সিন্ধু জল চুক্তি 

dainik janambhumi May 01, 2025

ডিজিটেল ডেস্কঃ পহলগামৰ নৰসংহাৰৰ পাছত সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ বিৰুদ্ধে ভাৰতে যুদ্ধত অৱতীৰ্ণ হ'ব বুলিয়েই বিভিন্ন পক্ষই আশংকা কৰিছে। ইতিমধ্যে দিল্লীত প্রধানমন্ত্রী, প্ৰতিৰক্ষা মন্ত্রী, নিৰাপত্তা বাহিনীৰ তিনিওটা গোটৰ মুৰব্বীৰে কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। আনকি সর্বদলীয় বৈঠকতো দল-মত নির্বিশেষে সকলোৱে সন্ত্রাসবাদৰ বিৰুদ্ধে ব্যৱস্থাৰ ক্ষেত্ৰত ঐকমত্যত উপনীত হৈছে। এতিয়া কথা হ'ল পহলগাম-কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা লস্কৰ-এ-তৈয়বাৰ বিৰুদ্ধে অভিযান চলাবলৈ হ'লে পাকিস্তানত সোমাবই লাগিব। ইতিমধ্যে কাশ্মীৰ আৰু ইয়াৰ আশ-পাশৰ অঞ্চলত থকা ভালেমান সন্ত্রাসবাদীক হত্যা কৰা হৈছে আৰু তেওঁলোকৰ বাসগৃহ পর্যন্ত বোমাৰে উৰুৱাই দিয়া হৈছে।

কিন্তু লস্কৰ-এ-তৈয়বাক পুলিয়ে-পোখাই উঘালিবলৈ হ'লে পাকিস্তানত হয় ছার্জিকেল স্ট্রাইক চলাব লাগিব অথবা পাকিস্তানী সৈন্যৰ সৈতে মিলি ভাৰতে অভিযান চলাব লাগিব। কিন্তু ইয়াৰ এটাও কৰিবলৈ পাকিস্তানে অনুমতি নিদিয়ে। বৰং ভাৰতৰ বিৰুদ্ধেহে বিভিন্ন প্ৰৰোচনামূলক বাক্যবাণেৰে ওলোটা খৰ মাৰি দেশখনে নিজৰ দুৰ্বলতা ঢকাৰ চেষ্টাত ব্রতী হৈছে। এনেক্ষেত্ৰত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ বিকল্প নিশ্চয়কৈ নাই বুলিয়েই চৌদিশে উচ্চাৰিত হৈছে। ইতিমধ্যে ভাৰত চৰকাৰে সিন্ধু জল চুক্তি স্থগিতকৰণ, ভাৰতত পাকিস্তানৰ ব্যৱসায়-ইউটিউব চেনেল আদি বন্ধ, পাকিস্তানৰ নাগৰিকক শীঘ্ৰে ভাৰত ত্যাগৰ নিৰ্দেশ আদি কাৰ্যৰে অন্য এক যুদ্ধ আৰম্ভ কৰিয়ে দিছে। ইয়াৰ ভিতৰত সিন্ধু জল চুক্তি স্থগিতকৰণে পাকিস্তানক বিশেষভাবে প্রভাবিত কৰিব বুলিয়ে বিভিন্নজনে ব্যক্ত কৰিছে। বহুতে ভাৰতে পাকিস্তানক হাতে নামাৰি ভাতে মৰাৰ পদক্ষেপ লোৱা বুলিও সন্তোষ প্রকাশ কৰিছে আৰু এনে সিদ্ধান্তক আদৰণি জনাইছে। আনকি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো কৈছে যে সিন্ধু জল চুক্তি স্থগিতকৰণ ভাৰত চৰকাৰৰ এক উল্লেখনীয় পদক্ষেপ। ইয়াৰ দ্বাৰা পাকিস্তানৰ জল উপলব্ধতা ১০-১৫ শতাংশ হ্রাস পাব। ফলত ৯০ শতাংশৰো অধিক কৃষিভূমি সিন্ধু নদী প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰা দেশখনে বছৰি ২-৩ বিলিয়ন আমেৰিকান ডলাৰৰ লোকচান ভৰিব। তদুপৰি দেশখনৰ প্ৰধান ৰপ্তানিজাত সামগ্ৰী ঘেঁহু আৰু ধানৰ উৎপাদন ১৫-২০ শতাংশ হ্রাস পালে ১২০ নিযুতৰো অধিক লোকৰ খাদ্য সুৰক্ষা বিপদাপন্ন হ'ব। 

