ডিজিটেল ডেস্কঃ পাকিস্তানৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰি স্বাধীন বাংলাদেশ প্রতিষ্ঠা কৰাৰ সেই ঐতিহাসিক সময়খিনিত ভাৰতে আগবঢ়োৱা সহযোগিতা, স্বাধীন বাংলাদেশক সচ্ছল বাংলাদেশলৈ ৰূপান্তৰৰ যাত্ৰাটোত ভাৰতে প্ৰসাৰিত কৰা বন্ধুত্বৰ হাত, প্রব্রজিত অগণন বাংলাদেশীক উদাৰ প্ৰতিৱেশীৰ ৰূপত ভাৰতে দিয়া আশ্রয়- এইবিলাক দেশখনে ইমান সোনকালে পাহৰিব বুলি কোনো ভাৰতীয়ই ভাবিব পৰা নাছিল।
কিন্তু আজিৰ তাৰিখত সেইটোৱেই সত্য প্রতিপন্ন হ'বলৈ আগবাঢ়িছে। ১৯৭১-ৰ মুক্তিযুদ্ধৰ সময়ত পাকিস্তানী সৈন্যই মুক্তিকামী পূব পাকিস্তানৰ জনতাক কৰা অত্যাচাৰ, অগণন নাৰীক কৰা ধৰ্ষণ, উৎপীড়নৰ কাহিনীবোৰ পাহৰি, তেওঁলোকক ভাৰতে সেই নিৰ্মম ৰাষ্ট্ৰ সন্ত্ৰাসৰ পৰা মুক্ত কৰাৰ অধ্যায়টো পাহৰি এতিয়া দেশখনৰ পৰিৱৰ্তিত চৰকাৰে ভাৰতক শত্রু ৰূপে গণ্য কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। পাকিস্তানৰ অনুগত মৌলবাদী শক্তিবোৰে ভাৰতৰ বিৰুদ্ধাচৰণ কৰা, ভাৰতৰ বিৰুদ্ধে কূটাঘাতত লিপ্ত হোৱাৰ দৰে বিক্ষিপ্ত ঘটনাবোৰ তাত আগৰে পৰাই হৈ আহিছে, সেই বিষয়ে ক'ব লগা নাই, কিন্তু চৰকাৰীভাৱে ভাৰতৰ শত্রুতা কৰাৰ যি পথ সম্প্রতি দেশখনৰ তদাৰকী চৰকাৰৰ নেতৃত্বই গ্রহণ কৰিছে, সেইটো গভীৰ উদ্বেগৰ কথা। প্রখ্যাত অর্থনীতিবিদ মহম্মদ ইউনুছৰ নেতৃত্বাধীন এই তদাৰকী চৰকাৰখনে চীন আৰু পাকিস্তানৰ সৈতে এনে এটা পর্যায়ত সম্পর্ক প্রতিষ্ঠা কৰিবলৈ আগবাঢ়িছে, যিটোক পোনপটীয়া শত্রুতামূলক আচৰণ বুলি ক'ব পৰা যায়। কিছুদিন আগলৈকে তিক্ত হৈ থকা বাংলাদেশ-পাকিস্তানৰ সম্পৰ্ক ইউনুছৰ চৰকাৰৰ দিনত কেনেকৈ পুনৰ সজীৱ হৈ উঠিছে তাৰ ৰেঙনি যোৱা কিছুদিনৰ ঘটনা-প্ৰৱাহৰ পৰাই অনুমান কৰিব পাৰি। অলপতে বাংলাদেশে পাকিস্তানৰ পৰা ৫০ হাজাৰ টন চাউল আমদানি কৰিছে। দুয়োখন দেশৰ মাজত পোনপটীয়া বিমান যোগাযোগ প্রতিষ্ঠা হৈছে আৰু দেশ দুখনৰ সেনা বাহিনীৰ মাজত যোগসূত্ৰ পুনৰ গঢ় লৈ উঠিছে। জানিব পৰা