ডিজিটেল ডেস্ক : ইংগ-আইৰিছ ৰাজনীতিক এডমাণ্ড বার্কে তাহানিতে ইংলেণ্ডৰ সদনত গ্ৰেছ গেলেৰীলৈ আঙুলিয়াই কৈ উঠিছিল- 'আপোনালোকেই চতুর্থ স্তম্ভ'। পৰৱৰ্তী সময়ত এই অভিধা জনপ্রিয় হ'ল, সাংবাদিক প্রতিষ্ঠিত হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে। কাৰ্যপালিকা, ন্যায়পালিকা আৰু বিধানমণ্ডল- এই তিনিটা স্তম্ভৰ সৈতে সংবাদ মাধ্যম বা সাংবাদিকক চতুর্থ স্তম্ভৰ মৰ্যাদা দিয়াৰ প্ৰসংগটোরে বুজায় সমাজ আৰু গণতন্ত্রত সংবাদসেৱাৰ ভূমিকা কিমান গভীৰ আৰু সুদূৰ প্ৰসাৰী। এইখিনিতে উল্লেখ কৰিব পাৰি এটা ঘৰৰ মূল চাৰিটা খুঁটাৰ এটা অকণমান হাওলিলেই বা ঘুণে খালেই যেনেদৰে গোটেই ঘৰটো বিপদাপন্ন হোৱাৰ সম্ভাৱনা থাকে, তেনেকৈ গণতান্ত্রিক ৰাষ্ট্ৰ এখনতো উল্লিখিত কোনোবা এটা স্তম্ভত কেৰোণ লাগিলেই বা বিপদাপন্ন হ'লেই সমগ্ৰ ৰাষ্ট্ৰখন বিপদৰ সন্মুখীন হোৱাৰ আশংকা আহি পৰে।
ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা কিমান গভীৰ তাক দোহৰাৰ প্রয়োজন নাই। সংবাদ মাধ্যমে বিগত দিনবোৰত বা বৰ্তমানেও ব্যক্তি, সমাজ আৰু চৰকাৰৰ দুৰ্নীতি, অন্যায় আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সজোৰে মাত মাতি আহিছে। আনকি বিগত কিছু বছৰত আমাৰ ৰাজ্যত সংবাদ মাধ্যমেই প্রকৃত বিৰোধী পক্ষৰ ভূমিকা পালন কৰি আহিছে বুলি ক'লেও অত্যুক্তি কৰা নহয়। কিন্তু উল্লেখ কৰিব লগা কথাটো হ'ল ভাৰতীয় সংবাদ মাধ্যমে দ্রুত গতিত স্বাধীনতা হেৰুৱাইছে, হেৰুৱাইছে বিশ্বাসযোগ্যতা আৰু আস্থাও। ৰিপ'ৰ্টাছ উইডাউট ব'ৰ্ডাৰৰ ২০২৫ চনৰ 'ৱৰ্ল্ড প্ৰেছ ফ্রিডম ইনডেক্স' অনুসৰি ভাৰতৰ স্থান ১৫১। এই স্থানে প্রতীয়মান কৰে ভাৰতবৰ্ষত সাংবাদিকতাই কি ধৰণৰ স্বাধীনতা উপভোগ কৰিছে। এই কথা বুজাত অসুবিধা নাই যে সাংবাদিকতা সেৱাৰ পৰা বৃত্তিলৈ ৰূপান্তৰিত হোৱাৰ পাছৰে পৰা বিভিন্ন লোকে, বিশেষকৈ ধনৱান আৰু ক্ষমতাশালী লোক/ গোষ্ঠীয়ে সংবাদ মাধ্যমক নিজৰ নিয়ন্ত্ৰণলৈ নি নিজে বিচৰা ধৰণেৰে পৰিচালিত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছে। অপ্রিয় হ'লেও সত্য এই ক্ষেত্রত পুঁজিপতি গোষ্ঠী তথা বিভিন্ন ৰাজনৈতিক নেতা বা ৰাজনৈতিক দলৰ ভূমিকা চকুত লগা। বিভিন্ন প্রকাৰে সাংবাদিকক নিয়ন্ত্ৰণ কৰা, সাংবাদিকৰ কণ্ঠ ৰোধ কৰিবলৈ কৰা চেষ্টা আজি স্পষ্ট। কেৱল ইমানেই নহয়, বিভিন্ন তুচ্ছ-তাচ্ছিল্যৰে সাংবাদিকক হেয় কৰিবলৈ প্রতি মুহূর্ততে হৈ থকা সচেষ্ট হৈ থকা ৰাজনৈতিক নেতাৰ সংখ্যাও আজি অলেখ। আকৌ কূট- কৌশল বা অপমানেৰে নোৱাৰিলে সাংবাদিকক শাৰীৰিকভাৱে আক্ৰমণ কৰি কোনো পৰিস্থিতিত হত্যা পর্যন্ত কৰি সাংবাদিকৰ কণ্ঠ ৰোধ কৰিবলৈ কৰা চেষ্টা আজি অতি সুলভ। অসমো এনেবোৰ ঘটনাৰ পৰা আঁতৰত নহয়। সাংবাদিক নিগ্রহৰ ঘটনা অসমতো এতিয়া দিন-প্রতিদিন।
