আজিৰ সম্পাদকীয়, অসহিষ্ণুতা

dainik janambhumi April 28, 2025

ডিজিটেল ডেস্ক : যোৰহাট নগৰৰ মাজমজিয়াত যোৱা ২২ এপ্রিলত সামান্য কথাতে দলবদ্ধভাৱে মৰিয়াই মৰিয়াই মাৰি পেলালে বেদাংগ ভূষণ বৰুৱা নামৰ যুৱকজনক। ইয়াৰ চাৰি বছৰ পূৰ্বে ২০২১ চনৰ ২৯ নৱেম্বৰত যোৰহাটতে দিন-দুপৰতে একাংশ উদণ্ড যুৱকৰ জিঘাংসাৰ বলি হৈছিল অনিমেষ ভূঞা নামৰ জনপ্রিয় ছাত্র-নেতা এজন। তাৰো কিছুবছৰ আগত টীয়কত উন্মাদ দলবদ্ধ লোকৰ উপর্যুপৰি আক্ৰমণত কৰুণভাৱে মৃত্যুক সাবটিব লগা হৈছিল দেৱেন দত্ত নামৰ চিকিৎসকজনে! এনে দলবদ্ধ লোকৰ পৈশাচিক আক্ৰমণৰ ঘটনা এয়াই শেষ নহয়। দেৱাশিস গগৈ, ঝংকাৰ শইকীয়া, অভি-নীল আদি সাম্প্রতিক সময়ৰ এনে অলেখ দুর্ভগীয়া নাম আছে উন্মাদপ্রায় লোকবল দলবদ্ধ আক্ৰমণৰ বলি হোৱাৰ। এটা সময়ত 'পাৰ এটাও মুচৰি খাব নোৱাৰে' বুলি পৰিচয় থকা অসমীয়া মানুহে এতিয়া মৰিয়াই মৰিয়াই মানুহ মাৰিব পাৰে। কি আচৰিত! কি পৈশাচিকতা, কি বৰ্বৰতা!

অসমীয়া মানুহৰ সামাজিক আচৰণৰ এই পৰিৱৰ্তন নিঃসন্দেহে এক গভীৰ আলোচনাৰ প্ৰসংগ, মনোবৈজ্ঞানিক গৱেষণাৰ বিষয়। লক্ষীপথাৰত যেতিয়া নৃশংসভাৱে হত্যা কৰি পুতি থোৱা মানুহৰ মৃতদেহ উদ্ধাৰ হৈছিল তেতিয়া বহু সচেতন অসমীয়া লোকে প্রশ্ন কৰিছিল- অসমীয়া যুৱ তেজ ইমান নৃশংস হ'ল কেতিয়াৰ পৰা? মানুহ হত্যা কৰি উঠি ভোজ খাব পৰা মানসিকতা আহিল ক'ৰ পৰা? এইবোৰ কথাও নিশ্চয় আহিব প্রস্তাৱিত আলোচনা, গৱেষণাত! নিশ্চয় আহিব ক্রমবর্ধমান মাদক দ্রব্য আৰু ড্ৰাগছৰ বহুল প্ৰসাৰৰ বিষয়টো। এটা কথা ঠিক যে ড্ৰাগছৰ ব্যাপক প্রসাৰে যুৱ প্ৰজন্মৰ এচামক মানসিকভাৱে পংগু কৰি হিতাহিত জ্ঞান শূন্য কৰি পেলাইছে, যাৰ বাবে তেওঁলোকে সকলো মানৱীয় আচৰণ সামৰি উন্মাদৰ দৰে আচৰণ কৰিবলৈ লৈছে। আৰম্ভণিতে উল্লেখ কৰি অহা যোৰহাটৰ শোকাৱহ ঘটনাটোৰ আঁৰত ড্রাগছ আছিল বুলি ইতিমধ্যে প্রকাশ হৈছে। ড্ৰাগছৰ ব্যাপক প্ৰসাৰৰ বিপৰীতে প্রশাসনেও বেছ কঠোৰ হাতেৰে ইয়াক নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰা যেন লাগে- দুই-এটা খুচুৰা ড্ৰাগছ ব্যৱসায়ী ধৰা পৰে, জব্দ হয় খুচুৰা পৰিমাণৰ ড্ৰাগছো। কিন্তু কোনো অজ্ঞাত কাৰণত ড্ৰাগছৰ জগতখনৰ ৰৌ-বৰালি যেন লগা কোনো লোক কৰায়ত্ত হোৱাৰ বাতৰি নাহে- পুলিচ, প্রশাসনৰ অনুসন্ধানৰ হাতোৰা ক'ৰবাত যেন স্তব্ধ হৈ যায়। জালত উঠে মাথোঁ পুঠি-খলিহনা। আৰু ইয়াৰে পৰিণতিত ড্ৰাগছৰ প্ৰসাৰ বাঢ়ে, যুৱ প্রজন্ম ঘুণীয়া হয়, উন্মাদনা বাঢ়ে, হিতাহিত জ্ঞান হেৰুওৱা জঘন্য ঘটনা ঘটে, নিষ্পাপ লোকৰ প্ৰাণ যায়।