মতে, বাংলাদেশ-পাকিস্তানৰ সামৰিক সহযোগিতাৰ বুজাবুজিও সম্পন্ন হৈছে। দুয়োখন দেশৰ নাগৰিকে যাতে স্বাচ্ছন্দ্যে উভয় দেশলৈ যাতায়াত কৰিব পাৰে তাৰ বাবে ভিছা নীতিৰো সৰলীকৰণ কৰা হৈছে। লক্ষণীয়ভাবে অন্তৰ্ৱৰ্তী চৰকাৰ প্ৰতিষ্ঠাৰ এই ছমাহতে বাংলাদেশৰ তদাৰকী চৰকাৰৰ মুৰব্বী ইউনুছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ লগত দুবাৰ বৈঠকত বহিছে। ইমানেই নহয়, দেশ দুখনৰ কূটনৈতিক বিষয়াসকলৰ মাজত যোগাযোগ
অভাৱনীয় হাৰত বৃদ্ধি পাইছে। সমহাৰত বৃদ্ধি পাইছে দুয়ো দেশৰ বাণিজ্যিক সম্পর্ক। ১৯৭১ত ঘৃণিত পাকিস্তান আজি কিয় বাংলাদেশীৰ বুকুৰ আপোন হৈ পৰিছে তাৰ ব্যাখ্যাৰ প্ৰয়োজন নাই। ভাৰতক অপকাৰ কৰিবলৈ মহম্মদ ইউনুছৰ চৰকাৰখন এতিয়া যে যিকোনো স্তৰলৈকে যাব পাৰে তাৰেই ৰেঙনি মাত্র এই ঘটনা-প্ৰৱাহ। চীনৰ প্ৰতি বাংলাদেশৰ এইখন চৰকাৰৰ আগ্ৰহ আৰু এখোপ চৰা। পূৰ্বৰ শ্বেখ হাছিনা চৰকাৰৰ দিনতো চীনৰ সৈতে বাংলাদেশৰ বাণিজ্যিক সম্বন্ধ আছিল, কিন্তু সেয়া আছিল ভাৰতৰ সৈতে থকা সদ্ভাৱ ব্যাহত নকৰাকৈ গঢ়ি তোলা সম্পর্ক। হাছিনা চৰকাৰৰ মন্ত্ৰী এগৰাকীয়ে মুকলিকৈয়ে কৈছিল- 'ভাৰত আমাৰ বন্ধু দেশ, চীন আমাৰ বেংক'। অর্থাৎ অর্থনৈতিক প্রয়োজনীয়তা
পূৰণ কৰাৰ বাবেহে গঢ় লৈছিল সেই সম্পর্কই। কিন্তু যোৱা মাহত ইউনুছে চীন ভ্ৰমণলৈ গৈ দেশখনৰ কমিউনিষ্ট চৰকাৰৰ মুৰব্বী ঝি জিনপিঙৰ সৈতে আলোচনাত বহাৰ পাছত যিবোৰ খবৰ প্ৰকাশ পাইছে সেইবোৰ ভাৰতৰ প্ৰতিৰক্ষাৰ প্ৰতিয়েই প্রচণ্ড ভাবুকি স্বৰূপ বুলি গণ্য হৈছে। চাৰিদিনীয়া চীন ভ্ৰমণৰ সময়ত ইউনুছে কয় যে ভাৰতৰ উঃ-পূবৰ ৭খন ৰাজ্য ভূসীমাৰে আবদ্ধ হৈ আছে, ফলত সেই ঠাইৰ সাগৰৰ একমাত্ৰ গৰাকী হৈছে বাংলাদেশ। চীনে সেই সাগৰীয় অঞ্চল ব্যৱহাৰ কৰি অর্থনৈতিক সম্প্ৰসাৰণৰ সুবিধা ল'ব পাৰে।