ইয়াৰ কাৰণ কি? এই প্রশ্নৰ উত্তৰ বিচাৰিলে এটা উত্তৰ প্ৰায়ে পোৱা যায়, সেইটো হ'ল 'ভয়' সত্য প্রকাশ হোৱালৈ ভয়। সাংবাদিকসকলে সত্য প্রকাশ কৰে আৰু সেই সত্যৰ প্রকাশে বহুতৰ ন্যস্ত স্বার্থত আঘাত হানে আৰু সেয়ে স্বাভাৱিক কাৰণতে সাংবাদিকৰ কণ্ঠ ৰোধ কৰি সত্য প্ৰকাশৰ বাট ৰুধিব খোজে এচামে। আচলতে তথাকথিত 'সৰু মানুহবোৰলৈ' 'ডাঙৰ মানুহবোৰ'ৰ বিৰাট ভয়। এই ভয় প্রকাশ হয় বিভিন্ন ধৰণেৰে, কেতিয়াবা যদি তুচ্ছ-তাচ্ছিল্য, কেতিয়াবা 'চাকৰি যোৱা'ৰ ভাবুকি আৰু কেতিয়াবা হয়তো প্রাণে মৰাৰ চেষ্টা। প্রকৃততে সাম্প্রতিক সময়ত সাংবাদিকসকল মন্ত্ৰী-বিধায়কৰ আশীবাদপুষ্ট অস্ত্র-শস্ত্ৰৰে সু-সজ্জিত এচাম ধুৰন্ধৰ বাহুবলী গুণ্ডাৰ লক্ষ্য হৈ পৰাটো সমাজৰ কাৰণে চিন্তাৰ বিষয় হৈ পৰিছে। সাংবাদিকৰ জীৱনৰ নিৰাপত্তা এতিয়া নোহোৱা হৈছে। আনকি আপাত দৃষ্টিত সাধাৰণ সভা এখনৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা নিৰীহ সাংবাদিকো সম্মুখীন হয় ভয়ংকৰ আক্ৰমণৰ। দুর্নীতিগ্রস্ত বিষয়া, অত্যাচাৰী শাসক, অসাধু ব্যৱসায়ীৰ আজি উমৈহতীয়া লক্ষ্য সাংবাদিক। সাংবাদিক তেওঁলোকৰ ঘোৰ শত্রু। গণতান্ত্রিক দেশ এখনত এইবোৰ ভয়ংকৰ কথা। গণতন্ত্ৰৰ বাবে ভাবুকি।
এনে পৰিস্থিতিত সাংবাদিকসকল ঐক্যবদ্ধভাবে থিয় দিব পৰাটোৱেই হ'ল সবাতোকৈ ডাঙৰ শক্তি। ব্যক্তিগত অসূয়া-অপ্রীতি, মতবিৰোধ পৰিহাৰ কৰি বৃহত্তৰ স্বার্থত সাংবাদিক এক গোট হ'বই লাগিব- সাংবাদিক নিগ্রহৰ প্ৰতিটো ঘটনাত মাৰ বান্ধি থিয় দি দোষীক শাস্তি দিয়াব পাৰিব লাগিব। ৰাইজ নিশ্চিতভাবে থাকিব লাগিব সাংবাদিকৰ লগত। অপশক্তিসমূহে বুজিব লাগিব সাংবাদিক দুর্বল নহয়, অকলশৰীয়া নহয়। চৰকাৰৰ দায়িত্ব সাংবাদিকক সুৰক্ষা নিশ্চিত কৰা, বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা নিৰস্ত্ৰ সাংবাদিক এজন যদি শাৰীৰিক আক্ৰমণৰ সন্মুখীন হ'ব লগা হয়, ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি কি পর্যায়ত সেয়া সহজেই অনুমেয়। এনে ঘটনা দেখি ৰাইজেই হয়তো প্রশ্ন তুলিবৰাইজক নিৰাপত্তা দিব কোনে? চৰকাৰে পাৰিবনে? আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্রিত নে? আকৌ কৈছোঁ, সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুর্থ স্তম্ভ। এই স্তম্ভত লগা প্রতিটো আঘাত গণতন্ত্ৰৰ বাবে ভাবুকি। আৰু এই গণতন্ত্র বিপদাপন্ন হ'লে কিন্তু কেৱল সাংবাদিকসকলেই বিপদত নপৰে, বিপদত পৰিব সমগ্ৰ ৰাষ্ট্ৰ, সকলো নাগৰিক। ইয়াৰ পৰা সাৰি নাযাব এতিয়া শাসনত থকা চৰকাৰ বা বিয়াগোম নেতাও।