ডিজিটেল ডেস্কঃ বিগত শতিকাৰ ষাঠিৰ দশকত বিশ্বৰ কেইবাখনো উন্নত দেশৰ প্ৰায় সমসাময়িকভাৱে ভাৰততো আৰম্ভ হৈছিল মহাকাশ বিজ্ঞানৰ কৰ্মসূচী। ১৯৬২ চনত ড° বিক্ৰম চাৰভাইৰ শক্তিশালী নেতৃত্বত ইণ্ডিয়ান নেশ্যনেল কমিটী ফৰ স্পেচ ৰিছাৰ্চ (Incospar) প্রতিষ্ঠা হৈছিল। সেই একেই বছৰতে তিৰুৱনন্তপুৰমৰ কাষৰ থুম্বা ৰকেট লক্সিং ষ্টেছনো স্থাপন হৈছিল। সেই অৰ্থত ভাৰতৰ মহাকাশ কাৰ্যসূচী বিশ্বৰ যথেষ্ট পুৰণি মহাকাশ কাৰ্যসূচী।
উল্লেখযোগ্য যে ১৯৬৯ চনৰ পৰা ১৯৭২ চন, মাত্র তিনি বছৰত বিশ্বৰ ১২জন মহাকাশচাৰী অৱতৰণ কৰিছিল চন্দ্ৰৰ বুকুত। ইয়াৰ পৰৱৰ্তী সময়ত বিশ্বৰ মহাকাশ বিজ্ঞানীসকল তৎপৰ হ'ল মহাকাশলৈ বিভিন্ন উপগ্রহ প্ৰেৰণ কৰি পৃথিৱীৰ পৰ্যবেক্ষণৰ যোগেদি পৃথিৱীৰ বিভিন্ন খুঁটি-নাটি তথ্য আৱিষ্কাৰত। কিন্তু মহাকাশ বিজ্ঞানীসকল ইয়াতেই ক্ষান্ত নহ'ল। তেওঁলোকৰ সপোন ডাঙৰ, হেঁপাহ বিশাল। ওলাল মহাকাশ জয় কৰিবলৈ, মহাকাশত মানুহৰ বসতি স্থাপন কৰিবলৈ। পৃথিৱীৰ গণ্ডি অতিক্রমি মহাকাশত বাস কৰাৰ এই বিশাল সপোনে বিজ্ঞানক আগুৱাই নিলে বহুদূৰ।
এনে প্রেক্ষাপটতে যোৱা ২৫ জুনত ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২-০১ বজাত এগজিয়ম-৪ বাণিজ্যিক অভিযানৰ অংশ হিচাপে ভাৰতৰ শুভাংশু শুক্লাই আন্তর্জাতিক স্পেচ ষ্টেছনলৈ কৰা যাত্রা বিশেষ তাৎপর্যপূর্ণ। সেইদিনা আৰু তিনিজন মহাকাশচাৰীসহ শুভাংশুৱে নাছাৰ ফুৰিডা স্পেচপ'ৰ্টৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল।
উল্লেখযোগ্য যে ১৯৮৪ চনত ৰাকেশ শৰ্মাই কৰা যাত্ৰাৰ পাছত শুভাংশু হ'ল মহাকাশলৈ যোৱা দ্বিতীয়জন ভাৰতীয়। তাতোকৈ গুৰুত্বপূৰ্ণ কথা হ'ল ২৬ জুনৰ ভাৰতীয় সময় অনুসৰি বিয়লি ৫ বাজি ৫৩ মিনিটত শুভাংশু শুক্লা আন্তর্জাতিক মহাকাশ কেন্দ্র (আই এছ এছ) পালেগৈ। ইয়াৰ লগে লগে আই এছ এছত উপস্থিত হোৱা প্ৰথমজন মহাকাশচাৰী হ'ল শুভাংশু শুক্লা। সেয়ে ভাৰতৰ বাবে এই অভিযান একাধিক কাৰণত গুৰুত্বপূৰ্ণ। প্রথমত, ১৯৮৪ চনত ৰাকেশ শৰ্মাই কৰা মহাকাশ যাত্ৰাৰ ৪১ বছৰৰ পাছত আকৌ মহাকাশ পালেগৈ এজন ভাৰতীয়। আনহাতে, অহা বছৰ ভাৰতৰ মহাকাশ গৱেষণা কেন্দ্ৰ 'ইছৰ'ই সম্পূৰ্ণ ভাৰতীয় উদ্যোগেৰে মহাকাশলৈ চাৰিজনক প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাইছে। আনুমানিক ২০,২০০ কোটি টকাৰ ব্যয়সাপেক্ষে 'গগনযান' নামৰ এই অভিলাষী মিছনৰ নেতৃত্ব সম্ভৱ শুভাংশু শুক্লাই দিব। সেয়ে 'গগনযান'ৰ পূৰ্বে দলনেতাৰ মহাকাশ অভিজ্ঞতা অত্যন্ত জৰুৰী। মহাকাশ অভিযান এনে এক ক্ষেত্র, য'ত বিভিন্ন দেশে সহযোগিতা কৰে ঠিকেই, কিন্তু প্রতিযোগিতাও সমান মাত্রাই থাকে। এই প্রতিযোগিতাৰ কাৰণেই কোনো দেশ বা সংস্থাই নিজৰ আৰ্জিত জ্ঞান সম্পূর্ণরূপে আন দেশ বা প্রতিষ্ঠানক প্রদান নকৰে। সেয়ে সেই জ্ঞান কেৱল অর্জন সম্ভৱ হ'ব পাৰে অভিযানৰ অভিজ্ঞতাৰ পৰা। শুভাংশুৱে যি অভিজ্ঞতা লৈ উভতিব, তাৰে ইছৰ' তথা দেশ নিশ্চিতভাৱে উপকৃত হ'ব। শুভাংশুৰ এই যাত্ৰা আৰু ইয়াৰ পাছতেই 'গগনযান'- ভাৰতৰ মহাকাশ প্রযুক্তিৰ ক্ষেত্ৰত নতুন দিগন্ত মুকলি হ'ব পাৰে। কাৰণ আহিব লগীয়া সময় মহাকাশ প্ৰযুক্তিৰ বিৰাট সম্ভাবনাময় ভবিষ্যৎ।