আকৌ আহিব দ্রুতগতিত বৃদ্ধি পাই অহা নগৰীকৰণৰ কু-প্রভাৱসমূহ, আমাৰ ভোগবাদী মানসিকতা আদিৰ প্ৰসংগ। অৰ্থৰেহে সকলো সম্পৰ্কৰ মূল্য জুখিব খোজা আজিৰ বহুতৰ বাবে মানৱীয় সম্পৰ্ক-আচৰণৰ মূল্য তেনেই গুৰুত্বহীন, টকাহে সর্বস্ব। এই দীক্ষাৰে লালিত-পালিতসকলৰ বাবে মানুহৰ মৃত্যু জোখা হয় লাভ-লোকচানৰ তৰ্জুতহে। মৃত্যু এতিয়া সহজ। বহু সময়ত মৃত্যু এতিয়া এটা মামুলি খবৰ মাথোঁ।

কিন্তু এই সকলোবোৰৰ উপৰি যিটো প্ৰসংগ পূর্বে উল্লেখ কৰি অহা নাৰকীয় ঘটনাসমূহৰ আঁৰৰ কাৰণ বুলি বিবেচনা কৰিব পাৰি, সেয়া হ'ল আমাৰ সমাজ আৰু সম্পৰ্কত দ্রুতগতিত বৃদ্ধি পাই অহা অসহিষ্ণুতা। মতৰ সামান্য বিৰোধ হ'লেই, নিজে ভবাৰ দৰে কথাবোৰ আনজনে নাভাবিলেই, নিজে কৰাৰ দৰে আচৰণ আনজনে নকৰিলেই আৰু সর্বোপৰি নিজৰ স্বাৰ্থত সামান্য আঘাত হানিলেই তাৰ প্ৰতিক্রিয়া ভয়ংকৰ ৰূপত প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰে আজিৰ সমাজৰ সৰু-বৰ অনেকেই। যাৰ পৰিণতিত অলপ কথাতেই হয় তর্কাতর্কি, খণ্ডযুদ্ধ আৰু হয়তোবা কাৰোবাৰ মৃত্যুৰ দৰে নিৰ্মম ঘটনা। ঘটনাৰ আৰম্ভণিতেই সামান্য ধৈর্য আৰু সহিষ্ণুতা যদি প্রকাশ হ'লহেঁতেন, অকণমান বোধ আৰু বিবেচনাৰে, যুক্তি আৰু মানৱীয়তাৰে কোনোবাই বিষয়টো, পৰিস্থিতিটো নিয়ন্ত্রণ কৰিবলৈ যত্ন কৰাহেঁতেন এই হৃদয়বিদাৰক ঘটনাসমূহৰ সূত্রপাতেই নহয়। কিন্তু সমস্যা হ'ল এই ধৈর্য আৰু সহিষ্ণুতাৰ এতিয়া বৰ অভাৱ- আমাৰ সমাজত, আমাৰ পাৰস্পৰিক সম্পৰ্কত।

Share This