ডিজিটেল ডেস্ক: ভাৰতৰ দৰে এখন দেশ, য'ত হাতীক গৰিষ্ঠসংখ্যক হিন্দু লোকে গণেশ দেৱতাৰ অৱতাৰ হিচাপে পূজা কৰে, সেইখন দেশত আজি হাতীৰ উপদ্ৰৱত জনতাই ৰাজপথত প্রতিবাদ সাব্যস্ত কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। দেশৰ আন প্রান্ত নেলাগে, অসমতেই প্রায় প্রতিদিনে হাতী-মানুহৰ সংঘাত অব্যাহত আছে। বনৰীয়া হাতীৰ জাক জনাঞ্চললৈ ওলাই আহি তহিলং কৰিছে পথাৰৰ পকা ধান, ভাঙি পেলাইছে মানুহৰ বাসগৃহ। দেখাত বিশেষ যেন নালাগিলেও লাহে লাহে ই যেন ৰাজ্যখনৰ এক জ্বলন্ত সমস্যাত পৰিণত হৈছে। আশ্রয় আৰু খাদ্যৰ সন্ধানত ওলাই অহা হাতীয়ে খেতিপথাৰ নষ্ট কৰাৰ লগতে ক্ষতিগ্রস্ত কৰিছে ৰাইজৰ সা-সম্পত্তিও, যাৰ ফলত হাতী-মানুহৰ মাজত বৃদ্ধি পাইছে অনাকাংক্ষিত ঘটনাপ্রবাহ। শুনি আচৰিত লাগিলেও এই কথা সঁচা যে আমাৰ ৰাজ্যখনত হাতী-মানুহৰ সংঘাতৰ ফলত গড়ে প্রতি ৪ দিনত এজনকৈ লোকৰ প্রাণহানি হৈছে।
শেহতীয়াভাৱে লোক সভাত কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্ৰ্যালয়ে এই উদ্বেগজনক তথ্য দাঙি ধৰিছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে প্রকাশ কৰা তথ্য অনুসৰি, অসমত বিগত ৫ বছৰত হাতী-মানুহৰ সংঘাতৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা হৈছে ৩৮০জন। ২০২০ চনত ৭৭জন, ২০২১ চনত ৭৬জন, ২০২২ চনত ৭৩জন, ২০২৩ চনত ৯০জন আৰু ২০২৪ চনত ৬৪জন লোকে প্রাণ হেৰুৱাইছে হাতীৰ আক্ৰমণত। ইয়াৰ সৰ্বাধিক সংখ্যক লোক হৈছে গোৱালপাৰা জিলাৰ। বিগত ৫ বছৰত জিলাখনৰ ৯৩জন লোকে হাতীৰ আক্ৰমণত দুর্ভাগ্যজনকভাৱে প্রাণ হেৰুৱাইছে। দ্বিতীয় স্থানত আছে নগাঁও জিলা। হাতীৰ আক্ৰমণত জিলাখনৰ ৪৪জন লোকৰ প্ৰাণহানি হৈছে। আনহাতে ২০২৪-২৫ বর্ষত ৰাজ্যখনত বন্যহস্তীয়ে ৮৭৪জন লোকৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে প্রায় ১,৬৪৫ বিঘাৰো অধিক খেতি পথাৰ তহিলং কৰে। হাতী-মানুহৰ সংঘাতৰ বিপৰীতে ৰাজ্যখনত বিগত ৫ বছৰত ৰে'লৰ খুন্দাত মৃত্যু হৈছে ২৪টা বন্যহস্তীৰ। কেন্দ্ৰীয় বন মন্ত্ৰ্যালয়ৰ তথ্য মতে আমাৰ ৰাজ্যত বিগত চাৰি বছৰত বিহ খুৱাই দহটাকৈ হাতীক নিধন কৰা হৈছে। মুঠতে ৰাজ্যখনৰ উজনি-নামনি সৰ্বত্ৰ হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। জীৱশ্ৰেষ্ঠ মানুহে বনভূমি সংকুচিত কৰি প্ৰতিদিনে অবাধে নিৰ্মাণকাৰ্য অব্যাহত ৰখাৰ ফলত কোনোবাই মূৰৰ ঘাম মাটিত পেলাই কৰা শস্যডৰা যদি ৰাতিৰ ভিতৰত হাতীয়ে বিধ্বস্ত কৰিছে, আন কাৰোবাৰ সপোনৰ ঘৰখন পৰিণত হৈছে ধ্বংসস্তূপত। আন কাৰোবাৰ বুকুৰ আপোনজন বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হৈছে