উল্লেখযোগ্য যে 'চিকেন নেক' হিচাপে জনাজাত ভাৰতৰ শিলিগুৰি কৰিড'ৰৰ কাষতে আছে বাংলাদেশ। জানিব পৰা মতে, এই শিলিগুৰি কৰিড'ৰৰ ১২০ কিঃমিঃ দুৰৈতে থকা লালমণিহাটত চীনক এটা বিমান ঘাটি নির্মাণ কৰিবলৈ বাংলাদেশে অনুমতি দিছে। তদুপৰি, কলকাতাৰ পৰা ২০০ কিঃমিঃ দূৰৈৰ মংলা বন্দৰটোৰো উন্নীতকৰণৰ দায়িত্ব চীনক অর্পণ কৰিছে দেশখনে। এইদৰে অদূৰ ভৱিষতে ভাৰতৰ নিচেই কাষৰে এটা বিমান ঘাটি আৰু এটা বন্দৰত চীনৰ নিয়ন্ত্রণ প্রতিষ্ঠা হ'লে আৰু ইয়ালৈ চীনৰ বিমান-জাহাজৰ চলাচল সুচল হৈ পৰিলে ভাৰতৰ প্ৰতিৰক্ষাৰ বাবে ই কেনে এক বৃহৎ প্রত্যাহ্বান হৈ পৰিব তাক বহলাই কোৱাৰ প্ৰয়োজন নাই। কেইদিনমান পূর্বে বেংককত অনুষ্ঠিত 'বিমষ্টেক' সন্মিলনৰ সময়ত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ইউনুছৰ বার্তালাপ হৈছিল। সেই বার্তালাপত 'চিকেন নেক' সম্পর্কীয় ইউনুছৰ মন্তব্যৰ বাবে মোদীয়ে অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে বাংলাদেশত গণতান্ত্ৰিক চৰকাৰ পুনৰ প্ৰতিষ্ঠাৰ ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছিল। সেই বৈঠকৰ পাছতে বাংলাদেশে বিমান ঘাটি আৰু বন্দৰৰ দায়িত্ব চীনক দিয়াৰ কথা প্রকাশ পাইছে। ইয়াৰ পৰাই বুজা যায় বাংলাদেশৰ বৰ্তমানৰ নেতৃত্বৰ মনোভাব। এইবিলাক কথাই স্পষ্ট কৰি দিছে যে ভৱিষ্যতৰ দিনবোৰত বাংলাদেশ ভাৰতৰ বন্ধু প্ৰতিৱেশী হৈ নাথাকিব। বৰঞ্চ তেওঁলোকৰ আচৰণ অধিক বৈৰিতামূলক হৈ গৈ থকাৰ আশংকাহে থাকিব। বিশ্বৰ সাম্প্ৰতিক অস্থিৰ অৱস্থাত চুবুৰীয়া ৰাষ্ট্ৰ এখনৰ এনে মনোভাব কিমান উদ্বেগজনক সেয়া বুজাটো সহজ। ভাৰতীয় নেতৃবর্গই এই অৱস্থাৰ কেনেদৰে মোকাবিলা কৰে সেয়া লক্ষণীয় হ'ব।
বৈৰী প্ৰতিৱেশী
ডিজিটেল ডেস্কঃ পাকিস্তানৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰি স্বাধীন বাংলাদেশ প্রতিষ্ঠা কৰাৰ সেই ঐতিহাসিক সময়খিনিত ভাৰতে আগবঢ়োৱা সহযোগিতা, স্বাধীন বাংলাদেশক সচ্ছল বাংলাদেশলৈ ৰূপান্তৰৰ যাত্ৰাটোত ভাৰতে প্ৰসাৰিত কৰা বন্ধুত্বৰ হাত, প্রব্রজিত অগণন বাংলাদেশীক উদাৰ প্ৰতিৱেশীৰ ৰূপত ভাৰতে দিয়া আশ্রয়- এইবিলাক দেশখনে ইমান সোনকালে পাহৰিব বুলি কোনো ভাৰতীয়ই ভাবিব পৰা