ইফালে পাকিস্তানে ২,০০০-৩,০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত লোকচানৰ সম্মুখীন হ'ব বুলিও তেওঁ ব্যক্ত কৰিছে। আনহাতে সিন্ধু জল চুক্তিৰ স্থগিতকৰণে পাকিস্তানক মৰুভূমিত পৰিণত কৰিব বুলি ভাৰতৰ ৰাষ্ট্ৰীয়তাবাদী নাগৰিক সমাজে আশংকা কৰিছে আৰু একাংশ উল্লসিতও হৈছে। এইখিনিতে প্রশ্নও উঠিছে যে প্রকৃততে এই সিন্ধু জল চুক্তিনো কি? ইয়াৰ স্থগিতকৰণৰ ফলত সঁচায়ে পাকিস্তানত ভাতে মৰাৰ পৰিস্থিতি হ'বনে?

ক'বলৈ গ'লে সিন্ধু জল চুক্তি হৈছে সিন্ধু নদী আৰু ইয়াৰ কেইবাখনো উপনদীৰ জলৰাশিক লৈ ভাৰত-পাকিস্তানৰ মাজত হোৱা এনে এখন চুক্তি, যাৰ দ্বাৰা দুয়োখন দেশে বুজাবুজিৰ মাজেৰে ইয়াৰ পানী ব্যৱহাৰৰ সুবিধা লাভ কৰি আহিছে। সিন্ধু নদী মূলতঃ তিব্বতৰ পৰা অৰ্থাৎ হিমাচল প্রদেশ আৰু জম্মু-কাশ্মীৰৰ হিমালয় পর্বতমালাৰ পৰা বৈ অহা এক জলৰাশি। ই ভাৰতৰ পঞ্জাব আৰু পাকিস্তানৰ সিন্ধু ৰাজ্যৰ মাজেদি প্ৰৱাহিত হৈ কৰাচীৰ দক্ষিণে আৰব সাগৰত মিলিত হৈছেগৈ। ১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰত কৰাচীত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানে 'সিন্ধু জল চুক্তি' স্বাক্ষৰ কৰে যাতে আন্তর্জাতিক কোনো বিবাদ অবিহনে দুয়োখন দেশে এই নদীকেইখনৰ পৰা পানীৰ প্ৰয়োজন পূৰণ কৰিব পাৰে। Indus Water Treaty (আই ডব্লিউ টি) নামৰ এই চুক্তিত মুঠ ছখন নদী সোমাইছে। সেই অনুসৰি পূবৰ বিপাশা, ইৰাৱতী আৰু শতদ্রু এই তিনিখনৰ জলভাগ (বার্ষিক গড় প্ৰৱাহ ৪১ বিলিয়ন ঘনমিটাৰ) ভাৰতৰ নিয়ন্ত্ৰণত থাকিব। সেইদৰে পশ্চিমৰ সিন্ধু, চেনাব আৰু ঝিলাম এই তিনিখনৰ (গড় বার্ষিক প্রবাহ ৯৯ বিলিয়ন ঘনমিটাৰ) নিয়ন্ত্রণ পাকিস্তানৰ হাতত ন্যস্ত থাকিব। এই চুক্তিত কোৱা হৈছে যে আন পাঁচখন নদীৰ অংশ নোহোৱা যিকোনো নদী-উপনৈ আৰু ইয়াৰ জলাশয় এলেকা, খাল, ব দ্বীপ নলা, সংযোগী হ্রদ আদি সকলোবোৰ সিন্ধু নদীৰ অংশ হ'ব। সেইদৰে পাকিস্তানে নিজাকৈ পানীৰ ব্যৱহাৰৰ বাবে বৃহৎ খালৰ ব্যৱস্থা নকৰালৈকে পাকিস্তানৰ খালবোৰলৈ পূবৰ নদীসমূহৰ পৰা পানী যোগান ধৰিবলৈ ভাৰত বাধ্য থাকিব। 