এই প্রসংগতে কিছুদিন পূৰ্বৰ এখন বিশেষ ছবিৰ কথা মনলৈ আহিছে। উক্ত ছবিখনে সামাজিক মাধ্যম তোলপাৰ লগাইছিল। এনিমেল এম্বুলেন্সৰ জৰিয়তে অসমৰ হাতী আম্বানিৰ চিৰিয়াখানালৈ নিয়া বুলি সর্বত্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল। পাছত অৱশ্যে কথাৰ গুৰি ওলাইছিল। গুজৰাটৰ জামনগৰলৈ নিয়া হাতীকেইটা আছিল অৰুণাচল প্ৰদেশৰ। অৰুণাচলৰ অবৈধ কাঠ ব্যৱসায়ীয়ে দীর্ঘদিন ধৰি দুৰ্গম পাহাৰত অতি কষ্টকৰ আৰু নিৰ্দয়ভাৱে ব্যৱহাৰ কৰি অহা হাতীকেইটাৰ ওপৰত চলোৱা হৈছিল নির্যাতন। ভগ্ন স্বাস্থ্যৰে দুর্বিষহ জীৱন কটোৱা এই বিশটা হাতীক বনতাৰা পশুবিশেষজ্ঞ আৰু চিকিৎসকৰ দলে প্রচেষ্টা চলাই উদ্ধাৰ কৰাত সফলকাম হয়। উল্লেখ্য, দহটা মতা হাতী, আঠটা মাইকী হাতী, এটা প্রাপ্তবয়স্ক হাতী আৰু এটা পোৱালি হাতীক আশ্রয় দিয়া গুজৰাটৰ জামনগৰত থকা 'বনতাৰা'ত আছে বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ বন্যপ্রাণী উদ্ধাৰ আৰু সংস্থাপন কেন্দ্ৰ। অনন্ত আম্বানিৰ নেতৃত্বত গঢ় লৈ উঠা বনতাৰাত হাতীকেইটাক পর্যাপ্ত খাদ্য, চিকিৎসা আৰু মুক্ত জীৱন দিব বুলি আশা কৰা হৈছে। হাতীকেইটা নিয়াৰ পাছত হোৱা বিতৰ্কৰ সন্দর্ভত বনতাৰা সংস্থাপন কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, বন্যপ্রাণী সুৰক্ষা আইন-১৯৭২ৰ অধীনত গুজৰাট বন বিভাগৰ পৰা পৰিবহণৰ অনুমতিকে ধৰি প্রয়োজনীয় সকলো নথি-পত্ৰ পোৱাৰ পাছতহে হাতীকেইটা বনতাৰালৈ স্থানান্তৰ কৰা হৈছে। ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ দ্বাৰা গঠিত আৰু উচ্চতম ন্যায়ালয়ৰ দায়িত্বত থকা এখন উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ অনুমোদন মর্মে হাতীকেইটাৰ উদ্ধাৰ অভিযান চলোৱা হৈছিল। লগতে হাতীকেইটাৰ স্বত্ত্বাধিকাৰীৰ সম্পূৰ্ণ সন্মতি সাপেক্ষেহে চলোৱা হৈছিল এই অভিযান। আনহাতে স্বত্ত্বাধিকাৰী, মাউতকো কর্মসংস্থাপন দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছে সংস্থাপন কেন্দ্ৰটোৱে। যি সময়ত খাদ্যৰ অভাৱ আৰু দ্রুতহাৰত সংকুচিত হৈ অহা বনাঞ্চলৰ বাবে যুগ যুগ ধৰি চলি অহা হাতী-মানুহৰ মধুৰ সম্পৰ্ক আজি উভয়ে উভয়ৰ শত্রুলৈ পর্যবসিত হৈছে, সেই সময়ত এনেধৰণৰ কাৰ্যই আমাৰ সমস্যা বহু পৰিমাণে হ্রাস কৰাত সহায় কৰিব। হস্তীকুলৰ সুৰক্ষা, সংবর্ধন তথা হাতী-মানুহৰ সংঘাত নির্মূলৰ বাৰে চৰকাৰৰ লগতে ব্যক্তিগত প্রচেষ্টাত এইদৰে কাম আৰম্ভ হ'লে নিশ্চয়কৈ সমস্যা কিছু লাঘৱ হ'ব।
অসমতো হাতী-মানুহৰ মাজৰ সম্পৰ্ক মধুৰ 'কৰিবলৈ 'হাতী বন্ধু' নামেৰে এটা স্বেচ্ছাসেৱী সংগঠনে বিগত আঠ বছৰ ধৰি নীৰৱে কাম কৰি আহিছে। ২০১৭ চনত আৰম্ভ হোৱা সংগঠনটোৰ পৰা ৬০০ হাতী উপকৃত হৈছে। ১২০খন গাঁৱৰ ৰাইজ উপকৃত হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে 'মন কী বাত'ত অসমৰ 'হাতী বন্ধু'ৰ প্ৰশংসা কৰিছে। এনেবোৰ প্রশংসিত কাম-কাজৰ পাছতো কিন্তু ভয়াৱহ হৈ থকা হাতী-মানুহৰ দ্বন্দ্ব মৰিষণৰ বাবে চৰকাৰীভাৱেও বলিষ্ঠ পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। কিয়নো বনাঞ্চল হ্রাস, খাদ্যৰ সমস্যাকে ধৰি বিভিন্ন আহুকালত পৰা হস্তীকুলৰ বাবে কেনেধৰণৰ পদক্ষেপ ল'ব পাৰি সেইকথা সাধাৰণ জনগণৰ চিন্তাৰ আওতাৰ বাহিৰত। সেয়ে অৱস্থা চাই ব্যৱস্থা কৰিবলৈ হ'লে বিশেষজ্ঞ মহলৰো দিহা-পৰামৰ্শ লোৱাৰ প্ৰয়োজন নিশ্চয়কৈ থাকিব।