নাছিল। কিন্তু আজিৰ তাৰিখত সেইটোৱেই সত্য প্রতিপন্ন হ'বলৈ আগবাঢ়িছে। ১৯৭১-ৰ মুক্তিযুদ্ধৰ সময়ত পাকিস্তানী সৈন্যই মুক্তিকামী পূব পাকিস্তানৰ জনতাক কৰা অত্যাচাৰ, অগণন নাৰীক কৰা ধৰ্ষণ, উৎপীড়নৰ কাহিনীবোৰ পাহৰি, তেওঁলোকক ভাৰতে সেই নিৰ্মম ৰাষ্ট্ৰ সন্ত্ৰাসৰ পৰা মুক্ত কৰাৰ অধ্যায়টো পাহৰি এতিয়া দেশখনৰ পৰিৱৰ্তিত চৰকাৰে ভাৰতক শত্রু ৰূপে গণ্য কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। পাকিস্তানৰ অনুগত মৌলবাদী শক্তিবোৰে ভাৰতৰ বিৰুদ্ধাচৰণ কৰা, ভাৰতৰ বিৰুদ্ধে কূটাঘাতত লিপ্ত হোৱাৰ দৰে বিক্ষিপ্ত ঘটনাবোৰ তাত আগৰে পৰাই হৈ আহিছে, সেই বিষয়ে ক'ব লগা নাই, কিন্তু চৰকাৰীভাৱে ভাৰতৰ শত্রুতা কৰাৰ যি পথ সম্প্রতি দেশখনৰ তদাৰকী চৰকাৰৰ নেতৃত্বই গ্রহণ কৰিছে, সেইটো গভীৰ উদ্বেগৰ কথা। প্রখ্যাত অর্থনীতিবিদ মহম্মদ ইউনুছৰ নেতৃত্বাধীন এই তদাৰকী চৰকাৰখনে চীন আৰু পাকিস্তানৰ সৈতে এনে এটা পর্যায়ত সম্পর্ক প্রতিষ্ঠা কৰিবলৈ আগবাঢ়িছে, যিটোক পোনপটীয়া শত্রুতামূলক আচৰণ বুলি ক'ব পৰা যায়। কিছুদিন আগলৈকে তিক্ত হৈ থকা বাংলাদেশ-পাকিস্তানৰ সম্পৰ্ক ইউনুছৰ চৰকাৰৰ দিনত কেনেকৈ পুনৰ সজীৱ হৈ উঠিছে তাৰ ৰেঙনি যোৱা কিছুদিনৰ ঘটনা-প্ৰৱাহৰ পৰাই অনুমান কৰিব পাৰি। অলপতে বাংলাদেশে পাকিস্তানৰ পৰা ৫০ হাজাৰ টন চাউল আমদানি কৰিছে। দুয়োখন দেশৰ মাজত পোনপটীয়া বিমান যোগাযোগ প্রতিষ্ঠা হৈছে আৰু দেশ দুখনৰ সেনা বাহিনীৰ মাজত যোগসূত্ৰ পুনৰ গঢ় লৈ উঠিছে। জানিব পৰা মতে, বাংলাদেশ-পাকিস্তানৰ সামৰিক সহযোগিতাৰ বুজাবুজিও সম্পন্ন হৈছে। দুয়োখন দেশৰ নাগৰিকে যাতে স্বাচ্ছন্দ্যে উভয় দেশলৈ যাতায়াত কৰিব পাৰে তাৰ বাবে ভিছা নীতিৰো সৰলীকৰণ কৰা হৈছে। লক্ষণীয়ভাবে অন্তৰ্ৱৰ্তী চৰকাৰ প্ৰতিষ্ঠাৰ এই ছমাহতে বাংলাদেশৰ তদাৰকী চৰকাৰৰ মুৰব্বী ইউনুছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ লগত দুবাৰ বৈঠকত বহিছে। ইমানেই নহয়, দেশ দুখনৰ কূটনৈতিক বিষয়াসকলৰ মাজত যোগাযোগ