আনহাতে এই চুক্তিৰ দ্বাৰা নদীসমূহে কঢ়িয়াই নিয়া মুঠ পানীৰ ৩০ শতাংশ পানী ভাৰতে লাভ কৰিব আৰু পাকিস্তানে লাভ কৰিব ৭০ শতাংশ পানী। সেইদৰে পশ্চিমৰ তিনিখন নদীৰ পানী ভাৰতে সীমিত জলসিঞ্চন, পৰিবহণ, বিদ্যুৎ উৎপাদন, মীন পালন আদিত ব্যৱহাৰহে কৰিব পাৰিব, কিন্তু ৮০ শতাংশ পানী পাকিস্তানলৈ যাবলৈ দিবলৈ বাধ্য থাকিব। সি যি নহওক এই চুক্তিৰ আন এক বিশেষত্ব এয়ে যে দুয়োখন দেশৰ মাজত কেইবাটাও সামৰিক সংঘাত সংঘটিত হোৱাৰ পাছতো চুক্তিখনে প্রদান কৰা আইনী কাঠামোৰ জৰিয়তে বেছিভাগ বিবাদ নিষ্পত্তি সম্ভৱ হৈছে। পহলগাম-কাণ্ডক লৈ এতিয়া যিহেতু চুক্তিৰ কাৰ্যকৰীকৰণ স্থগিত ৰখা হৈছে, ভাৰতে আটাইকেইখন নদীৰ ওপৰত ইচ্ছানুসৰি অধিকাৰ সাব্যস্ত কৰিব পাৰিব। পশ্চিমৰ তিনিখন নদীৰ পানী পাকিস্তানলৈ বৈ যাবলৈ দিবলৈও বাধ্য নহ'ব। কিন্তু সাধাৰণ নাগৰিকে ভবাৰ দৰে মুহূৰ্ততে পাকিস্তানত মৰুভূমিৰ সৃষ্টি নহ'ব বা দেশখনত হাহাকাৰ অৱস্থাৰো সৃষ্টি নহ'ব। কিয়নো ভাৰতে অবাধ হাৰত পানী ধৰি ৰাখিব পাৰিলেহে ইয়াৰ নামনি অংশ প্রভাৱিত হ'ব, অর্থাৎ পাকিস্তানত খৰাংসদৃশ পৰিৱেশৰ সৃষ্টি হ'ব। এই পানী ধৰি ৰাখিবলৈ হ'লে ভাৰতক প্রয়োজন হ'ব বৃহৎ নদীবান্ধৰ দৰে সামগ্ৰীৰ। যিহেতু ভাৰতত এই নদীকেইখন পাহাৰীয়া এঢলীয়া অঞ্চলৰে বৈ অহা খৰস্রোতা। গতিকে ইয়াৰ পানী নদীবান্ধৰ দ্বাৰা আন অঞ্চললৈ বোৱাই নিয়াৰ সুপৰিকল্পনাৰ প্ৰয়োজন হ'ব। এই কার্য কৰোঁ বুলিলেও ভাৰতক কমেও দহ-পোন্ধৰ বছৰৰ প্ৰয়োজন হ'ব। তথাপি এই চুক্তিৰ স্থগিতকৰণে পাকিস্তানৰ শিৰত নিশ্চয়কৈ এক চাপৰ সৃষ্টি কৰিব। আনকথাত দেশখনৰ ওপৰত এক চাপ সৃষ্টিৰ আইনী আৰু কৌশলগত পদক্ষেপ হিচাপে এনে কৰাৰ প্ৰয়োজন নিশ্চয়কৈ আছিল, যাৰ দ্বাৰা সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদৰ দায়িত্ব ল'বলৈ পাকিস্তানক বাধ্য কৰাব পাৰি। ইয়াৰ পাছতো যদি পাকিস্তান অলৰ-অচৰ থাকে তেন্তে সামৰিকভাৱেই যথাযোগ্য প্রত্যুত্তৰ দিব লাগিব। আন নহ'লেও পাকিস্তান অধিকৃত কাশ্মীৰ উদ্ধাৰ কৰি চাৰিসীমা কটকটীয়াকৈ বান্ধি অন্ততঃ দেশবাসীৰ শান্তি আৰু নিৰাপত্তাৰ খাতিৰতেই কাশ্মীৰ সমস্যাটোৰ স্থায়ী সমাধানৰ গুৰুত্ব থাকিব

Share This