ডিজিটেল ডেস্ক : ৰাজ্যত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্রাদুর্ভাৱে ক্রমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ভূতৰ ওপৰত দানহ পৰাৰ লেখীয়াকৈ প্রচণ্ড গৰমৰ সমান্তৰালভাৱে উজনিৰ পৰা নামনিলৈকে সর্বত্র এই ৰোগত আক্ৰান্তৰ সংখ্যাই উদ্বেগৰ সৃষ্টি কৰিছে। বিগত বর্ষতকৈ এইবেলি ৬৫ শতাংশ বৃদ্ধি পাইছে এই ৰোগত আক্রান্তব সংখ্যা। নলবাৰী, নগাঁও, দৰং, যোৰহাট, কামৰূপ, বৰপেটা আৰু কামৰূপ মহানগৰ জিলাত আক্ৰান্তৰ হাৰ সৰ্বাধিক। সাধাৰণতে জুন, জুলাই আৰু আগষ্ট মাহত প্রাদুর্ভাৱ ঘটা এই ৰোগে প্ৰতিবছৰেই সৰ্বস্তৰৰ লোকক চিন্তিত কৰি আহিছে।
জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এই মুহূর্তলৈ ৪৪জন লোক চিকিৎসাধীন হৈ আছে। ইয়াৰে দহগৰাকী নলবাৰীৰ, সাতগৰাকী দৰং জিলাৰ আৰু তিনিজন কামৰূপ মহানগৰৰ। বাৰিষা কাল অহাৰ লগে লগে ৰাইজৰ জীৱনৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰা এই জাপানীজ এনকেফেলাইটিছ নামৰ ৰোগবিধ ফ্লেবিভিবিডি (Flaviviridae) পৰিয়ালৰ এক ভাইৰাছৰ পৰা হয় আৰু এই ভাইৰাছ কিউলেক্স শ্ৰেণীৰ মহৰ কামোৰৰ দ্বাৰা মানুহৰ শৰীৰত প্ৰৱেশ কৰে। এই ভাইৰাছে মানুহৰ মগজুত আক্ৰমণ কৰে। গাহৰি আৰু বগলী চৰাইৰ শৰীৰত এই ভাইৰাছে আশ্রয় গ্রহণ কৰি থাকে যদিও সিহঁতৰ শৰীৰত কোনো ৰোগ নকৰে। মানুহৰ বাদে গৰু, ঘোঁৰা আদিৰ শৰীৰত এই ভাইৰাছে ৰোগ সৃষ্টি কৰিব পাৰে। এছিয়া মহাদেশৰ পূব আৰু দক্ষিণ-পূব অঞ্চলৰ দেশসমূহত এই ৰোগৰ প্রাদুর্ভাৱ দেখা যায় যদিও অসমতেই জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা সর্বাধিক। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি ২০১৫ চনৰ পৰা ২০২৪ চনলৈকে আমাৰ ৰাজ্যখনত ৮৪০জন লোকে জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে। ২০১৫ চনত ১৩৫জন, ২০১৬ চনত ৯২জন, ২০১৭ চনত ৮৭জন, ২০১৮ চনত ৯৪জন, ২০১৯ চনত ১৬১জন, ২০২০ চনত ২০জন, ২০২১ চনত ৪০জন, ২০২২ চনত ৯৬জন, ২০২৩ চনত ৩৪জন, ২০২৪ চনত ৫৩জন লোক এই ৰোগৰ চিকাৰ হৈছে।
চৰকাৰে ৰাজ্যখনৰ বিভিন্ন জিলাত জাপানীজ এনকেফেলাইটিছৰ টিকা প্ৰদান কৰাৰ কথা কৈ আহিছে যদিও ৰাজ্যখনৰ বৃহৎসংখ্যক লোকে জাপানীজ এনকেফেলাইটিছ ৰোগৰ টিকা লাভ কৰা নাই। যিহেতু 'ভেকচিন বা চিটাই হৈছে জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ এক ফলপ্রসূ উপায়, সেয়ে চৰকাৰে কভিড ভেকচিনৰ লেখীয়াকৈ এই ৰোগৰ ভেকচিন প্রদানতো অধিক গুৰুত্ব প্রদানৰ সময় আহি পৰিছে। চৰকাৰে প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ পৰা বিভিন্ন জিলাত টিকা প্রদান কৰাৰ কথা কৈ আহিছে। কিন্তু প্রশ্ন উত্থাপিত হয় যে যিসমূহ এলেকাত প্রতি বছৰে সর্বাধিকসংখ্যক লোক জাপানীজ এনকেফেলাইটিছত আক্রান্ত হয়, সেই এলেকাসমূহৰ সকলো লোকক কিয় টিকা প্রদান কৰা নহয়। যিহেতু জাপানীজ এনকেফেলাইটিছ ৰোগৰ কোনো নির্দিষ্ট চিকিৎসা নাই, সেয়ে প্রতিৰোধেই ইয়াৰ একমাত্র চিকিৎসা বুলি ক'ব পাৰি। প্ৰতিৰোধৰ পন্থা হিচাপে ৰোগ বিয়পোৱা কিউলেক্স প্রজাতিৰ মহৰ কামোৰৰ পৰা নিজকে বচোৱাৰ ব্যৱস্থা কৰিব লাগে। কিউলেক্স প্ৰজাতিৰ মহ আমাৰ পৰিৱেশত ব্যাপক পৰিমাণে আছে আৰু ইয়াক সেয়ে সহজে সম্পূৰ্ণৰূপে নির্মূল কৰিব পৰা নাযায়। 'ফগিং' বাডি ডি টি স্প্রে' কৰি মহ কিছু পৰিমাণে নিধন কৰিব পৰা যায়। মহ দূৰকাৰী ঔষধিযুক্ত আঁঠুৱা এইক্ষেত্রত অতি ফলপ্রসূ বাবে এনে ৰোগ প্রাদুর্ভাব হোৱা এলেকাসমূহত পর্যাপ্ত পৰিমাণে এই আঁঠুৱা বিতৰণৰ ব্যৱস্থা কৰাৰ দৰকাৰ। যোৱা ডেৰটা দশকত ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ কেইবাহাজাৰ লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে। কিন্তু চৰকাৰে এই বিষয়ত যিমান গুৰুত্ব আৰোপ কৰিব লাগিছিল সেয়া হোৱা নাই। উজনি আৰু নামনিৰ যিসমূহ অঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি, সেই সমূহ অঞ্চলত হ'লেও চৰকাৰে অধিক তৎপৰতাৰে উচিত পদক্ষেপ গ্রহণ নকৰিলে ক্রমশঃ এই ৰোগবিধত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ লগতে মৃতকৰ সংখ্যাও বৃদ্ধি পোৱাটো খাটাং।