প্রসংগতে উল্লেখযোগ্য, বিশ্বজুৰি যি মহাকাশ দখলৰ প্ৰচেষ্টা চলিছে, তাৰ অংশৰূপে বিংশ শতিকাৰ একেবাৰে শেষ প্রান্তত প্রস্তুতি আৰম্ভ হৈছিল ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেছনৰ (আই এছ এছ) ১৯৯৮ চনত। ইয়াৰ সূত্রপাত কৰে ৰাছিয়াই। ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৪০০ কিল'মিটাৰ উচ্চতাত জাৰিয়া নামৰ এক স্পেচ কন্ট্র'ল মডিউল স্থাপনৰ মাধ্যমেৰে ৰাছিয়াই ইয়াৰ আৰম্ভণি কৰে। কেইবছৰমানৰ ভিতৰতে আমেৰিকায়ো তেওঁলোকৰ নিজৰ মডিউল যুক্ত কৰে ইয়াৰ সৈতে। ইয়াৰ পাছত আৰু অনেক দেশৰ সহযোগিতাত ধীৰে ধীৰে গঢ়ি উঠিল এক বিশাল স্পেচ ষ্টেছন। পৃথিবীত যুঁজ-বাগৰ, মতানৈক্যৰে ভৰা দেশবোৰে আন্তর্জাতিক সমন্বয় আৰু বৈজ্ঞানিক সহযোগিতাৰ এক আশ্চর্য উদাহৰণ সৃষ্টি কৰিলে মহাকাশত।
এই পর্যন্ত মাত্র তিনিখন দেশে মহাশূন্যক 'মানুহে'ৰে বিশেষ ধৰণেৰে জয়ৰ প্রচেষ্টাত সফল হৈছে। সেইকেইখন হ'ল-আমেৰিকা, ৰাছিয়া আৰু চীন। এনে প্রেক্ষাপটত ভাৰতে অহা প্রায় এবছৰৰ ভিতৰত উৎক্ষেপণ কৰিবলৈ আগবাঢ়িছে 'গগনযান'। এই অভিযানত তিনিজন (হয়তো চাৰিজন) মহাকাশচাৰী প্ৰায় তিনিদিনৰ বাবে ৪০০ কিল 'মিটাৰ উচ্চতাৰ মহাকাশলৈ প্ৰেৰণ কৰি পুনৰ পৃথিৱীলৈ ওভতাই অনা হ'ব। ভাৰতীয় মহাকাশ বিজ্ঞানীৰ আশা-২০৩৫ চনৰ পৰা ২০৪০ চনৰ ভিতৰত মহাকাশত ভাৰতৰ সাফল্যৰ স্বীকৃতিৰূপে প্রতিষ্ঠা হ'ব ইণ্ডিয়ান স্পেচ ষ্টেছন। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেছনৰ পৰা পোৱা অভিজ্ঞতা এই ক্ষেত্রত সহায়ক হ'ব নিশ্চয়। বিজ্ঞান আৰু প্রযুক্তি এতিয়া আন্তর্জাতিক সহযোগিতাৰ মাধ্যমেৰে এনেকুৱা এক স্থিতিত উপনীত হৈছে যে এনেধৰণৰ প্ৰচেষ্টাৰ সাফল্য কেৱল এখন দেশৰ ভিতৰতে সীমাবদ্ধ নাথাকি হৈ পৰে সমগ্ৰ মানৱ জাতিৰ। ভাৰতৰ ক্ষেত্ৰত এই দিশত আৰু এটা উল্লেখযোগ্য দিশ হ'ল যে বিগত কেইবাবছৰো ধৰি ভাৰত চৰকাৰ তথা ভাৰতীয় মহাকাশ সংস্থা ইছৰ'ৱে বেচৰকাৰী উদ্যোগ তথ্য প্রযুক্তি সংস্থাৰ সৈতে হাত মিলাইছে মহাকাশ বিজ্ঞানৰ অগ্ৰগতিৰ বাবে। প্রতিষ্ঠিত বেচৰকাৰী সংস্থাৰ উপৰি প্ৰায় ২৫০টা ষ্টার্ট আপ সংস্থাও ইছৰ'ক সহায়ৰ বাবে আগবাঢ়ি আহিছে। আশা কৰিব পাৰি চৰকাৰী আৰু বেচৰকাৰী যৌথ উদ্যোগত অনাগত সময়ত ভাৰতৰ মহাকাশ অভিযানে নতুন মাত্রা পাব, আৰ্জিত জ্ঞান অভিজ্ঞতাৰে লাভৱান্বিত হ'ব মানৱ সমাজ ।