প্রভাৱ নপৰে। সামগ্রিক স্বর্ণ ব্যৱসায় হয়তো একেই থাকিব। দীর্ঘ দিনৰ বজাৰৰ গতিৰ পৰা বুজাত অসুবিধা নহয় সোণৰ মূল্যই এই যি শিখৰত আৰোহণ কৰিছে, ইয়াৰ পৰা বৰ বেছি নমাৰ সম্ভাৱনাও নাই। হয়তো বিশ্ব অর্থনীতিৰ নতুন উত্থান-পতনে সোণৰ বজাৰত প্ৰভাৱ পেলাব, হয়তো আন্তর্জাতিক বজাৰত সোণৰ মূল্য কিছু হ্রাস হ'ব। কিন্তু আমাৰ খুচুৰা বজাৰত ইয়াৰ প্ৰভাৱ কিমান পৰিব, তাত সন্দেহ থাকি যায় সদায়। আৰু ইয়াৰ বিপৰীতে আন্তর্জাতিক বজাৰতো সোণৰ মূল্য বৃদ্ধিৰ গতি যদি অব্যাহত থাকে, তেনেহ'লে খুচুৰা বজাৰত কি হ'ব সেয়া সহজেই অনুমেয়। কিন্তু প্রশ্ন হ'ব-আমাৰ সাধাৰণ মধ্যবিত্তসকলৰ কি হ'ব? পাৰিবনে হেঁপাহৰ অলংকাৰ এপদ কিনিব? পাৰিবনে সোণৰ খাৰু এপাটেৰে ছোৱালীজনীক বিয়া দি উলিয়াই দিব? নিম্ন আৰু স্বল্প আয়ৰ মানুহৰ জীৱনৰ পৰা সোণৰ উজ্জ্বলতা বাৰু হেৰাই যোৱাৰ উপক্ৰম হোৱা নাইনে? এইসকল লোকৰ হেঁপাহ, আগ্রহ আৰু প্ৰয়োজনক কিন্তু সন্মান জনোৱাৰ দায়িত্ব আছে কল্যাণকামী দেশৰ চৰকাৰৰ। চৰকাৰে সোণৰ মূল্য আৰু সৰ্বসাধাৰণৰ আগ্ৰহ আৰু ক্ৰয় ক্ষমতাৰ প্ৰসংগটো মানৱীয় দৃষ্টিৰে বিবেচনা কৰা উচিত। এনেক্ষেত্রত দীর্ঘম্যাদী সমাধানৰ চিন্তা-চৰ্চা অব্যাহত ৰাখি সহজ ঋণৰ সুবিধাও হ'ব পাৰে এই জটিল বিষয়টোৰ তাৎক্ষণিক হ্রস্বম্যাদী সমাধান সূত্র। এনে পদক্ষেপে নিম্ন আয়ৰ লোকসকলৰ লগতে স্থানীয় 'খুচুৰা স্বর্ণ ব্যৱসায়ীসকলকো সকাহ দিব। একে সময়তে আমিও বিবেচনা কৰিব লাগিব সোণৰ প্ৰতি আমাৰ আগ্ৰহ আৰু হেঁপাহ প্রয়োজনাধিক হৈছে নেকি? আগ্রহ আৰু হেঁপাহক প্রদর্শনকামিতাৰ নির্লজ্জ প্রতিযোগিতাই নিয়ন্ত্রণ কৰিছে নেকি? কাৰণ এই অহেতুক 'স্বর্ণ প্রতিযোগিতা'ই জীয়ন উজলাই নোতোলে, বৰঞ্চ ই জীৱনলৈ নমাই আনে অন্ধকাৰহে।

Share This